ফটাঢোল

চাঁধা, এক প্ৰেম কথা-দেবজিত শৰ্মা

কাহিনীটো হোৱাটচ এপ, ফেইচবুক, অৰকুট আদি যুগৰ আগৰ কথা৷ কাহিনীৰ নায়ক আমাৰ ঘৰৰ ওচৰৰে পুতুল খুৰা৷ অঞ্চলটোত বিহুৱা বুলিলে পুতুল খুৰাৰ সমকক্ষ কোনো নাই৷ ঘৰে ঘৰে বহাগত বিহু মৰাৰপৰা আৰম্ভ কৰি মঞ্চৰ বিহুলৈকে পুতুল খুৰাই নিজৰ সৱল অস্তিত্ব ৰাখি থৈ গৈছিল৷ সেই পুতুল খুৰা কিন্তু বহুদিনলৈ অবিবাহিত হৈ আছিল৷ কাৰণ?  বিফল  প্ৰেম?

হয় আছিল৷ ঠিক হওঁ হওঁকৈ ভাঙি যোৱা এটা প্ৰেম কাহিনী৷ কৈছোঁ শুনক।

পুতুল খুৰাৰ বিহুদলৰ পূৰ্বৰ নাচনীগৰাকীৰ বিয়া হৈ যোৱাত নতুন নাচনীৰ সন্ধানত থকাৰ সময়তে গাঁৱৰ আনটো মূৰৰ তপন খুৰাৰ খুলশালি গীতিমা ফুৰিবলৈ আহিছিল৷ গীতিমাৰ ভাল নাচনী হিচাপে সুনাম আগৰ পৰাই আছিল৷ সাতে পাঁচে সকলো অংক মিলাই গীতিমা পুতুল খুৰাৰ বিহুদলৰ অংশ হৈ বিভিন্ন মঞ্চত পুৰষ্কাৰ লাভ কৰি সকলোৰে প্ৰশংসা লাভ কৰিবলৈ ধৰিলে৷ এই সকলোৰে মাজতে পুতুল খুৰাৰ মনৰ মাজত প্ৰেমৰ নিজৰা এটি  জীৱন্ত হৈ পৰিছিল, গীতিমাৰ নামেৰে৷ কিন্তু  ক’ব খুজিও সাহসৰ অভাৱতে ৰৈ গৈছিল৷ ইফালে গীতিমাৰো যোৱাৰ দিন আহি  পৰিছিল৷ এইখিনি সময়তে অঞ্চলটোৰ বিখ্যাত বিহু সন্মিলনীৰ দিন আহি পালে৷ পুতুল খুৰাই এই বিহুতে শ্ৰেষ্ঠা বিহুৱতীৰ সন্মান গীতিমাৰ হাতত আহি পৰাৰ পাছতেই  মনৰ কথা গীতিমাৰ আগত কৈ দিয়াৰ সংকল্প ল’লে৷ সন্মিলনী উপলক্ষে জোৰদাৰ ৰিহাৰ্চেল হ’ল৷ আমিবোৰে জুম বান্ধি বান্ধি ৰিহাৰ্চেল চালোঁ৷ সকলোৱে প্ৰায় নিশ্চিত যে, এইবাৰ শ্ৰেষ্ঠা বিহুৱতীৰ সন্মান গীতিমাই পাব৷ অৱশেষত প্ৰতিযোগিতাৰ সেই ক্ষণটো আহি পালে৷ সকলোৱে প্ৰাণঢালি বিহু মাৰিছে, গীতিমাৰ গাত যেন বৰদৈচিলাৰ সকলো শকতি জমা হৈছে। শ্ৰোতা-দৰ্শক প্ৰায় নিশ্চিত, পুৰষ্কাৰ পুতুল খুৰাৰ দল আৰু গীতিমাৰ হাতলৈকে যাব৷ কিন্তু শেষ অংশ য’ত  পুতুল খুৰাই পেঁপাটি বজাব লাগে, তেতিয়াই ঘটিল অঘটন৷ পুতুল খুৰাই জোৰ দিয়েহে দিয়ে,  পেঁপা নাবাজে৷ গাৰ সমস্ত শক্তিৰে জোৰ দি ফুঁ মাৰোতে পেঁপাৰ ভিতৰৰ পৰা কিবা এটা গৈ বিচাৰকৰ আসনত থকা, কাঢ়া শিক্ষক বুলি খ্যাত  প্ৰমোদ শৰ্মা ছাৰৰ কোলাত পৰিলগৈ৷ যেনেতেনে পেঁপা বজাই অনুষ্ঠান সামৰিলে যদিও পুতুল খুৰাৰ দলটোলৈ  কোনো পুৰষ্কাৰ নাহিল৷ পাছত গম পোৱা মতে পুতুল খুৰাৰ পেঁপাৰ পৰা বান্দৰ চাপ চাঁধাৰ পেকেট এটা মিছাইল টাইপ গৈ প্ৰমোদ শৰ্মা ছাৰৰ কোলাত পৰিছিল৷ ইয়াৰ পিছত আৰু বেলেগ ক’বলৈ একো নাই৷ কি কুক্ষণত চাঁধাৰ পেকেট গৈ পেঁপাৰ ভিতৰত গৈ সোমাল  সেয়া যদিও এতিয়াও পুতুল খুৰাক কাৰণে সাঁথৰ কিন্তু ইয়াৰ পাছতে পুতুল খুৰাৰ  জীৱনৰ পৰা গীতিমা আৰু চাঁধাই বিদায় মাগিলে৷

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *