ফটাঢোল

ফটালিমাৰিক – ধনজিৎ বৰুৱা

: জনতা

আঁচনিবোৰ জাল তাত মুহিবলৈ জনতা

আঁচনি নিদিলে বাৰু নাথাকিব নেকি ক্ষমতা
আমিয়ে পূৰাম  মৌলিক প্ৰয়োজন
অৰ্থনীতিত এয়া অভিনৱ আয়োজন
দেশ মাতৃয়ে পুহি ৰাখিছে কি আচৰিত মমতা

: দূৰ্ঘটনা

ঘোঁৰাই খালে কমাৰৰ  লোহা ডুবোৱা পানী

আইৰণ  আহিল তেজত হিঁ  হিঁয়নীৰ বাণী
মালিক বাগী  উফৰাই
লৈ গ’ল চোঁচৰাই
ভাল বপুৰাই নল’লে পেটাৰ আইন জানি
: টমী

কুকুৰ বুলি কিয় কোৱা তাৰ নাম টমী

মই পঢ়ি থাকিলে সি চাই থাকে জুমি
কাষৰ ঘৰৰ মেক্স
নলয়  মৰমৰ টেক্স
ইমান নেগুৰ লৰাই মাতে তোমাক মৰমত পমি
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *