সপোনৰ শেষত-কমলা দাস
বিয়াখন যিমানেই ওচৰ চাপি আহিছে, সিমানেই কিবা এটা উত্তেজনা বাঢ়ি গৈ আছে মোৰ। লগৰবোৰে বিয়াক লৈ মোৰ লগত কৰা হাঁহি ধেমালিবোৰত যদিও দেখাত হাঁহি আছোঁ, ভাগ লৈ আছোঁ, কিন্তু অন্তৰত মোৰ সাগৰ সম জোৱাৰ ভাটাই তোলপাৰ লগাই আছে! মই যেন মানুহটো যন্ত্ৰৱত চলি আছোঁ। সকলোবোৰ কথা, কাম, যেনেদৰে দূৰন্ত গতিৰে আগবাঢ়ি গৈ আছে, তাৰপৰা মুকলি হৈ মই নিজাকৈ একো চিন্তাই কৰিব পৰা নাই। সকলোৰে হাঁ ৰ লগত হাঁ মিলাই মুখত ব্যৱসায়িক হাঁহিটো লৈ কামবোৰ কৰি গৈ আছোঁ। মা, দেউতাক যিমান পাৰোঁ সহায় কৰি দি আছোঁ।
প্ৰায়বোৰ ল’ৰাৰে নিজৰ বিয়াখনক লৈ সপোন থাকে! এসোপামান মৰম লৈ, ধুনীয়া মৰম লগা কইনা এজনী আহিব তাৰ জীৱনলৈ। মিঠা সপোন এটাৰ মন গহনত প্ৰজাপতি উৰিব! সি আৰু তাই হাতত হাত থৈ, বিশ্বাসৰ প্ৰতিশ্ৰুতিৰে দায়বদ্ধ হৈ অন্তহীন বাট বুলিব!
ল’ৰাবোৰৰ বহুতেই এটা সময়ত নিজ উপাৰ্জনেৰে চলিবপৰা হোৱাৰ লগতে, জীৱন সঙ্গিনীক পোহপাল দিব পৰাকৈ সমৰ্থ হোৱাৰ পাছতহে বিয়া পাতিবলৈ সাহস কৰে। আৰু এয়াই সমাজৰ ৰীতি। দুই এখন ব্যতিক্ৰমী বিয়াৰ কথাটো বেলেগ বাৰু। নিজে ঠিক কৰা কইনাৰ বিপৰীতে বহুতো ল’ৰাই আকৌ মাক বাপেকে চাই ঠিক কৰি দিয়া কইনাজনী জীৱনলৈ আদৰি আনে। মোৰ বিয়াখনো মা, দেউতাই ঠিক কৰি দিয়া কইনাৰ লগতেই ঠিক হ’ল।
হাজাৰ কামৰ মাজতো মোৰ হ’বলগীয়াজনীৰ সৈতে দুৰু-দুৰু হিয়াৰে কথা পাতোঁ মাজে মাজে। প্ৰথম প্ৰথম কি কথা পাতিম ভাবি নোপোৱাৰ ফলত দুই এষাৰ কথা পতাৰ পাছতেই ফোনৰ দুই মূৰে দুয়ো প্ৰায়ে মনে মনে থকা হয়। এদিন দুদিনকৈ আমাৰ লাজবোৰে আমাক এৰিব খোজোঁতেই বিয়া আহি পদূলি মুখ পালেহিয়েই।
সমাজৰ ৰীতি নীতি মানি, ঢোলে-দগৰে এদিন কইনা আনি ঘৰ পোৱালোঁহি। বিয়াৰ পিছদিনা আলহী অতিথিৰে ঘৰ ভৰি আছে। ন-কইনাক ভিতৰৰ ৰূমত অৰ্থাৎ আমি থাকিবলগীয়া ৰূমটোত থাকিবলৈ দিছে। তেওঁক এপাক চাওঁ বুলিও চাব পৰা নাই। ইমানবোৰ মানুহৰ মাজেৰে গৈ তেওঁক এবাৰ চাবলৈ নাইবা তেওঁৰ লগত কথা এষাৰ পাতিবলৈ কিবা এটা লাজ লাগিছে মোৰ! মা, দেউতাৰ পচন্দৰ ছোৱালী যদিও, মোৰো অন্তৰত স্থান দখল কৰিছে তেওঁ! মনটো মোৰ বহুত ভাল লাগিছে। মিঠা আৱেশ এটা লাগি আছে। অকলশৰীয়াকৈ তেওঁৰ লগত কথা পাতিবলৈ মন গৈ আছে!
বিয়াৰ তিনি দিন পাছত, আজি আমাৰ ফুলশয্যাৰ নিশা। ৰাতিপুৱাৰপৰাই মনটো কেনে লাগি আছে বুজাব নোৱাৰোঁ! মনটো বহুত বেছি ভাল লাগি থকাৰ বাবে ভোক, পিয়াহ নোহোৱা হৈ পৰিল। কেতিয়া ৰাতি হ’ব, কেতিয়া ৰাতি হ’ব লাগি থাকিল। আজি যেন দিনটো বহুত দীঘলীয়া! যেনেতেনে দিনটো পাৰ হোৱাৰ পাছত, বহু প্ৰতীক্ষাৰ অন্তত, অৱশেষত আহিল সেই মধুৰ ক্ষণটো!
নিশা ভাত পানী খাই উঠি মই ৰূমলৈ আহিলোঁ। কোনোবাই মোৰ ৰূমটো বৰ ধুনীয়াকৈ সজাই থৈছে। বিছনাখনত ৰঙা গোলাপ ফুলেৰে কলিজাৰ মাজত কাঁড় এপাত সোমাই থকাকৈ সজাইছে। কোনেবা সজাইছে ইমান ধুনীয়াকৈ! দেখি মনটো ভাল লাগি গ’ল। অলপ পাছত তেওঁ আহিল ৰূমলৈ পায়েলৰ ৰুণজুন শব্দ তুলি! হঠাতে কেঁচা মাছৰ গোন্ধ এটাই ৰূমটো ঢৌৱাই গ’ল যেন! ইস্, ক’ৰ পৰা জানো ইমান বেয়া গোন্ধটো আহিল! তেওঁ বা এতিয়া কি ভাবিব! বিয়াৰ ভোজলৈ অনা মাছৰ পেটুবোৰ কিজানি ৰূমৰ বাহিৰত ওচৰতে ক’ৰবাত পেলাইছিল! কুকুৰবোৰে খুচৰিলে বোধহয়! একেবাৰে অকটা গোন্ধ আহিছে। ওকালি আহিব খুজিছে মোৰ! কাইলৈ সেইবোৰ চাই চিতি ভালদৰে পুতি পেলাব লাগিব। তেওঁলৈ চালোঁ! মোৰ ফালে পিছ মুখ দি আলমাৰীটোত কিবা এটা বিচাৰি থকাৰ নিচিনা লাগিল! নিস্তব্ধতাৰ বাবেই নেকি, ইফাল সিফাল কৰোঁতে তেওঁৰ পায়েলৰ শব্দটো যেন বহু বেছি জোৰেৰে বাজিছে! কাণত বাজি গৈছে শব্দটো। কি কৰোঁ, নকৰোঁ কৈ বিছনাত শুই পৰিলোঁ। তেওঁলৈ পুনৰ চালোঁ। একান্ত মনে আলমাৰীত কিবা বিচাৰিয়ে আছে! মোলৈ অনা উপহাৰটো চাগৈ দিবলৈ বিচাৰি পোৱা নাই! যিহেতু প্ৰথম নিশা উপহাৰ এটা দিয়েই হেনো৷ ময়ো তেওঁলৈ আনি থৈছোঁচোন! পাহৰি বিছনাতে উঠিছিলোঁ। মনত পৰি উঠি গৈ উপহাৰটো লৈ আহি তেওঁক দিবলৈ ওচৰলৈ গ’লোঁ। তেওঁ তেতিয়াও তলমূৰ হৈ কিবা বিচাৰি আছে! মই লাহেকৈ তেওঁক পিছফালৰপৰা দুই বাহুত ধৰি মোৰফালে ঘূৰাই দিবলৈ ল’লোঁ! পিচে মই আচৰিত হ’লোঁ, তেওঁৰ দেহটো ইমান টান কিয়! নাৰীৰ কোমল দেহৰ সলনি মই যেন তেওঁৰ একেবাৰে বাহুৰ হাড় দুডালহে চুই পালোঁ! কেঁচা মাছৰ গোন্ধটো নাকত বেছিকৈ লাগিল৷ অনুমান হ’ল তেওঁৰ দেহৰপৰাই যেন পঁচা পঁচা গোন্ধটো আহিছে! বমি হ’ব এতিয়া মোৰ!
