ফটাঢোল

জলাতংক-বৰ্ণালী ফুকন

হেমন্ত গগৈক গলিটোত সৱেই চিনি পায়। মানুহজন এনেই ভালেই, নিজৰ দুনীয়াত ব্যস্ত, আনৰ কামতো হকাবধা নকৰে, নিজৰ কামতো আনে হস্তক্ষেপ কৰাটো ভাল নাপায়। মানুহজনৰ জ্যোতিষ শাস্ত্ৰৰ ওপৰত অগাধ বিশ্বাস, প্ৰতিটো কাম কৰাৰ আগতে শাস্ত্ৰীজীৰ ওচৰলৈ গৈ প্ৰয়োজনীয় বিধান লৈ আহিহে কামত হাত দিয়ে। নামৰূপ ফাৰ্টিলাইজাৰত কৰ্মৰত মানুহজনৰ কাণ্ড কাৰখানাবোৰ দেখি সহকৰ্মীসকলেও মাজে মাজে দুই এটা কথা শুনাই, পিচে সেইবোৰলৈ গগৈয়ে কাণসাৰ নকৰে। তেওঁৰ মতে জ্যোতিষ শাস্ত্ৰ অধ্যয়ন ভাৰতবৰ্ষৰ পৰম্পৰা, পূৰ্বৰেপৰা প্ৰচলিত এই জ্যোতিষ চৰ্চাক বিভিন্নজনে অন্ধবিশ্বাস বুলি উপলুঙা কৰিব পাৰে, কিন্তু এদিন নহয় এদিন সকলোৱেই ইয়াৰ গুৰুত্ব বুজি উঠিব।

কথাবোৰ মিনতিয়ে বিয়াৰ আগতে অলপ অচৰপ গম পাইছিল, গোটেই জীৱনটো যাৰ লগত কটাব লাগিব, সেইজনৰ বিষয়ে অলপ খা-খবৰ সৱেই কৰে। কইনা চাবলৈ যেতিয়া মানুহজন আহিছিলে, প্ৰথম দৰ্শনতে মিনতিৰ মানুহজনক কিবা এটা ভাল লাগিছিলে। ওখ পাখ চেহেৰাৰ কাঢ়া কৈ স্ত্ৰি কৰা বগা চাৰ্টটোৰে মানুহজনক মিনতিৰ লগে লগে পচন্দ হৈছিল। চাহ দিবলৈ আহি যেতিয়া মানুহজনৰ লগত অলপ সময় নিৰলে কথা পাতিবলৈ সুযোগ পাইছিল, হাতৰ আটাইকেইটা আঙুলিতে এটাকৈ বেলেগ বেলেগ ৰঙৰ পাথৰ থকা আঙুঠি দেখি মনত অলপ সন্দেহ হৈছিল যদিও নিজৰ ওপৰত মিনতিৰ আত্মবিশ্বাস আছিল, লাহে লাহে মৰমবোৰ বাঢ়িব, আৰু আঙুলিত জ্যোতিষীয়ে দিয়া আঙুঠিবোৰ কমিব। আঙুঠিবোৰ মানুহজনৰ হাতৰ আঙুলিৰ পৰিবৰ্তে নিজৰ হাতৰ আঙুলিত থাকিব, সেইবোৰ জ্যোতিষীয়ে দিয়া ষ্ট’ন নহয়, তাৰ ঠাই ল’ব টানিষ্কৰ পৰা লোৱা আঙুঠিয়ে৷

বিয়াৰ পিছত মিনতিয়ে ঘৰখনত থিতাপি লৈয়ে নতুন কথা এটা আবিষ্কাৰ কৰিলে। মানুহজনৰ আলমিৰাৰ এটা ভাগ পাৰফিউমৰ ধুনীয়া ধুনীয়া বটলেৰে ভৰ্তি। কিছুমান খালি, কিছুমান ভৰ্তি। মানুহজন ইমান চৌখিন বুলি গম পাই মিনতিৰ যথেষ্ট ভাল লাগিল। তাৰ মাজতে মিনতিয়ে আন এটা কথা লক্ষ্য কৰিলে, মানুহজনে দেওবাৰৰ বাহিৰে বাকী দিনকেইটাত গা ধোৱা ঘৰত বহুতেই কম সময় লয়। সেয়া অলপ অস্বাভাৱিক বুলি মনতে ভাবি এদিন মিনতিয়ে সোধোঁ নুসোধোঁকৈ সুধিলে,

: আপুনি ইমান কম সময়ত কেনেকৈ গা পা ধুই আজৰি হয়?

প্ৰশ্নটোত হেমন্ত আচৰিত নহ’ল, এনেকুৱা এটা প্ৰশ্ন যে এদিন নহয় এদিন আহিব, তাৰ বাবে তেওঁ মানসিক ভাবে প্ৰস্তুত হৈয়ে আছিল। বিছনাৰ কাষত মিনতিক বহুৱাই লৈ লাহেকৈ হেমন্তই ক’লে,

: তুমি মোৰ অৰ্ধাংগিনী যেতিয়া কথাবোৰ তুমি জনাটো দৰকাৰ। মোৰ পানীৰপৰা অমংগল হ’ব বুলি শাস্ত্ৰীজীয়ে কৈছে, পাৰিতপক্ষে পানীৰপৰা আঁতৰি থাকিবলৈ শাস্ত্ৰীজীয়ে মোক বিধান দিছে। সপ্তাহত এটা দিন মানে দেওবাৰ দিনাখন যথেষ্ট সাবধানতা অবলম্বন কৰি গাটো ভালকৈ ধুই লওঁ। বাকী দিনকেইটা জোৰা তাপলি মাৰি কাম চলাই দিওঁ। মোৰ কিবা এটা হ’লে মাক কোনে চাব, তাতে এতিয়া তুমিও মোৰ জীৱনলৈ আহি গ’লা। এতিয়াৰেপৰা আৰু সাবধান হ’ব লাগিব।

কথাখিনি শুনি মিনতিয় মূৰে কঁপালে হাত দিলে। কিবা এটা কৰিবই লাগিব এই জলাতংকৰপৰা মুক্তি দিবলৈ।সময় বাগৰিছে, হেমন্তৰ ৰুটিন একেই আছে। এই সময়ছোৱাত হেমন্তৰ আলমিৰাত ভালেকেইটা নতুন পাৰফিউমে ঠাই ল’লেহি। কথাষাৰ মনতে ভাবি ভাবি আন বেলেগ উপায় নেদেখি মিনতিয়ে বায়েক কাবেৰীলৈ ফ’ন কৰিলে৷ কথাবোৰ শুনি কাবেৰী বিৰাটেই আচৰিত হ’ল। কি ভাবিছিলে, কি ওলালগৈ মানুহজন, ভবাৰ সম্পূৰ্ণ বিপৰীত। বায়েকে ক’লে,

: তই চিন্তা নকৰিবি। ৰূপমৰ লগত আলোচনা কৰি কিবা এটা হেস্তনেস্ত কৰিব লাগিব, এনেকৈ নহ’ব। তহঁতে মুম্বাইলৈ আহ, ইয়াৰ পৰা গোৱা যাম একেলগে। বিয়াৰ পিছত ফুৰাও হ’ব তহঁতৰ।

: হ’ব দে, মানুহজনক মনোৱাটোহে ডাঙৰ কথা।

: আৰু শুন, গোৱাৰ কথা হেমন্তক নক’বি, অকল আমাৰ ইয়ালৈ মাতিছোঁ বুলি ক’বি। যিহে জলাতংকত ভুগিছে, গোৱা বুলি শুনিলে নাহিবই চাগৈ।

মিনতিৰ বায়েক ভিনিয়েক মুম্বাইৰ বাসিন্দা। বিয়াৰ পিছত মুম্বাই ফুৰাকৈ বায়েকে মাতিয়েই আছে। মিনতিয়ে সুবিধা চাই এদিন হেমন্তক ক’লে,

: বাইদেউ আৰু ভিনদেৱে আমাক খুব বেয়া পাইছে জানা।

: কেলেই, কি কৰিলোঁ নো আমি?

: বিয়াৰ পিছতে কিমান মাতিলে বাইদেউৰ তাত দুদিন মান থকাকৈ, আপোনাৰহে কাণসাৰ নাই।

: মুম্বাই ময়ো দেখা নাই, যাবলৈ মোৰো খুব মন, কিন্তু মুম্বাই একেবাৰে সাগৰৰ পাৰত, তুমিতো জানাই, পানীৰপৰা মোৰ বিপদ আছে, শাস্ত্ৰীজীয়ে কৈছে…..

: জানো, শাস্ত্ৰীজীয়ে কি কৈছে, মোৰ কথাহে তুমি অলপো চিন্তা নকৰা। মইনো কোন হয়…

পিছৰফালে মিনতিৰ কথাবোৰ থোকাথুকি হয়।

হেমন্ত ভীষণ চিন্তাত পৰে, মিনতিক দুখ দিবলৈ তাৰ অলপো মন নাই। উপায়বিহীন হৈ হেমন্তই ৰাতিপুৱাই গৈ শাস্ত্ৰীজীৰ ওচৰ পালেগৈ, শাস্ত্ৰীজীয়ে গহীন হৈ বিধান দিলে,

: সাগৰৰ পানীৰ পৰা দূৰত থাকিলেই হ’ল, বেলেগ চিন্তা কৰিব নালাগে। হাতৰপৰা আঙুঠিকেইটা নুখুলিবা মাত্ৰ।

শাস্ত্ৰীজীৰপৰা অভয় পাই হেমন্ত মুম্বাইলৈ যাবলৈ সাজু হ’ল, অবশ্যে ট্ৰেইনেৰেহে যাব। কাৰণ ফ্লাইটেৰে গ’লে মুম্বাইত লেণ্ড কৰাৰ সময়ত উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰে। সাবধানীৰ মৰণ নাই, কথাষাৰ হেমন্তই মানে।

মুম্বাইত গৈ পায়েই হেমন্তই ঘৰখনৰ পৰিবেশটো বৰ ভাল পালে। বিশেষকৈ যেতিয়া গম পালে যে ভিনিয়েকেও জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰে। সন্ধিয়া আটায়ে চাহৰ টেবুলত বহি থাকোঁতে কথা প্ৰসংগত হেমন্তই ভিনিয়েকৰ হাতৰ আঙুলিত পিন্ধি থকা দুটা বেলেগ ধৰণৰ ধাতুৰ আঙুঠি দেখি সুধিলে,

: এয়া কিহৰ বাবে লৈছে ভিনদেউ?

: নকবা বুজিছা হেমন্ত, মোৰ মানে জুইৰপৰা অলপ ভয়, বেলেগৰ আগত এইবোৰ কথা নকওঁ, পিচে তুমি ঘৰৰে মানুহ দিয়াচোন। আমাৰ মুম্বাইত এজন বহুত ডাঙৰ এষ্ট্ৰলজাৰ আছে, বলীউডৰ ষ্টাৰৰপৰা ক্ৰিকেটাৰলৈ লাইন লাগি থাকে তেখেতৰ চেম্বাৰত। বহু কষ্টেৰে তেখেতৰ এপইনমেণ্ট এটা লৈছিলোঁ, কি চমৎকাৰী বাবা হে, যোৱাৰ লগে লগে সৱ কথা কৈ দিছে। মোক অভয় দি এই দুটা আঙুঠি দিছে, তেতিয়াৰেপৰা জুইলৈ ভয় আঁতৰিল। এতিয়া নিজে মই খানা বনাওঁ, জুইত বেঙেনা পুৰি খাওঁ। মুঠতে কি যে চমৎকাৰী বাবা নহয়।

কথাখিনি কৈ বাবাক সুঁৱৰি এবাৰ সেৱা জনালে৷ হেমন্তই ভাবিলে, সৱ ভগবন্তৰ লীলা। এই সুযোগতে যদি চমৎকাৰী বাবাৰ এবাৰ দৰ্শন লাভ কৰিব পৰা নাযায়, তেন্তে এই জীৱন বৃথা। হেমন্তই কিবা এটা ক’ব খোজাৰ আগতেই মিনতিয়ে ক’লে,

: জানে ভিনদেউ, আমাৰ এখেতৰো একেই সমস্যা, পানীৰপৰা ভয়। আপুনি যেনেতেনে এবাৰ বাবাৰ ওচৰলৈ এখেতক লৈ যাওক।

হেমন্তই ভালেই পালে, লগতে ভিনিয়েকক যেনেকৈ নহওক এপইণ্টমেণ্ট এটা যোগাৰ কৰিবলৈ ক’লে। ভিনিয়েকে কথা পেলাব নোৱাৰি চেষ্টা কৰি চোৱা যাওক বুলি ফোন লগালে। তাৰ পিছত কিবা কিবি কথা পাতি হেমন্তক ক’লে,

: তোমাৰ কঁপাল বৰ ভাল হে, য’ত নেকি মানুহ এমাহ পৰ্যন্ত ৰব লগীয়া হয়, তুমি এদিনতে পাই গ’লা। আচলতে দুজনে এপইণ্টমেণ্ট কেনচেল কৰাৰ বাবে তোমাৰ ভাগ্যৰ দুৱাৰ মুকলি হ’ল।কাইলৈ সন্ধিয়া আঠ বজাত মাতিছে। অফিচৰপৰা আহি তোমাক লৈ যাম। সাজু হৈ থাকিবা।

কথাষাৰ শুনি সৱৰে মুখত হাঁহি বিৰিঙিল। হেমন্তই ভগবানক ধন্যবাদ দি ক’লে,

: সকলো ভগৱন্তৰ লীলা।

পিছদিনা ৰূপম অফিচৰপৰা সোনকালে আহিল, হেমন্ত আবেলিৰপৰাই সাজু হৈ আছিল। সন্ধিয়া ঠিক আঠ বজাত দুয়ো স্বামীজীৰ চেম্বাৰ গৈ ওলালগৈ। চেম্বাৰটো ফ্লেট এটাৰ তৃতীয় মহলাত, ভিতৰত আশ্ৰম সদৃশ পৰিবেশ, মৃদু স্বৰত ভক্তিমূলক সংগীত বাজি আছে। পৰিবেশটো দেখি হেমন্ত খুব সন্তুষ্ট হ’ল। স্বামীজীয়ে হেমন্তক কাষলৈ মাতি সমস্যাৰ কথা সোধাত হেমন্তই নিজৰ সমস্যাৰ কথা বিবৰি ক’লে। আতচী কাচ এখনেৰে হাতৰ ৰেখাবোৰ চাই স্বামীজীয়ে আধাঘণ্টামান সময় ধৰি বহু কিবাকিবি গণনা কৰাৰ পিছত মাত দিলে,

: এই আঙুঠিকেইটা তোমাক যিজনে দিছে, তেখেত যথেষ্ট জ্ঞানী। কোন হয় তেওঁ?

: স্বামীজী, তেখেত শাস্ত্ৰীজী, আমাৰ সৰু চহৰখনত থাকে।

: তেখেতে ঠিকেই গণনা কৰিছে। সেইকেইটা পিন্ধি থাকিবা সদায়। বাৰু কোৱাচোন তুমি সাতুৰিব জানা নে নাই?

: জানো স্বামীজী, পিচে আজি পাঁচ বছৰে হ’ল সাতোৰা নাই, শাস্ত্ৰীজীয়ে মানা কৰিছে।
: আৰু চিন্তা কৰিব নালাগে, তোমাক মই কবচ এটা দিম। কবচটো ধাৰণ কৰিলে পানীৰপৰা আৰু একো অমংগল হ’ব নোৱাৰে। আঙুঠিকেইটা মাথো পিন্ধি থাকিবা। তোমাৰ শাস্ত্ৰীজীক মোৰ প্ৰণাম জনাবা।

স্বামীজীৰ মুখত নিজৰ প্ৰিয় শাস্ত্ৰীজীৰ প্ৰশংসা শুনি হেমন্ত খুব সুখী হ’ল। স্বামীজীক সেৱা এটা কৰি হেমন্তই ফীজৰ কথা সুধিলে। স্বামীজীয়ে ক’লে,

: ফীজ দুহেজাৰ টকা, কবচটোৰ দাম আঠ হেজাৰ বেলেগকৈ দিব লাগিব। কেশ্ব বা গোগল পে, দুটাই কৰিব পাৰে।

হেমন্তই পকেটৰপৰা মানি বেগটো উলিয়াবলৈ লওঁতে ৰূপমে বাধা দি নিজে টকা আঠ হেজাৰ গোগল পে কৰি দিলে। উভতি আহি থাকোঁতে ৰূপমে হেমন্তক ক’লে,

: কাইলৈ আটায়ে গোৱা যাওঁ ব’লা। মিনতিয়েও গোৱা যাম যাম বুলি বহু দিনৰেপৰা আশাত আছে৷ স্বামীজীয়ে দিয়া কবচটোৰ টেষ্ট এটাও হৈ যাব।

: বেয়া নহয় আইডিয়াটো। কবচটো গাত থাকিলে চিন্তা নাই।

ঘৰলৈ উভতি আহি হেমন্তই কবচটো পিন্ধি গা ধুবলৈ সোমাল। প্ৰায় আধাঘণ্টামান সময় ধৰি গা ধুই থকা দেখি মিনতিয়ে বায়েকক ফূৰ্তিতে সাবটি ধৰিলে।

ৰূপমে কাবেৰীক ক’লে, তোমাক এইমাহত জুৱেলাৰী ছেটটো দিব নোৱাৰিম। জুনিয়ৰ আৰ্টিষ্টজনে দহ হেজাৰ ফিজ ল’লে। তাৰোপৰি ৰূমটোৰ সজোৱাৰ বাবত, চাইনবৰ্ডৰ বাবত আৰু দহহেজাৰ এক্সটা এডভান্স দিবলগীয়া হৈছে।

কাবেৰীয়ে লাহেকৈ ক’লে,

: হ’ব বাৰু, কিবা পাবলৈ হ’লে কিবা এটা হেৰুৱাব লাগিবই।

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল লাগিল পঢ়ি৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *