ট্ৰু-ক’লাৰৰ মহিমা : জয়ন্ত দত্ত ট্ৰ
টোপনি মোৰ জোখতকৈ অলপ বেছি বুলি বহুতে কয়, কথাষাৰ ময়ো মিছা বুলি নকওঁ। ঠাণ্ডাৰ দিনত টোপনিৰ আমেজ মোৰ বাবে আৰু বাঢ়িহৈ যায়। কিবা কাৰণত কোনোবাই মোৰ কেঁচা টোপনি ভাঙিলে প্ৰকৃতিস্থ হ’বলৈ মোক ভালেখিনি সময় লাগে।
যোৱা সপ্তাহৰপৰা ঠাণ্ডা ভালেখিনি বাঢ়িছে। দিনটো অফিছৰ কাম কৰি সন্ধিয়া ছয়মান বজাত আহি ঘৰ সোমাওঁ, তেতিয়ালৈকে ভালেখিনি আন্ধাৰ হয়। খোৱাত চৌখিন যদিও ৰাতিৰ সাঁজটোত বহুত কিবাকিবি ৰান্ধিবলৈ এলাহ লাগে, অকলশৰীয়া মানুহ যেতিয়া প্ৰায়ে ভাত-আলুপিটিকাৰে চলাই দিওঁ।
মন মোৰো যায়, ৰাতিপুৱাৰ সুদা চাহকাপেই হওক বা ৰাতিৰ ভাতসাঁজেই হওক, মানুহজনীৰ হাতেৰে ৰন্ধা সাঁজটো মানুহজনীৰ লগত একেলগে বহি খাবলৈ মোৰো মন নোযোৱা নহয়। পিচে কঁপালত ৰেখাবিলাকৰ জোখমাখো ঠিকে ঠাকে থাকিব লাগিব!
দিন যিমানে আগবাঢ়িছে, বিয়াৰ বাবে ঘৰৰপৰা প্ৰেছাৰো বাঢ়িছে সমানুপাতিকভাৱে। পিচে জোৰ কৰিলেও যোৰা নিমিলে, সেয়ে যোৰা মিলোৱাটো ঈশ্বৰৰ ওপৰতে এৰি দিয়াৰ দৰে হৈছে। ৰাতি খাই বৈ উঠি ঠাণ্ডা পানীৰে বাচনকেইটা ধুই আজৰি হৈ বিছনাত উঠা মানে এঘাৰমান বাজিলেই, ব্লেংকেটখনৰে গা-মূৰ ঢাকি শোৱাৰ আগতে এবাৰ ইষ্ট দেৱতাক সুঁৱৰি মিনতি কৰিলোঁ, সোনকালে যেন মোৰফালে চকু মেলি চায়।
মাজৰাতি মোবাইলটোৱে বিকৃত শব্দেৰে মাতিবলৈ ধৰাত খকমককৈ উঠি বহিলোঁ। টোপনিৰ জালত আধা মেলা চকুৰে মবাইলটো গাৰুৰ তলৰপৰা খেপিয়াই আনি মবাইলটো হাতত ল’লোঁ, মবাইলৰ ডিচপ্লেত জিলিকি আছে “ৱাইফ”। মাতটো যিমান পাৰি স্বাভাৱিক কৰি কোনোমতে ক’লোঁ,
: হেৰি, শুলে নেকি? বৰ ডাঙৰ ঘটনা হ’ল, বাবাই ছোৱালী আনি ঘৰ সোমোৱাইছে।
: ক’ৰ ছোৱালী?
: একো নাজানো মই, আপুনি বেগতে আহক, হে ভগৱান, কি কৰোঁ এতিয়া মই!
ফোনটো কাটি দি লৰালৰিকৈ পিন্ধিবলৈ ছাৰ্টটো হাতত লৈ ভাবিলোঁ, ঘৰলৈ প্ৰায় আশী কিলোমিটাৰ বাট, মাজ ৰাতিখন যোৱাতকৈ ৰাতিটো পুৱালে যোৱাটো ঠিক হ’ব। যি হ’বলৈ আছিল হৈ গ’ল, ৰাতিপুৱাই যাম বুলি কথাটো ক’বলৈ ফনটো কৰিবলৈ লওঁতেহে টোপনি ভাঙিল, তেতিয়াহে মনত পৰিল ল’ৰাৰ বাপেক হ’বলৈ হ’লে আগতে বিয়াখন পাতিব লাগিব।
সম্পূৰ্ণভাৱে প্ৰকৃতিস্থ হৈহে কথাবোৰ পুনৰ জুকিয়াই চালোঁ, বুজিলোঁ ট্ৰু ক’লাৰৰ মহিমা অপাৰ, ইমান দিনে পাতিব নোৱৰা বিয়াখন আজি টোপনিৰ জাল আৰু ট্ৰু কলাৰে মিলি ক্ষন্তেকৰ বাবে হ’লেও পাতি দিলে, নিজলৈ বুলি মানুহজনীতো দিলেই, লগতে একেবাৰে ল’ৰা এটাৰ লগতে বোৱাৰী এজনীও দিলে।
(পুৰণি কৌতুক এটাৰ আলম লৈ)
☆ ★ ☆ ★ ☆
5:12 pm
বঢ়িয়া।