ফটাঢোল

দেওলগা মুখ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

: বস্তুৰ দাম বহুত বাঢ়িল ঐ মহাজন, আগতে এক সেৰ তেলৰ দাম দহ টকা আছিল।

: হা হুমুনিয়াহ নকঢ়াকৈ ক ঐ কথাবোৰ, তোৰ হুমুনিয়াহটো বৰ বেয়াকৈ লাগে মানুহৰ গাত।

: মিছা কৈছোঁ নেকি কিবা মই? দহ টকা লিটাৰৰ মিঠাতেল এশটকা হ’লে গাত লাগিবই দেচোন সকলোৰে।: সকলোৰে গাত লগা আৰু তোৰ গাত লগাৰ মাজত পাৰ্থক্য আছে ঐ হিৰেণ কাইটি। বেলেগৰ গাত লাগিলে মিঠাতেলৰ দাম কমে নে নকমে মই এতিয়ালৈকে দেখা পোৱা নাই বাৰু, কিন্তু তোৰ মুখত হুমুনিয়াহ ওলালে মোৰ গাত লাগে ঐ হিৰেণ কাই। তোৰ হুমুনিয়াহতে মোৰ দোকানখনৰ অৱস্থা এবাৰ লাওলোৱা গৈছিল।তোৰ এইখন মুখ নহয় ঔ, জুই হয়, জুই।

ৰতি মহাজনৰ দোকানৰ পৰা মিঠাতেল এক সেৰ লৈ হিৰেণ কাইটি ওলাই আহিল। মুখলগা হিৰেণ তেওঁৰ উপনাম। হিৰেণ কাই নিজেও জানে গাঁওখনত সকলোৱে ভাৱে যে হিৰেণৰ মুখ লাগিলে সকলোতে অমঙ্গল। হিৰেণ কাই মুখ লগালে গছত থকা নাৰিকলৰ থোক সৰি পৰে বুলিও বদনাম আছে।কাৰোবাৰ ঘৰত নতুনকৈ জগা দামুৰী পোৱালি মৰিলেও হিৰেণৰ মুখ লাগিল, কাৰোবাৰ বিয়া ভাঙিলেও হিৰেণৰ মুখ লাগিল, পৰীক্ষাত কোনোবা ফেইল কৰিলেও হিৰেণৰ মুখ।গাঁৱৰ মানুহ সকলোৱে আঁতৰে আঁতৰে ফুৰিলেও হিৰেণ কাইটি এইবোৰ কথাক লৈ বৰ বিশেষ গুৰুত্ব দিয়া মানুহ নহয়। আজিৰ এই বিজ্ঞানৰ যুগত কাৰোবাৰ দেও লগা মুখ থকা ধৰণৰ কথাবোৰ গাঁৱৰ মানুহে বিশ্বাস কৰে বাবেই হিৰেণ কাইটিয়ে সাধাৰণতে নিজৰ গাঁওখনৰ মানুহৰ লগত কথা বতৰা কমকৈ পাতে। সৌজন্যতামূলক কথা বতৰাৰ বাহিৰে গাঁৱৰ মানুহৰ লগত হিৰেণ কাইটিৰ বৰকৈ কথা বতৰা নহয়।গাঁৱৰ ৰাইজেও যিহেতু হিৰেণ কাইটিৰ কথা বতৰাত দেওলগা মুখ এখনৰ প্ৰতিচ্ছবি বিচাৰি পাই দাইটিয়েও পৰাপক্ষত মানুহৰ আগত নিজৰ মুখ খোলাৰপৰা বিৰত থাকে।

আজিকালি গাঁৱৰ বহুতো সৰু সৰু ল’ৰা-ছোৱালী তথা পুৰুষ-মহিলা স্বাস্থ্যসচেতন হৈছে। ৰাতিপুৱা খোজকঢ়াৰপৰা আৰম্ভ কৰি গাঁৱতে নতুনকৈ আৰম্ভ কৰা ব্যায়ামগাৰটোলৈ যোৱালৈকে সকলোতে অত্যধিক ভীৰ পৰিলক্ষিত হৈছে। ভাল লক্ষণ এইটো সকলোৰে বাবে। হিৰেণ কাইটি আজিকালি ৰাতিপুৱাৰ ভাগত ঘৰৰপৰা বাহিৰ ওলাই নাহে, ব্যায়াম কৰিবলৈ অহা মানুহবোৰে হিৰেণ কাইটিৰ নজৰ লাগিব বুলি তেওঁক দেখিলে দূৰৈৰপৰাই উভতি যায়।

আজিৰপৰা বিশবছৰ আগতে গাঁৱত ৰাতিপুৱাই শোৱাপাটী এৰি পিটপিটাই ঘূৰি ফুৰা মানুহজন আছিল এই হিৰেণ কাইটি। পথাৰৰপৰা গৰুৰ গোবৰৰ লডা আনি নিজৰ ঘৰৰ চোতালত জুই ধৰাৰপৰা গাঁৱৰ সীমামূৰীয়া জানটোত ৰাতিপুৱাই জাল মাৰি মাছ ধৰালৈকে সকলোতে আগৰণুৱা আছিল হৰেণ কাইটি।অৱশ্যে এইবোৰ স্বভাৱৰ বাবে গাঁৱৰ বাকীবোৰ মানুহৰ মনত ভিতৰে ভিতৰে ঈৰ্ষা ভাব এটা আছিলেই। আজি কিছুবছৰৰপৰা ঈৰ্ষাৰ লগতে মানুহবোৰৰ মাত কথাত অসহিষ্ণুতাৰ ভাব এটাও জড়িত হোৱা যেন অনুভৱ হ’বলৈ ধৰিছে হিৰেণ কাইৰ। দহ টকা প্ৰতিসেৰ মিঠাতেলৰ দাম এশ টকা প্ৰতিসেৰ হোৱালৈকে গাঁওখনৰ প্ৰতিটো ৰাতিপুৱা হিৰেণ দাইটিয়ে জানে, কেতিয়াও ভবা নাছিল যে নিজৰ কৰ্মোদ্দ্যমী জীৱনটো এটি দেওলগা মুখৰ জীৱনলৈ পৰিবৰ্তন হ’ব। তথাপিও দেওলগা মুখৰ জীৱ হিচাবে কাৰো ওচৰত ওজৰ আপত্তি নকৰাকৈ চলি আহিছে হিৰেণ কাই, নিজৰ মুখখনক সদায় বচাই চলিবলৈ শিকিছে আজি কিছু বছৰৰপৰা। কোনোক্ষেত্ৰতেই মাত নামাতে, ভালেই হওক বেয়াই হওক। ভালত মাতিলেও বিপদ, বেয়াত মাতিলেও বিপদ কিয়নো তেওঁৰ দেওলগা মুখ। তেওঁ মাতিলে ভালটোও বেয়া হ’ব, বেয়াটো আৰু অধিক বেয়া হ’ব।

আজি হিৰেণ কাই গাঁৱৰ ৰাইজৰ প্ৰশ্নবানত থকাসৰকা। হিৰেণ কাইটিয়ে যোৱাকালি মহাজনৰ দোকানত মিঠাতেলৰ দামক লৈ হা হুমুনিয়াহ কাঢ়ি আছিল বাবে হেনো আজি মিঠাতেলৰ দাম প্ৰতিসেৰত এশৰপৰা দেৰশ টকা হৈছেগৈ। ৰাইজে উত্তৰ বিচাৰিছে হিৰেণ কাইৰপৰা।

: “ধৰবা লাগে গাইৰ বাহাত, ধৰছা বলধৰ বাহাত”, মোৰ মুখৰ কথাতে বস্তুৰ দাম কম বেছি হ’লে মোৰ ঘৰত তিনিজনী আবিয়ৈ আপি থাকে নেকি ইমান দিনে? মহাজনে কিহৰ বাবে বস্তুৰ দাম বঢ়াইছে তাক নুসুধি মোক সুধিলে উত্তৰ ক’ত পাবি তহঁতে?

হিৰেণ কাইটি লাহে লাহে আঁতৰি যায় মানুহবোৰৰ ওচৰৰপৰা। ঘৰমুৱা ৰাস্তাটোত থকা ঊনৈশ শতিকাৰ বিশৰ দশকতে ব্ৰিটিছ চাহাবে প্ৰতিষ্ঠা কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ প্ৰবেশদ্বাৰখন দেখি থমকি ৰয় হিৰেণ কাইটি। আৰম্ভণিতে ব্ৰিটিছ চাহাবে আৰম্ভ কৰা এই মজলীয়া বিদ্যালয়খনে আজি কলা, বিজ্ঞান, বাণিজ্য আটাইবোৰ শাখা সামৰি এখন পূৰ্ণাঙ্গ পৰ্যায়ৰ উচ্চতৰ মাধ্যমিক স্কুলৰ ৰূপ পাইছে। মূল প্ৰবেশদ্বাৰৰ কাষতে স্কুলখনৰ শতবৰ্ষ উদযাপন অনুষ্ঠানৰ বেনাৰ এখনো আঁৰি থোৱা আছে।হিৰেণ কাইটিৰ দেওলগা মুখ। তথাপিও মনতে ভাবিছে, আজি স্কুলখন আগুৱাইছে, গাঁওখন পিছুৱাইছে।

☆ ★ ☆ ★ ☆

11 Comments

  • rintumoni dutta

    তামাম লিখিলা হে সঞ্জীব, বঢ়িয়া লাগিল

    Reply
  • কাবেৰী মহন্ত

    সাংঘাতিক ভাল লাগিল৷ ৱাহ?

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া লাগিল সঞ্জীৱ৷ আৰু অলপ দীঘল কৰি কাহিনীটোত শেষত অলপ টুইষ্ট এটা আনিব পাৰিলা হেতেন৷

    Reply
  • পূৰ্ণময়ী

    এইখন ছবি এতিয়াও আছে।সুন্দৰ উপস্থাপন। আৰু দীঘল হোৱাৰ থল আছিল।

    Reply
  • Abhijit Goswami

    বঢ়িয়া লাগিল দাদা ?

    Reply
  • মানসী

    ভাল লাগিল দাদা

    Reply
  • Pranita Goswami

    বৰ ভাল লাগিল। অন্ধবিশ্বাস মনৰ মাজত শিপাই আছে আমাৰ—

    Reply
  • gitamani rajbongshi

    ভাপঢ়িএনেকুৱা মানসিকতাৰ মানুহ এতিয়াও আছে সমাজত

    Reply
  • জয়ন্ত

    বৰ সুন্দৰ লিখিলা৷

    Reply
  • Dolly

    বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *