অট’কাৰেক্টৰ মহিমা-উৎপলা শইকীয়া
কিপেডৰ অট’কাৰেক্ট অপচনটো অন থাকিলে হোৱা অথন্তৰৰ অনেক কাহিনী আছে জীৱনত। তাৰ ভিতৰত এটা মনত ৰৈ যোৱা কাহিনী….
নতুনকৈ চাকৰিত সোমোৱা দিনৰ কথা। খুব সম্ভৱ ২০১১ বা ২০১২ চনৰ ঘটনা। নতুনকৈ চাকৰিত সোমাইছোঁ। Informarion Technologyৰ বিভাগত মোৰ প্ৰথম পোষ্টিং। সেইটো বিভাগৰ বেছিখিনি কামেই ভাৰত চৰকাৰৰ Ministry of Information and Telecommunicationsৰ লগত প্ৰায় প্ৰত্যক্ষভাবেই হৈছিল। প্ৰায়বোৰ নিৰ্দেশনাই খুব তাৎক্ষণিকভাবে আৰু খৰতকীয়াকৈ যুগুত কৰি বিভিন্ন জিলাৰ উপায়ুক্তসকললৈ পঠিয়াব লগা হৈছিল। বিশেষকৈ যদি কিবা মিটিং বা কনফাৰেন্স থাকে তেনেহ’লেতো, আৰু কথাই সুকীয়া। একেটা কামকে তিনিবাৰকৈ কৰিব লগাত পৰিছিল। ইচ্যু ব্ৰান্সলৈ পঠিওৱাৰ উপৰিও এবাৰ ফেক্স কৰি আৰু সৰ্বশেষত সকলো উপায়ুক্তৰ চৰকাৰী মেইলত মেইল কৰিব লগা হৈছিল। তেতিয়া চাগৈ অসমৰ সৰ্বমুঠ জিলা ২৭-২৮খন আছিল। তাৰমানে ইমানবোৰ ফেক্স কৰি উঠি মেইলবোৰ এবাৰতে চিচি কৰি পঠিয়াইছিলোঁ।
যিকি নহওঁক এবাৰ এখন কনফাৰেন্সৰ বাবে কমিচনাৰ ছাৰৰ মেইলত চিঠি আহিল। কনফাৰেন্স আছিল মেইলটো অহাৰ চাৰিদিন পিছত। মাজত এটা দেওবাৰ। মেইলৰ ঠিঠি পুটআপ কৰি চি.এচ. অফিচৰপৰা আহে মানে এদিন গ’লেই। হাতত থকিল দেওবাৰটো লৈ দুদিন। ইফালে কমিচনাৰ অফিচৰপৰা দৌৰা-দৌৰি খবৰৰ উপৰি খবৰ, মেইল গ’লনে নাই, কনফাৰেন্সৰ বাবে ডিচিয়ে কনফাৰ্মেচন মেইল দিলেনে নাই ইত্যাদি। মুঠতে যেন মোৰ বিয়াহে পাতিছোঁ। সকলো ডিচিক পঠিয়াই উঠি ঘৰত আহি সন্ধিয়াতে খুব সুখনিদ্ৰাত মগন হৈছোঁহি। তেনেতে কমিচনাৰ ছাৰৰ মেচেজ, “ডিচি হাইলাকান্দিয়ে লেটাৰ কপি পোৱা নাই। কাইলৈ সোনকালে আহি মেইল কৰি মোক ইনফৰ্ম কৰিবা।” টোপনিৰ জলাকলাত ছাৰক এটা ৰিপ্লাই নিদি ঠেংগা এটা দেখাই থ’লোঁ। সেই আমি ফেচবুকত বুঢ়া আঙুলি ডাঙি লাইক মৰাৰ দৰে। পিছত সাৰ পাই ভাত ৰান্ধিবলৈ লৈ মোবাইল চাই নিজৰ মুৰ্খামিৰ বাবে অলপ ভয়ো খালোঁ। ইমান ডাঙৰ মানুহজনকনো বাৰু ঠেংগাডাল দেখাব লাগেনে। বাৰু যি কি নহওঁক, পিছদিনা কিবা এষাৰ হ’লেও শুনিম বুলি ৰেদি হৈ ভগৱানক এবাৰ প্ৰাৰ্থনা কৰিলোঁ,
: হে প্ৰভু আজি আৰু একো ভুল নকৰাবা। নহ’লে ভাতমুঠি যাব আৰু মোৰ।
ক্লিনাৰে অফিচ মচি নহওতেই সেইদিনা লৰালৰিকৈ অফিচ পালোগৈ। ভিডিঅ’ কনফাৰেন্স সেইদিনাৰ আবেলি তিনি বজাত। ডিচি হাইলাকান্দিলৈ মেইল ফেক্স কৰি আজৰি হওঁ মানে চাৰে ন বাজি গৈছেই। সেয়ে দেৰি নকৰি কমিচনাৰ ছাৰলৈ মেচেজ লিখিলোঁ-
“Good morning sir. Have send email and fax to DC Hailakandi and they confirmed the receipt of the same.
Copy enclosed through email.”
মেচেজ কৰি উঠি আন কামত লাগিলোঁ। এনে লাগিছিল যেন মূৰৰ পৰা ডাঙৰ কিবা এটা আঁতৰ হ’ল। অলপ দেৰি বৰ সন্তোষ মনেৰে কাম কৰি আছিলোঁ। তেনেতে লাগিল পয়মাল, কমিচনাৰৰ অফিচৰপৰা ইন্টাৰকামত ফোন আহিল, উৎপলা শইকীয়াক ইমিডিয়েটলি ছাৰৰ চেম্বাৰত মাতিছে।
লৰালৰিকৈ কমিচনাৰ বহা ব্লকলৈ খোজ ল’লোঁ। ভাবি গ’লোঁ আকৌ বা কি ঘটিল। সব কামতো ক্লিয়েৰ হৈয়ে আছে, এতিয়া মাত্ৰ কনফাৰেন্স হ’বলৈ বাকী। হে প্ৰভু বচাবা আৰু এইবাৰ! কি বা দায় লাগিল কোনে জানে। ভাল বুলি প্ৰশংসা কৰিবলৈ যে মাতি নপঠিয়াই সেইয়া খাটাং। পি. এচে মই সোধালৈ বাটেই নাচালে
: যাওঁক ছাৰে মাতিছে।
মাত্ৰ মূৰ দুপিয়াই ছাৰৰ ৰূমৰ দুৱাৰ ঠেলি ৰূমত সোমোৱাৰ অনুমতি বিচাৰি ভিতৰ সোমালোঁ। মই সোমাবলৈহে পালোঁ ছাৰে আৰম্ভ কৰিলেই
: উৎপলা, হোৱাই ইউ আৰ অলওৱেইজ ইন হাৰি?
: পাৰডন চাৰ!
: ফ্ৰম টুডে অনওৱাৰ্ড ইউ প্লিজ স্পেল ইয়ৰ মেছেজেচ এণ্ড মেইলচ কাৰেক্টলি। ড’ন্ট ৰিপিট ডিজ এগেইন।
ছাৰৰ কথাবোৰ মোৰ বাবে ক্ৰিকেট খেলৰ গুগলী নামেৰে নামাকৰণ কৰা বলটোৰ দৰে হৈছিল।আচলতে ছাৰে মোক কিয় কথা শুনাই আছিল সেই মূহুৰ্তত একমাত্ৰ তেঁৱেই বুজি পাইছিল। মই তেওঁৰ ৰূমৰ ওৱালত সজাই থোৱা পিতল নে তামৰ মেডেলটোত মোৰ চকুৰ দৃষ্টি স্থিৰ কৰি তেখেতৰ কথা বুজাৰ বিফল চেষ্টা কৰি থাকিলোঁ। ইফালে মোৰ অন্যমনস্কতাই তেখেতৰ খঙত যেন ঘিঁহে ঢালিছিল।
: মিচ চইকীয়া, আৰ ইউ লিচেনিং টু মি? আপোনালোক ইয়ং ছোৱালী এতিয়াই কামত এনে হ’লে কেনেকৈ হ’ব।
ছাৰৰ কথাবোৰ গাত বৰকৈ লাগিছিল যদিও মই কি ভুল কৰিছোঁ সুধিবলৈ সাহস গোটাব নোৱাৰি ইয়েচ ছাৰ, অ’কে ছাৰ মাৰি মাৰিয়ে ওলাই আহিলোঁ। ওলাই আহোঁতেই পি. এচ.জনে সুধিলে,
: কি হ’ল শইকীয়া?
তেওঁৰ মুখলৈ চাওতে তেৱোঁ দেখোন ফিচিকা ফিচিকিকৈ হাঁহি আছিল। সেই হাঁহিটো মোৰ বাবে জ্বলা জুঁইত ঘিঁ ঢলাৰ দৰে হৈছিল। লাজ আৰু খং দুয়োটা উঠিল মোৰ। খঙত তেখেতক একো ৰিপ্লাই নিদি আহি নিজৰ টেবুল পালোঁহি। মনতে ভাবিলোঁ আচলতে মোৰ লগত ঘটি আছে কি! বোলো কাকনো মই ভুলকে কি মেইল কৰিলোঁ চাওঁ ৰচোন বুলি সকলো ডি. চি.লৈ পঠিওৱা মেইলবোৰ চেণ্ট মেইলত খুলি খুলি পাত পাতকৈ বিচাৰিলোঁ। নাই চকুত পৰাত ক’তো দেখোন একো ভুল নোলাল। কি ভাবি জানো কমিচনাৰ ছাৰলৈ দিয়া মেইলটো চাই মোৰ প্ৰায় বেহুচ হও হও গতি! তেতিয়াহে বুজিলোঁ, পুৱাই পুৱাই বুঢ়াই মোক কিয় ইমানকৈ গালি ধমকিৰ পুৰস্কাৰসোপা দিছিল!
মই ছাৰলৈ লিখা মেইলটোত গুড মৰ্নিং ছাৰৰ Sটোৰ পিছত ir ৰ সলনি exy লিখা গৈছিল আৰু ফেক্সৰ Fৰ ঠাইত S লিখা গৈছিল। মোৰ নিজৰ সেই মূৰ্খামিত নিজৰ ওপৰতে খং উঠি গৈছিল। ছাৰক সোনকালে কামটো কৰিলোঁ বুলি জনাবলৈ উৎপাত কৰোঁতে অট’কাৰেক্টৰ কৃপাত চাৰৰ ভৎসৰ্নাহে পালোঁ, লগতে ইমান কাম কৰিও ফাং-ফুঙৰ নাম পালোঁ।
সেইদিন ধৰি সেইজন কমিচনাৰ ট্ৰান্সফাৰ নোহোৱালৈ মই কমিচনাৰৰ অফিচৰ কাষলৈ যোৱাও বাদ দিলোঁ। কেতিয়াবা কিবা কাৰণত মাতিলেও অনেক বাহানা মাৰি বলীনদাক ক’বলৈ পঠিয়াই দিছিলোঁ।
☆ ★ ☆ ★ ☆
12:46 pm
ভাল লাগিল
8:37 pm
ধন্যবাদ
1:55 pm
ভাল লাগিল ৷ শিক্ষনীয় অভিজ্ঞতা ৷
8:38 pm
ধন্যবাদ
3:07 pm
হায়ৰে অট’কাৰেক্ট।তোমাৰ কি লীলা!
8:39 pm
লীলা মানে? কেতিয়াবা ধৰি বান্ধি কিলাব লগা পৰিস্থিতি হোৱাৰহে ভয় হয় ?
12:21 am
চেচ কৰি দিলা গোটেইখন
8:39 pm
?? এতিয়া সাৱধন হলো দিয়ক ?