ফটাঢোল

কেৰিয়াৰ গাইডেন্স- অভিজিত কলিতা 

ফটাঢোলৰ ৰাইজে কেৱল খাওঁ খাওঁকৈয়ে নেথাকে, জাতি-মাটি-ভেটিৰ নিমিত্তেও বহুত কাম কৰে। তাৰ ভিতৰত এটা হ’ল কেৰিয়াৰ কাউন্সেলিং।

চাকৰি পোৱা সহজ, কৰা টান বুলি কোৱা কথাটোক সৰোগত কৰি ফটাঢোলে বিভিন্ন কেৰিয়াৰত সফলতা পোৱাৰ টিপচ কিছুমান দি আহিছে, লগতে মাইনা-বাবুসকলক নতুন নতুন কেৰিয়াৰৰ কথাও জনাই আহিছে। কিছুদিনৰ আগতে প্ৰশাসকবৃন্দৰ আদেশত ভাৰতৰ ৰাষ্ট্ৰপতিৰ চাকৰি পালে কি কি কৰিব লাগিব, সেই বিষয়ে বিস্তৃত প্ৰতিবেদন এই ফটাঢোলতে প্ৰকাশ কৰিছোঁ।

সি যি কি নহওক, আমি আজি আলোচনা কৰিব লগা চাকৰিটো হ’ল, অসমীয়া নিউজ চেনেলৰ মুখ্য সম্পাদকৰ চাকৰিটো।

এইটো চাকৰি পাবলৈ মোটামোটি সাংবাদিকতাৰ লগত চিনাকি থাকিলেই হ’ল, বিশেষ একো জানিব নেলাগে, বা মেট্ৰিক পৰীক্ষা কেইবাৰ দি কি ডিভিজনত পাছ কৰিছে সেইবোৰ কথাৰ কোনো মূল্য নাই।

এই চাকৰিটোৰ বাবে আটাইতকৈ প্ৰয়োজনীয় অৰ্হতা হ’ল, কোনোবা শক্তিশালী ৰাজনীতিকৰ আস্থাভাজন হোৱা। কাৰণ আজিকালি সকলো নিউজ চেনেলৰ আচল মালিক এজন ৰাজনীতিকেই হয়, আন কোনো তিষ্ঠিব নোৱাৰে। চেনেলে তেওঁলোকৰ ক’লা টকা বগা কৰাত সহায় কৰাৰ লগতে প্ৰপাগাণ্ডা মেচিন হিচাপেও ভাল চাৰ্ভিচ দিয়ে। ৰাজনীতিকজন বিৰোধী পাৰ্টিৰ হ’লেও কোনো কথা নাই।

কথা হ’ল সাংবাদিকতাৰ মিছা ডিগ্ৰী আৰু ফকতীয়া এক্সপেৰিয়ন্স থাকিলে নেতাজনক তেল মাৰি অনায়াসে এনে এটা চেনেলৰ মুখ্য সম্পাদক হ’ব পাৰি। ৰাষ্টাত বেয়া মাত মাতি কাজিয়া কৰাৰ অভিজ্ঞতা থাকিলে তাক অতিৰিক্ত অৰ্হতা বুলি গণ্য কৰা হয়।

চাকৰিটোত দৰ্মহা যিমানেই নহওক, আমদানি ভাল। ক্ষমতাও অসীম। আপুনি য’লৈকে যায় তাতে পুলিচ, প্ৰশাসন সকলোৱেই আপোনাক ছাৰ ছাৰ বুলি মাতি মূৰত তুলি লৈ ফুৰিব। আপুনি মন কৰিলেই দেখিব, দুনীয়াত কোনো নিউজ চেনেলৰ মূখ্য সম্পাদক দুখীয়া নহয়, নহয় মানে অজস্ৰ টকা আৰু সম্পত্তি। মিনিমাম কোৱালিফিকেচনেৰে, একো বিশেষ প্ৰতিভা নোহোৱাকৈ ইমান ‘ৰাইজ’ কৰিব পৰা কেৰিয়াৰ আচলতে বিশ্বতে বিৰল। ক’বলৈ বেয়া যদিও কাষ্টিং কাউচ্চ লেখীয়া সুবিধাও আপুনি কেপাচিটি থাকিলে ল’ব পাৰিব।

পিচে এই কেৰিয়াৰটো বজাই ৰাখিবলৈ আন কিছুমান দক্ষতাৰ প্ৰয়োজন।

একঃ- আপুনি মালিকেই দেও, মালিকেই সেও, মালিক বিনে নাই কেও, মন্ত্ৰত বিশ্বাসী হ’ব লাগিব।

দুইঃ- দহজনমান বুদ্ধিজীৱি আপোনাৰ হাততে পোৱাকৈ থাকিব লাগিব। তাৰে পাঁচজনে আপোনাৰ মালিকক প্ৰেমভাৱে আৰু পাঁচজনে বৈৰীভাৱে পূজিব লাগিব। আপুনি নিতৌ সন্ধ্যা দহোজনকে মাতি প্ৰেমিকসকলক প্ৰশংসা আৰু বৈৰীভাৱে ভকতি কৰাকেইজনক কুকুৰে কাঁইট নোখোৱাকৈ গালি দিব লাগিব। বৈৰী বুদ্ধিজীৱিকেইজনৰ ৰেট অলপ বেছি।

তিনিঃ- মাজে মাজে মালিকৰ এক্সক্লুছিভ ইণ্টাৰভিউ প্ৰচাৰ কৰি থাকিব লাগিব। ইয়াতে অলপ অভিনয় প্ৰতিভাও থকাৰ দৰকাৰ। আপুনি মালিকক ৰেগিং কৰাৰ দৰে অভিনয় কৰি লাষ্টত মালিকৰ হাতত পৰাজিত হোৱা দেখুৱাব তাৰ বাবে ৰেডিমেড চিত্ৰনাট্য ফটাঢোলৰ ফালৰপৰা আপোনালোকক বিনামূলীয়াকৈ দিয়া হ’ব।

চাৰিঃ- নিৰ্বাচনৰ ছমাহমান আগৰপৰাই আপুনি এণ্ট্ৰি প’ল, এক্সিট প’ল নামৰ নাটক কিছুমান কৰি, আপোনাৰ মালিকৰ পাৰ্টি যে জিকিবই সেইটো কথা ৰাইজক জনাই থাকিব লাগিব। ভাৰাতীয়া বুদ্ধিজীৱিসকলকো শিকাই বুজাই তেনে এটা মেচেজ পঠিয়াব লাগিব। আৰু মূৰকত যদি তেওঁৰ পাৰ্টি হাৰে, তেনে আপুনি বাতৰিৰ সময়ত পুৰণা গান বা চিনেমা প্ৰচাৰ কৰি থাকিব লাগিব। লাজ নকৰিব, এইবোৰ সকলোৱে জনা কথা। নিউড বীচ্ছত উলংগ হ’বলৈ লাজ কৰিলে কিডাল হ’ব?

পাঁচঃ- আপোনাৰ মালিকৰ বিপক্ষৰ চেনেলটোৱেও কেতিয়াবা আপোনাক চাকৰি অফাৰ কৰিব,  ভাল মাল পালে কান্ধুলি মাছৰ দৰে পাল্টি মাৰিবলৈ অকণো সংকোচ কৰা অনুচিত।

গতিকে এনে এটা সুন্দৰ কেৰিয়াৰ দুনীয়াত থাকোঁতে আপোনালোকে কিয় ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, শিক্ষক, আদি হ’বলৈ চেষ্টা কৰি জীৱনপাত কৰিব লাগে? এই কেৰিয়াৰটোৰ সকলোতকৈ ভাল পাৰ্কচটো হ’ল, আপুনি যিমানেই দুই নম্বৰী নকৰক কিয়, কোনো মাইকালালে আপোনাক একো ঘেণ্টাও কৰিব নোৱাৰে, আৰু দ্বিতীয়তে অসমৰ ৰাইজে আপোনাক সকলো জানি শুনিও তামাম ভাল আৰু সৎ মানুহ বুলি ভাৱি থাকিব।

আজিলৈ ইমানেই। ভৱিষ্যতেও আমি এনেদৰে আমি আপোনালোকক নতুন নতুন কেৰিয়াৰ বিষয়ে জনাই যাম।

ফটাঢোল কোবাওক, লাইফ বনাওক।

☆ ★ ☆ ★ ☆

9 Comments

  • জয়ন্ত

    অহ বঢ়িয়া কেৰিয়াৰ দেই৷ মজা৷

    Reply
  • বাগ্মিতা

    তামাম ভাল পালো মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো

    Reply
  • হেমন্ত কাকতি

    লাইফ জিংগালালা হব পৰা গাইডেন্স৷ মজা লাগিল৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ইম্মান ভাল কেৰিয়াৰ! মজা লাগিল দেই৷

    Reply
  • Abhijit Goswami

    এইটো মজা দেই দাদা ? ?

    Reply
  • পূৰ্ণময়ী

    কেৰিয়াৰ মজ্জা?

    Reply
  • Rimjhim Borthakur

    মজাৰ গাইডেন্স। এনেকুৱা কাউন্সেলিঙত বহুতৰে উপকাৰ হ’ব।

    Reply
  • অভিজিত কলিতা

    সকলোকে ধন্যবাদ

    Reply
  • গীতিমল্লিকা গগৈ

    ভাল ধোলাই দিলা দৌ, মজা লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *