পনীৰ অফ ডিচকৰ্ড-ধূৰ্জ্জটি কাকতি
পনীৰৰ আৱিষ্কাৰ প্ৰাচীন ভাৰতত হৈছিলে নে পাৰস্য, আফগানিস্তানত আৱিষ্কাৰ হৈ আহি ভাৰতত সোমাল সেইটো লৈ বিশেষজ্ঞসকলৰ মতবিৰোধ আছে৷ কিন্তু এই পনীৰ অসমীয়া খাদ্যভাষত সোমোৱা বহুত দিন হয়তো হোৱা নাই৷ আমি একদম সৰু কালৰ বিয়াবোৰত গুৱাহাটীতো পনীৰ খোৱা মনত নপৰে৷ সৰুতে পনীৰ বুলি ক’লে মাৰোৱাৰীৰ মাংস বুলিয়েই কৈছিলোঁ৷ এতিয়াও বাৰু পনীৰ নিৰামিষাহাৰীৰ মাংস যেনেই৷ কোনোবাই মাছ-মাংস নেখালে তেওঁৰবাবে অকল পনীৰেই থাকে৷ যদিও পনীৰ খুব কম অসমীয়া মানুহৰহে প্ৰিয় খাদ্য হয় তথাপি অসমীয়া বিয়াৰ ৰিচেপচনত কিন্তু পনীৰ আটাইতকৈ সন্মান পোৱা খাদ্য৷ বুফে চেটৰ মাজত পনীৰৰ বাচনটোক ঢাকি-ঢুকি এনেকৈ ৰখা হয় যেন গৃহস্থই পনীৰ নহয় সোণহে ৰাখিছে৷ মাছ মাংসৰ বাচনৰ ঢাকনি মুকলি, কিন্তু পনীৰৰ বাচনৰ ঢাকনি বন্ধ৷
বহুত বিয়াত গৃহস্থৰ কাঢ়া নিৰ্দেশ থাকে যে পনীৰ অকল নিৰামীষহাৰীয়েহে খাব পাৰিব, যেন কোনোবা মাছ মাংস খোৱা মানুহে পনীৰ খালে বিয়াখনৰ বাবে অমংগলহে হ’ব৷ সেইবাবে কেটাৰিঙৰ ল’ৰাকেইজনে মাছ মাংস খোৱা মানুহক পনীৰ দিবই নুখুজে আৰু পনীৰো এনেকৈ দিয়ে যেন আৰু এটুকুৰা পনীৰ থালত বেছিকৈ পৰিলে ভাৰতৰ জিদিপিয়েই পৰি যাব৷ বহু ক্ষেত্ৰত পনীৰক ইমান জেদ প্লাচ সুৰক্ষাত ৰখা হয় যে নিৰামিষহাৰীয়েই বুফেত পনীৰ বিচাৰি উলিয়াব নোৱাৰে আৰু পনীৰ দিবলৈ কেটাৰিঙৰ ল’ৰাকেইজনে নিৰামিষ হয় নাই চিবিআইৰ দৰে এনেকৈ সোধ-পোছ কৰে, পনীৰ থালত পেলাব পৰাটো কিবা ডাঙৰ গৌৰৱৰ কথা যেন লগা হয়৷
এতিয়া আহোঁ পনীৰ লৈ মোৰ সৰু কালত হোৱা অভিজ্ঞতা এটালৈ৷ আমাৰ সৰু খুড়াৰ বিয়া খাবলৈ গাঁৱলৈ গৈছিলোঁ৷ মই সপ্তমমানত আছিলোঁ চাগৈ৷ বিয়াৰ পাছত দৰা ঘৰৰ খোবাখুবীৰ ভোজ৷ তেতিয়াৰ দিনত ৰিচেপচন খোবাখুবীয়েই আছিলে৷ সেই সময়ত মই আৰু দাদাই মাংস নেখাওঁ৷ গতিকে মায়ে খুড়া এজনক টাউনৰপৰা এপোৱা পনীৰ আনিবলৈ ক’লে৷ লগালগ বিয়াঘৰত কৌতূহল বিয়পি গ’ল, সকলোৰে প্ৰশ্ন এই পনীৰটো কি বস্তু আকৌ৷ নিউজৰ ভাষাত ক’বলৈ গ’লে তীব্ৰ চাঞ্চল্য৷ আজিৰপৰা পঁচিশ বছৰ আগতে বাৰু পনীৰ অসমৰ গাঁৱত আচহুৱা বস্তুৱেই আছিলে৷ বিয়া ঘৰত পনীৰ চিনি পোৱা কোনো নোলালেই৷ মাছ মাংস নোখোৱা মোৰো, পনীৰ খোৱা আশা মৰহি যাবৰ উপক্ৰম হ’ল৷ তেনেতে কাষৰ ঘৰৰ চাহ বাগানত চাকৰি কৰা খুড়া এজনে ক’লে,
: মই পনীৰ চিনি পাওঁ, মাৰোৱাৰীয়ে খায়, মই মেনেজাৰৰ ঘৰৰ খানাত দেখিছোঁ৷ টাউনত পাব লাগে৷
কথা শুনি মোৰ পনীৰ খোৱাৰ আশা আকৌ জীপাল হৈ উঠিলে৷ খুড়াহঁত বজাৰ ওলাই যোৱাৰ পাছত বিয়া ঘৰত বু বু বা বা আৰম্ভ হ’ল৷ পনীৰ বুলি নতুন কিবা বস্তু এটা আহিব৷ পনীৰ চিনি পোৱা খুড়াৰ ল’ৰা মণি মোৰ একে বয়সৰ আছিলে৷ গতিকে তাক ক’লোঁঁ,
: তই মোৰ বন্ধু, তোকো পনীৰ দিম, চিন্তা নকৰিবি৷
বন্ধু কাৰণে অকল তাক পনীৰ দিব খোজা কাৰ্য্যক বাৰু আজিৰ দিনত নেপোটিজম বুলিয়েই ক’লে হয়৷ খুড়াহঁতেও বহুত বিচাৰি বিচাৰি এখন দোকানত পনীৰ পাবলৈ সক্ষম হ’ল৷ কিন্তু পনীৰ আহি বিয়াঘৰত সোমোৱাৰ লগে লগে, বিয়া ঘৰৰ পৰিবেশ লাহে লাহে সলনি হ’বলৈ ধৰিলে৷ যেনেকৈ টকা পইচাৰ আৱিষ্কাৰে সমাজত লোভ হিংসাৰ সৃষ্টি কৰিলে, বিয়া ঘৰতো পনীৰে লোভ আৰু হিংসাৰ সৃষ্টি কৰিলে৷ নতুনকৈ শুনা এই পনীৰ নামৰ খাদ্যৰ প্ৰতি বহুতে লোভ কৰা আৰম্ভ কৰিলে৷ মোৰ খুড়াৰ ল’ৰা মোতকৈ তিনিবছৰমান সৰু হ’ব সিও পনীৰ খোৱা হ’ল৷ আমি ক’লোঁ পনীৰ অকল মাংস নোখোৱাৰ কাৰণে, সি পনীৰৰ ভাগ নেপায়৷ সি ক’লে,
: মই আজি মাংসই নেখাওঁ৷ পনীৰ খাম৷
মানে পনীৰৰ কাৰণে মাংসৰ বলিদান৷ ইপিনে পনীৰৰ স্বত্বাধিকাৰী হ’বলৈ পাই মোৰ মনতো অলপ অহংকাৰৰ সৃষ্টি হ’ল, গতিকে মই ক’লোঁ,
: পনীৰ অকল মণিক দিম বাকী কাকো নিদিওঁ৷
মণিৰো অলপ অহংকাৰ হৈছিলে বাৰু কাৰণ গাঁৱত পনীৰ চিনি পোৱা জ্ঞানী পুৰুষজন তাৰ বাপেক৷ পিচে মোৰ আৰু মণিৰ অহংকাৰ দেখি মোৰ খুড়াৰ ল’ৰাই কান্দি-কাটি নিজৰ মাকক অভিযোগ কৰিলেগৈ৷ খুড়ীয়ে তাক বুজালে পনীৰ অকল মাংস নোখোৱাৰ বাবেহে, তই মাছ-মাংস খাবি৷ পিচে সি নাচোৰবান্দা জেদ নেৰে৷ শেষত খঙত খুড়ীয়ে ঠালৌৰ ঠালৌৰ কৈ দুই চৰ লগাই দিলে৷ সি মাৰ খোৱা দেখি মণিৰ বাপেকে আহি ঘটনাটো বুজ ল’লে আৰু যেতিয়া গম পালে যে নেপোটিজমৰ বাবে মণিৰ অহংকাৰ হৈছে আৰু তাৰ বাবে আলহী ল’ৰাই চৰ খাবলগীয়া হৈছে বাপেকে আহি মণিক পিটন দিলে৷ মণিয়েও কান্দি-কাটি ভাত নেখালে, মায়ে মোক গালি দিলেহি যতকূটৰ ঘাঁই বুলি, ময়ো অভিমান কৰি ভাত নেখালোঁ, মুঠতে সেই ৰাতি আমাৰ পনীৰ কাৰো খোৱা নহ’ল আৰু মহা মূল্যবান পনীৰ অনাদৰ হৈ পৰি থাকিলে৷ ইফালে পনীৰৰ দৰে নতুন বস্তু এটা আনি বিয়াঘৰৰ ভীতৰত লুকাই ৰাখি বাকী ৰাইজক খাবলৈ নিদিয়াৰ বাবে, গাঁৱৰ কিছুমান বৰমা, খুড়ী, পেহীয়ে বিয়াঘৰৰ মানুহক কঠোৰ সমালোচনা কৰিলে৷ সেই ৰাতি কিন্তু আমাৰ বিয়া ঘৰত নিৰামিষ পনীৰে ভাল অশান্তি কৰিলে৷ সেইদিনা বিয়া ঘৰত পনীৰ “paneer of discord”হে হ’লগৈ৷
☆ ★ ☆ ★ ☆
3:27 pm
ভাল লাগিল পঢ়ি৷
5:51 pm
হা হা হা। এনেকুৱা ঘটনা এভাগ ময়ো কৰিছিলোঁ সৰুতে।