অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী বঁটাপ্ৰাপ্ত ৰংবং তেৰাঙৰ সৈতে হোৱা এক অন্তৰংগ আলাপ
কাৰ্বি পাহাৰ মানেই সৌন্দৰ্য্যৰ আঁকৰ। এই কাৰ্বি পাহাৰৰ বুকুত বাস কৰে এজন সৰল মনৰ ব্যক্তি, মিঠা হাঁহি এটা অনবৰতে মুখত লাগি থাকে মানুহজনৰ।নীৰলে প্ৰজ্ঞাৰ সাধনাত ব্ৰতী তেখেত, পাহাৰৰ বুকুতে এদিন তেখেতে দেখিছিল ‘ৰংমিলিৰ হাঁহি’, সৃষ্টি কৰিছিল ‘নীলা অৰ্কিড’। পাহাৰ ভৈয়ামৰ সমন্বয়ৰ প্ৰতীক সেইগৰাকী মহীৰূহ হৈছে অসমীয়াৰ বুকুৰ কুটুম পদ্মশ্ৰী ৰংবং তেৰাং।
অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা এই বৰেণ্য সাহিত্যিক গৰাকীয়ে নিজকে এগৰাকী শিক্ষক বুলি চিনাকি দি ভাল পায়। ১৯৩৭ চনৰ ১৩ জানুৱাৰীত কাৰ্বি আংলংৰ ভিতৰুৱা গাঁও এখনত জন্ম গ্ৰহণ কৰা সাহিত্যিকগৰাকী নগাঁও কলেজৰপৰা কলেজীয়া শিক্ষা লাভ কৰে। সেই সময়তে তেখেতে শিক্ষাগুৰু হিচাপে সান্নিধ্য লাভ কৰিছল প্ৰখ্যাত সাহিত্যিক মহিম বৰা দেবৰ। পৰবৰ্তী কালছোৱাত উচ্চ শিক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহি শিক্ষাগুৰু হিচাপে পাইছিল বিদগ্ধ পণ্ডিত তথা বৰেণ্য সাহিত্যক ড° মহেশ্বৰ নেওগ, ড° সত্যেন্দ্ৰনাথ শৰ্মা আদিক। তেখেতৰ সৃষ্টিশীল মনৰ বিকাশ ঘটিছিল তেওঁলোকৰ সংস্পৰ্শত।
১৯৮১ চনত ৰংবং তেৰাঙৰ প্ৰথমখন উপন্যাস “ৰংমিলিৰ হাঁহি” ৰ ৰূপত প্ৰকাশ পায়। “ৰংমিলিৰ হাঁহি”ক অসমৰ পাঠক সমাজে ব্যাপক হাৰত আঁকোৱালি লয়। তাৰ পিছৰেপৰা তেখেতে সৃষ্টি কৰি গৈছে অবিৰত ভাবে। বয়সে তেখেতক হাৰ মনাব পৰা নাই। কেতিয়াও আত্মসন্তুষ্টিত নোভোগা তেখেতৰ মতে, সন্তুষ্টিৰ অৰ্থই হৈছে স্থবিৰতা।
সেই নমস্য সাহিত্যিক গৰাকীৰ কিছু মনৰ খবৰ জানিবলৈ এদিন সন্ধিয়া আমি গৈ ওলাইছিলোঁ তেৰাং ছাৰৰ ডিফুৰ বাসগৃহত। আমাৰ লগৰীয়া আছিল কাৰ্বি পাহাৰৰ চেঁচা বতাহজাক। মিঠা হাঁহি এটা মাৰি ছাৰে আমাক ভিতৰলৈ লৈ গৈছিল। লাহে লাহে কথাবোৰ আৰম্ভ হৈছিল, ইটো সিটো কথাৰ মাজত ছাৰ মাজে মাজে হৈ পৰিছিল নষ্টালজিক।
ছাৰৰ কিছু মনৰ বতৰা পাঠক সমাজক জনাবলৈ তেখেতৰ লগত হোৱা সেই অন্তৰংগ আলাপখিনিৰ কিয়দাংশ তলত আগবঢ়ালোঁ৷
ফটাঢোল : আপােনাৰ জন্ম কাৰ্বি আংলংৰ কোন ঠাইত আৰু কেতিয়া হৈছিল? আপােনাৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ বিষয়ে কওকচোন?
