ফটাঢোল

ভাৰ-গায়ত্ৰী প্ৰান্তিক শৰ্মা

: গোসাঁনী..অ’ আই…মই যাওঁ অ’। দুৱাৰখন জপাই ল।

কান্ধৰ দাঙডালতে বজাৰলৈ নিবলগীয়া মোনা দুয়োখন দুয়োফালে ওলোমাই আকাশলৈ চাই কপালতে হাত দুখন লগাই সেৱা এটা কৰি বাপেক ওলাই যায়। বাপেকে ভাত খাই থৈ যোৱা কাঁহীখন সামৰি মজিয়াখনত পানী দুচলুমান ছটিয়াই অঁতাই থকা আইজনী বাপেকৰ মাতত লৰালৰিকৈ ওলাই আহে। বাঁহৰ দুৱাৰখনতে ভেজা এটা দি পিন্ধি থকা পুৰণি ৰং যোৱা চোলাটোতে তিতা হাতখন মচি মচি আইজনীয়ে বাপেক যোৱাৰ ফালে আমন-জিমনকৈ চাই ৰয়। চকু দুটা কৰুণ হৈ উঠে তাইৰ। সদায় হোৱাৰ দৰে আজিও বুকুখনত বিষ এটা হয়। বাপেকৰ মোনাখন গধুৰ, বাপেকে কষ্ট পাইছে।

গধুৰ মোনাখন লৈ ওলাই যোৱা নিশকটিয়া বাপেকক দেখিলে আইজনীয়ে বৰ অসহায় অনুভৱ কৰে।ভাৰখন কেতিয়াবাহে বজাৰত সম্পূৰ্ণকৈ খালী হয়, তাই সেইদিনা সুখ পায়। এই সুখ, বস্তু বিক্ৰী হৈ ঘৰলৈ পইচা অহাৰ সুখ নহয়, বাপেকৰ কান্ধখন খালী হোৱাৰ সুখ, বোজাবোৰ নাইকিয়া হোৱাৰ সুখ। কিন্তু এই সুখ আইজনীয়ে বৰ কমকৈহে পায়। প্ৰায়েই বাপেকে ৰাতিপুৱাই ‘হেফো-টেপোকৈ’ নিয়া বস্তুবোৰ আবেলিলৈকে বিক্ৰী নহয়েই। দিনটো চৌফলিয়া ৰ’দচাতিত গ্ৰাহকৰ আশাত বহি বহি নিয়া ভাজেই মোনাখন আকৌ কান্ধতে লৈ কাণিমুনি সন্ধিয়া বাপেক ঘৰ ওলায়হি। আইজনীৰ হিয়া ভাগে। বাপেকৰ কান্ধৰ গধুৰ ভাৰখন জীয়েকৰ বুকুলৈ বগুৱাবাই আহে।

বাপেকৰ অভ্যাস। আহিয়েই চোতালৰপৰাই আইজনীক ৰিঙি এটা মাৰে-

: গোসাঁনী..অ’ সোণ…পালোঁ‌হি অ’ মই।

মাতষাৰ মাতি ‘নাৰায়ণ’ বুলি হুমুনিয়াহ এটাৰে কান্ধৰ ভাৰখন মাটিত থৈ ডিঙিৰ গামোচাখনেৰে মুখখন মচে। মাত শুনি আইজনী পানী এঘটি লৈ ল’ৰি আহে ভিতৰৰপৰা। এবাৰ মোনাখনলৈ চাই বাপেকক সোধে-

: বস্তুবোৰ বিক্ৰী নহ’ল হ’পাই দে’তা? গধুৰ সোপা আহোঁতেও বৈ আনিবলগীয়া হ’ল।

ভোৰভোৰাই তাই। আইজনীৰ ভোৰভোৰনিত থাকে বাপেকলৈ এসোপামান মৰম। মোনা দুটাৰপৰা বিক্ৰী নোহোৱাকৈ ৰৈ যোৱা বস্তুবোৰ উলিয়াই খবৰ কাগজ এখনত শাৰী শাৰীকৈ সজাই আইজনী বাপেকৰ কাষলৈ আহে। ঘামেৰে সিক্ত বাপেকৰ এই গাৰ গোন্ধটো আইজনীৰ অতিকৈ প্রিয়। তাইৰ ভাষাত সেইটো ‘দেতা দেতা গোন্ধ’। চোলাটো খুলিলে বাপেকৰ শুকান বুকুখনলৈ তাইৰ চকু যায়। শুকান অথচ চেনেহেৰে ভৰুণ। প্ৰাণভৰি লয় তাই বাপেক বাপেক গোন্ধটো। কান্ধখন চুই চাই বাপেকৰ। দাং লোৱা জেগাখিনিৰপৰা শিৰবোৰ কাষলৈ কোঁচ খাই পাৰ বান্ধি কান্ধখন গাত এটাৰ দৰে হৈ গৈছে। তাই বাপেকক কয়-

: গাটো তিয়াই আহগৈ দেতা। মই ৰঙা চাহ এটোপা কৰোঁ‌।

গা ধুই অহা বাপেকৰ কান্ধখনত আইজনীয়ে ষ্টীলৰ পুৰণা বাতি এটাতে গৰম নহৰু তেল এবাতি লৈ লাহে লাহে সানি দিয়ে। বাপেকৰ চকু মুদ খায়, আনন্দত।জীয়েকৰ হাতৰ পৰশত। চকু মুদি মুদিয়েই সোধে-

: কিনো কৰিলি দিনটো আইজনী?

আইজনীয়ে যেন মনে মনে এই প্ৰশ্নটোলৈহে বাট চাই থাকে। বাপেকে সুধিবলৈ পায় কি নাপায় বকলা মেলে দিনটোৰ-

: জান দেতা। অকমানি দাদাহঁতৰ বৰমাই যে হাঁহ পোৱালি দুটামান পুহিছিল আজি সেইকেইটাই দুপৰীয়া বেলাটো পেকপেকাই অনুহঁ‌তৰ বৰমাৰ ভাতঘুমটি ভাঙিলে। সেয়াকে লৈ অকমানি দাদাহঁতৰ বৰমাৰ আৰু অনুহঁ‌তৰ বৰমাৰ যিহে কাজিয়া অ’। তাৰ পিছত…তাৰ পিছত…

আইজনীৰ যেন কথা শেষেই ন’হব। তাইহে জানে অকণমানি বুকুখনত দিনৰ দিনটো কতগাল কথা কঢ়িয়াই ফুৰিব লাগে। উশাহ নসলোৱাকৈ আইজনীয়ে কৈ যোৱা কথাবোৰ বাপেকে চকু মুদি মুদিয়েই শুনি থাকে। আমনি নালাগে বাপেকৰ, দিনটোৰ ভাগৰ মৰে।

ইমানবোৰ কথাৰ মাজতো কিন্তু এটা কথা আইজনীয়ে এতিয়ালৈকে বাপেকক কোৱা নাই। কথাটো আচলতে কেনেকৈ ক’ব তাই উৱাদিহেই পোৱা নাই। যোৱাবছৰ এইটলৈ পাওঁতেই অভাৱত স্কুল এৰা আইজনীক আজি লগৰে জাহ্নৱীয়ে খবৰটো দিলেহি। বোলে-

“তই বৰ বেয়া সময়ত স্কুল এৰিলি জাননে আইজনী।চৰকাৰে ক্লাছ এইটলৈ পোৱা ছোৱালীবোৰক এইবাৰ চাইকেল দিব বোলে। আমি পাম। তোলৈহে বেয়া লাগিছে পাই।”

কথাটোৱে কালিৰেপৰা আইজনীক খুন্দিয়াই আছে।কামৰ মাজে মাজে মাত্ৰ এই কথাটোৱেই বাৰে বাৰে আমনি কৰি আছে। ইস্ চাইকেলখন পোৱা হ’লে তাইলৈ নহ’লেও অন্ততঃ বাপেকলৈকে হ’লহেঁতেন।বাপেকটোৱে কান্ধত বজাৰখন তুলি নিনিয়া হ’লেও হ’লহেঁতেন। জাহ্নৱীয়ে কৈছিল তিনিমাহমানতে বোলে চাইকেলবোৰ দিব। তাই মন গৈছে একেবাৰে ন’হলেও চাইকেলখন পোৱালৈকে অন্ততঃ তিনিমাহমান স্কুললৈ যাব পৰা হ’লে। কিন্তু বাপেকটোকলৈহে আইজনীৰ চিন্তা। তাই ন’হলে ভাতকেইটা বাঢ়ি দিবলৈকে মানুহ এটা নাই। তথাপিও তাই কথাটো বাপেকৰ কাণ চোৱালে। তেলেৰে মালিচ কৰি থাকোঁ‌তেই যিমান পাৰি কোমলকৈ মাতটো উলিয়াই তাই বাপেকক ক’লে,

: অ’ দে’তা শুনচোন। আমাৰ লগৰ যে জাহ্নৱী। তই চিনি পাৱ। সেই যে সোণাৰাম খুড়াৰ ছোৱালী। তাই কালি তই বজাৰলৈ যোৱাৰ পিছতে আমাৰ ঘৰলৈ আহিছিল।

আইজনীৰ এইটো পুৰণি অভ্যাস। বাপেকক যিকোনো কথা সৈমান কৰাবলৈ হ’লে তাই পোনপটীয়াকৈ নকৈ লেনচেলাই কথাবোৰ দীঘল কৰি যায়।

: আও কে’লেই অ’। তই ইস্কুল এৰাৰ দিন ধৰি তাইক দেখোন আমাৰ ঘৰলৈ অহাই দেখা নাই। হাইঠা মাটিত পৰিল যে।

আইজনীৰ কথাত বাপেকে উত্তৰ দিলে।

: ইস দেতাই যে কেনেকে কয়। ইস্কুল যোৱা ল’ছালিৰ ইমান জানো সময় থাকে মানুহৰ ঘৰলৈ যে ফুৰিবলৈ আহিব।

তাই জাহ্নৱীৰ ফলিয়া হৈ ক’লে।

: হ’ব হ’ব দে। কেলে আহিছিলেনো। কিবা পাতিছে নেকি?

বাপেকে আইজনীক সুধিলে।

: নহয় অ’ দেতা। তাই আৰু মই জানো একেলগৰ নাছিলোঁ? তাই এইবাৰ ক্লাছ এইটলৈ গৈছে নহয়।এইবাৰ এইটলৈ পোৱাবোৰক বোলে চৰকাৰৰ ঘৰৰ পৰা চাইকেল দিব।

: ঔ আই বাইস্কল দিবনে হেৰৌ।

বাপেকৰ চকুত আশ্চৰ্য। বাপেকৰ চকুৰ আশ্চৰ্যই আইজনীক কথা আগবঢ়াই নিবলৈ সুবিধা দিয়ে। তাই দুগুণ উৎসাহেৰে কৈ উঠে-

: অ। দিবতো আকৌ। মইহে ঘপকনে এৰি দিবলগীয়া হ’ল ইস্কুল। ন’হলে ময়ো পালোঁ‌হেতেন। অ’ দে’তা, মই নহয় কথা এটা ভাবিছোঁ।(আইজনীৰ মাতত কোমলতা) তোৰ ৰাতিপুৱাই বজাৰলৈ ভাৰখন পিঠিত বৈ নিবলৈ কষ্ট হয় যে, মই ন’হলে তিনিমাহমান ইস্কুললৈ গৈ চাইকেলখনকে লৈ লওঁ দে। পালেই আকৌ এৰি দিম। দিবিনে?

আইজনীৰ মাতত অনুনয়ৰ সুৰ।

: নালাগে অ’গোসাঁনী। উদৰ সাত পুৰুষ গ’ল কেঁচা মাছ খায়। এই বুঢ়া বয়সত চাইকেল পিটি বজাৰলৈ ন’গলেও হ’ব দে।

বাপেকৰ কথাত আইজনীৰ মুখ ফুলে-

: তই ক’লেই হ’বনে। ভাৰখন কঢ়িয়াই কিমান কষ্ট পাৱ মই নেদেখোঁ‌ নে  কিবা। মোৰ বৰ দুখ লাগে দেতা।দেচোন যাওঁ। চাইকেল এখন আহিব ঘৰলৈ। সম্পত্তি এটাও হ’ব।

