কৌতুক – ডা৹ পাৰ্থ সাৰথি
সন্ধিয়া ওলাই গ’লে পাণ এখন খাওঁ। আজি দোকানখনত ৰৈ থাকোঁতে এজনে আহি দোকানীজনক ক’লে,
: মোক দুখন আয়ুৰ্বেদিক আৰু দুখন এল’পেথিক পেক কৰি দিবা।
দোকানীজনে হ’ব বুলি কৈ পাণ বনাবলৈ ল’লে। মই কৌতূহলেৰে লক্ষ্য কৰি দেখিলোঁ, দুখন জৰ্দা আৰু দুখন মিঠা পাণ বনাইছে।
মিঠা কেইখন চাগে আয়ুৰ্বেদিক, মানে চাইড এফেক্ট নাই!
(2) মূৰ্গ মাছাল্লাম
সন্ধিয়া বজাৰলৈ যাওঁতে চিনাকি নাপিত এজনে মাত লগালে
মই বোলো,
তেওঁ ক’লে,
: নাই ছাৰ, আহিলোঁহে, বিয়া এখন খায়। অমুক বাবুৰ ছোৱালীৰ বিয়া, মাতিছিল।
মই বোলো,
: ভাল কথা, ধনী মানুহ, বিয়াত চাগে খানা-পিনা বঢ়িয়া হৈছে।
তেওঁ ক’লে,
: হয় ছাৰ, বঢ়িয়া খানা দিছে, বহুত আইটেম, পিচে বিলোৱা ল’ৰা বিলাকে প্লেটত নিজে দিয়ে কাৰণে বেছি খাব নোৱাৰিলোঁ। খাচী মাংস আৰু হাঁহৰ মাংস বঢ়িয়া হৈছিল। কিন্তু এটা কথা বুজি নাপালোঁ ছাৰ, মূৰ্গী মাংসটো অকল মুছলমান মানুহৰ কাৰণেহে বনাইছে। আমাৰ কাৰণে নাই।
মই বোলো..
: এহ, এইটো আকৌ কি কথা, তোমাক কোনে ক’লে? তেনেকুৱা হ’ব নালাগে, তোমাৰ কিবা ভুল হৈছে।
তেওঁ বোলে…
: নহয় ছাৰ, মই প্লেট লৈ মূৰ্গী মাংসৰ বাচনটোৰ ওচৰ পাওঁতে দিয়া ল’ৰাজনে মোৰ ফালে চাই কৈছিল, মূৰ্গী মুছলমান বুলি, তেতিয়া মই ঠিক আছে বুলি সেয়া নলৈ আগলৈ গ’লোঁ।
অলপদেৰি মই তেওঁ কিনো কৈছে ধৰিবই পৰা নাছিলোঁ, হঠাৎ বুজি পাই ইমান জোৰেৰে হাঁহিলোঁ যে ওচৰৰ মানুহেও আচৰিত হৈ ঘূৰি চালে।
মই হাঁহি হাঁহিয়ে তাক ক’লোঁ,
: ধেই, সেয়া অকল মুছলমানৰ কাৰণে বনোৱা মূৰ্গী মাংস নাছিল অ’, সেই মূৰ্গী মাংসৰ আইটেমটোৰ নামটো কৈছিল চাগে “মূৰ্গ মাছাল্লাম” ( মাছালাম) বুলি!
11:09 am
হাঃ হাঃ বঢ়িয়া
5:03 pm
বঢ়িয়া ছাৰ
8:44 pm
হা: হা: ভাল লাগিল