তেওঁ মোৰ ফালে লাহেকৈ ঘূৰিল! ঘূৰি দিয়াত ওৰণিখন খহি পৰিল! কিন্তু ই কি! তেওঁৰচোন লাৱনি মুখখনৰ ঠাইত অকল জঁকাটোহে আছে! চাল নাইবা মাংস প্ৰায় নায়েই! যিওবা মাজে মাজে অকণ আছে, সেইখিনিও পঁচি টোপ টোপকৈ সৰি পৰি আছে! আৰু তাৰপৰাই উৎকট বেয়া গোন্ধটো আহিছে। কোটৰত থকা চকু দুটা ট ট কৈ জিলিকি উঠিছে! ৰঙা জিভাখন উলিয়াই মোৰ ফালে আগুৱাই আহিল। মই ভয় খাই তেওঁক এৰি বাহিৰলৈ দৌৰিবলৈ লওঁতেই, তেওঁ হাতখন দীঘল কৰি মোৰ ডিঙিটো খামুচি ধৰিলে। মই যন্ত্ৰণাত কেঁকাই উঠিলোঁ। ডিঙিটো এৰাবলৈ আপ্ৰাণ চেষ্টা কৰিছোঁ। হাত ভৰি মাৰি আছোঁ তথাপিও এৰাব পৰা নাই! হে ভগৱান, আজি মই মৰাটো খাটাং! কোন ক’ত আছা মোক বচোৱাহি ঔ বুলি চিঞৰিব খুজিছোঁ, কিন্তু মাতটো ওলোৱা নাই! প্ৰচণ্ড জোৰত হাত ভৰি মাৰি যুঁজি যুঁজি হঠাৎ তললৈ সৰি পৰিলোঁ, ঢুপুচ!
ৰূমত সোমাই বিছনাত পৰি তেওঁলৈ অপেক্ষা কৰি থাকোঁতে কেতিয়ানো টোপনি আহিল গমেই নাপালোঁ। বিছনাৰপৰা পৰোঁতেহে তৎ আহিল। লৰালৰিকৈ উঠিবলৈ লওঁতেই তেওঁক দেখিলোঁ, মোৰফালে কিংকৰ্তব্যবিমূঢ় হৈ একেথৰে চাই আছে! ধেৎতেৰি! জীৱনত ইমান লাজ কেতিয়াও পোৱা নাই!
☆ ★ ☆ ★ ☆
10:26 am
???ভাল লাগিল
10:28 pm
ধন্যবাদ জনালোঁ নমিতা
11:34 am
বঢ়িয়া৷
10:30 pm
ধন্যবাদ জনালোঁ
3:48 pm
বঢ়িয়া লাগিল৷
10:31 pm
ধন্যবাদ জনালোঁ
5:15 pm
বঢ়িয়া
10:31 pm
ধন্যবাদ জনালোঁ
6:51 pm
পাছৰখিনি সপোন সপোন লাগিছিল ।
বৰ সুন্দৰকৈ সজালে । ভাল লাগিল ।
10:32 pm
মন্তব্যৰ বাবে অশেষ ধন্যবাদ জনালোঁ বাইদেউ
2:49 am
একে উশাহে পঢ়িলোঁ দেই…সুন্দৰ উপস্থাপন
11:12 pm
ধন্যবাদ জনালোঁ মানসী।