মুখা – পৰীস্মিতা দাস
(১)
মুখলৈ চালেই ধৰিব পাৰি কাৰনো কিমান সুখ
কাৰনো বুকুত লুকাই আছে কত কিমান দুখ
হঠাতে আহিল কৰ’ণা
মানুহৰ হ’ল যাতনা
মুখাৰ আঁৰত লুকাই পৰিল অনেক বৰণৰ মুখ
(২)
মুখাৰ আঁৰত লুকাই পৰিল অনেক বৰণৰ মুখ
কোনেও নেদেখা হ’ল কাৰ কি সুখ কাৰ দুখ
কিনো মনলৈ আহে
মুখাৰ আঁৰতে হাঁহে
আনৰ অজ্ঞাতে কিছুমান কথা লুকাই থকাতে সুখ
(৩)
আনৰ অজ্ঞাতে কিছুমান কথা লুকাই থকাতে সুখ
মুখাত অংকন কৰি পিন্ধি লয় ভদ্ৰলোকৰ মুখ
সমাজত পায় বৰ আসন
অন্তৰত ভৰে কুটিল ভাষণ
আজি মুখাপিন্ধা ভদ্ৰলোকেই সমাজৰ অসুখ
(৪)
আজি মুখাপিন্ধা ভদ্ৰলোকেই সমাজৰ অসুখ
সমাজখনো অন্ধ আজি বন্ধ চকু-কাণ-মুখ
হাৰে বৰ মানুহৰ মুখা পিন্ধি
কোনেনো কিদৰে ৰাখিব বান্ধি
বৰ চোৰ এৰি সৰু চোৰকে কিলাই পাওঁ সুখ
(৫)
বৰ চোৰ এৰি সৰু চোৰকে কিলাই পাওঁ সুখ
বুজি পাবলৈ কোননো আছে ভূক্তভোগীৰ দুখ
পোহৰত ভদ্ৰতাৰ সীমা নাই
আন্ধাৰেহে আচল চিনাকি পায়
ৰাইজৰ আগত কোনে উলিয়াব মুখাৰ আঁৰৰ মুখ
(৬)
ৰাইজৰ আগত কোনে উলিয়াব মুখাৰ আঁৰৰ মুখ
সমাজৰ কীট কোনেনো বাচিব মানুহক দিব সুখ
কৰ’ণা দেখোন সৰু
মুখাহে নালাগে আৰু
মুখাৰ আঁৰৰ পৰা ওলাই পৰক সকলো প্ৰকৃত মুখ
☆ ★ ☆ ★ ☆