ফটাঢোল

মূল: জিব্ৰাল্টৰত হাতমোজা কিনোঁতে,লেখক: মাৰ্ক টোৱেইন,ভাৱানুবাদ – দুলুমণি গগৈ

এগৰাকী বৰ সুন্দৰী গাভৰুৱে এখন দোকানত মোলৈ এযোৰ নীলা হাতমোজা আগবঢ়াই দিলে। মোক নীলা ৰঙৰ হাতমোজা নালাগিছিল, কিন্তু সুন্দৰীয়ে ক’লে যে, মোৰ হাতত হেনো নীলা ৰঙৰ হাতমোজাহে ভাল লাগিব।

সুন্দৰীৰ মন্তব্যই মোৰ কোমল অন্তৰ স্পৰ্শ কৰি গ’ল। মই মোৰ হাতখনলৈ লুকাই লুকাই চাই পঠিয়ালোঁ, সঁচাকৈয়ে সেইযোৰ মোৰ হাতৰ সৈতে শুৱাই পৰিব যেন লাগিছিল। মই এপাত হাতমোজা মোৰ বাওঁহাতত পিন্ধিবলৈ চেষ্টা কৰিলোঁ; পিচে লাজত ৰঙা-চিঙাহে পৰিলোঁ। মোজাযোৰৰ চাইজটো বৰ সৰু আছিল। কিন্তু মই তেওঁৰ কথা শুনি খুব সন্তোষ পালোঁ, যেতিয়া তেওঁ কৈছিল,

: একদম সঠিক জোখৰ হৈছে।

মই জানিছিলোঁ আচলতে তাৰ ওলোটাটোহে হৈছিল। মই বৰ পৰিশ্ৰমেৰে সৈতে মোজাযোৰত হাতখন খাপ খুৱাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু কামটো বৰ হতাশাজনক হৈ পৰিছিল। সুন্দৰীয়ে ক’লে,

: বাহঃ! বাচ্চাৰ মোজাও আপোনাৰ হাতত খাপ খাই পৰে, কিছুমান ভদ্ৰলোকে আকৌ কেতিয়াও শিশুৰ মোজা পিন্ধিবই নোৱাৰে।

মই আশাকৰা অন্তিমটো প্ৰশংসাসূচক বাক্যকো তেওঁ কৈ পেলালে। মই মাত্ৰ মোৰ হাতত সেই হৰিণা চামৰাৰ মোজাযোৰ নিখুঁতভাবে পিন্ধাতহে জোৰ দিলোঁ। মই আকৌ এবাৰ চেষ্টা কৰিলোঁ, যদিও হাতমোজাযোৰৰ বুঢ়া আঙুলিৰ গুৰিৰ পৰা হাতৰ তলুৱাৰ ওচৰলৈকে ফাটি থাকিল, মই ফটাখিনি লুকুৱাবলৈ চেষ্টা কৰিলোঁ। তেওঁ প্ৰশংসা কৰিয়েই থাকিল আৰু মই তেওঁৰ প্ৰশংসাখিনি নাপালে যেন মৰি থাকিম তেনে ভাৱত সেই প্ৰশংসা লাভৰ অৰ্থে অহোপুৰুষাৰ্থ কৰি থাকিলোঁ।

: বাহঃ, হৈ গ’ল! আপোনাৰ কিন্তু ভাল অভিজ্ঞতা আছে। (হয়, হাতৰ পিছফালে চেৰেক কৈ ফাটিল)
আপোনাৰ হাতত খাপ খাই পৰিছে। আপোনাৰ হাতখন বৰ সৰু কিন্তু!—ফাটিলে মূল্য দিব নালাগে।
(তলুৱাৰ সোঁমাজত এটা বিন্ধা ওলাই আছিল) মই জানো কিদৰে ভদ্ৰলোক এজনে শিশুৰ মোজা পিন্ধিব পাৰে। অলপপৰ ধৈৰ্য্য ধৰি থাকিবই লাগিব। একেবাৰে শেষত ভালদৰে মোজাযোৰ পিন্ধি উঠাৰ পাছত এক নান্দনিক সৌন্দৰ্য্য ফুটি উঠে।

