ফটাঢোল

ফটাপ্ৰশ্ন

১)দীপ্তি শৰ্মা:

অসমৰ ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতাবোৰে সদায় ইমানবোৰ গামোচা পায়। সেইবোৰ কি কৰে বাৰু?

উত্তৰঃ- বহুদিন সাঁচি থয়, পেলাবলৈ মন নেযায় যে। তাৰ পাছত গামোচাবোৰ ৰঙা পৰে, বৰমুহি যায়। তাৰে বেয়া চাই দুই এখন ফটাকানি কৰে, ভাল কেইখন আকৌ সাঁচে। শেষত সেই গামোচাবোৰ কাৰোবাক দি দিব খোজে, কিন্তু লওতা নোলায়। একেবাৰে শেষত তেওঁক ভাল লগাবলৈ কোনোবাই গামোচাবোৰ লৈ যায়, কিন্তু গৈয়েই ডাষ্টবিনত পেলাই দিয়ে। গামোচাৰ এই দুৰ্দশাৰ কথা ভাবিয়েই অমুকাই এটা অতি অৰিজিনেল গান লিখি আছোঁ,

তুমি ৰাজনৈতিক সভাৰ পলিটিচিয়ানৰ ডিঙিৰ সম্বৰ্ধনা গামোচা,

তোমাৰ মূল্য এনিশাৰ।

২)হিমাশুভ্ৰা চক্ৰৱৰ্তী:

I have a গভীৰ Confusion এই যে ধুনীয়া ধুনীয়া পিলিঙা ছোৱালীয়ে লগৰ ছোৱালীৰ লগত selfie উঠি caption দিয়ে “meeh with maah bestie” ..ইয়াত ‘meeh’ ৰ কথা বাৰু বুজিলো যে তাই সাজি কাচি ধুনীয়া কৈ লগৰীৰ লগত ফটো উঠিছে গতিকে দম দি ‘meeh’ কৈছে যে সেইজনী তাই হে আপুনি বা মই নহয়

 কিন্তু এই ‘maah’ ৰে কোনটো maah বুজাব বিচাৰে বাৰু? মগু মাহ, মচুৰ মাহ নে অসমীয়া/ইংৰাজী বাৰ মাহ?

উত্তৰঃ সেইজনীয়ে নিজেই নেজানে হে হে Maah Bestie কোন, আপুনি আমি ক’ৰপৰা জানিম? মন কৰিবচোন, ফটোৱে প্ৰতি সেই মাহজনী সলনি হৈ থাকে।

৩)অনুৰূপ মহন্ত

বাতৰিত যে কয়- “সকলোৱে অপেক্ষা কৰিছে নিৰ্বাচনৰ ফলাফলত কোনে “শেষ” হাঁহি মাৰিব বুলি!”
নিৰ্বাচনত জয়ী হোৱা জনে “শেষ” হাঁহিটো মাৰি তাৰ পাছৰপৰা কেতিয়াও নাহাঁহে নেকি?

উত্তৰঃ – আচলতে মিচনমাৰ  এইটো, সেইটো তেওঁৰ শেষ নহয়, প্ৰথম হাঁহিহে, তাৰ পাছত তেওঁ হাঁহিয়েই থাকে, আৰু তেওঁক ভোট দি জয়যুক্ত কৰা সকলে কান্দিয়েই থাকে।

৪)কমলা দাস:

 হেন জানি সাহ কৰি, প্ৰাণ টাকি কৰা,
একেবাৰে নোৱাৰিলে, এশবাৰে কৰা।

কবিয়ে ইয়াত এশবাৰে কি কৰাৰ কথা কৈছে?

উত্তৰঃ- যি কৰাৰে কথা কওক, প্ৰেম কৰাৰ কথা কোৱা নাই বুলি ভাৱ হয়।

৬)শ্ৰুতিমালা মিশ্ৰ:

“বাবু ভাত খালা?” আপ্তবাক্যষাৰি ইমান জনপ্ৰিয় হোৱাৰ মূল কাৰণটো কি?

উত্তৰঃ- এই বাক্যশাৰী ইমান জনপ্ৰিয় হোৱাৰ মূল কাৰণ হ’ল  সাংবাদিক চক্ৰপাণি পৰাশৰ।

৭)অৰ্চন শৰ্মা:

এনেই মানে ফটাঢোলৰ সুন্দৰীসকলৰ পৰা ইনবক্সত হাই! কি কৰিছা ? আদি মেছেজ পাবলৈ কি কি অৰ্হতাৰ প্ৰয়োজন বাৰু?

উত্তৰঃ-  হেৰি, অমুকাই আজি ইমান বছৰে চেষ্টা কৰিও পৰা নাই, আপুনি কিবা উপায় পালে সাউৎকৈ জনাই দিব দেই।

৯)যোগেশ ভট্টাচাৰ্য্য:

ক্ৰিকেটত ষ্টাৰ প্লেয়াৰবোৰে প্ৰথমতে উৰাই ঘূৰাই বাউণ্ডেৰী কোবাই, কিন্তু দুই তিনিবছৰ পিছত দহটা বলৰ মূৰত এক দুই ৰাণ কৰা হয়৷ তেনেদৰে আমাৰ ফটাঢোলতো আহিয়েই চিক্স ফ’ৰ কোবোৱা ষ্টাৰ লিখকসকলৰো পিছলৈ দুই তিনি মাহৰ মূৰত এটা দুটা লেখা ওলায়।

কিয় কিয় কিয়?

উত্তৰঃ ক্ৰিকেটাৰ সকলে প্ৰথমতে ভাল খেলিবলৈ ধুমাধুম প্ৰেক্টিছ কৰে, কষ্ট কৰে, সেয়ে ফ’ৰ চিক্স মাৰি থাকিব পাৰে। কিন্তু এবাৰ চেলিব্ৰিটি হোৱাৰ পাছত আৰু প্ৰেক্টিছ কৰিবলৈ ক’ৰ সময়খন আছে, এই বোলে বিজ্ঞাপনৰ শ্বুটিং, এই বোলে সম্বৰ্ধনা, এই বোলে ডেটিং, পেটাৰনিটি লীভ, নানান জ্বামেলা। গতিকে খেলো সেই টাইপৰে হয়।

ফটাঢোলতো আহিয়েই চিক্স ফ’ৰ মৰা লেখক সকলৰ সেই একেই গতি, ইনবক্সত সৃষ্টিশীলতা দেখুৱাই থাকোঁতে, আচল লিখা লিখিবলৈ সময়ে নোলায়গৈ।

১০) অসীম বৰা:

ছোৱালীবোৰ আজিকালি ধুনীয়া নে
ছোৱালীবোৰৰ ড্ৰেছবোৰ ধুনীয়া?

আজিকালি বিয়া খাবলৈ যায় নে, ফটোত উঠিবলৈ যায় নো?

উত্তৰঃ- ছোৱালীবোৰো ধুনীয়া হৈ গৈছে, লগতে ড্ৰেছবোৰো। তাকে মই কালি ফুটুকীক কৈছোঁ, বোলো মই ৩০ বছৰমানৰ পাছত জন্ম হ’লে তোৰ নিচিনা এজনীৰ লগত সংসাৰ কৰিব নেলাগিলহেঁতেন। ধুনীয়া ফুলদানী যেন তিৰোতা এজনী আনি ৰাইজৰ আগত বুকু ফিন্দাই ফুৰিলোঁহেতেন। এই কঁপালৰ টেমুনাটো তেতিয়াৰে।

এতিয়া আহোঁ বিয়া খোৱা কথাটোলৈ, বিয়াত ফটো উঠা বেমাৰটো পিচে অজিৰ নহয়, কৌটিকলীয়া। মোৰ দৰে বহু মণিষীয়ে ক’ব খোজে, ফটো বোলা বস্তুটোৰ আৱিষ্কাৰৰ মূল কৰণেই হ’ল বিয়া।

১১)দ্বিজেন তামূলী:

ৰজনী, শিখৰ, কমলা, আদি পান মছলাবোৰৰ নামাকৰণ মানুহৰ নামেৰে কিয় কৰা হ’ল?
(য’তে ত’তে পিকোৱাৰ নাম লৈ লৈ গালি পাৰিব লগে এতিয়া)

উত্তৰঃ এস গালি আকৌ মানুহক পাৰিহে মজা আছে, গছ বা শিল এটাক গালি পাৰি সেইকণ সুখ পাব জানো?

১২)জয়ন্ত কুমাৰ ডেকা:

“জী ভালে জোঁৱাই ভাল…আপোন ভালে জগত ভাল”
সামগ্ৰিক সময়ত প্ৰাসংগিক?

উত্তৰঃ আজিও সমানেই প্ৰাসংগিক, কিন্তু আমি মানুহবোৰৰ মন আৰু ধ্যান ধাৰণাবোৰ তেনেই সলনি হ’ল – এনে প্ৰকৃতিপ্ৰদত্ত জ্ঞানবোৰ আজি আমি বুজি নোপোৱা হ’লোঁ।

১৩)পঙ্কজ বৰুৱা:

 শূণ্যটো গোল কিয় হ’ল বাৰু ?

উত্তৰঃ-  মই সৰুতে আৰ্যভট্টক এবাৰ সোধোঁতে কৈছিল, বোলে তুমি কোৱা যদি চাৰিচুকীয়া কৰি দিওঁ শূণ্যটো। মই ক’লোঁ, নেলাগে দিয়ক, গোলটো লিখিবলৈ সহজ। সেইকাৰণেই শূণ্যটো গোল হৈ থাকি গ’ল। তথাপিও মোৰ কিন্তু লেশমানো অহংকাৰ নাই।

১৪)জিতা ফুকন:

 বিয়া বা পাৰ্টী আদিত মহিলাসকলে ৰে’লগাড়ীখনৰ দৰে লাইন পাতি কিয় ফটো উঠে?

 উত্তৰঃ- ৰে’ল ৰে’ল খেলাও হয়, ফটো উঠাও হয়, একে গুলীতে দুটা চিকাৰ।

১৫)সোণটো ৰঞ্জন বৰুৱা:

 প্ৰেমত পৰি বিয়া পতা লোকসকলেই নিজৰ ল’ৰা ছোৱালীৰ প্ৰেমত প্ৰথমে কিয় বাধা দিয়ে?

 উত্তৰঃ- নিজে কৰা ভুলটো জানি শুনি ল’ৰা ছোৱালীক কিয় কৰিবলৈ দিবহে মানুহে?

১৬)পঙ্কজ বৰুৱা:

ৰাৱণে দহখন মুখত দাঁত ঘঁহিবলৈ কিমান সময় লাগিছিল বাৰু?

উত্তৰঃ- স্বৰ্ণ লংকাৰ অধিপতি ৰাৱণে আৰু নিজে দাঁত ঘঁহিবনে, লগাই দিছিল দহটা মানুহ। গতিকে আমাক লগা একে সময়তে তেওঁৰ দাঁত ঘঁহা হৈ গৈছিল।

১৭)কমলা দাস:

গণিত সহজ আছিল নে পাটীগণিত সহজ আছিল?

 উত্তৰঃ- পাটিগণিত।

১৮)অৰ্চন শৰ্মা:

বিয়াৰ আগতে সাধাৰণতে গিৰিয়েকবোৰ শকত আৰু ঘৈণীয়েকবোৰ ক্ষীণ হয় কিন্তু বিয়াৰ পাছত গিৰিয়েকবোৰ ক্ষিণাই গৈ ঘৈণীয়েকবোৰ শকত হৈ যোৱাৰ কাৰণ কি?

উত্তৰঃ- গিৰিয়েকবোৰ বাৰু চুগাৰ প্ৰেছাৰৰ বাবে ডায়েটিং কৰিব লগা হোৱা বাবে ক্ষীণাই যায়, কিন্তু পত্নীসকল শকত হোৱাৰ কাৰণটো হ’ল,  তেওঁলোকে ধুনীয়া শ্লীম ট্ৰিম হৈ থকাৰ চেষ্টাটোকে বাদ দিয়ে, মূৰ্গা জালত পৰিলেই যেতিয়া, টোপবোৰ থৈ কি লাভ বুলি।

১৯) মিলন চন্দ্ৰ দাস:

ডেকা ল’ৰা এজনে প্ৰেমিকাৰ নামত বেংকত ৩৬ মাহৰ বাবে ৰেকাৰিং জমা হিচাপ (বিয়াৰ বাবে)খুলিছিল।প্ৰেমিকাই  ৰেকাৰিং জমা খোলা প্ৰেমিকজনক ৰিজেক্ট কৰি  ৩১ মাহত আন ল’ৰাৰ লগত পলাই গ’ল। পূৰ্বৰ প্ৰেমিকজনে  যিহেতু তাইক বিয়া কৰাম বুলিহে টকাতো ইনভেষ্ট কৰিছিল গতিকে ছোৱালীজনীয়ে তেওঁক বিয়া নকৰালেও টকাখিনি ঘূৰাই দিয়া উচিত। টকাখিনি কেনেকৈ ঘূৰাই পাব বাৰু?

উত্তৰঃ- প্ৰথম কথা প্ৰেমিকাৰ নামত ৰেকাৰিং খোলাতোৱেই ভুল, চ’তৰ বিহুলৈ ছমাহ থাকোঁতেই কঁকাল ঘূৰাই নচাৰ দৰে কথা। মুঠতে সেইকেইটা টকা গ’ল, তাত পানী এচলু দিয়াই ভাল। ‘ললিত’ কণ্যাগৰাকীক ‘নীৰৱে’  আঁতৰি যাবলৈ দিয়াকে ‘বিজয় মাল্য’ বুলি ধৰাৰ বাদে কোনো উপায় নাই।

২০)ভূপালী দেৱী:

প্ৰেম আৰু গভীৰ প্ৰেমৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ চেলকণা আৰু মাগুৰ মাছৰ যি সম্পৰ্ক, সিয়েই।

২১)ববিতা শৰ্মা:

 ক) মহিলাসকলৰ যে আঙুলি থকা  মোজা থাকে পুৰুষৰ কিয় নাথাকে?

 উত্তৰঃ পুৰুষে ভৰিত নখ নেৰাখে যে, সেয়ে প্ৰয়োজন নহয়।

খ) জয়ঢোল কোবোৱা বুলি যে কয়, এই জয়ঢোলটো ফটাঢোলৰ কোনোবা অঙহী বঙহী নেকি?

উত্তৰঃ ফটাঢোলৰ আদৰ্শ আৰু ঢোল বংশৰ উজ্জ্বল জ্যোতিষ্ক এই জয়ঢোল।

২২)ৰেখা ডেকা:

এই যে চিনেমা বা নাটকত কলহে কলহে গাখীৰ ঢালি গা ধোৱে সেয়া গাখীৰ নে ডেটল মিহলোৱা পানী?

উত্তৰঃ কথাটো প্ৰডাকচন বাজেটৰ ওপৰত নিৰ্ভৰ কৰিব।

২৩) দিনমনি তালুকদাৰ:

 BSc পাছ কৰি অংক/বিজ্ঞানৰ শিক্ষক হলেই BSc Teacher বুলি কয়, কিন্তু BA পাছ কৰি হোৱা শিক্ষকক কিয় BA Teacher বুলি নকয়?

উত্তৰঃ- চাইন্সত পঢ়া বুলি ৰাইজক জনোৱাৰ খুটখুটনিটো ক’ত ইমান সহজে যাব হে।

২৪) অনুৰূপ মহন্ত:

জীৱিত জীৱৰ বয়স বাঢ়িলে বুঢ়া হোৱাৰ দৰে নামঘৰ/মছজিদো বুঢ়া হয় নেকি যে, বুঢ়া নামঘৰ বা বুঢ়া মছজিদ বুলি কয়?

উত্তৰঃ- ইহ সংসাৰ চৰাচৰ, জীৱ-জড়, সকলোৱেই বুঢ়া হয়, সকলোৰে জীৱন সীমিত।

২৫) পদ্মজা বৰুৱা মহন:

বাৰীৰ ঘাঁহে গোহালিৰ গৰুৱে ৰাহি নাহে বুলি কয়। কিন্তু কিয় ৰাহি নাহে?

উত্তৰঃ- নাহে আৰু, এইটো নিপাতনে সিদ্ধ কথা, ইম্পিৰিকেল ফৰ্মুলা। হয়, কিন্তু কিয় হয় কোনেও নেজানে।

২৬) দ্বিজেন তামুলী:

আগৰ ছোৱালীবোৰে বিয়াৰ দিনা বগৰি আৰু সাৱটা-সাৱটি কৰি কান্দিছিল, এতিয়া তেনেকৈ কন্দা দূৰৰ কথা চকুপানী মচিব লগীয়া নহয় কিয়?

উত্তৰঃ- কন্দাৰ দায়িত্ব গিৰিয়েকে বিয়াৰ পাছত লয়েইচোন, তেনে মেক আপ নষ্ট কৰাৰ কি দৰকাৰ?

এইবাৰৰ শ্ৰেষ্ঠ প্ৰশ্ন
শ্ৰুতিমালা মিশ্ৰ- বাবু ভাত খালা?

☆ ★ ☆ ★ ☆

2 Comments

  • বাগ্মিতা

    বঢ়িয়া উত্তৰ দিছা শ্ৰুতি। ন নম্বৰটো বৰ পছন্দ হৈছে।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া উত্তৰ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *