মন হীৰা দৈ, চাইকেল নহয় কেৰিয়াৰ-অমৃত সন্দিকৈ
পুহ সোমাবলৈ দুটামান দিন বাকী৷ মৰচেঁচা নিশা৷ ঘিটমিটীয়া আন্ধাৰ, তাতে ডাঠ কুঁৱলী৷ ফুটগধূলিতে মানুহবোৰ শুলে হ’বলা৷ নিসাৰ-সাৰ পৰিবেশ৷ তাৰ মাজতে মাঘী দাইটি আৰু ভদীয়া দাইটি শিলগুটি দিয়া ৰাস্তাটোৰে কুজুক-কুজুককৈ ঘৰৰফালে বাট বুলিছে৷ সিপাৰৰ গাঁও এখনত সকাম এটা ভাঙি আহিছে দুয়ো৷ ঠাণ্ডাখনতো অতদূৰ খোজ কাঢ়ি গৈ সকাম ভাঙিব লগীয়া হৈছে৷ ভকতৰ অভাৱ৷ এনেয়ে যিকোনো সকামৰ বাবে ভকতৰ অভাৱ নাই৷ কিন্তু এইভাগি সকামতহে ভকত পাবলৈ আহুকাল৷ সেইবাবে ওচৰ-পাঁজৰৰ কেইবাখনো গাঁৱত এনে সকাম ওলালে এইদুজনা ভকত নগ’লেই নহয়৷ কেনেকৈ বা হয় , দুয়োজনা এই অঞ্চলৰ পতিতপাৱন ভাঙুৱা৷ তিনিখন গাঁৱৰ সিপাৰৰ গাঁৱৰ এঘৰত বলধ এটাৰ নেজডাল খুটাত পাক খাবলৈ ধৰিছিল৷ গৃহস্থই বাবা ভোলানাথলৈ ভাঙ এছিলিম আগবঢ়াইছিল৷ তাৰপৰাই দুয়ো ভকত শেষ আঘোণৰ নিশাৰ কুঁৱলী ফালি ঘৰলৈ আহি আছে৷
পথাৰখনৰ সোঁমাজ পায়েই মাঘীদাইটিয়ে কীৰ্তনৰ পদ এফাঁকি জুৰিলে৷ পথাৰখন পাৰ হৈয়েই এখন গাঁও পাৰ হৈ সিপাৰে নিজৰ গাঁও৷ ভদীয়া দাইটিয়ে পাঞ্জাবী চোলাটোৰ জেপত সুমুৱাই থোৱা চেধাটেমাটোৰ পৰা মেৰিয়াই থোৱা ভাঙৰ চুৰট এটা উলিয়াই জ্বলাই ল’লে৷ মলমলীয়া ভাঙৰ গোন্ধ এটা সেমেকা সেমেকা বতাহজাকত বিয়পি পৰিল৷ মাঘীদাইটিৰ হাতত থকা তিনিবেটেৰীয়া টৰ্চটোৰ পোহৰত দুয়ো ভকত আগবাঢ়িল৷
মাঘীদাইটিৰ সুৰীয়া কীৰ্তনৰ পদবোৰ পথাৰখন পাৰ হৈ লাহে লাহে গাঁৱৰ মাজেৰে আগবাঢ়িল৷ যিহে ডাঠ কুঁৱলী, টৰ্চৰ পোহৰে একো কামেই নকৰে৷ দুয়ো ভকতৰ গোটেই বাটপথৰ তলানলা জনা আছে৷ আলাসতে বাট বুলিব পাৰে৷ গোটেই বাটছোৱাত সঁচত দিবলৈও মানুহ এটা লগ পাবলৈ নাই৷ দুই এটা কুকুৰে ভুকাৰ বাহিৰে একো সাৰসুৰ নাই৷ মানুহবোৰ কেতিয়াবাই নিঃপালি দিলে৷ কেৰাচিনৰ টিপচাকিবোৰ নুমাই গ’ল৷ ঘৰবোৰ আন্ধাৰত ডুব গৈ আছে৷ এৰা, নুশুইনো কৰিব কি? কোনোবাই খেতি-বাতি অটাইছেহে, কাৰোবাৰ আকৌ মৰণা মাৰি হোৱা নাই৷ দিনৰ হাড়ভঙা কষ্টৰ অন্তত গধূলিতে ভাতপানী খাই শুই থকাটোৱে উত্তম৷ বিজুলী-বাতিৰ মুখ নেদেখা গাঁওবোৰত গধূলিতে শুই যোৱাটোৱেই নিয়ম৷ দাইটিৰ পদকেইফাঁকিৰ মাজতে ভদীয়া দাইটিয়ে মাজতে গলখেকাৰি একোটা মাৰে৷ এনেকৈয়ে দুয়ো আগবাঢ়িছে৷
গাঁৱৰ তিনি আলিটোৰ ওচৰ পাওঁতেই সন্মুখত খাটলাং খেটেলাং শব্দ কিছুমানৰ লগতে বেগেৰে কোনোবা দৌৰ মৰাৰ দৰে শব্দ কিছুমান শুনা যেন লাগিল৷ দুয়ো ভকত সচকিত হৈ পৰিল৷ কি লৰ মাৰিল বিজুলী সঞ্চাৰে? গলখেকাৰি মাৰি দুয়ো খৰকৈ আগবাঢ়ি গ’ল৷ টৰ্চৰ পোহৰ যেনিতেনি মাৰি পঠিয়ালে৷ পিচে সন্মুখত যিটোহে দৃশ্য দেখিলে, দুয়ো সিদ্ধ ভকতৰো কলিজা কঁপি গ’ল৷ ভদীয়াদাইটিয়ে দুয়োহাত ওপৰলৈ দাঙি, “হৰ হৰ মহাদেৱ, জয় শিৱ শম্ভু” জপ কৰিবলৈ লাগিল৷ মাঘীদাইটিৰ হাতৰ টৰ্চৰ পোহৰত তেওঁলোকৰ সন্মুখত থিয় দি আছিল চুলিটাৰী মেলি এজনী ছোৱালী৷
মাঘীদাইটি গুৰু গম্ভীৰ মানুহ, একো নহ’লেও কিবা অকণ গুণ গৰিমা থকা৷ দেও-ভূত এনে পুৰুষক আঁতৰি চলে৷ দাইটিয়ে প্ৰথমতে ভয় অলপ খাইছিল যদিও খন্তেকতে প্ৰকৃতিস্থ হ’ল৷ ভালকৈ পৰিবেশটো চালে৷ সন্মুখত কিংকৰ্তব্যবিমূঢ়হৈ থিয় দি আছে ছোৱালী এজনী, ওচৰতে দুখন চাইকেল লাং খাই পৰি আছে৷ ভকতে বুজিলে ঘটনা ভূত-প্ৰেতৰ নহয়৷ গুৰুগম্ভীৰ মাতেৰে মাঘী দাইটিয়ে চিঞৰিলে,
: ঐ ছোৱালী, কোন তই আৰু হাবিৰ মাজত লুকুৱা দুটা কোন ভালে ভালে ওলাই আহ৷
তেতিয়ালৈ ভদীয়া দাইটিৰো বুকুৰ ঢপঢপনি ঠিকলৈ আহিল৷ দুয়ো ছোৱালীজনীৰ ওচৰলৈ আগবাঢ়ি গ’ল৷ তাই মাতবোল নকৰাকৈ তেনেকৈয়ে থিয় দি ৰ’ল৷ লাহেকৈ ৰাস্তাৰ কাষৰপৰা ডেকা দুটা ওলাই আহি তাইৰ কাষত থিয় দিলেহি৷ মাঘীদাইটিয়ে আটাইকেইটাৰ মুখলৈ টৰ্চ মাৰি চালে৷ ছোৱালীজনী চিনি নেপালে, ল’ৰা দুটা চিনাকিয়েই৷
: ঐ কুকুৰহঁত ছোৱালীজনীক মাজবাটত এৰি যে পলাইছিলি তহঁতি মতা হয় নে নহয়? ক’ৰ পৰা পলুৱাই আনিলি এইক? ক’ত ঘৰ এইৰ?
মাঘী দাইটিয়ে হালকে জেৰা কৰিলে৷ ছোৱালীজনী তেতিয়াও নিমাত৷ এটাই মাত লগালে,
: এইজনী বেজগাঁৱৰ মেলেকৰ জীয়েক৷ আমি দুটাই আজি এইক ঘৰৰ পৰাই মনে মনে লৈ আনিছোঁ৷
ভদীয়া দাইটিয়ে বোলে,
: হেৰ’ জহনীযোৱাহঁত, আনিছিলি বাৰু ঠিকে আছে৷ পিচে মাজবাটত এইক এৰি চাইকেল টাইকেল পেলাই দৌৰ মাৰিছিলি যে হ’ল কি?
ইয়াৰ উত্তৰত যিখিনি কথা ক’লে সেইখিনি শুনি দুয়ো ভকতৰ ক’লৈ যাওঁ গোপাল ক’লৈ যাওঁ কৃপাল অৱস্থা৷ কথাখিনি সংক্ষেপতে এনেকুৱা,
মনাই আৰু যদুৱে বিয়া এখনত গোলাপীক লগ পায় আৰু তাতে চিনা পৰিচয় হয়৷ দুয়ো বন্ধুৱে মাজে মাজে সিহঁতৰ পদূলিয়েদি আবেলি আবেলি চাইকেলেৰে পাক এটা মাৰি চিনা পৰিচয়টো বেছি কটকটীয়া কৰি ল’লে৷ কথা বতৰা পাতিবলৈ গোলাপীৰ অসুৰহেন ককায়েকৰপৰা সুবিধা নাপালেই৷ খেতিখোলা সামৰি দুয়ো বন্ধুৱে আলচ কৰি আজি গধূলি তাইক তাইৰ ঘৰৰ পদূলিৰপৰাই ঘৰত থকা ভাগেই লৈ চাইকেলত উঠাই পলুৱাই আনিলে৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল৷ গাঁৱৰ তিনিআলি পাইহে জেঙটো লাগিল৷ মনাইয়ে বোলে বন্ধু এতিয়া এইক মোৰ ঘৰলৈকে লৈ যাওঁ৷ যদুৱে বোলে কেনেকৈ হ’ব, এইক মোলৈহে আনিছোঁ৷ দুয়ো বন্ধুৱে গোলাপীক নিজলৈ অনা বুলি দাবী কৰিলে৷ দুয়ো নাছোৰবান্দা৷ এটাই বোলে এইক মইহে পচন্দ কৰিছিলোঁ৷ ইটোৱে বোলে কেনেকৈ হ’ব মোলৈহে আনিছোঁ৷ দুয়ো বন্ধুৰ ওখনা-ওখনিৰ মাজতে ঠাণ্ডাই ভয়ে গোলাপী মাজৰাস্তাত থিয় দি থাকিল৷ হেন সময়তে আমাৰ দুয়ো ভাঙুৱা ভকত ঘটনাস্থলী পাইছিলহি৷ দুই ছোৱালীচোৰ ভয়পাদুৰাই গোলাপীৰ ঘৰৰ মানুহে সিহঁতক বিচাৰি আহিছে বুলি ভাবি কইনাক তাতে এৰি পলাই দিলে৷ পিছত মাঘীদাইটিৰ মাতষাৰ চিনি পাইহে ওলটি আহিছে৷
দুয়োভকতে দেখিলে আজৱ ঘটনা৷ ঘটনাটো চালিজাৰি চাই আমাৰ দুয়োভকতে একো সমিধান বিচাৰি নেপালে৷ কইনায়ো গম নাপায় কালৈ আহিছে, কোনটোলৈ আনিছে৷ আনিবলৈ যোৱা দুটাৰো খবৰেই নাই নিজলৈকে আনিছে নে লগৰটোলৈ আনিছে৷ দুয়োজনৰ কইনাজনীলৈকো বেয়া লাগিল৷ বেচেৰীজনী! ঘৰ এৰি পলাই আহি এতিয়া চৌঠেঙীয়াত পৰিলহি৷ ছোৱালীজনীক উদ্ধাৰ কৰাটো দুয়ো ধৰ্ম বুলি বিবেচনা কৰিলে৷ এনেও গাঁৱত কোনো খৰিয়াল, বিবাদ আদি উৎপত্তি হ’লে এই দুইভকতেই নিষ্পত্তি কৰাত আগভাগ লয়৷ এতিয়া বাটতে লগ পোৱা জেঙটো কোনসতেনো মীমাংসা নকৰাকৈ এৰি যাব পাৰি৷ তাতে অসহায় ছোৱালীজনী এনেকৈ আদবাটত আথাওনিত পৰিছে৷ দুয়ো থলীতে বিচাৰ ভাগ কৰি দিবলৈ মন বান্ধিলে৷ মাঘীদাইটিয়ে ভাৱিলে ছোৱালীজনীৰ মতটোকে লৈ লওঁচোন৷
: বোলো আইজনী, এতিয়া তই কি কৰিম বুলি ভাবিছ? মানে কোনটোলৈ যাম বুলি ভাবিছ?
গোলাপীয়ে তলমূৰ কৰিয়েই মাত দিলে৷
: মোৰ কোনো কথা নাই৷ যিজনেই নিয়ে সেইজনলৈকে যাম৷ আহিলোঁ যেতিয়া ঘূৰি যোৱাত নাই৷ ওলটি ঘৰলৈ গ’লে ককাইদেৱে দুছোৱাকৈ কাটিব৷
ভকতে বোলে ঘটনা বৰ বেলেগ৷ এতিয়া দুটা বৰৰ মাজত এটাক কেনেকৈ বাচিবা! ইফালে এটায়ো এৰি দিবলৈ মান্তি নহয়৷ এইবাৰ ভদীয়া দাইটিয়ে বোলে,
: বিচাৰখন মই কৰি দিম, যিটোকে কওঁ মানি ল’বি কিন্তু৷
দুয়োটাই তেওঁৰ কথাকে মানিম বুলি কথা দিলে৷ দাইটিয়ে বোলে,
: আইজনী তই ইয়ালৈকে আহিলি কিহেৰে?
তাই বোলে,
: চাইকেলত আহিলোঁ৷
: কাৰ চাইকেলত আহিলি?
যদুৱে বোলে,
: তাই মোৰ চাইকেলত আহিছে ইয়ালৈকে৷
তাৰ মাজতে মনাইয়ে মাত দিলে,
: কেলেই হ’ব? তাই ঘৰৰপৰা মোৰ চাইকেলতহে আহিছিল৷ আধা ৰাস্তাতহে তোৰ চাইকেলত উঠিছে৷
: মনাইৰ চাইকেলতে গোলাপী প্ৰথম উঠাটো সঁচা৷ কিন্তু শেষৰছোৱা মোৰ চাইকেলত আহিছে৷
দুয়ো ভকতে ভাবিলে সমিধান ওলাই গ’ল৷ দুয়ো মনাইক জেৰা কৰিলে,
: হেৰ’ নিধক তই যদি গোলাপীক নিজলৈকে আনিছিলি, মাজ ৰাস্তাতনো কিয় তাইক বেলেগৰ চাইকেলত তুলি দিছিলি?
: নহয় মানে তাই শিলগুটি দিয়া ৰাস্তা যে, ঠেকেচনি খাই ফ্ৰেমৰ ৰডডালত বহি কষ্ট পালে৷ সেইবাবে নামি গ’ল৷ মোৰ চাইকেলত কেৰিয়াৰখন নাই যে৷ তাৰ চাইকেলত কেৰিয়াৰ আছে, তাত বহি আৰাম পালে৷
মাঘী দাইটিয়ে এইবাৰ সিদ্ধান্ত শুনাই দিলে,
: শুন দুইটাই৷ মনাইৰ চাইকেলত কেৰিয়াৰ নাই বাবে তাই নামি আহি যদুৰ চাইকেলৰ কেৰিয়াৰত উঠিল৷ গতিকে গোলাপী যদুৰ হ’ল৷ কেৰিয়াৰ নথকা চাইকেলৰ মালিকলৈ গোলাপী অহা নাই৷ গতিকে মনাই তই গোলাপীক যদুৰ হাতত এৰি দে৷
সেমেনা-সেমেনিকৈ মনাইয়ে হ’ব বুলি মানি ল’লে৷
ভদীয়া দাইটিয়ে বোলে,
: শুন মনাই, বেজাৰ নকৰিবি৷ আগলৈ এনেকুৱা কেচত কেৰিয়াৰ থকা চাইকেল লৈ যাবি৷ এতিয়া কইনাক যদুৰ ঘৰলৈ লৈ যা৷
সহজতে ফয়চলাটো কৰি দি দুইভকতে জয় শিৱ শম্ভু বুলি ঘৰলৈ বাট ল’লে৷
☆ ★ ☆ ★ ☆
10:23 am
মজ্জা!
জয় শিৱ শম্ভু।
11:35 am
বঢ়িয়া৷
8:47 pm
ভাল লাগিলে..