ভাষা বিভ্ৰাট- সোমকান্ত শইকীয়া
আজিৰপৰা প্ৰায় ত্ৰিশ বছৰ আগৰ এটা সঁচা কাহিনীৰ বৰ্ণনা কৰিব খুজিছোঁ, শুনকচোন।
এখন ঔদ্যোগীক নগৰৰ আৱাসিক এলেকাত আমি ভালেকেইজন সহকৰ্মী ওচৰা-উচৰিকৈ বাস কৰোঁ। যিহেতু উদ্যোগটো ৰাজহুৱাখণ্ডৰ, গতিকে ভাৰতৰ সকলো ভাষা-ভাষী কৰ্মচাৰী একেলগে একেধৰণৰ আৱাসিক ঘৰত থাকে আৰু পৰিয়ালবিলাকৰ মাজত মিলা-প্ৰীতিও আদৰ্শণীয়। অসমীয়াৰ ভোগালী বিহুত সকলো জাতি ধৰ্মৰ লোক একেলগে মিলিত হৈ মেজি জ্বলোৱা, ভোজ-ভাত খোৱা আৰু নাচ-গানেৰে মহা আনন্দেৰে বিহুটো উদযাপন কৰা হয়।
তেনেকুৱা এটা বিহু উদযাপনৰ সময়ৰে এটা সৰু, অথচ মনত থকা ঘটনাৰ বিষয়ে ক’বলৈ ওলাইছোঁ।
আমি থকা ক’লনিটোৰ বিশটামান পৰিয়ালে একেলগে ‘ভোগালীৰ ভোজ’ খোৱাৰ আয়োজন কৰা হ’ল। মোৰ কাষৰ আৱাসত থকা বৰুৱাই বিয়া কৰি পৰিবাৰক লগত ৰাখিবলৈ অনা বেছি দিন হোৱা নাছিল, গতিকে অসমীয়া ভাষাৰ বাহিৰে হিন্দী, বেঙ্গলী আদি ভাষাত কথা কওঁতে প্ৰায়ে বিভ্ৰাট ঘটে। এইবাৰ এই বিভ্ৰাট বিহুৰ ভোজৰ মজিয়াতে ঘটিল।
হৰজিৎ সিং নামৰ পাঞ্জাবী বন্ধুজনেও প্ৰথমবাৰৰ বাবে তেওঁৰ পত্নীক অসমলৈ আনিছে, তেঁৱো হিন্দীৰ বাহিৰে আন একো ভাষাই বুজি নাপায়। তদুপৰি, প্ৰথম দিনৰ চিনাকিতে ৰাজহুৱাকৈ খাবলৈ লোৱাত তেওঁ অলপ অস্বস্তি অনুভৱ কৰিছে; কাষতে বহা বৰুৱাৰ পত্নীয়ে কথাটো লক্ষ্য কৰি আছিল; গতিকে, হৰজিতৰ পত্নীক পৰিবেশটো সহজ কৰিবৰ কাৰণে চেষ্টা কৰিছে।
: খাও খাও, চৰম নহী হায়, নিজকা ভাবতা হায়!
তেওঁ ক’ব খুজিছে যে, খোৱা খোৱা, লাজ কৰিব নালাগে, নিজৰ বুলিয়েই ভাবি লোৱা।
ইফালে, এনেয়ে সিং পত্নীয়ে আগৰ পৰাই অচিনাকি পৰিবেশত অস্বস্তি পাই আছিলে বৰুৱানীৰ কথাই তেওঁৰ একেবাৰে মুখ বন্ধ কৰি দিলে; তেওঁ কন্দনামুৱা হৈ হাত ধুই আঁতৰত থিয় হৈ থাকিলগৈ।
পুৰুষসকলৰ প্ৰায় সকলোৱে বৰুৱানীৰ হিন্দী শুনি একেলগে গিৰ্জনি মাৰি হাঁহি উঠিলে। বৰুৱাই বোলে,
: হেৰা, তুমি বৰ ভাল হিন্দী কোৱাহে!
হৰজিতেও উঠি গৈ পত্নীক আচল কথাটো বুজাই দিলেগৈ। লগে-লগে দুয়ো বন্ধু-পত্নীয়ে অলপ আগতে ঘটি যোৱা কথাটো পাহৰি হাঁহি ধেমালি কৰি খোৱা-পাতত বহিলহি।
তাৰ দুদিনমানৰ পিছতে বৰুৱানী সিং পত্নীৰ ওচৰলৈ আবেলি সময়ত ওলাই গ’ল।
সিং-পত্নীয়ে চুৱেটাৰ গুঠি থকা দেখি তেওঁ সুধিলে,
: কিচকা? (মানে কাৰ কাৰণে?)
সিং-পত্নী
: অপনে লিয়ে। (মানে নিজৰ কাৰণে)
বৰুৱানী অসন্তুষ্ট হ’লেই নহয়! ক্ষোভেৰে নিজৰ ঘৰলৈ গুচি আহি বৰুৱাক কথাটো ক’লেহি,
: হেৰা, এই সিঙৰ মানুহজনী বৰ অভদ্ৰ হে!
: কি হ’লনো?
তেওঁ চুৱেটাৰ এটা গুঠি আছে, মই বোলো কাৰ কাৰণে? তেওঁ কি ক’লে জানা?
: কি ক’লে?
ক’লে বোলে আপোনাৰ কাৰণে। চোৱাচোন, কথাটো সুধিলতে এনেকৈ মোক লাজ দিব লাগেনে?
: কি বুলি কৈছিল, হিন্দীত কোৱাচোন!
: আপনে লিয়ে, মানে আপোনাৰ কাৰণে। চোৱাচোন ইমান অভদ্ৰ মানুহ!
বৰুৱাই ঢেক-ঢেকাই হাঁহি বোলে,
: হেৰা হিন্দীত ‘অপনে লিয়ে’ মানে নিজৰ কাৰণে। আপোনাৰ কাৰণে নহয় হে!
বৰুৱানীয়ে একো নামাতিলে, মনতে ভাবিলে হিন্দী ভালকৈ নিশিকালৈকে অসমীয়া মানুহৰ বাহিৰে আন কোনো মানুহৰ ঘৰলৈকে নাযাওঁ আৰু!
☆ ★ ☆ ★ ☆
12:57 pm
হা হা। ভাল লাগিল পঢ়ি
1:10 pm
বঢ়িয়া৷
1:30 pm
মজ্জা, এনেকুৱা মোৰ বন্ধু এজনৰ লগতো ঘটিছে।