ছেলছৰ টুপী-অভিজিৎ গোস্বামী
পঢ়া শুনা কৰাৰ দিনত ভাবিছিলোঁ যে, আৰামত অফিছত বহা চাকৰি এটা গোটাই জীৱনটো কটাই দিম। কিন্তু জীৱন যাত্ৰাই নি পোৱালেহি সম্পূৰ্ণ বেলেগ এটা পেছাত। ভাগ্যতো চাগে এইটো পেছাহে লিখা আছিল, কাৰণ মুখখন আগৰেপৰাই যথেষ্ট মিঠা আছিল আৰু এইটো পেছাত মুখখনেই আমাৰ প্ৰধান অস্ত্ৰ। অাজি তেনেদৰেই প্ৰায় ৮ বছৰমান বিভিন্ন কোম্পানীৰ হৈ এই পেছা ভালদৰেই চলাই আহিছোঁ প্ৰভুৰ কৃপাত। অাজি পিছে তাৰ লগত জড়িত কিছু নিজৰ ৰসাল কাহিনীহে ক’বলৈ ওলাইছোঁ।
তেতিয়া মই বাংগালোৰৰ এটা ভাৰতীয় কোম্পানীত কাম কৰি আছিলোঁ, পঢ়া শুনা সামৰি যোগ দিয়া বেছিদিন হোৱা নাছিল। অসমীয়া ল’ৰা হিচাপে দুপৰীয়া ঘৰুৱা ভাত মুঠি খাই আধাঘণ্টামান ঘুমটি মৰা অভ্যাসটো দূৰ কৰিব পৰা নাছিলোঁ। গতিকে প্ৰায়ে ৰুমলৈ গৈ দুপৰীয়া ভাত মুঠি খাই অলপ জিৰণি লৈ, আকৌ কামলৈ ঘূৰি আহোঁতে অসুবিধা পোৱা নাছিলোঁ। কিন্তু প্ৰায়ে অসুবিধা এটা পাইছিলোঁ যে মোৰ মেনেজাৰে সেইটো সময়তে ফোন কৰে কিবা কথা সুধিবলৈ। গতিকে প্ৰায়ে আধা খোৱা ভাতৰ পাত এৰি বা বিচনা এৰি দৌৰ মাৰি গৈ মেইন ৰাস্তা পাবগৈ লাগে যাতে গাড়ী মটৰৰ শব্দ শুনে কথা পাতোঁতে, যাতে তেওঁ সন্দেহ নকৰে নিৰিবিলি ঠাইত মানে ঘৰত বহি থকা বুলি। এনেদৰে কেইবাদিনো কৰিবলগীয়া হোৱাত ঘৰৰপৰা খোৱা বাদ দিম বুলিয়ে ভাবিছিলোঁ। কিন্তু হঠাতে এদিন মই আৰু মোৰ এজন বন্ধু মিলি এটা ভাল উপায় উলিয়ালোঁ। সাধাৰণতে বেংগালুৰুত যথেষ্ট বৰষুণ হৈ থাকে আৰু বৰ দীঘলীয়াকৈ নহয় অলপ দেৰিৰ বাবেহে আহে আৰু বেংগালুৰু চহৰখনো যথেষ্ট ডাঙৰ গতিকে ক’ত কেতিয়া বৰষুণ হয় ধৰিবই নোৱাৰি। গতিকে অামি ফোন আহিলে বাথৰুমলৈ গৈ জোৰেৰে চাৱাৰটো চলাই বাথৰুমৰ দুৱাৰখন খুলি ইক’ হ’ব নোৱৰাকৈ কথা পাতিম আৰু বৰষুণ হোৱা বুলি মেনেজাৰক কৈ, অলপ পাছত ফোন কৰিম
বুলি কৈ ফোনটো কাটি দিম। কথামতেই প্ৰথমতে দুই বন্ধু মিলি পৰীক্ষামূলকভাৱে কামটো কৰি চালোঁ। সন্দেহ হোৱাৰ আশা নোহোৱা দেখি বহুদিনলৈ এই কামফেৰা চলাই ৰাখিছিলোঁ দুয়োটাই। মেনেজাৰে পিছে এদিনলৈয়ো গম নাপালে দেই।
☆ ★ ☆ ★ ☆
1:39 pm
বাপৰে বুদ্ধি! আগতে পঢ়িছিলোঁ৷