ৰংবং তেৰাং : মােৰ জন্ম কাৰ্বি আংলংৰ বকলীয়াঘাটৰ কাষৰ লাংবুদিংপিত ১৯৩৭ চনৰ ১৩ জানুৱাৰীত হৈছিল। মােৰ পিতৃৰ নাম ৰূপছিং তেৰাং। ঘৰত আৰু পৰিয়ালৰ মাজত দেউতাক ‘বেহু’ বুলিহে মাতিছিল। মাৰ নাম বাই ৰংহাংগী। মাৰ ঘৰ লংনিত লাংপাপানত আছিল। ছাম ৰংহাং আছিল মাৰ দেউতাকৰ নাম। দেউতা বৃটিছৰ সময়ত কাকী লালুং গাঁৱত থকা ফৰেষ্টবাংলাত চাপ্ৰাছী কামত চাকৰি কৰি তাৰপৰাই অৱসৰ গ্ৰহণ কৰিছিল।
ফটাঢোল : আপােনাৰ শিক্ষা জীৱনৰ বিষয়ে কিছু কথা জনাওকচোন।
ৰংবং তেৰাং : মই কাকী লালুং গাঁও প্রাইমেৰী স্কুলত শিক্ষা জীৱনৰ পাতনি মেলিছিলোঁ। প্রধান শিক্ষক মলাৰাম বৰা আৰু সহকাৰী শিক্ষক উমাচৰণ কোচ আছিল মােৰ আদি শিক্ষক। পিছত দেউতা লংকালৈ বদলি হােৱাত মােকো লংকালৈ নি লংকা লােকেল বোর্ড প্রাইমেৰি স্কুলত নাম লগাই দিছিল। প্রধান শিক্ষক আছিল সতমল বৰুৱা আৰু সহকাৰী শিক্ষক আছিল ধনেশ্বৰ শইকীয়া। প্রথমমানৰ পৰা তৃতীয়মান শ্ৰেণীলৈকে লংকাতেই পঢ়িছিলোঁ। হাইস্কুল শিক্ষাও লংকাতেই সামৰিছিলোঁ। প্রধান শিক্ষক আছিল খগেন্দ্রনাথ শর্মা। সহকাৰী শিক্ষকসকলৰ মাজত মােৰ জীৱন গঢ়া মাজুলী বনগাঁৱৰ সােমনাথ দত্ত, কামপুৰৰ সূর্যকান্ত লস্কৰ, ৰজনীকান্ত মহন্তৰ নাম এই প্রসংগত নলৈ নােৱাৰিলোঁ। কলেজীয়া জীৱন আৰম্ভ কৰিছিলােঁ নগাঁও কলেজত। কলেজ অধ্যক্ষ আছিল যজ্ঞেশ্বৰ শৰ্মা, উপাধ্যক্ষ আছিল মহেশ চন্দ্র দেৱগোস্বামী। নগাঁও কলেজৰ আমি আছিলােঁ প্রথম অনাৰ্ছ বিষয়ৰ ছাত্ৰ। ছাৰসকল আছিল মহিম বৰা, ড° সৰ্বেশ্বৰ ৰাজগুৰু আৰু লগতে যজ্ঞেশ্বৰ শৰ্মা ছাৰেও পাঠদান কৰিছিল। কলেজৰ শিক্ষা সামৰি গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ত শিক্ষা গ্রহণ কৰিছিলোঁ। মােৰ অসমীয়া বিষয় আছিল বি-গ্রুপৰ অৰ্থাৎ ভাষা বিজ্ঞানৰ বিষয়। ড° মহেশ্বৰ নেওগ, ড° সত্যেন্দ্রনাথ শর্মা, ড° উপেন্দ্রনাথ গােস্বামী আৰু ড° গােলােক চন্দ্র গােস্বামী আছিল আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু।
ফটাঢোল : আমি জানিবপৰা মতে আপুনি স্কুলীয়া জীৱনত ফুটবলৰ এজন সুদক্ষ গ’লকীপাৰ আছিল আৰু আপােনাক বিভিন্ন দলে হায়াৰ কৰিছিল। এই বিষয়ে কিছু কথা কওকচোন।
ৰংবং তেৰাং : স্কুলীয়া জীৱনত ফুটবল খেলি আনন্দ লভিছিলোঁ। আপুনি কোৱাৰ দৰে মই কিন্তু সুদক্ষ গ’লকীপাৰ নাছিলােঁ। মােৰ পজিচন চেকেণ্ড গ’লকীপাৰহে। আমাৰ স্কুল টীমৰ সুদক্ষ গ’লকীপাৰ আছিল লংকা আলিছিঙা গাঁৱৰ পৰশুৰাম বর্মণ।আমাৰ সময়ত স্কুলে স্কুলে ফুটবল খেলি স্কুলবােৰৰ মাজত সমন্বয় স্থাপন কৰাবলৈ প্রধান শিক্ষকে উৎসাহ দিছিল। তেনেবােৰ কাৰণতেই লামডিং, হােজাই, যমুনামুখ, চাপৰমুখ, কামপুৰ আদি ঠাইলৈ ৰেলৰ যােগেদি খেলিবলৈ গৈছিলোঁ। অৱশ্যে, কোনােবা সময়ত মােক হায়াৰ কৰি নিয়া কথাটো মিছা নহয়৷ বকলীয়াঘাটৰ খেলপথাৰলৈ এবাৰ হায়াৰ কৰি নিছিল। পুৰণি কাকীৰপৰা বকলীয়াঘাটলৈ অৰণ্যৰ পথেৰে ন মাইল। ন মাইল খােজ কাঢ়ি ফুটবল খেলিবলৈ গৈছিলােঁ। বকলীয়াঘাটৰপৰা মােৰ সহপাঠী জগৎ হাজৰিকাই মােক আদৰিছিল। সেই সময়তে কাৰ্বি আংলংৰ যুৱ নেতা শ্ৰদ্ধাৰ ছত্ৰছিং টেৰণ দেৱক লগ পাইছিলােঁ। সেইবাৰেই প্ৰথম তেখেতৰ লগত দেখা সাক্ষাৎ হৈছিল। মই নিজকে সৌভাগ্যৱান বুলি ভাবিছিলোঁ।
ফটাঢোল : ঠিক ফুটবল খেলুৱৈৰ দৰেই আপুনি এজন ভাল ভলীবল খেলুৱৈও আছিল আৰু আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়া কালত আপােনাৰ বাবেই আপুনি থকা হােষ্টেলটো আন্তঃহোষ্টেল ভলীবল প্রতিযােগিতাত সেইবছৰ চেম্পিয়ন হৈছিল। এই বিষয়ে কওকচোন।
ৰংবং তেৰাং : ফুটবলতকৈ ভলীবল মােৰ প্রিয় খেল আছিল। লংকা হাইস্কুলত পঢ়ি থাকোঁতেই আমি ভলীবল খেলিছিলোঁ। মােৰ প্রিয় পজিছন আছিল নেট ফিটিং। গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে দুই নম্বৰ হােষ্টেল অর্থাৎ গােপীনাথ বৰদলৈ হােষ্টেলত আছিলোঁ। হােষ্টেলৰ ৱাৰ্ডেন আছিল দুৱৰা ছাৰ। হােষ্টেলত ভলীবল খেলিছিলোঁ। আমাৰ হােষ্টেলৰ ভলীবল টিমৰ কেপ্তেইন আৰু চেক্রেটাৰী আছিল বি. দাস (নামটো পাহৰিছোঁ)। হােষ্টেলৰ প্রিফেক্ট আছিল দত্ত। আমাৰ দলটোত আছিল মনিপুৰৰ এ. সিং, গিৰিশ শর্মা, গােপাল মেধি, টি.মেধি আৰু আমাৰ কেপ্টেইন বি. দাসৰ লগতে নেট ফিটাৰ মই। আমাৰ ভলীৰ চেৰেকণিত বিপক্ষ দলবােৰে পৰাজয় স্বীকাৰ কৰিছিল। ১৯৬৪-৬৫ চনৰ ইণ্টাৰ হােষ্টেল প্রতিযােগিতাত RCC Boys Hall No.Il অর্থাৎ আমাৰ হােষ্টেল বিজয়ী ভলীবল টীম বুলি গুৱাহাটী বিশ্ববিদ্যালয়ে সম্মান জনাইছিল।
ফটাঢোল : আপােনাক অসমৰ মানুহে ‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা হিচাপে চিনি পায়। আপুনি নিজকে কি বুলি চিনাকি দিবলৈ ভাল পায়?
ৰংবং তেৰাং : ‘ৰংমিলিৰ হাঁহি’খনেই মােৰ প্রথম উপন্যাস। অসমৰ মানুহে সেইদৰেই মােৰ চিনাকি দিব বিচাৰে। ইয়াত মােৰ ক’ব লগীয়া নাই। মোৰ নিজৰ চিনাকি দিবলৈ একোৱেই নাই৷ মই নিজকে এজন শিক্ষক ৰূপেহে চিনাকি দিবলৈ ভাল পাওঁ।
ফটাঢোল : অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে অসমৰ ৰাইজে আপোনাক অসম সাহিত্য সভাৰ সভাপতি পাতিলে। আপুনি ভাৱেনে যে, অসমৰ ৰাইজে আপােনাক যথাযােগ্য সম্মান দিছে?
ৰংবং তেৰাং : অসমৰ ৰাইজলৈ মােৰ হেজাৰ কাৰ্দম জনাইছোঁ। ধন্যবাদ জনাইছোঁ। অসমৰ ৰাইজে মােক ইয়াতকৈ যথাযােগ্য সম্মান আৰু কি দিবলৈ আছে!
ফটাঢোল : আপুনি অসম সাহিত্য সভা আৰু অসম প্ৰকাশন পৰিষদ দুয়ােটা অনুষ্ঠানৰ লগতে জড়িত আছিল। আপুনি ভাৱেনে যে, এই অনুষ্ঠান দুটাই অসমীয়া সাহিত্যৰ উন্নতি কৰাত সফল হৈছে?
ৰংবং তেৰাং : হয়। অসমৰ ৰাইজে মোক অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানৰ গুৰুভাৰ অৰ্পণ কৰিছিল৷ সেইদৰে অসম চৰকাৰওে অসম প্ৰকাশন পৰিষদৰ গধুৰ দায়িত্ব দিছিল। এই অনুষ্ঠান দুটাই অসমীয়া সাহিত্যৰ উন্নতি সাধনত কিমান দূৰ সফল হৈছে তাৰ বিচাৰ অসমৰ ৰাইজেহে জানে।
ফটাঢোল : ২০০১ চনত যেতিয়া হােমেন বৰগােহাঞি অসম সাহিত্য সভাৰ সভাপতি নির্বাচিত হৈছিল, আপুনি আছিল উপ-সভাপতি। তেখেতৰ লগতকাম কৰা আপােনাৰ অভিজ্ঞতা কেনেকুৱা?
ৰংবং তেৰাং : হােমেন বৰগােহাঞি দেৱৰ বিশ্বকোষ ৰচনা কৰাৰ যি গভীৰ প্রত্যয় আছিল মোৰ সামান্য সেৱাৰে মাজুলীৰপৰা ধুবুৰীলৈকে অসমৰ ৰাইজে দিয়া দান বৰঙণি সংগ্রহ কৰাত আগভাগ লৈছিলোঁ। অসমৰ ৰাইজৰ অপূর্ব সঁহাৰি দেখি মই অভিভূত হৈ পৰিছিলোঁ।
ফটাঢোল : সাহিত্য চৰ্চাৰ ওপৰিও আপুনি একাধাৰে আছিল এজন গীতিকাৰ, সুৰকাৰ আৰু গায়ক। কার্বি গায়ক-গায়িকাসকলৰ ভিতৰত যিসকল প্রথম অনাতাঁৰ শিল্পী আছিল তাৰ ভিতৰত আপুনি আছিল অন্যতম। আপােনাৰ এইটো প্রতিভাৰ বিষয়ে অসমৰ ৰাইজে বৰ বিশেষ নাজানে। আপােনাৰ সঙ্গীত জীৱনৰ বিষয়ে যদি কিছু কথা আমাক জনায় ভাল পাম।
ৰংবং তেৰাং : গীত মােৰ প্রিয় আছিল। দেউতাই যেতিয়া ‘দেংজিৰ’ গীত গাই, মই মনোযােগেৰে সেই গীতটি সৰুকালত শুনিছিলোঁ। লংনিত-লাংপাৰপানৰ ককাদেউতাৰ ‘হংফাৰলা’ত বানচ্চেনে যেতিয়া বেহেলা বজায়, তেতিয়া বেহেলাৰ সুৰত পমি গৈছিলোঁ। স্কুলত পঢ়ি থাকোঁতে, লংকাত ধনেশ্বৰ ছাৰে মােক দেশ-প্রেমমূলক জাতীয় জীৱনৰ গীত গাবলৈ শিকাইছিল। লংকাত স্বাধীনতা দিৱসৰ দিনা ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত ৰাইজৰ আগত মই ৰাষ্ট্ৰীয় সংগীত অকলশৰীয়াকৈ গাইছিলোঁ। বন্দে মাতৰ গীতটিও মই পৰিৱেশন কৰিছিলোঁ। লংকা চহৰৰ বাছ ষ্টেণ্ডত থকা খাউণ্ডৰ দোকানৰ ৰেডিঅ’ত ভাঁহি অহা ড° ভূপেন হাজৰিকাৰ গীত শুনি অভিভূত হৈছিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ফ্ৰেচ্ছাৰ ছ’চিয়েলৰ সময়তাে সমৱেত সংগীতত ভাগ লৈছিলোঁ। বন্ধুবৰ কেশৱ শইকীয়াৰ বেহেলা বাদন শুনি বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাত মােক বিমুগ্ধ কৰি তুলিছিল। নগাঁৱত পঢ়ি থাকোঁতে তাৰিকুদ্দিন আহমেদৰ ঘৰ বিচাৰিছিলোঁ, ইমান ধুনীয়া ‘মুকুতাৰ মালা’ গীত গােৱা শ্ৰদ্ধাৰ গায়ক বুলি। সংগীতৰ আকৰ্ষণত প্রয়াত কেহই বেৰ গীতৰ পুথি ‘খ’ই আৱমংৱেত ড° ভূপেন হাজৰিকালৈ এটি গীতেৰে কাৰ্বি আংলংলৈ আহিবলৈ অনুৰােধ কৰিছিলোঁ। কেৱল অসমৰে নহয় এইখন বিশ্বৰ এগৰাকী মহান শিল্পীৰ সান্নিধ্যই মোৰ জীৱনৰ গতি প্রদানত প্ৰেৰণাৰ উৎস হৈ পৰিছিল।
ফটাঢোল : বিশ্ববিদ্যালয়ত পঢ়া কালত আপােনাৰ কেইজনমান সহপাঠীৰ বিষয়ে কওকচোন, যিসকলে পৰৱৰ্তীকালত আপােনাৰ দৰেই সমাজত প্রতিষ্ঠা লাভ কৰিছে।
ৰংবং তেৰাং : বিশ্ববিদ্যালয়ত পঢ়া কালত মোৰ বৰ বেছি ঘনিষ্ঠ বন্ধু নাছিল। সহপাঠীসকলৰ ভিতৰত সমাজত প্রতিষ্ঠা লাভ কৰা বহুকেইজন থাকিব পাৰে। এই মুহূর্তত মোৰ মনত পৰা নাই। অৱশ্যে, তাৰ মাজৰে গুৱাহাটী কটন কলেজৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ৰামচৰণ ঠাকুৰীয়া আৰু গোলাঘাট চহৰৰ গল্পকাৰ কেশৱ শইকীয়াৰ নাম আজিও মনত পৰে।
ফটাঢোল : সমকালীন কার্বি সমাজত আপুনি এক সন্মানীয় স্থান দখল কৰি আছে। কার্বি সমাজলৈ আপােনাৰ বৃহৎ অৱদানক আপুনি কি বুলি ভাৱে, কার্বি লামতাছাম (কাৰবি ইংৰাজী-অসমীয়া অভিধান) নে আন কিবা ?
ৰংবং তেৰাং : সন্মানীয় স্থান দখল কৰিছোঁ নে নাই কৰা সেয়া মই ভৱাও নাই আৰু আগলৈকো তেনেকথা নাভাবোঁ। কার্বি সমাজলৈ অৱদান দিবপৰা মােৰ একো গুণেই নাই। কার্বি লামতাছাম এখন অভিধানেই। কিন্তু কাৰ্বি ভাষাৰ শব্দবােৰৰ ধ্বনি তত্বৰ বিচাৰ কৰিছিলোঁ।
ফটাঢোল : ছাত্ৰাৱস্থাৰপৰা এতিয়ালৈকে আপুনি সৃষ্টি কৰা সাহিত্যৰাজিক লৈ আপুনি সন্তুষ্ট নে?
ৰংবং তেৰাং : লিখিব পৰালৈকে লিখি গৈ থাকিম। সন্তুষ্টিৰ অর্থই হৈছে স্থবিৰতা।
ফটাঢোল : আপােনাৰ কলমৰপৰা ওলােৱা শেহতীয়া সৃষ্টি কি?
ৰংবং তেৰাং : ‘উৰুখা পঁজাৰ কাব্য’ নামৰ সৰু উপন্যাসখন। এই উপন্যাসখনেই কাৰ্বি ভাষাত লিখি প্ৰকাশ কৰিছিলোঁ-‘হেতু ছাফ্রিদাং আলুন’ নামেৰে।
ফটাঢোল : আপােনাৰ সহধর্মিনী কানাম হাঞ্চাপীৰ মৃত্যুৰ পিছত তেখেতৰ স্মৃতিত আপুনি ‘স্মৃতিৰ পাপৰি’ নামেৰে এখন গ্রন্থ প্রকাশ কৰিছিল। আপােনাৰ প্রিয়তমাৰ মৃত্যুৱে আপােনাৰ সৃষ্টিশীলতাত স্থবিৰতা আনিছে নেকি?
ৰংবং তেৰাং : মােৰ সহধর্মিনীৰ স্মৃতিত ‘স্মৃতিৰ পাপৰি’খন চপাইছিলোঁ। তেঁওৰ অকাল বিয়ােগে আমাক মনােকষ্ট দিছিল যদিও সৃষ্টিশীল মনটোক স্থবিৰ কৰিবপৰা নাছিল। জীৱন যিদৰে সত্য, মৃত্যুও সেইদৰে সত্য বুলি মই ভাবোঁ। এনেভাৱে মােৰ ‘জাক হেৰােৱা পক্ষী’, ‘মিৰবিন’ আদি উপন্যাসবােৰ লিখি গৈছিলোঁ-মােৰ পাহাৰৰ মাটিত সৃষ্টি হােৱা মানৱ ট্রেজেদীৰ ঘটনাবােৰ দেখি।
ফটাঢোল : আপুনি চাকৰিৰপৰা অৱসৰ লােৱা প্রায় দুটা দশক হ’ল। এই সময়ছােৱাত কাৰ্বি আংলঙৰ, বিশেষকৈ ডিফু চহৰৰ ব্যাপক পৰিৱৰ্তন হ’ল। আধুনিকতাৰ পৰশত ডিফু চহৰৰ যি পাহাৰীয়া ৰূপ-লাবন্য, সেয়া হ্রাস পালে বুলি আপুনি ভাৱে নেকি?
ৰংবং তেৰাং : ডিফুখন নগাঁও জিলাৰ অন্তৰ্গত৷ ৰেল ষ্টেচন হৈ থকাৰ পৰাই দেখি আহিছোঁ আৰু আজিৰ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ৰূপতাে দেখি আহিছোঁ। পাহাৰীয়া চহৰখনৰ ৰূপলাৱণ্য চহৰ তথা জিলাখনৰ ৰাইজে দেখিছে। ইয়াক বিচাৰ কৰাৰ অধিকাৰ মােৰ নাই। ৰূপান্তৰেই মানুহৰ উত্তৰণৰ পথ বুলি মই বিশ্বাস কৰোঁ।
ফটাঢোল : প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ কাৰ্বি আংলংক মাজতে কেইবছৰমান হিংসাৰ দাবানলে দহি নিছিল। কার্বি সমাজৰ এজন প্রতিষ্ঠিত ব্যক্তি হিচাপে আপুনি নিশ্চয় এই ঘটনাবোৰৰ বাবে মনত দুখ অনুভৱ কৰে।
ৰংবং তেৰাং : সেই ঘটনা প্রবাহে মােক দুখ দিছিল। সেই সম্পৰ্কে আৰু মই দোহাৰিব নিবিচাৰোঁ।
ফটাঢোল : কাৰ্বি আৰু অসমীয়া তথা পাহাৰ আৰু ভৈয়ামক একতাৰ এনাজৰীৰে বান্ধি ৰখা মূল ব্যক্তিজন ৰংবং তেৰাং। এই একতা বিভিন্ন সময়ত বিভিন্নজনে কলুষিত কৰিবলৈ চেষ্টা কৰিছে। আপুনি কি ক’ব?
ৰংবং তেৰাং : কোনােবাই সেইদৰে ভাবিব পাৰে, মই কিন্তু কোনাে কালেও নাভাবোঁ। কোনােবাই কলুুষিত কৰিব বিচাৰিছে যদিও মই জ্ঞাত নহও। মই এজন সাধাৰণ শিক্ষক মানুহ। মােৰ পৰিচয় সেইখিনিতেই।
ফটাঢোল : বর্তমান অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ সম্পৰ্কে আপোনাৰ মতামত কি?
ৰংবং তেৰাং : ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে মই মতামত দিব নােৱাৰোঁ। মই এই ক্ষেত্ৰত সম্পূর্ণ নির্লিপ্ত।
ফটাঢোল : আমাৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ আমাক এইকণ সময় দিয়াৰ বাবে আপােনালৈ অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জনালোঁ।
ফটাঢোল : প্ৰশ্নসমূহৰ বাবে আপােনালােককো ধন্যবাদ তথা শুভেচ্ছা জনালোঁ।
(উল্লেখযােগ্য যে ৰংবং তেৰাং ছাৰৰ সৃষ্টিৰাজী তথা তেখেতে লাভ কৰা বিভিন্ন বঁটা-বাহন আৰু সম্বর্ধনাৰ সা-সামগ্ৰীসমূহ ভৱিষ্যত প্রজন্মৰ বাবে সংৰক্ষণ কৰাৰ উদ্দেশ্যে উপ-সঞ্চালক(পাহাৰ) পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সহযােগত আৰু পঞ্চম অসম বিত্তীয় আয়ােগৰ সহায়ত তেৰাং ছাৰৰ ঘৰতে এটি পুথিভঁৰাল (সংগ্ৰহালয়) নির্মাণ কৰি থকা হৈছে আৰু ইতিমধ্যেই প্রায় ৮০ শতাংশ কাম সম্পূর্ণ হৈছে।)
সাক্ষাত গ্রহণকাৰী : ফটাঢোল ই-আলোচনীৰ হৈ প্ৰণৱ কুমাৰ বৰা, চন্দন বৰি।
সামগ্ৰিক পৰিকল্পনা আৰু যোগাযোগ : হিমাংশু ৰাজখোৱা।
☆ ★ ☆ ★ ☆
1:43 pm
ভাল লাগিল তেখেতৰ নজান কথা কিছুমান জানিবলৈ পাই৷
6:20 pm
এই সাক্ষাৎকাৰটোৰ বাবে বৰ আগ্ৰহেৰে বাট চাই আছিলো।
প্ৰিয় সাহিত্যিকগৰাকীৰ বিষয়ে জানিবলৈ এইকণ সুবিধা আমাক দিয়াৰ বাবে হিমাংশু আৰু চন্দনলৈ আন্তৰিক ধন্যবাদ
11:12 am
বৰ ভাল পালোঁ।বিশিষ্ট সাহিত্যিকগৰাকীৰ বিষয়ে জানিবলৈ পাই ধন্য হ’লো।
12:52 pm
ভাল লাগিল তেখেতৰ বিষয়ে জানিবলৈ পাই।
4:16 pm
ৰংমিলিৰ হাঁহি খন পঢ়িছো ।তেখেতৰ বিষয়ে জানিব পাৰি ভাল লাগিল।
1:55 pm
ভাল হৈছে সাক্ষাৎকাৰটো৷
8:23 am
তেখেতৰ দৰে down to earth মহীৰূহজনৰ উত্তৰবোৰ পঢ়ি মুগ্ধ হ’লো৷
12:04 pm
ভাল লাগিলে ৰংবং তেৰাং ছাৰৰ বিষয়ে কিছু কথা জানিব পাৰি।