(ইতিমধ্যে মোৰ অশেষ কষ্টৰে কৰা টনা-আজোঁৰাৰ ফলত চিলাইটো চিগি থকাত  মোজাৰ মূল কৰ্ণধাৰ দুফালে আঁতৰি মোজাযোৰৰ পিছফালটো সম্পূৰ্ণ উদং হৈ পৰিল। মোজাৰ পিছফালে অৱশিষ্ট হিচাপে কেৱল জৰাজীৰ্ণ অৱস্থা এটাহে থাকিলগৈ।)

ইমান তোষামোদৰ শেষত আৰু ফটামোজাযোৰ সেই সুন্দৰীৰ হাতত তুলি দিয়াটো অসম্ভৱ আছিল। মোৰ কাণ-মূৰ গৰম হৈ গ’ল। বিৰক্তিবোধৰ লগতে মই কি কৰিম, কি নকৰিম ঠিক কৰিব নোৱাৰিলোঁ। তথাপিও মই খুব সুখী হৈছিলোঁ। পিচে কাষত ৰৈ থকা ল’ৰাসকলে এই কাণ্ড-কাৰখানাত কি ইমান আমোদ পাইছিল তাকলৈহে খঙটো  উঠি আহিছিল। তাতনো ইমান জুমি জুমি চাবলগীয়া কি দৰ্শনীয় বস্তু আছিল? “হেৰৌ কিবা সাংঘাতিক চাবলৈ মন আছে যদি ‘জেৰিকো’খনকে চাগৈচোন”-  বুলি কৈ  দিবলৈ মন গৈছিল। নিজকে  সাংঘাতিকভাৱে অপদাৰ্থযেন অনুভৱ কৰিছিলোঁ যদিও মুখত এমোকোৰা হাঁহিৰে সৈতে তেওঁক কৈ উঠিছিলোঁ,

: এইপাত বৰ সুন্দৰ কৈ খাপ খাই পৰিছে। বৰ সুন্দৰ। মোৰ সুন্দৰকৈ খাপ খাইপৰা হাতমোজাবোৰ বৰ ভাল লাগে। আপুনি বেয়া নাপাব। মই ৰাস্তাত যাওঁতে সিপাতো পিন্ধি ল’ম। ইয়াত খুব গৰম পৰিছে।

ঠাইখন বৰ গৰম আছিল। মই জীৱনত তেতিয়ালৈকে তেনে গৰম ঠাইত থকাই নাছিলোঁ। মই বিল দিলোঁ। বৰ আকৰ্ষণীয়ভাৱে মূৰদোঁৱাই মই যেতিয়া তাৰপৰা যাবলৈ ওলাইছিলোঁ মই যেন সেই সুন্দৰীৰ চকুত ব্যংগমিশ্ৰিত পোহৰ দেখিবলৈ পালোঁ। পুনৰ ৰাস্তাৰপৰা ঘূৰি চাওঁতে তেওঁক কিবাকিবি ভাবি মিচিকিয়াই থকা দেখি মই নিজকে ব্যংগাত্মকভাৱে তিৰস্কাৰ কৰিবলৈ ধৰিলোঁ,

: সঁচাকৈয়ে দেই, তুমি তেতিয়াহ’লে শিশুৰ হাতমোজা পিন্ধিবলৈ বৰ সুন্দৰকৈ জানা! নহয়নে? গাধ ক’ৰবাৰ! যিকোনো মহিলাই অকণমান হাঁহি-মাতি মিঠা মাত এটা খৰচ  কৰিলেই বুৰ্বক বনি যোৱা!

মই মনত পেলাবলৈ চেষ্টা কৰিলোঁ, আচলতে মই যিটো কামৰ কাৰণে সেই দোকানখনত সোমাইছিলোঁ সেই কামটো দেখোন কৰাই নহ’ল! মোৰ পূৰ্বৰ আচল কামটো কৰিবলৈ সেইদিনা পুনৰ সেই দোকানখনলৈ যোৱাটো উচিত হ’বনে বাৰু?
#জেৰিকো- পেলেষ্টাইনৰ এখন ঐতিহাসিক চহৰ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *