ফটাঢোল

জিনছৰ বিলৈ – সোণটো ৰঞ্জন বৰুৱা

ফে’চন যুগে যুগে সলনি হৈ থকা মাল৷ সেই সলনিটোক যি মানুহে গ্ৰহণ কৰিব নোৱাৰে, সি সমাজৰ চকুত আনকালচাৰ্ড জন্তু! গতিকে সমাজৰ চকুত কালচাৰ্ড জীৱ হৈ থাকিবলৈ মানুহে সময়ৰ লগত খোজ মিলাই পোচাক পৰিধান কৰে৷ কিন্তু এই খোজ মিলাবলৈ যাওঁ‌তে কাপোৰক কিমান দুখ-কষ্ট, বিচ্ছেদৰ বেদনা দিওঁ ভাবি চাইছেনে? নাইচোৱা নিশ্চয়, নহয়নে?

ৰ’ব, সৰু উদাহৰণ দুটা দিওঁ৷ জিনছকে চাওঁক! আগতে ল’ৰাবোৰে জিনছ পিন্ধিছিল নাভিৰ ওচৰত, ভৰিৰ পানীগাঁ‌ঠি ঢাক খোৱাকৈ৷ আৰু এতিয়াৰ পোৱালিবোৰে পিন্ধা চাওঁ‌ক, দেখিব জিনছ গৈ কঁকালৰ হাঁড় দুডালত ওলমি ৰৈছেগৈ আৰু তলৰ পিনে মোদীৰ স্বচ্ছ ভাৰত অভিযানৰ এজন সক্ৰিয় কৰ্মীৰ দৰে গন্দগী চাফ কৰি লেবেজান হৈ গৈছেগৈ৷ চুচৰি ওলমি বেচেৰাই এনে লেবেজান হৈছেগৈ যে ক’ব পৰা হ’লে কৈ দিলেহেঁতেন “মালিক, মোক যদি পিন্ধিবলৈ মন আছে আৰু অলপ ওপৰলৈ তুলি পিন্ধক আৰু দুদিনমান বেছি লাষ্টিংঙ কৰিম, নহ’লে খুলি থৈ দিয়ক“৷ এই খিনি হ’ল কষ্টৰ, এতিয়া চাওক বিচ্ছেদৰ৷

আগতে মহিলাসকলে জিনছ পিন্ধিছিল নাভিত, তাৰ ওপৰত টপ, জিনছ আৰু টপ মিলনৰ সাক্ষী আছিল নাভি৷ কালক্ৰমে ফে’চনৰ বাবে জিনছ তললৈ গতি কৰিলে আৰু টপে টপলৈ৷ সময়ৰ সোঁতত দুয়োৰে মাজত এনে ব্যৱধান আহি গ’ল যে এতিয়া জিনছে চিঞৰিব পৰা হ’লে চিঞৰিলেহেঁ‌তেন “হে মল্লিকা, হয় মোক ওপৰলৈ টানি নিয়া নহ’লে টপক তললৈ টানি আনা, কিবা কৰি মোক টপৰ লগ লগাই দিয়া, এই বিচ্ছেদ আৰু সহ্য নহয় মালিকনী“৷

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *