ফটাঢোল

স্মৰণীয় যাত্ৰা-জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ

১) কি হৈছে?

বাছত উঠিয়েই খালী চিট পাই বহি ল’লোঁ। যাত্ৰা আৰম্ভ হ’ল৷ কিবা এটা ভাবি ভাবি গৈ আছোঁ৷ এটা পাকত মোৰ সন্মুখৰ চিটটোৰ পাছফালৰ স্পঞ্জ এৰাই যোৱা গাঁতটোত আঙুলি এটা সোমোৱাই খুচৰি খুচৰি কিবা এটা ভাবি ভাবি গৈ আছোঁ৷ হঠাৎ মন কৰিলোঁ, সন্মুখৰ চিটৰ মানুহজনে মোলৈ ঘূৰি ঘূৰি চাই আছে৷  চিনাকি নেকি মনত পেলাবলৈ যত্ন কৰিলোঁ৷ বাৰে বাৰে ঘূৰি ঘূৰি চায়৷ কথা কি? মই মুখখন ৰুমাল উলিয়াই এপাকত মচি ল’লোঁ কিজানি কিবা লাগিয়ে আছে৷ আৰাম্ভণিতে ভালদৰে চাইছিল লাহে লাহে কিবা খঙেৰে চাবলৈ ধৰিলে৷ মোৰো বাৰে বাৰে চাই থকা বাবে খং উঠিয়ে আছিল দিলো বাপ্পেকে জাৰি,

: কি চাই আছে বাৰে বাৰে। ছোৱালী দেখা নাই। অসভ্য, ফাল্টু।

কি কি ক’লোঁ ঠিক নাই৷ উত্তৰত তেওঁ মোক যিষাৰ ক’লে মই পিছৰ ষ্টপেজতে নামি দিলোঁ৷ বোলে,

: ছোৱালী দেখিছোঁ কিন্তু পাছফালে বহি গোটেই ৰাস্তা মানুহক পিঠিত খুচি খুচি অহা ছোৱালী দেখা নাই।

২) জঁপিয়াই ওলাই আহিলোঁ বাপ্পেকে

এঠাইলৈ যাওঁ বুলি ওলাই আহিছোঁ৷ গাড়ী তিনি চাৰিখনমান ৰৈ আছে৷ মানুহ বেছি নাই৷ এক নম্বৰত লগাই থোৱা গাড়ীৰ ড্ৰাইভাৰজনক সুধিলোঁ,

: যাবনে?

ক’লে।

: যাম৷

যাত্ৰী কোনো নাই মই অকলে৷ আৰামত বহি ল’লোঁ৷  কি জানো হ’ল। ৰছী এডাল লৈ ওলাই গ’ল ড্ৰাইভাৰ৷ মই ভাবিলোঁ, ছেঃ দেৰিয়ে হ’ব এতিয়া৷ ভগৱানক খাটিলোঁ সোনকালে লৈ ব’লা আৰু৷ ক’বলৈ পালোঁহে ধেন্ ধেন্ কৰি গাড়ী ষ্টাৰ্ট হৈ গ’ল৷ হে ভগৱান ড্ৰাইভাৰ নোহোৱা গাড়ী চলিছে, কি কৰোঁ৷ জাপ মাৰি গাড়ীখনৰপৰা ওলাই লৰ মাৰিবলৈ লৈছিলোঁৱেই, মৰা ড্ৰাইভাৰটো দেখোন ৰছীডাল সামৰি সামৰি গাড়ীৰ পাছফালৰপৰা আবিৰ্ভাৱ হ’ল৷ মোক সোধে, কি হ’ল? ক’লৈ যায় বাইদেউ?

মোৰ কিবা এটা জ্ঞান উদয় হ’ল, বুজি পালোঁ কি হৈছিল৷ মই লাজ লুকুৱাই “কিবা এটা দৰকাৰী বস্তু পাহৰি আহিলোঁ।” বুলি কৈ তাৰপৰা পলালোঁ।

( টেম্প’নে কি বোলাখন নতুনকৈ চলিবলৈ লৈছিল তেতিয়া, পাছফালে ৰছী লগাই ষ্টাৰ্ট দিয়ে যে সেইখন)

 ৩) ভক্তি ভ্ৰম

পগলা কুকুৰে খেদা মানুহৰ দৰে দৌৰি পৰি হৰি কোনোমতে বাছ ষ্টেণ্ড পাইছোঁ৷ জাঁপ মাৰি উঠিলোঁ ৰৈ থকা বাছখনত৷ ঈশ্বৰৰ কৃপাত বহিবলৈ ছিট এটা পালোঁ৷ পৰীক্ষা আছে ভগৱানক ধিয়াই গৈ আছোঁ। মোৰ বিশ্বাস সকলো ভগৱানৰ ইচ্ছাতে হয়৷ চাৰিটামান ষ্টপেজৰ পিছত বেছ স্বাস্থ্যৱতী আণ্টী এগৰাকী আহি মোৰ কাষত বহিল৷ গৈ আছোঁ, গৈ আছোঁ৷ এটা পাকত বাবা গনেশৰ দৰ্শন পালোঁ৷ বহি বহিয়ে হাত যোৰ কৰি সেৱা ল’লোঁ, কাষতে বহা আণ্টীয়েও সেৱা কৰিলে৷ চকুৱে চকুৱে পৰাত হাঁহি এটা দিলোঁ৷ অলপ  পিছত আৰু এটা হাতী দেখিলোঁ আকৌ সেৱা কৰিলোঁ, আণ্টীয়েও কৰিলে৷ এইবাৰ অলপ দূৰ গৈ আকৌ এটা হাতী দেখি মই দুই হাত যোৰ কৰি সেৱা কৰিলোঁ৷ এইবাৰ কিন্তু আণ্টীয়ে সেৱা নকৰি নাক মুখ থুপুৰিয়াই মোলৈ এবাৰ চাই ওচৰে পাজৰে খালী চিট বিচৰাত লাগিল৷ কিবা ভাবি মই চলন্ত বাছেৰে মূৰটো উলিয়াই পাছলৈ চাই পঠিয়ালোঁ-লাজত মৰি যাবলৈ মন গ’ল৷ মাল বস্তু বোজাই ক’লা টিৰ্পালৰে ঢাকি থোৱা প্ৰকাণ্ড এখন ট্ৰাক, দাঁত নিকতাই মোলৈকে চাই আছে৷

৪) ইউ টাৰ্ণ আৰু মই

সন্মুখৰ দৰজাখনৰ কাষৰ মহিলাৰ বাবে সংৰক্ষিত আসন এখনত বহি গৈ আছোঁ৷ খিৰিকীৰ কাষত মোৰ কলেজৰ জুনিয়ৰ ছোৱালী এজনী৷ দুই এটা কথা পাতি গৈ আছোঁ তাইৰ সৈতে৷ কোলাত বেগ, ছাতি পানীৰ বটল আৰু লাইব্ৰেৰীত ঘূৰাই দিবলগীয়া কিতাপৰ টোপোলা আৰু থিয় হৈ যোৱা ছোৱালী এজনীৰ স্কুলীয়া বেগটো৷ বেছি ভিৰ নথকাৰ বাবেই নেকি সমানে সমানে আহি থকা বাছ এখনৰ লগত প্ৰতিযোগিতা কৰি মই অহা বাছখনে স্পীড বঢ়াই দিলে৷ আগত থকা ইউ টাৰ্ণত বাছ ঘূৰালে৷ তাৰপিছত যি হ’ল মই চকুৰে ধুঁৱলী-কুঁৱলী দেখি গ’লোঁ৷ ধোপ-ধাপকৈ আটাহ পাৰি মোৰ কোলাৰ টোপোলাবোৰ পৰি গ’ল আৰু সিহঁতৰ ওপৰত আঁঠু কাঢ়ি এটা সময়ত বাগৰি গৈ বাছৰ ৰেম্পত মানে নিজৰ চিটৰপৰা ওলাই আহি মাজৰ জেগাখিনিতে শুই পৰিলোঁ৷ উস্ উস্ আস্ আস্ কৰি আনটো ফালে বহি যোৱা ল’ৰা এটাই দাঙি মেলি উঠাই দিলে মোক৷ ইমানেই লাজ লাগিছিল মোৰ যে  টোপোলাবোৰো বেলেগেহে তুলি-তালি কোলাত দিছিল৷

( কমাৰ্চ কলেজৰপৰা চান্দমাৰীৰ ফালে অহা ইউ টাৰ্ণটো জনাসকলে নিশ্চয় জানিব।)

৫) পেণ্ডুলাম

চিটিবাছত থিয় হৈ যাব লগাতো এটা ঝামেলা৷ বিশেষকৈ চিট ভৰ্ত্তি খালী বাছত থিয় হৈ যাওঁতে ব্ৰেক মাৰিলে মোৰ দৰে ধুমুহাত শিলৰ জোতা পিন্ধিবলগীয়া মানুহৰ পেণ্ডুলামটোৰ দৰে গতি হয়৷ পাছফালৰ দৰজাখনৰে উঠি চিপাঞ্জীৰ দৰে হাত এখনেৰে বাছৰ ৰেলিঙত ধৰি লৈছোঁ, আনখন হাতত এটা পেকেট বুকুত সাৱটি লৈছোঁ৷ ইফালে সিফালে চাইছোঁ-নাই ক’তো খালী চিট নাই৷ মই একমাত্ৰ থিয় হৈ যোৱা যাত্ৰী৷ একদম সন্মুখৰ ফালে, ড্ৰাইভাৰৰ কাষত দীঘলীয়া চিটতো খালী আছিল যদিও বহিবলৈ নগ’লোঁ৷ দুলি দুলি গৈ থাকোঁতে এঠাইত হঠাতে দিলে ব্ৰেক মাৰি৷ মই হালি জালি নাচি বাগি প্ৰথমে  পাছলৈ গৈ একেকোবে আগলৈ চোঁচা লৈ উফৰি  ড্ৰাইভাৰৰ  চিটটোৰ কাষ পালোঁগৈ৷ আগৰ থিয় হৈ থকা ঠাইলৈ ঘূৰি আহিবলৈ ইমানেই লাজ লাগিল অগত্যা তাতেই বহি ল’লোঁ৷ গোটেই বাটচোৱা মই কাৰো চকুলৈ নাচালোঁ৷

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *