ফটাঢোল

ওৱাইন ফ্লু – সোমেশ্বৰ বৰা

ধৰ্মক দোহাই, পৰম্পৰাক দোহাই, তেৰালৈ বুলি মনিছে আগবঢ়োৱা গোলাপী নিচা কণত মগন অৱস্থাটোকে ওৱাইন ফ্লু আখ্যা দিয়া হয়৷ বৰ্তমানৰ নৰ-মনিছ এই বিধ ৰোগত বৰকৈ আক্ৰান্ত৷ চৰকাৰী বিজ্ঞাপন, আইন কানুন সকলো নেচেল, গালো-বালো সব খোলাকটি তাল৷ আবতৰীয়া বেঙেনাই মোক খা মোক খা কৰাৰ দৰে হৰ্ডিং অলিয়ে গ’লিয়ে৷ পিছে এইবোৰে কোনো ফল নধৰে৷

সকলো ধৰণৰ গে’ট- টুগেদাৰ, ফাংচন, মেল-মিটিং আদিত এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে৷ এখোপ আগুৱাই ধৰ্মীয় অনুষ্ঠান যেনে ভাওনা, বিয়া আদিলৈও এই ৰোগ শিপাইছে৷ বিশেষকৈ বিয়াৰ ক্ষেত্ৰত এই ৰোগীৰ বাবে এটা ৰুম আছুটীয়াকৈ ল’ব লগা অৱস্থা এটা হৈছেগৈ৷ ৷

বাৰ্ড ফ্লু… কুকুৰা নেখাওঁ

ছোঁৱাইন ফ্লু… নৌ গাহৰি

ওৱাইন ফ্লু …নৌ নিড পিকুৱেছন৷ গোলাপী হৈ ঘৈণীৰ আগত বৰমতা ফলোৱাতো এই ৰোগীৰ মূল ধৰম৷

কোনোৱে আকৌ থৰকাছুটি হেৰুৱাই বোকাই পানীয়ে লুটুৰি পুতুৰি হৈ খালে ডোঙে ঘুমতি মাৰে৷ কোনোবাজন আকৌ ধলং পলং কৈ উভতে৷ কোনো কোনো মহিমাময়ীয়ে পতি পৰমেশ্বৰ বুলি আথে বেথে নোৱাই ধুৱাই গা মূৰ পিটিকে৷ কোনো গৰাকীয়ে অ’ন্দাৰফুল আইটেম নৌ এক্সিউজ (wine) মনোভাৱেৰে ৰণচণ্ডী ৰূপ ধৰে৷

ওৱাইন ৰাগীতো আমাৰ সমাজত প্ৰচলন আছে৷ ধৰ্মীয় ৰীতি নীতি, পৰম্পৰাগত স্বভাৱ আদি সময়ৰ সোঁতত ৰোগত পৰিণত হয়গৈ৷ গতিকে এই পৰম্পৰা পৰম্পৰা বুলি মূৰ আফলিয়াই নথকাতোহে সু-মঙ্গল৷

তাহানিৰে পৰা চাকৰি পাবলৈ, ঠিকা ঠুকলি পাবলৈ, প্ৰমোচন পাবলৈ জহা চাউল দুসেৰ, পকা মাগুৰ দুটামানৰ লগত ৰঙা বিলাতী এটা দিয়াটো নিয়ম৷ আজি কালি অৱশ্যে এটাই নহ’ব৷ কাৰ্টন হিচাপে লাগে৷

হোষ্টেলৰ স্বতন্ত্ৰ মনোভাৱটোক দ’কৈ শিপাই নৱাগতৰ লগত চিনাকি হওঁতে দাদা-বাইদেউ সকলক এইকণ গোলাপী উপহাৰ দিয়াটো নিয়ম৷

ব্যৰ্থ প্ৰেমী সকল ওৱাইন ৰোগী৷ কিমাননো আৰু ইনাব বিনাব৷ গতিকে বিকল্প পথ হ’ল এইটো৷ ৷

খনিকৰৰ পূজা ভাগৰ যোগাৰ তথা কৰ্ম কৰ্তাক এইকণ যোগাৰ নধৰিলে ডেকৰেচন নহ’ব৷

ড্ৰাইদে’ ঘোষণা হ’লে এই সকলৰ অসমৰ সীমামূৰীয়া খানাপাৰাত খদমদম লাগে৷ অন্ততঃ দুদিনৰ যোগাৰ ৰখাটো দৰকাৰ৷ নহ’লে দেখোন হামিয়াই হিকটিয়াই মৰিব লাগিব৷ ৷

দেবেন্দ্ৰয়েও সৰগত এই ৰোগতে ভোগী অপচৰাত মগন৷ স্বৰ্গত শশীৰ বিলৈ৷ মৰতত চেনীমাই, কলীমাই,

গুলমাই, তৰামাইহঁ‌তৰ বিলৈ। ওৱাইন ফ্লু ৰ বাবেই মাদুৰি বনেৰে কোবাই যদু-কুল শেষ হ’ল৷ কৃষ্ণ কথাত কৈছে৷

কি মুনিহ কি তিৰোতা আজি সকলোৱে ওৱাইন ৰোগী৷ অৱশ্যে মোৰ লগৰ ১৫জন এই ৰোগত গ’লগৈ, আমাক অথাই সাগৰত নিথৰুৱা কৰি৷

মৰতৰ আজিৰ শশীয়ে গোলাপী ৰাগীত কৈয়ে দিলে, “মোৰ পোৱালি শাহুৱে ওমলাব৷ কিয়নো মইতো শাহুৰ পোৱালি(মোৰ পতি) ওমলাইছোঁ‌৷” বৰ দৰকাৰী কথা৷ বৰ দৰকাৰী৷

নেতাই নো কি কৰিব! পালিনেতাক লাইচেঞ্চ এখন দি দায় সাৰে, অহা ইলেকচনত কামত অহাকৈ৷ অলিয়ে গলিয়ে পোখা মেলা এই দোকান, কাৰখানা বোৰে আবকাৰী অহাৰ খবৰ কিন্ত আগতীয়াকৈ পায়৷

ৰাগীত গাড়ী চলাই খাল বিল নেদেখি নিজৰ লগতে বহুতকে নিথৰুৱা কৰা জনাও দেখিছোঁ‌৷

ৰাগীত গালে,

“জালকে বুলিলো জকাই,

এন্ধাৰে মুন্ধাৰে চিনিব নোৱাৰি

পৈটোকে বুলিলো ককাই৷”

খানাপাৰাত পোৱালি এটা কিনি থেকেৰাগুড়িত ডাবত ভৰাই পি থকাটো যাত্ৰা পথত দেখিছোঁ‌৷

হেন জানি সখা-সখী

এৰি আন কাম

ওৱাইন ফ্লুৰ

পৰা তুমি লোৱা পৰিত্ৰাণ৷

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *