হম কিচিছে কম নেহী – পূৰবী শইকীয়া
স্কুলৰ বন্ধ এমাহ। গৰমৰ বন্ধত ককাই আমাক গাঁৱৰ ঘৰলৈ মাতে। চিঠিখন অহাৰ আগৰেপৰা এইবাৰ গাঁৱলৈ গৈ কি কৰিম কি নকৰিম ভাবি থাকোঁ। গৰমৰ বন্ধৰ সময়তে আমাৰ গাঁৱৰ ঘৰত আৰাম্ভ হয় খেতি বাতিৰ কাম। আইতা আৰু পেহীহঁতৰ আজৰি নাই। পথাৰলৈ যোৱা, হালোৱা, ৰোৱনীলৈ চাহ-জলপান পঠিওৱা, ভাতৰ যোগাৰ কৰি আইতাহঁত পাকঘৰৰপৰা দিনটো ওলাবই নোৱাৰে; মা গৈ পালে বৰ সহায় হয়। যাম বুলি ওলালে আমাৰ দুজনীৰ কাপোৰ-কানি বন্ধা, দৰকাৰী ঔষধ পাতি লোৱা, দেউতাৰ বাবে এমাহৰ খোৱা বস্তু যা-যোগাৰ কৰি থৈ যোৱা, কিমান যে কাম মাৰ। তাৰপিছত মই স্কুল বন্ধ হোৱা দিনটোলৈ বাট চাই থাকোঁ।
গাঁৱৰ ঘৰলৈ যোৱাৰ আগদিনা দেউতাই বাছৰ টিকট কিনি আনে; নগাঁৱৰপৰা শিৱসাগৰলৈ পুৱাতে যোৱা ট্রেঞ্চপর্ট বাছখনৰ। ৰাতিপুৱা বাছত আমাক উঠাই দি বাছখন নোযোৱালৈকে দেউতা বাছখনৰ কাষত ৰৈ থাকে। নগাঁৱৰপৰা শিৱসাগৰলৈ বাটত কেইবাটাও ষ্টেচন পাৰ হৈ যোৱা চহৰ, গাঁও, হাবি, গছ-গছনিবোৰ চাই বৰ ভাল পাওঁ। ভণ্টিৰ বাছত উঠিলেই টোপনি। সাৰ পাই কেতিয়া পামগৈ, কিমান দূৰ আছে মাক সুধি সুধি গৈ থাকে। শিৱসাগৰ চহৰ সোমোৱাৰ লগে লগে মনটো ভাল লাগি যায়। পালোঁহি আৰু! আস! ককা আৰু ৰতিকাই বাছষ্টেণ্ডত ৰৈ থাকে, বাছখন ৰোৱাৰ লগে লগে আগবাঢ়ি আহে। ঘৰলৈ গৈ আইতা, পেহীহঁতক লগ পাই কিমান যে ফূৰ্তি।
ৰাতিপুৱা মই সাৰ পোৱাৰ আগতেই পেহী আৰু ৰোৱনীবোৰ পথাৰলৈ যায়। পথাৰলৈ যাবলৈ মোৰো খুব মন। “কাইলৈ ময়ো যাম”, পেহী-আইতাহঁতক ৰাতিয়েই কৈ থ’লোঁ। যাম বুলি ভাবি শুই থাকি ৰাতি কেইবাবাৰো সাৰ পালোঁ। বাহিৰত খটক খাটাক শব্দ শুনি কাণ উনাই থাকিলোঁ। ৰতিকাইহঁতে গৰু হাল লৈ সোনকালে গৈছে পথাৰলৈ। ৰাতিপুৱা মই পেহীহঁতৰ লগতে যাবলৈ ওলালোঁ। ৰোৱনীহঁতৰ সৈতে লগে লগে গৈ আছোঁ পথাৰলৈ, দূৰৈৰপৰাই ৰতিকাইক দেখিলোঁ। ইমান মানুহ আহে পথাৰলৈ! ৰতিকাইহঁতে ৰুবলৈ ইডৰাৰ পিছত সিডৰা মাটি মৈয়াই সাজু কৰিছে। পেহী আৰু ৰোৱনীবোৰে হাতেৰে ভূঁই ৰুই মুখেৰে ৰং-ধেমালী, চুপতা-চুপতি কৰিছে। ইমান ফূর্তি সকলোৰে! ভুঁই ৰুবলৈ মোকো শিকাই দিলে পেহীয়ে। কঠিয়াফেৰাৰ গাঁঠি মেলি এমুঠি কঠিয়া জোকাৰি লৈ আঙুলিৰে বোকাত কেনেকৈ ৰুব লাগে শিকালে। ইমান খৰকৈ ৰুব পাৰে ৰুৱনীহঁতে। মই এগোছা ৰোঁওতেই সিহঁতে এফাল ৰুই শেষ কৰে। চোলাটো বোকাৰে লুতুলি-পুতুৰি হ’ল। হাতে-ভৰিয়ে বোকা। মোক কাষৰ মাটিডৰাৰ আলিটোত বহি থাকিবলৈ দিলে। ওচৰৰ মাটিতে মাতুপেহী আৰু সিহঁতৰ আইতাইবোৰে ভুঁই ৰুই আছে। মাতুপেহীয়ে মোক দেখা পাই হাঁহি হাঁহি সুধিলে,
: অ’ মাইনু দেখোন! কেতিয়া আহিলি? ভূঁই ৰুবলৈ শিকালে নেকি?
মাতুপেহীহঁতৰ লগত আমাৰ আইতাহঁতৰ পিচে ভাল নাই। তেনেকৈ মাতবোল কৰাও নেদেখোঁ৷ মাতুপেহীয়ে আঁহাচোন বুলি মোক মাতিছে, যাওঁনে নে নাযাওঁ? যদি পেহীহঁতে দেখিলে কিবা হয়! যাওঁ নেযাওঁ কৈ গ’লোঁ। ইটো সিটো কথা পাতি মাতুপেহীয়ে জলপানৰ বাতি এটা সজাই মোক খাবলৈ দিলে। চিৰাৰ জলপানৰ লগত নিমখ আৰু ফুটা আদা দি তাত পকাতেল অকনমাণ সানি দিলে। হাতখন জগৰ পানীৰে ধুৱাই দিলে। ইমান ভাল লাগিছে খাবলৈ! এনেকৈ কেতিয়াও খায়েই পোৱা নাই। ফিকা চাহ অকনমাণো দিলে। মাতুপেহীজনী ইমান ভাল। আমাৰ ঘৰৰ মানুহে জানো কিয় কথা নেপাতে! পিচে জলপান খোৱা বুলি গম পালে আইতাহঁতে গালি দিয়ে বুলি ভয়েই লাগিল। তাৰ পিছৰ মাটিতে পুনি বৰমাই ভূঁই ৰুই আছে। পুনি বৰমাৰ আমাৰ আইতাৰ লগত বৰ মিল। কৈ দিব নেকি বৰমাই? গম পালে যদিও ঘৰত বৰ বেছি একো নক’লে। গধূলি টর্চ এটা লৈ আহিল নহয় পুনি বৰমা। গধূলি আমি চোতালত বহি গোটেইবোৰে কথা পাতি আছিলোঁ। মোক দেখিয়েই ক’লে,
: অ’ তই হ’বলা ভুঁই ৰুবলৈ গৈ লোকৰ ঘৰত জলপান খাই ফুৰিছ। কি জলপান দিলেনো তোক?
তাৰমানে সকলোৱে গম পাইছে কথাটো।
: মাতুপেহীয়ে ইমান ভাল জলপান দিলে খাবলৈ। চিৰাৰ লগত মিহিকৈ কুটা আদা আৰু নিমখ। লগতে পকা তেল অলপ দি সানি দিছে। কি ফুৰফুৰীয়া গোন্ধ! ফিকা চাহৰ লগত খাই ইমান ভাল পালোঁ অ’ বৰমা।
তাৰ পিছৰ দুদিন পুৱাতে সাৰ নেপালোঁ। পেহীহঁতেও জগাই নিদিলে। তাৰ পিছদিনাহে আকৌ পথাৰ যাবলৈ পালোঁ। ৰতিকায়ে পথাৰত মৈ দি আছিল। মোকো এবাৰ উঠিবলৈ দিলে। গৰুহালৰ লগত মৈখন বান্ধি থয়। গৰুহালে টানি লৈ গ’লে দাঙি দুগলত ধৰি যাব লাগে। উঠি খুব স্ফূর্তি পালোঁ। পথাৰত সকলোৱে ইমান হাঁহি-ধেমালি কৰি থাকে, মোৰ গাঁৱতে থাকি যাবলৈ মন যায়। আজিও দুগুছামান ৰুবলৈ পেহীয়ে শিকাই দিলে। মই ৰোৱা গোছাকেইটা পৰিহে গৈছে। পেহীয়ে ঠিক কৰি দি ক’লে,
: মা আলিটোত বহগৈ।
বোকাৰে লুতুৰি-পুতুৰি মোৰ হাত ভৰি, মই গৈ আলিটোত বহিলোঁগৈ। অলপ পিছেতে কোনোবাই মোক চিঞৰি মতা যেন লাগিল। চাই দেখিলোঁ, পুনি বৰমা আহিছে আমাৰ মাটিডৰাৰ ওচৰলৈ।
: কি কৰিছ মাইনু? ব’ল আমাৰ মাটি ডৰালৈ তাতে বহিবি ব’ল।
আমাৰ ঘৰৰ লগত ভালেই পুনি বৰমাৰ, গতিকে গ’লে একো নহয়। পুনি বৰমাৰ মাটিডৰা পালোঁগৈ। কিবাকিবি কথা পাতি পুনি বৰমাই জলপানৰ টোপোলাটো খুলিলে।
: আজি আমাৰ ইয়াতে জলপান খাবি দেই।
পুনি বৰমাই বৰ ধুনীয়াকৈ ৰান্ধে। যোৱাবাৰ আঁহোতে হাঁহৰ মাংস আৰু পছলা ৰান্ধি খুৱাইছিল। বৰমাই আজি নিশ্চয় কিবা ভাল বস্তু আনিছে। মই চাই ৰ’লোঁ। আথেবেথে জলপানৰ বাতিটো বৰমাই মোৰ হাতত দি ক’লে,
: এয়া মালভোগ ধানৰ চিৰা, ধৰিব পাৰিছনে? সিদিনা সিঘৰে তোক বৰা ধানৰ চিৰা দিছিল হ’ব পায়। মই মিহিকৈ জলপানৰ লগত মৰাণ আদা কুটি দিছোঁ। সিঘৰৰ দৰে জাতি আদা নহয় বুজিছ, ফুৰফুৰীয়া গোন্ধ পাইছনে? পিচে তেলকণহে কেঁচা তেল। আমাৰ আকৌ তেল পেৰিবলৈ সৰিয়হ কৰা নহ’ল নহয় যোৱাবেলি। খাচোন খা।
মই এগৰাহ নিয়ালৈকে পুনি বৰমাই আশাৰে চাই ৰ’ল। তাৰপিছত আকৌ এগৰাহ। পুনি বৰমাই সুধিলে,
: মাতুহঁতৰ জলপানটোতকৈ মোৰ জলপানটো বেছি সোৱাদ পাইছনে?