ফটাঢোল

কৌতুক – পদ্মলোচন ভৰদ্বাজ

আমাৰ বন্ধু গ’ল বেলেগ এটা বন্ধুৰ বিয়াৰ খবৰ ল’বলৈ ।

দৰা : ঐ কিবা এটা উপায় দে মানুহজনীক  ইম্প্ৰেছ কৰিব পৰাকৈ।

: তইতো মদ নাখাৱ নহয়, বিয়াৰ পাছত এদিন ঘৰলৈ মদৰ ফুল বটল লৈ যাবি। দেখিয়ে তোৰ ৱাইফৰ চিঞৰ বাখৰ আৰম্ভ হৈ যাব। তেতিয়া তই বটলটো ভাঙি ক’বি,

“তুমি বেয়া পোৱা যেতিয়া জীৱনলৈ মুখত নিদিওঁ।”

বিয়াৰ পাছত এক সন্ধিয়া, উপদেশ মতেই দৰা মদৰ বটলৰ সৈতে পৰিবাৰৰ আগত ওলাল। হাতত বটল দেখি পৰিবাৰে মাত দিলে

“মোক কিন্তু চ’দা লাগিব দেই!”

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *