ফটাঢোল

ননভেজ – ৰঞ্জিত কুমাৰ শৰ্মা

নিৰঞ্জন চক্ৰৱৰ্তী অসমৰ ধুবুৰীৰপৰা নেপাললৈ আহিছে চকুৰ চিকিৎসা কৰোৱাবলৈ৷ নেপালৰ কাকাৰভিটাত এটা ল’জত তেওঁ আশ্ৰয় লৈছে৷ আজি পুৱা ল’জতে গাটো ধুই-পখালি চক্ৰৱৰ্তীয়ে মন্দিৰ বিচাৰি বাহিৰলৈ ওলাই আহিল৷ চক্ৰৱৰ্তী বৰ সাত্ত্বিক লোক৷ নিতৌ প্ৰাতঃকৰ্ম কৰাৰ পিছত গাটো তিয়াই উঠি ঘৰৰ গোসাঁইগৃহত সোমাই পূজা-অৰ্চনা কৰিহে তেওঁ খাদ্য গ্ৰহণ কৰে৷ কপালত ফোঁট এটা তেওঁৰ থাকেই৷ ঘৰৰ বাহিৰত হোটেল আদিত ভাত-ৰুটি আদি খালেও চক্ৰৱৰ্তীদেৱ নিৰামিষভোজী, মাছ-মাংস নাখায়৷ নেপাললৈ অহাৰ বাবে যোৱা দুদিন তেওঁ কোনো মন্দিৰত সেৱা কৰিব পৰা নাই৷ সেয়ে আজি গা ধোৱাৰ পিছত চক্ৰৱৰ্তীয়ে মন্দিৰৰ সন্ধানত ল’জৰপৰা ওলাই আহিল৷ ল’জখনৰপৰা কিছু নিলগত মন্দিৰ এটা দেখি তেওঁ মন্দিৰটোত সোমাল৷ মন্দিৰত সেৱা লৈ চক্ৰৱৰ্তীয়ে কাণত নিৰ্মালি আৰু কপালত ফোঁট ধাৰণ কৰি ওলাই আহিল৷

শিক্ষা-দীক্ষা বিশেষ নাথাকিলেও চক্ৰৱৰ্তীৰ আৰ্থিক অৱস্থা চলিব পৰা বিধৰে৷ বিভিন্ন পূজা আৰু মৃতকৰ কৰ্মকে ধৰি দশকৰ্মৰ বয়-বস্তু আৰু সাজসজ্জাৰ সামগ্ৰী বিক্ৰী কৰা দোকান এখনৰ গৰাকী নিৰঞ্জন চক্ৰৱৰ্তীৰ খেতি-বাতিও আছে৷ নিজৰ কৃষিভূমিত আনৰ হতুৱাই খেতি কৰিলেও বছৰটো খাবলৈ তেওঁৰ চাৰিজনীয়া পৰিয়ালটোৰ বাবে ধান আৰু শাক-পাচলিৰ নাটনি নহয়৷

নেপাললৈ অহাৰ নামত চক্ৰৱৰ্তীয়ে দুদিন ৰুটিকেই খালে৷ সৰু ল’জখনতো খোৱাৰ ভাল ব্যৱস্থা নাই৷ হ’বই দিয়কচোন৷ কম খৰচত ভাল ‘ফেচিলিটি’ কোনে দিবহে? সাতে-পাঁচে আজি পুৱাৰপৰাই চক্ৰৱৰ্তীয়ে ভাত এসাঁজ খোৱাৰ কথা ভাবি আছিল৷ মন্দিৰৰপৰা ল’জলৈ উভতাৰ সময়ত চক্ৰৱৰ্তীয়ে সৰু হোটেল এখন দেখাত তেওঁৰ ভাত খোৱাৰ ইচ্ছা বৃদ্ধি পালে৷ সেই সময়ত দুজন ল’ৰাই হোটেলখনৰ দুৱাৰ আদি খুলিবলৈ লৈছিলহে৷ সেয়ে হোটেলখনত নোসোমাই চক্ৰৱৰ্তীয়ে ল’জলৈ উভতি গ’ল৷ তিনিঘণ্টামানৰ পিছত ভাত খাবলৈকে চক্ৰৱৰ্তী ল’জৰপৰা ওলাই আহিল৷ তেওঁ পুৱাই দেখা সৰু হোটেলখনত সোমাল৷ এখন তেনেই সৰু আৰু সাধাৰণ হোটেল৷ সেই সময়ত হোটেলখনত দুজনমানহে গ্ৰাহক আছিল যদিও চক্ৰৱৰ্তী সোমোৱাৰ সময়তে তেওঁলোকেও খোৱা শেষ কৰি হোটেলখনৰপৰা ওলাই গ’ল৷ চক্ৰৱৰ্তীয়ে হোটেলখনত সোমাই তাত কাম কৰা ল’ৰা এজনক সুধিলে – ‘ইহা ভাত মিলেগা ক্যেয়া?’