আইজনীৰ চকুলৈ চাই বাপেকে। বেয়া লাগিল তেওঁৰ। কিনো বিচাৰিছে দেহি! পঢ়ুৱাবতো নোৱাৰিলেই।তিনিমাহ স্কুললৈ যাবলৈও নিদিবনে ছোৱালীজনীক।বাপেকক মাজে মাজে তাইক স্কুললৈ পঠিয়াব নোৱৰা দুখটোৱে খাই মাৰে। পঢ়াত ভাল আছিল তাই। গানো জানো কম ধুনীয়া গাইছিল। এবাৰ স্কুলৰ বছেৰেকীয়া ‘ক্ৰীড়া সপ্তাহত’ আইজনীয়ে গাবলগীয়া “গোপালে কি গতি কৈলে” বৰগীততো বাপেকৰ আগত গাই শুনাওঁতে কোনোমতেহে বাপেকে নকন্দাকৈ ৰৈছিল, একেবাৰে মাকৰ সাঁচতে উঠিছে ছোৱালীজনী, বাপেকে সুখ পায় ভাবি।

: হ’ব দে কাইলৈ বৰমাষ্টৰৰ লগত কথা পাতি নাম লিখোৱাই দিম।

বাপেকৰ কথাষাৰত আইজনীয়ে ইমানেই ফূৰ্তি পালে যে বাপেকৰ কাষৰপৰা উঠি ভাতকেইটা বাঢ়িবলৈ যাওঁতেও গান এটা গাই গাই দেও দি দি গ’ল।

পাঁচ দিনমানৰ পিছত বাপেকে বজাৰৰ পৰা আহি ৰিঙিতো মাৰোঁতেই ক’লে-

: গোসাঁনী..আহিলোঁ অ আই…কাইলৈৰপৰা তই স্কুল যাব লাগিব দেই। আজি মাষ্টৰক পাই কৈ আহিছোঁ।

পিছদিনাৰপৰাই আইজনী স্কুললৈ যাবলৈ ল’লে। দোকমোকালিতে উঠি চোতাল সৰাৰপৰা আৰম্ভ কৰি ভাত বনোৱালৈকে সমস্ত কাম কৰি তাই স্কুললৈ যায়।তাৰ দুমাহমানৰ পিছতে স্কুললৈ খবৰ আহিল এইকেইদিনতে চাইকেলবোৰ আহিব।

দুমাহমানৰ পিছত কোনোবা এটা দিনত ঘৰলৈ চাইকেলখন আহিল। আইজনীৰো স্কুললৈ যোৱা বন্ধ হ’ল। জীৱনত কেতিয়াও নিজৰ চাইকেল এখন নোহোৱা বাপেকক চাইকেলখন উপহাৰ দিলে জীয়েকে। বুকু ফুলিল বাপেকৰ।

নীলা ৰঙৰ বাস্কেট এটা থকা ধুনীয়া চাইকেলখনে চোতাল শুৱনি কৰিলেহি। ৰঙা তলা এটাও এদিন বাপেকে কিনি আনি ‘নিকপকপিয়াকৈ’ লগাই দিলে।

আজিকালি বাপেকে বজাৰলৈ চাইকেল লৈ যায়।দুয়োফালে ভাৰবোৰ বান্ধোঁ‌তে বান্ধোঁ‌তে চাইকেলখনে অদ্ভুত ৰূপ এটা ধাৰণ কৰিছেগৈ। ক’লা চিটটো বেঁকা হৈ বাস্কেটটোৰ ফালে মুখ কৰি নাথাকি হেণ্ডেলডালৰ বাওঁফালে মুখ কৰি ৰৈছেগৈ। বজাৰত ৰখাই থওঁতে কোনোবাই খুন্দিয়ালেও হ’বলা, পিছফালৰ ধুনীয়া ৰঙা লাইটটোও এৰাই গ’ল। ৰঙৰ চিকচিকনিও অলপ দিনৰ ভিতৰতে নাইকিয়া হৈছিল।

 ৰাতিপুৱাবোৰত চাইকেলখন লৈ ওলাই যোৱা বাপেকটোলৈ চাই আইজনী সুখী হয়। পেডেল মাৰি গৈ থকা বাপেকক দেখিলে তাইৰ বুকুখন ভৰি পৰে।বাপেকক অকণমান সুখ দিব পৰাৰ আনন্দত উজ্বল হয় আইজনীৰ দুচকু।

আজিকালি বাপেকে সন্ধিয়া বজাৰৰপৰা আহি ‘গোসাঁনী অ’ বুলি মাতষাৰৰ লগতে টিলিঙাটোও বজাই দিয়ে। আইজনী ল’ৰি আহি নঙলাডাল খোলে আৰু বজাৰৰ মোনাবোৰ নমাই চোতালখনতে হাফ পেডেল মাৰি মাৰি চাইকেলখন এপাক চলায়।

চাইকেলখন দুয়োৰে বৰ মৰমৰ। বজাৰৰপৰা অহাৰ পিছত বাপেকক চাহ এবাতি খাবলৈ দি আইজনীয়ে বাপেকৰ পুৰণা ধুতিৰ আগ এটা ফালি চাইকেলখন মচি পেলায়। স্প’কবোৰৰ মাজে মাজে তাইৰ কণমানি হাতখন সুমুৱাই কপাহী কোমল কাপোৰ টুকুৰা তিয়াই তিয়াই মচি থাকে। তাৰ পিছত শুকান কাপোৰ এখনেৰে ঘঁহি ঘঁহি শুকুৱায়। গোটেই চাইকেলখন যেতিয়া চকচকীয়া হৈ পৰে, তেতিয়াহে আইজনী ভাতত লাগিবলৈ যায়। আজিকালি মাজে মাজে বেয়াও হৈ থাকে চাইকেলখন। বাপেকে বজাৰৰপৰা আহোঁতে ভাল কৰি আনি তাইক কৈ থাকে কেৰেং, ফ্ৰি হুইল কিবাকিবি নামবোৰ। কেনেকৈ চৰিয়া এটাত পানী এচৰিয়া লৈ ফুটা টায়াৰটো সুমুৱাই সুমুৱাই ‘যোগেন দোকানীয়ে’ চাইকেলখনৰ ফুটা মাৰে তাকে ভাবি বাপেক জীয়েক আচৰিত হয়।

: আইজনী। বাপেৰৰ মুখত অন্তিম পানী এটোপা দে হি।

: আইজনী কান্দচোন অকণমান, বাপেৰ গ’লগৈ..এনেকৈ নাকান্দিলে কষ্ট খাবি.. বাপেৰক বিদায় দে।

: এনেকৈ দুখবোৰ মনত থ’ব নাপায় অ’ আইজনী।চিঞৰি কান্দচোন।পাতল হ।

চাৰিওফালৰ কথা-বতৰা বোৰ শুনি আছে আইজনীয়ে। কিন্তু খবৰটো পোৱাৰেপৰা সেই যে ফ্ৰকটোৰে আঁ‌ঠু দুটা ঢাকি ঘোকোছ মাৰি আঁঠুত মূৰটো থৈ পিৰালিতে যি বহিল তেতিয়াৰপৰা কোনেও তাইক ওপৰমূৰ কৰাব পৰা নাই।

বাপেক মৰিল। চাইকেলখন লৈ বজাৰৰপৰা আহি থাকোঁ‌তেই ট্ৰাকৰ তলত পৰি বাপেক মৰিল।

তাই কান্দিব পৰা নাই। বাপেকক তাই মাৰিলে। তাই চাইকেল আনি বাপেকক মাৰিলে।

চোতালত থকা বাপেকৰ শৱটোৰ মুখৰপৰা বগা চাদৰখন উৰি যায় বতাহত। তাই ৰৈ আছে। নাকান্দে।বাপেকে ‘গোসাঁনী’ বুলি নমতালৈকে নাকান্দে।

এক্সিডেণ্ট হোৱা ঠাইৰপৰা চাইকেলখন আনি কোনোবাই জেওৰাখনতে আওজাই থৈছিল। চাইকেলখনেও জেওৰাখনতে আমন জিমনকৈ ৰৈ থাকিল।

আইজনীয়ে কান্দক।

☆ ★ ☆ ★ ☆

8 Comments

  • কাবেৰী মহন্ত

    কি যে সাৱলীলভাৱে লিখিছা! সাংঘাতিক??

    Reply
  • মানসী

    দুখ লাগি গ’ল..আকৌ পঢ়িলোঁ..তোমাৰ গল্প সদায় প্ৰিয়

    Reply
  • জিতু

    ভাল লাগিল , কিন্তু দুখো লাগিল।

    Reply
  • দুলুমণি গগৈ

    বৰ সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *