ৰিপ্-ৰাস্না বণিয়া(বৰুৱা)
ৰংমনে নতুনকৈ ফে’চবুক কৰিবলৈ শিকিছে। তাক আৰু কোনে পায়!এইকেইদিন সি ফে’চবুক লৈয়েই ব্যস্ত।তাকে দেখি তাৰ মাকৰ খঙে চুলিৰ আগ পালেগৈ।
: নিজৰ ফটো সোপাকেনো আৰু কিমান দি থাক! মানুহৰ চাগৈ তোক চাই চাই আমনি লাগিছে।
: নিজৰ ফটো নিদি ফেচবুকত কি বেলেগৰ ফটো দিয়ে নেকি? তোমাৰ ফটো দিব লাগে যদি কোৱা।
: মোৰ ফটো দিব নালাগে। কাইলৈ ককাৰৰ বছৰেকীয়া শ্ৰাদ্ধ। ককাৰ ফটো এখনকে দেচোন। সকলোৱে তেওঁৰ আত্মাৰ শান্তি কামনা কৰিব। মানুহৰ আশীৰ্বাদ বৰ ডাঙৰ বস্তু বুজিছ।
ৰংমনে মনতে ভাবিলে— “মায়ে ঠিকেই কৈছে। ফে’চবুকত ককাৰ শ্ৰাদ্ধৰ খবৰটো দি দিওঁ। সকলোৱে ককাৰ আত্মাৰ চিৰশান্তি কামনা কৰিব। ককাই য’তে আছে তাতেই বৰ আনন্দ পাব৷”
ভবা মতেই কাম। ৰংমনে ককাকৰ এখন ভাল ফটো ফে’চবুকত পোষ্ট কৰিলে আৰু ওপৰত লিখি দিলে- “মোৰ ককাৰ কাইলৈ বছৰেকীয়া শ্ৰাদ্ধ। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। তেওঁৰ আত্মাই যাতে শান্তি পায়।”
: ৰংমন, ককাৰৰ ফটো দিলিনে?
: অ’ দিলোঁ মা৷
: এতিয়া পথাৰৰপৰা এপাক আহগৈ যা।
মাকৰ কথামতেই ৰংমনে মোবাইলটো থৈ পথাৰলৈ বুলি আগবাঢ়িল।
ৰংমনে পথাৰৰপৰা আহিয়েই লৰালৰিকৈ মোবাইলটো চালে। তাৰ মনটো ভাল লাগি গ’ল। বাহ্! ইমান সোনকালে ইমান মন্তব্য!
: ৰংমন, কি লিখিছেনো? চাওঁ।
মাকে চিঞৰি সুধিলে।
: মা, তুমিতো কৈছিলা সকলোৱে ককাৰ আত্মাৰ চিৰশান্তি কামনা কৰিব। চোৱাচোন, অকল বৰদেউতাৰ বাহিৰে সকলোৱে দেখোন ‘ৰিপ্’ বুলিহে লিখিছে। ‘ৰিপ্’ মানেনো কি মা?
: ৰিপ্! জানো পায়। এইটো নাম আজিহে শুনিলোঁ।
ৰংমনৰ দেউতাকে সিহঁতৰ সকলো কথা শুনি আছিল। তেওঁ ক’লে,
: আজিকালি মানুহৰ সময়ৰ বৰ অভাৱ! তাতে পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ। সেইবাবে মানুহে আগৰ দৰে মানুহৰ মৃত্যু হ’লে ‘আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ’ বুলি কোৱাৰ পৰিৱৰ্তে ‘ৰিপ’ (RIP) বুলি কয়। মানে Rest in peace ৷ সময়ৰ পৰিৱৰ্তন বুজিছ।
গিৰীয়েকৰ কথা শুনি ৰংমনৰ মাকে দীঘলকৈ হুমুনিয়াহ কাঢ়িলে। তেওঁ ভাবিলে, “আমাৰ মৰমৰ ভাষাটো বাৰু কোন দিশে গৈ আছে? ইংৰাজী লিখাটো বা শিকাটো ভাল কথা। কিন্তু আমাৰ ইমান সুন্দৰ আৰু শুৱলা ভাষা এটা থাকোঁতে, আমাৰ নিজৰ ভাষাটো জীয়াই ৰখাতো আমাৰ প্ৰত্যেকজন ব্যক্তিৰে জানো কৰ্তব্য নহয়?” কিন্তু কাক ক’ব তাই এইবোৰ কথা! ক’বলৈ গ’লেই তেওঁক সকলোৱে বেয়া পোৱা হ’ব। ৰংমনৰ মাকে কথাবোৰ ভাবি থাকোঁতে তেওঁলোকৰ পদূলিৰ সন্মুখেৰে বৰুৱাৰ সৰু ছোৱালীজনী পাৰহৈ গ’ল। ৰংমনৰ মাকক দেখি তাই চিঞৰি কৈ গ’ল,
: Good evening aunty….৷ ৰংমনক খেলিবলৈ পঠিয়াই দিব দেই।
☆ ★ ☆ ★ ☆
10:24 am
ভাল লাগিল