পঞ্চপদী পদ্য – হেমেন ডেকা
(১)
যোদ্ধা আমি, পলকতে হওঁ আপোন পাহৰা
অতীত মৰিল গ’ল, সেয়ে কওঁ গুলী মাৰা
শঠামিতিৰৰ দেখোঁ টিঘিল-ঘিলনি
পদূলি-মুখত শত্ৰুৰ দপদপনি
ৰাস্তাত চিঞৰোঁ- বোলো আমি নহয় পৰিমৰা৷
(২)
নাজানিলোঁ চেতনা খায় নে কাণত পিন্ধে
জাতীয় ঐক্যৰ লাইখুঁটাতো ঘূণে বিন্ধে
বিচাৰি আছোঁ শান্তি
গঢ়িমেই সম্প্ৰীতি
এলাহ আৰু উদাসীনতাহে ৰন্ধ্ৰে ৰন্ধ্ৰে৷
(৩)
ভৱিষ্যত কি হ’ব ভাবি নাপাওঁ একো পাৰ
বৰ্তমান যে ছাল-বাকলি নাইকিয়া গাৰ
আছিল সুন্দৰ চেহেৰা
এতিয়া হ’লোঁ আধামৰা
তাকে ভাবি কিয়নো বঢ়াওঁ দুশ্চিন্তাৰ ভাৰ!
(৪)
ক্ৰমে ক্ৰমে হ’লোঁ যে পৰিস্থিতিৰ দাস
কোনোমতেহে লৈ আছোঁ শ্বাস-প্ৰশ্বাস
জীয়াই থকাই শেষ কথা
তাতেই আকৌ কিমান লেঠা!
ভোজ খোৱাটোহে যি একমাত্ৰ বিলাস৷
(৫)
পাহৰাতো স্বভাৱ, ই চাগৈ যুগৰে প্ৰভাৱ
কণ্ঠত সদায় সজীৱ দেশসেৱাৰ ভাব
মাজে মাজে বজায় ৰণডংকা
কৰিবলগীয়া নাই কোনো শংকা
চলি আছে, চলি থাকিব, এয়াইতো বাস্তৱ৷
(৬)
জাতীয় স্বাৰ্থত চলে ৰাজনীতিকৰ যুদ্ধ
সাধাৰণ জনতা কেতিয়াবা হৈ যায় ক্ষুব্ধ
স্থিতাৱস্থাৰ কত ৰক্ষক
ৰাইজৰ সপোন ভক্ষক
অৱশেষত এদিন ঘৰতে হয় অৱৰুদ্ধ !
☆ ★ ☆ ★ ☆