ল’ৰাটোৱে বুজা-নুবুজাৰ মাজেৰে মূৰ দুপিয়ালে৷ চক্ৰৱৰ্তীয়ে একো ধৰিব নোৱাৰি পুনৰ সুধিলে – ‘খানা, খানা? মানে খানা মিলেগা না নেহি?’
ল’ৰাজনে এইবাৰ মিলগা মিলেগা বুলি কৈ চক্ৰৱৰ্তীক বহিবলৈ ক’লে৷ চক্ৰৱৰ্তী আৰু ল’ৰাটোৰ কথা-বতৰা ‘কেচ কাউণ্টাৰ’ত বহি থকা হোটেলৰ মালিকনীয়ে শুনি আছিল৷ সৰু হোটেলখনত কেচ কাউণ্টাৰ মানেনো আৰু কি থাকিব? এখন সৰু মেজ, মেজত এটা বাকচ আৰু এখন চকী৷ সৰু আলমিৰা এটাৰ কাষতে আছিল বাকচটোৰে সৈতে চকী-মেজযোৰ, মানে ‘কেচ কাউণ্টাৰ’টো৷ তাতেই বহি আছিল চল্লিশ বছৰমান বয়সৰ এগৰাকী মহিলা৷ চকীৰপৰা উঠি মহিলাগৰাকীয়ে চক্ৰৱৰ্তীক ক’ৰপৰা আহিছে সুধিলে৷ মহিলাগৰাকীয়ে হিন্দীতে সোধাত চক্ৰৱৰ্তীয়ে উত্তৰ দিলে – ‘আছাম চে৷’
‘আৰে, আপুনি অখমৰপৰা আহিছে?’ – মহিলাগৰাকীয়ে এইবাৰ অলপ আগুৱাই আহি ক’লে৷

বিদেশত অসমীয়া ভাষা শুনি চক্ৰৱৰ্তী একপ্ৰকাৰ আচৰিতেই হ’ল৷ তেওঁ হয় হয় বুলি উত্তৰ দিলে৷ মহিলাগৰাকীয়ে চক্ৰৱৰ্তীক সসন্মানেৰে চকী এখনত বহিবলৈ দিলে৷ চক্ৰৱৰ্তীয়ে চকীত বহাৰ পিছত মহিলাগৰাকীয়ে চক্ৰৱৰ্তী অসমৰ কোন জিলাৰপৰা আহিছে সেয়া জানিব বিচাৰিলে৷ চক্ৰৱৰ্তীয়েও তেওঁ যে ধুবুৰীৰপৰা চকু চিকিৎসাৰ বাবে আহিছে আৰু কাইলৈ যে ঘূৰি যোৱাৰ সম্ভাৱনা আছে ইত্যাদি সকলো কথা ক’লে৷ কথাখিনি কৈ থাকোতে চক্ৰৱৰ্তীৰ দুচকুৰ দৃষ্টিয়ে হোটেল মালিকনীৰ শৰীৰটোত ভৰিৰপৰা মূৰলৈ বিচৰণ কৰিলে৷ দুকুৰিমান বয়সৰ মহিলাগৰাকী দেখাত সাংঘাতিক ধুনীয়া নহ’লেও বগা গাৰ ৰং আৰু আটিল চেহেৰাৰে তেওঁৰ আবেদনময়ী ৰূপ কিন্তু আছে৷ মুখমণ্ডল চাই আৰু কথাৰ উচ্চাৰণ শুনি মহিলাগৰাকী নেপালী সম্প্ৰদায়ৰ যেন লাগে৷ শিৰত সেন্দূৰ নাই৷ তাৰ মানে তেওঁৰ বিয়া নহ’বও পাৰে! অৰ্থাৎ বয়স অলপ হ’লেও তেওঁ অবিবাহিত? মহিলাগৰাকী সম্পৰ্কে চক্ৰৱৰ্তীয়ে মনতে কথাখিনি বিশ্লেষণ কৰিলে৷ অৱশ্যে অচিনাকী মহিলা এগৰাকীৰ বিষয়ে ইমানবোৰ কথা ভবাটো ঠিক হৈছেনে বাৰু বুলি চক্ৰৱৰ্তীৰ মনত এবাৰ প্ৰশ্ন উপজিছিল৷ কিন্তু পিছ মুহূৰ্ততে তেওঁ নিজকে প্ৰবোধ দি ভাবিলে – তেওঁৰ নিজৰেনো বাৰু বয়স হৈছে কিমান? তিনিকুৰি হ’বলৈ এতিয়াও ৫-৬ বছৰ আছে৷ পত্নী, ল’ৰা-ছোৱালী আছে যদিও তেওঁতো বুঢ়া হোৱা নাই৷ মনটোহে আচল৷ চক্ৰৱৰ্তীৰ চিন্তা ভেদ কৰি মহিলাগৰাকীয়ে তেওঁৱেই যে হোটেলখনৰ গৰাকী সেই কথা জনালে৷ নামটোও ক’লে৷ তেওঁৰ নাম পুষ্পা দেৱী৷ পৰিচয় দিয়াৰ পিছত পুষ্পা দেৱীয়ে চক্ৰৱৰ্তীক জনালে যে তেৱোঁ অসমতে আছিল৷

চক্ৰৱৰ্তীয়ে দুগুণ উৎসাহেৰে সুধিলে – ‘অসমৰ ক’ত?’

‘সৰভোগৰ উত্তৰ অঞ্চলত৷’ – পুষ্পা দেৱীয়ে ক’লে৷ তেওঁ এইবুলিও জনালে যে মাক-দেউতাকৰ সৈতে পৰিয়ালটো সৰভোগৰ উত্তৰ ফালেই আছিল৷ তেওঁলোকৰ ম’হৰ বাথান আছিল৷ এলেকাটোত বন্দুক লোৱা মানুহৰ বিচৰণ বঢ়াত পৰিয়ালটো ১০ বছৰমান আগতে নেপালত থকা ঘৰলৈ গুচি আহে৷ কথাখিনি শুনাৰ পিছত চক্ৰৱৰ্তীয়ে পুষ্পা দেৱীক বিয়া-বাৰু হ’লনে নাই সুধিব বিচাৰিছিল যদিও কথাটো ভাল নহ’ব বুলি নুসুধিলে৷ তেনেতে পুষ্পা দেৱীয়ে সুধিলে – ‘আপুনি পণ্ডিতজী নেকি? মানে পূজা কৰে যে?’

চক্ৰৱৰ্তীৰ কপালত ফোঁট দেখিয়েই হয়তো হোটেলৰ মালিকনীয়ে তেনেকৈ সুধিলে৷ চক্ৰৱৰ্তীয়ে ভাবিলে, কি বুলিনো কোৱা যায়? পণ্ডিত জাতীয় কিবা ক’লে লাভ হ’ব বুলি ভাবি তেওঁ ক’লে – ‘পণ্ডিত বুলি নকওঁ৷ কিন্তু বিশ্বকৰ্মা পূজা আৰু সৰস্বতী পূজা কেতিয়াবা কৰোঁ৷ এই দুটা দিনত পুৰোহিত, মানে পণ্ডিতৰ বৰ অভাৱ হয় যে!’

‘আপুনি কি হাত চাব জানে?’ – পুষ্পা দেৱীয়ে সুধিলে৷ চক্ৰৱৰ্তীয়ে বিশেষ নাভাবিলে, ‘কোনোবাই দেখুৱালে এনেই চাওঁ, মিলে নে নাই নাজানো’ বুলি কৈ দিলে৷ লগে লগে পুষ্পা দেৱীয়ে ‘মোৰো হাতখন চাওকচোন’ বুলি বাওঁহাতখন আগবঢ়াই দিলে৷ চক্ৰৱৰ্তীয়েও দুকুৰি বছৰীয়া যুৱতী পুষ্পা দেৱীৰ হাতৰ তলুৱাখন কিছু সময় লিৰিকি-বিদাৰি চালে৷ তেওঁ ভাবিলে – মানুহগৰাকী অবিবাহিত নহ’লে গিৰীয়েকে এৰি দিয়া মহিলা নাইবা বিধবাও হ’ব পাৰে! হোটেল মালিকনীৰ হস্তৰেখা দুডালমানৰ ওপৰেৰে নিজৰ বাওঁহাতৰ আঙুলি এটা বুলাই কণাৰ ফৰ্মুটি লাগে যদি লাগক বুলি ঠিৰাং কৰি চক্ৰৱৰ্তীয়ে কৌশলেৰে ক’লে – ‘আপোনাৰ বিবাহৰ বিষয়টো অলপ জটিল৷’

অবিবাহিত পুষ্পা দেৱীৰ উৎকণ্ঠা বঢ়াবলৈ সেইখিনিয়েই যথেষ্ট আছিল৷ গাটো অকণমান লৰাই পুষ্পা দেৱীয়ে হাতখন আৰু অলপ আগুৱাই দি ক’লে – ‘আপুনি ঠিকেই ধৰিছে৷ মোৰ বিয়া ঠিক হৈছিলেই৷ কিন্তু বিয়াৰ আগে আগে মোৰ এটা এক্সিডেণ্ট হ’ল৷ কেইবাদিনো হাস্পতালত থাকিলোঁ৷ বিয়াখন নহ’ল৷ মানুহটো মোলৈ নৰ’ল, বেলেগক বিয়া পাতিলে৷’
চক্ৰৱৰ্তীৰ ভাল লাগি গ’ল৷ ফৰ্মুটি ঠিক স্থানতে লাগিছে৷ পুষ্পা দেৱীয়ে পুনৰ সুধিলে – ‘কওকচোন মোৰ বিয়া হ’ব নে নাই?’
চক্ৰৱৰ্তীয়ে ভাবিলে হ’ব বুলি কৈ দিয়াতনো কি আহে বা যায়? পুষ্পা দেৱীৰ হাতৰ তলুৱাখনত তেওঁৰ বাওঁহাতৰ আঙুলিকেইটা এবাৰ বুলাই দি হাতখন চকুৰ আৰু অলপ ওচৰলৈ আনি চক্ৰৱৰ্তীয়ে ক’লে – ‘অলপ সমস্যা আছে যদিও সমস্যাটো আঁতৰিলেই এইবাৰ বিয়া হোৱাটো খাটাং৷’
পুষ্পা দেৱীৰ মনত আশাৰ সঞ্চাৰ হ’ল৷ লাজ লাজকৈ তেওঁ হাতখন চক্ৰৱৰ্তীৰ হাতোৰাৰপৰা লাহেকৈ উলিয়াই আনিলে৷ তাৰ পিছত দুয়োখন হাতৰ তলুৱা লাহেকৈ মোহাৰি দুখন হাতৰ সন্মিলিত মুঠিটো এবাৰ ওঁঠত লগালে৷ তাৰ পিছত তেওঁ চক্ৰৱৰ্তীলৈ চাই ক’লে – ‘আপনাৰ কথা মিলিলে ভাল লাগিব৷ আচ্ছা, আপনি ভেজ খাব, না ননভেজ?’
পুলকিত হৈ থকা চক্ৰৱৰ্তীয়ে কৈ উঠিল – ‘ননভেজ হ’লেই হ’ব৷’
চক্ৰৱৰ্তীয়ে ন’নভেজ বুলি কোৱাত পুষ্পা দেৱীয়ে যেন বিশ্বাস কৰিবলৈ টান পালে৷ সেয়ে পুনৰ সুধিলে – ‘ননভেজ?’
পুষ্পা দেৱীৰ হাতৰ পৰশৰ অনুভূতি চক্ৰৱৰ্তীয়ে তেতিয়াও পাহৰিবই পৰা নাছিল৷ একো নভবাকৈয়ে তেওঁ পুনৰ ক’লে – ‘ননভেজ হ’লেই হ’ব৷’
অৱশেষত মালিকনীৰ নিৰ্দেশত ‘হোটেল বয়’ এজনে চক্ৰৱৰ্তীৰ বাবে ভাত আনিলে৷ বিভিন্ন ব্যঞ্জনৰ লগতে বাতি এটাত কুকুৰাৰ মাংসও দিলে৷ বাতিটো ডাঙৰ হোৱাত আৰু মাংসতকৈ জোলৰ পৰিমাণ বেছি হোৱাত মাংসৰ টুকুৰাকেইটা জোলত ডুবি আছিল৷ চক্ৰৱৰ্তীয়ে দাইল আৰু আন ব্যঞ্জনেৰে তিনিগৰাহমান ভাত গিলি ‘এইখননো কিহৰ আঞ্জা বনাইছে খাই চাওঁচোন’ বুলি বাতিটোত দুটা আঙুলি সুমুৱাই দিলে৷ টান আৰু গোটা বস্তু আঙুলিত লগাত চক্ৰৱৰ্তীয়ে আঙুলিৰে তাৰে এডোখৰ তুলি আনিলে৷ মাংস দেখি তেওঁ একপ্ৰকাৰ চক্ খাই উঠিল৷
‘মাংস?’ -চক্ৰৱৰ্তীয়ে প্ৰশ্নৰ সুৰত কৈ উঠিল৷
চক্ৰৱৰ্তীক ভাত দিবলৈ হোটেলৰ ল’ৰা এজনক নিৰ্দেশনা দি পুষ্পা দেৱীয়ে ‘কেচ কাউণ্টাৰ’ত বহিছিল৷ চক্ৰৱৰ্তীয়ে উচ্চস্বৰত কোৱা মাংস বোলা প্ৰশ্নবোধক শব্দটো শুনি পুষ্পা দেৱী উঠি আহিল৷ তেওঁ সুধিলে – ‘কি হ’ল দাদা?’
‘এইবোৰ দেখোন মাংস?’ – চক্ৰৱৰ্তীৰ কথাত প্ৰশ্নৰ সুৰ৷

