কেষ্টো জনী ৰাজ : এক ফ্লপ গল্প- দিগন্তকুমাৰ ভট্টাচাৰ্য
গল্প লিখিবলৈ বহিলে এনেকৈ ভাবিব লাগে – চাল্লা আপুনইছ্ ভগৱান হ্যে! নৱাজউদ্দিন ছিদ্দিকীয়ে তেনেকৈয়ে ভাবে। নৱাজ ভায়ে কলমটো হাতত তুলি ল’লে। মুখত বহু দিনৰ নুখুৰোৱা ডাড়ি। লকডাউনত বাহিৰলৈ যাব লগা হোৱা নাছিল। চুলি-ডাড়িৰতো কথাই নাই, নাকাটিলে-নুখুৰালেও একো নাই। চিগাৰেট এটা জ্বলালে। বেছি চিগাৰেট খাবলৈও ভয়। কিজানিবা নৰোত্তমৰ পাণদোকানখন আকৌ বন্ধ হয়। ওচৰতে ভাড়া কৰি থকা সুবিমল তালুকদাৰৰপৰা আকৌ ধাৰত চিগাৰেট খুজিবলৈ মন নাযাব। পাঁচটা দীঘলীয়া হোপা মাৰি চিগাৰেটটো নুমুৱাই কাণৰ ওপৰৰ অংশত গুজি ল’লে। গল্প লিখিব নৱাজে। চাল্লা ৰাইটাৰবোৰে সঁচাকৈয়ে ভাবে- আপুন হি ভগৱান হ্যে!
চৰিত্ৰ এক : ৰাজপাল
: তোৰ মুখখন কিবা চিনেমাৰ সেই ক’মেডী কেৰেক্টাৰবোৰৰ দৰে! কি নাম?
: ৰাজপাল
: আগে-পিছে একো নাই?
: যাদৱ, যাদৱ আছে।
: কেইফুটীয়া বে তই?
: পাঁচ, নহয় চাৰে চাৰি…নহয় মানে আজিলৈ জুখি চোৱা নাই
: ইস..পাঁচ! কথা কয় চা ই! তই চাল্লা ক্লাছ ফাইভৰ বাচ্চা এটাৰো কান্ধত পৰিবি বে।
: কাইলৈ জুখি আহি ক’ম দাদা
: এটা কাম কৰ। সৌ যে বাইদেউজনী আহি আছে এইফালে, তয়ো গৈ থাক আগুৱাই এইফালৰপৰা। একদম চিধা চাই গৈ থাকিবি। তোৰ চকুৰ ষ্ট্ৰেইট লাইনডাল তাইৰ গাৰ যিটো ঠাইত লাগে, ঘূৰি আহি ক’বি। ধৰি ল, তাইৰ কঁপালত লাগিলে, তেতিয়া গম পাম তোৰ হাইট পাঁচ ফুট, তিনি ইঞ্চি। ডিঙিত লাগিলে চাৰি ফুট ন ইঞ্চি…তেনেকৈ
এজাক ছিনিয়’ৰৰ মাজত মই। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ আজি প্ৰথম দিন। ৰেগিং হয়তো ইয়াকেই কয়। শুনিছিলোঁ, আজি দেখিলোঁ। মই ঘামিলোঁ। মূৰ ঘূৰাই চালোঁ। হালধীয়া ছেলৱাৰ-কামিজ পিন্ধি ছোৱালী এজনী আহি আছে। মোৰ ভৰি দুখন কঁপি উঠিল।
: ঐ তই গ’লি নে আগুৱাই, নে দিম দুটা কাণতলীয়া সকলোৰে আগত?
হালধীয়া ছেলৱাৰ-কামিজ পৰিহিতা আহি আছে। মই তাইৰ মুখলৈ চাব পৰা নাই। চকুৰ সৰলৰেখাই তাইৰ বুকুত খুণ্ডা মাৰিলে। মই আগুৱাই গ’লোঁ। তাই দোপাত্তাখন টানিলে। মোৰ কঁপালেৰে ঘাম বৈ আহিল। তাই এইবাৰ হাতৰ কিতাপ-বহীৰে বুকুখন ঢাকিলে।মই আগুৱাই গ’লোঁ। তাই ৰৈ গ’ল।
: ষ্টুপিড, তেতিয়াৰপৰা চাই আছোঁ। ইমান বেয়া নজৰ!
তাই চিঞৰিলে। তাইৰ চিঞৰ শুনি জুনিয়’ৰ-ছিনিয়’ৰ ভালেকেইজন গোট খালে। তাইৰ চকু চলচলীয়া, খঙৰ চকুপানী। মোৰো চলচলীয়া, ভয় আৰু লজ্জাৰ।
চৰ, ঘোঁচাৰে মোৰ মুখমণ্ডল ভৰি পৰিল। মই বাগৰি পৰিলোঁ। মই ৰাজপাল যাদৱজন পৰাৰ লগে লগে চাৰিওফালৰপৰা হাঁহি, না হাঁহি নহয় -অট্টহাস্য বিয়পি আহিল। মোৰ মুখখনৰ আকাৰ-আকৃতি সলনি হৈ গ’ল। অকল ইণ্টেলিজেণ্ট জ’ক শুনিলেহে মিচিকিওৱা আমাৰ লগৰ অনামিকা কলিতায়ো প্ৰাণ খুলি হাঁহিলে।
ৰাজপাল যাদৱক মাৰিছে – সকলোৱে হাঁহি দে
ৰাজপাল যাদৱ চৰ-ঘোঁচা খাই মাটিত বাগৰি পৰিছে – হাঁহিবই লাগিব ন! ৰাজপাল যাদৱৰ মুখৰ আকাৰেই সলনি হৈ গৈছে – নাহাঁহি পাৰি নে!
নাই, তেনে কোনো ক’মেডী শ্বিন নহ’ল। নৱাজ ভায়ে এক টুইষ্ট দিলে! লেটচ্ ৰিৱাইণ্ড ফ’ৰ টু মিনিটছ্ –
…তাই এইবাৰ হাতৰ কিতাপ-বহীৰে বুকুখন ঢাকিলে।
মই আগুৱাই গ’লোঁ। তাই ৰৈ গ’ল। মই গৈ তাইৰ কাষ পালোঁ। মই ৰ’লোঁ।
: তুমি ফাৰ্ষ্ট ইয়েৰ ন?
: হ..হয়। বেয়া নাপাব, মোক আচলতে ছিনিয়’ৰ কেইজনমানে..
: নাই, মই বুজিছোঁ। মোৰ নাম শ্ৰদ্ধা। শ্ৰদ্ধা কাপুৰ এইচ এছ ছেকেণ্ড ইয়েৰ৷
শ্ৰদ্ধা কাপুৰে হাতখন আগবঢ়াই দিয়ে। হেণ্ডশ্ব্যেক – ময়ো চুই চাওঁ। কপাহ কোমল হাত।
: টেনছন নল’বা। কিবা খাইছা নে পুৱাৰে পৰা?
শ্ৰদ্ধাই আকৌ সোধে।
: না..নাই৷
মই মূৰ তুলি শ্ৰদ্ধা কাপুৰৰ মুখখনলৈ চাওঁ। আস, কি এক সৌন্দৰ্য!
: ব’লা, সৌ কলেজ চ’কটোতে ভাল হোটেল কেইখনমান আছে। চাহ খাম ব’লা। আজি মই তোমাক খুৱাম..
: নহয়, মানে আপ..আপুনি..
: কি আপুনি-আপুনি? মোক তুমি ক’বা। তোমাতকৈ ওৱান ইয়েৰহে ছিনিয়’ৰ..ব’লা৷
মই দূৰৈত ৰৈ থকা ছিনিয়’ৰ কেইজনলৈ চালোঁ। এক গোমা পৰিবেশ। সকলোৰে মুখবোৰ বতাহ-ধুমুহাৰ আগৰ মেঘৰ ক’লা বৰণতকৈ অধিক হৈছে। সকলো অবাক।
: ই চাল্লা ৰাজপাল যাদৱে কিবা ক’লা যাদু জানে নেকি ৰে!
: তাৰ থোপড়া চাই শ্ৰদ্ধা কাপুৰে হাতখন কেনেকৈ চুব পাৰে। কিবা ঠিক লগা নাই মন-চন এইবোৰ দেখি…
সকলোৱে কথা-বাৰ্তা আৰম্ভ কৰে। সকলো দুখী হয়। বহুতৰ মুখ মেল খায়েই থাকে। গভীৰ অশান্তিয়ে বুকু গধুৰ কৰে সকলোৰে।
নৱাজউদ্দিন ছিদ্দিকীয়ে এইখিনিলৈ লিখি ৰয়। নুমাই থোৱা চিগাৰেটটো জ্বলাই হোপিবলৈ ধৰে। ৰাজপাল যাদৱক দুখ-কষ্ট দি পাব্লিকৰ ওঁঠত হাঁহি আনিব, নে শ্ৰদ্ধা কাপুৰ আৰু ৰাজপাল যাদৱৰ এক গভীৰ প্ৰেমৰ গজালি মেলা দেখুৱাব – ভাবে নৱাজ ভায়ে।
: আপুন হি ভগৱান হ্যে, মোৰ মতেই মই কৰিম, লিখিম!
হাঁহিলে নৱাজউদ্দিনে।
চৰিত্ৰ দুই : আছলাম ভাই
: ভাই, আপোনাকতো সকলোৱে ‘আছলাম ভাই’ বুলি জানে। কিন্তু আপোনাৰ আচল নাম হেনো…
: জনী, জনী লিভাৰ
: আচ্ছা, টাউনত কিন্তু সকলোৱে আপোনাক ভয় কৰে। আছলাম ভাই বুলি ক’লে সকলোৰে বুকু কঁপি উঠে। বৰুৱা মাৰ্কেট, গৰু বজাৰ, নদলাৰ হাট – সকলোতে আপোনাৰেই ৰাজ চলে ন ভাই?
: নচলিব কিয়? ময়োতো সকলোকে সুৰক্ষা দিওঁ না। দিওঁ নে নিদিওঁ ক?
: আছলাম ভাই, আপুনি কবিতা কেতিয়াৰপৰা লিখে? আপুনি যে এজন কবি বহুতে নাজানে৷
মই আফটাবৰ প্ৰশ্নটো শুনি এক শিহৰণ অনুভৱ কৰিলোঁ। এই আফটাবেই মোক জানে, চিনে ভালদৰে।
: আপোনাৰ কবিতা হীৰুদাতকৈও ভাল লাগে জানে।
: কোন হীৰু দা?
: হীৰেন ভট্টাচাৰ্য। “এটাই মাথো কামিজ তাৰো চিগো চিগো চিলাই..” – শুনিছে নে?
: না, মই ৰিয়েলিষ্টিক লিখোঁ। এই চা, ডিঙিত পিন্ধা এইডালৰ ওজন এক কিলো। এই চাৰ্টটোৰ দাম কিমান জান? অনুমান কৰ। কমেও ছয়-সাত হেজাৰ। এইটো পিন্ধি মই “চাৰ্ট এটাই মোৰ, চিলাই চিগিছে” বুলি কেনেকৈ লিখিম? ধুৰৰ….
: আপুনি কিন্তু ঝাকাছ লিখে, ভাই
: ক্লাছ এইটততে পঢ়া বাদ দিলোঁ বুইছ, তথাপিও মনৰ ভাববোৰ লিখোঁ আৰু। বানান ভুল হয় পিচে৷
: আপুনি কিতাপ এখন প্ৰকাশ কৰক। লাখ টকা খৰচ হ’ব কিন্তু লাখ লাখ মানুহে আপোনাক জানিব। চাই থাকক, ব্লকব্লাষ্টাৰ হ’ব আপোনাৰ কিতাপ৷
মই আফটাবলৈ চালোঁ। বুকুখন দুই ইঞ্চিমান ফুলি গ’ল। মোৰ আগে-পিছে থকা মহীধৰ, লাল্লু, ৰত্নেহঁতে ফিচিঙা ফিচিঙ কৰিবলৈ ধৰিলে। ইহঁত নাৰিকলৰ মোল নুবুজা বান্দৰ। জ্ঞানীৰ জ্ঞান নুবুজা অলগৰ্দ্ধ।
: আফটাব, মোৰ কবিতা পঢ়িব ন ৰাইজে?
: পঢ়িব মানে? কি কথা কয়। নাৰীয়ে আপোনাৰ কিতাপৰ পাত ফালি গাৰুৰ তলত ৰাখিব, পুৰুষে মানীবে’গত। সৰু ল’ৰা-ছোৱালীয়ে অনলাইন ক্লাছৰ মাজতো ম’বাইল-লেপটপৰ স্ক্ৰীণৰ ওপৰত ৰাখি পঢ়িব। লিখি ৰাখক৷
কেনে?
: একদম ৰিয়েলিষ্টিক। ইয়াত আপোনাৰ সপোন, আশা সকলো ফুটি উঠিছে। ঠিক যেন ৰঘূনাথ চৌধাৰীৰ ‘গোলাপ’ কবিতাটো!
আফটাবেই মোক বুজে। আনন্দতে তালৈ দুহেজাৰ টকীয়া নোট এখন দলিয়াই দিলোঁ।
: যাঃ এনজয় কৰ!
জনী লিভাৰ ওৰফে আছলাম ভায়ে কবিতাৰ কিতাপ প্ৰকাশ কৰি উলিয়াব। হাঃ হাঃ হাঃ ছ’ ফানী! ক্লাছ এইটততে পঢ়া সামৰা আছলাম ভায়ে ‘মই ছলমান খানৰ দৰে হ’ম’ লিখে আখৰ জোঁটাই। ফানী নহয় নে? যিয়ে শুনে সিয়ে হাঁহিব, যিয়ে পঢ়ে সিয়েই হাঁহি হাঁহি বাগৰিব।
নাঃ টুইষ্ট দিয়া যাওক৷ নৱাজউদ্দিন চাহাবে ভাবিলে। কাৰণ তেওঁৰ মতেতো আপুনইছ্ ভগৱান! লেটছ্ ৰিৱাইণ্ড ফ’ৰ টু মিনিটছ…
: আফটাব, মোৰ কবিতা পঢ়িব ন ৰাইজে?
: পঢ়িব মানে? কি কথা কয়! নাৰীয়ে আপোনাৰ কিতাপৰ পাত ফালি গাৰুৰ তলত ৰাখিব, পুৰুষে মানীবে’গত। সৰু ল’ৰা-ছোৱালীয়ে অনলাইন ক্লাছৰ মাজতো ম’বাইল-লেপটপৰ স্ক্ৰীণৰ ওপৰত ৰাখি পঢ়িব। লিখি ৰাখক৷
: হীৰুদাৰ কবিতাই মোক অনুপ্ৰাণিত কৰে, জান? ‘ভোগালি’ – আস, কি কবিতা! নীলমণি ফুকন ছাৰ মোৰ নমস্য। হাতত ছুৰি-পিষ্টল লৈ ঘূৰিলেও মোৰ গাৰুৰ তলত তই কবিতাৰ কিতাপহে পাবি বিচাৰি। এটা কথা কি জান? মোক বুকুখনে আহ্বান নজনালে মোৰ কলমেৰে এটা শব্দও নোলায়, বুজিছ? মোৰ কবিতা এটা এদিন জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে দেখিলে। চিগাৰেটৰ পেকেট এটাৰ পিছফালে লিখি থৈছিলোঁ কবিতাটো। ক’ত জানো পালে সেইটো প্ৰণৱে! কবিতাটো লৈ গৈ প্ৰণৱে এক আগশাৰীৰ প্ৰকাশকক দেখুৱালে। ‘অপূৰ্ব্ব’! প্ৰকাশকে এটাই শব্দ ক’লে।
প্ৰণৱ বৰ্মনে আফটাবৰ লগত যোগাযোগ কৰিলে।
আফটাবে জোৰ কৰি মোৰ পৰা আগতে লিখা চল্লিশটা কবিতা লৈ গৈ প্ৰকাশকক দিলে। বুকফেয়াৰত দুদিনত হাজাৰ কপি বিক্ৰী হ’ল মোৰ মানে আছলাম ভাই ওৰফে জনী লিভাৰৰ কবিতাৰ কিতাপ।
ছ’? তাত কি নতুন কথা হ’ল? কাৰো মুখত হাঁহি নুফুটিল, কোনেও আনন্দ কৰিবলগীয়া কিবা হ’ল বুলিও নাভাবিলে। তেনেহ’লে কি কৰা ঠিক হ’ব? নৱাজউদ্দিন ছিদ্দিকীয়ে এইখিনিলৈ লিখি ৰয়। আকৌ এটা চিগাৰেট জ্বলাই হোপিবলৈ ধৰে।
: আপুন হি ভগৱান হ্যে, মোৰ মতেই মই কৰিম, লিখিম! – হাঁহিলে নৱাজউদ্দিনে।
শেষৰটো চৰিত্ৰ : কেষ্টো
চকুত ৰ’দ পৰিছে। চকু দুটা ভালকৈ মেলিব পৰা নাই। ওচৰে-পাঁজৰে বহু কেইজন মানুহ গোট খাইছে৷ হাঁহিছে।
: মৰিব ই৷
: মুখাৰ্জীৰ পুতেক নহয় এইজন? কেষ্টো..চাচোন মদ পি পি মুখখনো জোঙা হৈ গৈছে তাৰ৷
মানুহবোৰৰ হাঁহি।
: উফ, হেংঅ’ভাৰ। কালি বেছিকৈয়ে খালোঁ। ‘বাৰ’ৰ সন্মুখতে পৰি থাকিলোঁ গোটেই ৰাতি।
: কেষ্টো…কেষ্টো…
সেয়া লগৰ জগদীপ দৌৰি আহিছে।
: ‘পাৰো’ৰ বিয়া ঠিক কৰিছে ঘৰৰ মানুহে। কৰিবই দেচোন। তহঁতৰ মা-দেউতাৰাই কমখন বেইজ্জতি কৰিছিল নে সিহঁতৰ মাকক। তাই নাচ-গান কৰা ছোৱালী, ফাংচন কৰা ছোৱালী..তাতে নো হ’ল কি? সেই বুলি তাই বেয়া হৈ যাব নে? তই কি কৰিবি এতিয়া?
: এৰি দিম৷
: কি এৰিবি?
: ঘৰ এৰি দিম। নাথাকোঁ সেই ঘৰত৷
ঘৰ এৰিলোঁ। জগদীপেই বজাৰৰ আনটো মূৰত ভাড়াঘৰ এটা ঠিক কৰি দিলে। সস্তীয়া ভাড়াঘৰ। বৰষুণ দিলে চালেৰে পানী পৰে। বতাহ জোৰেৰে বলিলে বেৰৰ ফুটাৰে বতাহ সোমাই হাড় কঁপায়। সেইবাবেই মই বেছিভাগ সময় বাহিৰতে থাকোঁ। মাছ বজাৰৰ পাছতে ৰমলা বাইৰ দোকান। আজিকালি পইচা জুখি-মাখি খৰচ কৰোঁ, সেয়ে বিলাতীবিধৰ পিছত নপৰোঁ। সন্ধিয়া ডিঙিটো নিতিয়ালে মই পাৰোৰ ওচৰলৈ গুচি যাওঁ। চিঞৰি মাতোঁ – পাৰমিতা, পাৰো..পাৰো…লাভ ইউ পাৰো! মানুহবোৰে হাঁহে। ডিঙিটো তিয়ালে মই বেলেগ দুনীয়ালৈ গুচি যাওঁ। প্ৰেমৰ ওপৰত দীঘলীয়া লেকচাৰ দিওঁ। মানুহবোৰে হাঁহে। মোৰ দোৰোল খোৱা জিভাৰে যেতিয়া প্ৰেমৰ ভাল-বেয়া, উপকাৰিতা-অপকাৰিতাৰ ওপৰত তত্বগধুৰ মন্তব্য দিওঁ, মানুহবোৰে ৰস পায়। মোৰ বুকু ফাঁটি কথাবোৰ ওলায়। মানুহে হাঁহি ৰখাব নোৱাৰে। কিছুমানে ভিডিঅ’ কৰে। সেই ভিডিঅ’ হোৱাটচ্ এপত ফৰৱাৰ্ড কৰে। ভাইৰেল কৰে।
: তই পাগল হ’বি। হৈছই লাহে লাহে। কালি আমাৰ কলেজৰ গ্ৰুপত তোৰ ভাইৰেল ভিডিঅ’ আহিছে। চবেই হাঁহে তোক!
মোক মাত্ৰ নাহাঁহে চন্দ্ৰমুখীয়ে। তাই বুজে মোক। মোৰ ভাড়াঘৰৰ ওচৰতে তাই থাকে। মাকৰ লগত। শুনিবলৈ পাওঁ তাই হেনো দেহটোৰেই সংসাৰ চলায়। মোৰ একো আহে নাযায়। তাই যেতিয়া মোৰ ৰূমলৈ আহে, তাইক মই মোৰ কথাবোৰ কওঁ। পাৰোৰ কথা কওঁ। এটা সময়ত মই ঢলি পৰোঁ। চন্দ্ৰমুখীয়ে তাইৰ কোলাত মোৰ মূৰটো থৈ মোক শুৱাবলৈ যত্ন কৰে। সেইসময়তে বাহিৰৰ পৰা দুজনমানে কিৰিলি পাৰি যায়…
কেষ্টো মুখাৰ্জীৰ মুখখন কল্পনা কৰি কৰি নৱাজউদ্দিন ছিদ্দিকীয়ে লিখি গৈ আছে। কেষ্টো মুখাৰ্জীৰ হিয়াভগা বেদনা, দোৰোলখোৱা জিভাৰে ওলোৱা ট্ৰেজেডী, আৰু আনফালে মানুহৰ হাঁহি। শ্বাহৰুখ খানে মদত ডুবিলে মানুহে কান্দে, কেষ্টো মুখাৰ্জীক হাঁহে। শ্বাহৰুখে ঢলং পলংকৈ খোজ দিলে মানুহে দুখত বাগৰে, কেষ্টো মুখাৰ্জীক তেনেকৈ দেখিলে মানুহে হাঁহিত বাগৰে।
টুইষ্ট দিয়া যাওক – নৱাজউদ্দিন চাহাবে ভাবিলে। কাৰণ তেওঁৰ মতেতো – আপুনইছ্ ভগৱান!
উপসংহাৰ :
সঁচাকৈ ভগৱানেইতো সকলো সলনি কৰিব পাৰে। নৱাজউদ্দিন চাহাবেও টুইষ্ট দি দি সকলো সলনি কৰিব। নৱাজেও ভাবে যে – ‘আপুন হি ভগৱান হ্যে’!
ভগৱানে কৰা সকলো সলনি হিট নহ’বওতো পাৰে। মহামাৰী ক’ৰণা হিট? ভূমিকম্প, বানপানী ব্লকব্লাষ্টাৰ? না.. হওক ৰাজপাল, জনী আৰু কেষ্টো ফ্লপ, একো ফৰক নপৰে। কেতিয়াবাতো মোৰ লাগে আপুনইছ্ নৱাজউদ্দিন ছিদিক্কি হ্যে!
☆ ★ ☆ ★ ☆
12:03 pm
ভাল গল্প
12:27 pm
বঢ়িয়া লাগিল দাদা।
6:22 pm
একদম নতুন ষ্টাইল, বঢ়িয়া লাগিল দিগন্ত
8:26 pm
বৰ সুন্দৰ…!
9:02 pm
শেষৰ বাক্যটো ?
12:28 am
কি সুন্দৰ।
1:24 pm
text
7:15 am
অলপ বেলেগ সোৱাদ এটা পালো দিগন্ত
10:52 am
ভাল লাগিল
11:07 am
এক নতুন সোৱাদ পালোঁ দাদা।
11:17 am
নতুন সোৱাদ পালোঁ।
2:29 pm
ভাল লাগিলে দেই..
11:18 pm
বেলেগ ৰস পালোঁ৷
7:01 am
এক নতুন সোৱাদ
3:30 pm
দুবাৰ পঢ়িহে সাৰমৰ্ম বুজিলো । নতুন সোৱাদ উপলব্ধি কৰিলো । সুন্দৰ দিগন্ত ।
8:49 pm
ভাল লাগিল পঢ়ি