‘অ’ মাংসই৷ আপুনি ননভেজ হ’লেই হ’ব বুলি কৈছিল দেখোন?’ – ‘পুষ্পা দেৱীয়ে উত্তৰ দিলে৷

চক্ৰৱৰ্তীয়ে নিজৰ ভুলটো ধৰিব পাৰিলে৷ কিন্তু ভুলটোতো আৰু মানি ল’ব নোৱাৰি৷ সেয়ে তেওঁ সেয়া কিহৰ মাংস জানিব বিচাৰিলে৷ হোটেলৰ মালিকনীয়ে জনালে যে সেয়া চিকেন৷ মুৰ্গীৰ মাংস বুলি জানি চক্ৰৱৰ্তীয়ে নিজৰ ভুল লুকুওৱাৰ সুযোগ পালে৷ তেওঁ ক’লে – ‘সেইটোৱেইতো৷ মই চিকেন নাখাওঁ নহয়?’
চক্ৰৱৰ্তীৰ কথাত হোটেলৰ মালিকনীৰো বেয়া লাগিল৷ তেওঁ জনালে যে হোটেলত চিকেনেই আছিল৷ পুষ্পা দেৱীয়ে চক্ৰৱৰ্তীক হাত-মুখ ধুবলৈ দি পুনৰ নিৰামিষ ভাত এসাঁজ খুৱালে৷ আগৰ ভাতসাঁজৰ মূল্যটো তেওঁ নল’লে৷ চক্ৰৱৰ্তীয়ে অৱশ্যে দিব বিচাৰিছিল৷ অৱশেষত নিৰামিষ ভাতসাঁজৰ পইচা দি চক্ৰৱৰ্তীয়ে পুষ্পা দেৱীক মাত লগাই বিদায় ল’লে৷ পুনৰ কেতিয়াবা আহিলে হোটেললৈ আহিবলৈ পুষ্পা দেৱীয়ে অৱশ্যে চক্ৰৱৰ্তীক আমন্ত্ৰণ জনাবলৈ নাপাহৰিলে৷

চক্ৰৱৰ্তীৰ ভাত খাওঁতে লটিঘটি হোৱাৰ মূলতে হ’ল ভেজ আৰু ননভেজ বোলা শব্দ দুটা৷ শব্দ দুটাক লৈ চক্ৰৱৰ্তী প্ৰায়েই বিভ্ৰান্ত হয়৷ নন শব্দটোত তেওঁ বেছি গুৰুত্ব দিয়ে৷ তেওঁ ভাবে যে ননভেজ মানে নিৰ, আমিষ, অৰ্থাৎ নিৰামিষ৷ ভতিজা ল’ৰা এটাই তেওঁৰ ভুলটো ভাঙি দিছিল যদিও কেতিয়াবা ঘপহকৈ চক্ৰৱৰ্তীৰ তেওঁ নিজে ভবা অৰ্থটোহে মনলৈ আহি যায়৷ আজিও পুষ্পা দেৱীৰ হাতৰ পৰশৰ আমেজত তেনেকুৱা হোৱা বাবেহে চক্ৰৱৰ্তী দেৱৰ লটিঘটি হ’ল৷

নেপালৰপৰা ঘৰত উপস্থিত হ’বৰ দিনা চক্ৰৱৰ্তীয়ে ঘৰৰ চোতালতে বেগটো থ’লে৷ ঘৰৰ ভিতৰলৈ নগৈ তেওঁ একেই চুবুৰীত থকা বাপুকণ দেউক মতাই আনি পৰাচিত হৈ ল’লে৷ তাৰ পিছত স্নান কৰি, দেউক দক্ষিণা দিহে গৃহত প্ৰৱেশ কৰিলে নিৰঞ্জন চক্ৰৱৰ্তীয়ে৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *