ফটাঢোল

দেশে বিদেশে কিছু অভিজ্ঞতা-কনচেং বুঢ়াগোহাঁই

ইনচিয়’নৰ ইমিগ্ৰেচন অফিচত এঘণ্টা ধৰি বহি আছোঁ। কি যে এখন দেশ, কি যে আমাৰ মানুহবোৰ, সততাৰ কোনো নাম গোন্ধ নাই৷ মাথো কেনেকৈ ফাঁকি মাৰি পইচা খাব পাৰে তাৰেহে যেন চিন্তাত মজি থাকে৷

ইনচিয়’ন এয়াৰপৰ্টৰ ইমিগ্ৰেচন খিৰিকীত মোক ক’লে যে,

: আপোনাৰ পাছপর্টখন স্কেনিং মেচিনটোৱে পঢ়িব পৰা নাই আপুনি সৌ অফিচটোত ৰিপর্ট কৰক।

সেই বুলি কাউণ্টাৰৰ এমূৰে থকা অফিচ এটালৈ অফিচাৰজনে আঙুলিয়াই দেখুৱালে। দেখুওৱা ধৰণেৰে অফিচটোলৈ আহি অন্য এজন অফিচাৰক মোৰ সমস্যাটোৰ বিষয়ে অৱগত কৰিলোঁ৷ সেইযে আহিলোঁ এঘণ্টাৰ ওপৰ হ’বৰ হ’ল এই অফিচটোতে বহি আছোঁ। আজি আমাৰ হংকং  হৈ যাবলগীয়া ফ্লাইটখন কেন্সেল হ’ল৷ হংকঙত চাইক্ল’ন৷ বৰ বৰ হৰফেৰে স্ক্ৰীণত ডিচপ্লে হৈ আছে  Super Typhoon Haima in Hong Kong ৷ নতুন টিকেটৰ বাবে যুঁজ দিওঁতে ৪ ঘণ্টাতকৈও বেছি বোন্দাপৰ দিবলগীয়া হ’ল৷  ফ্লাইট আছিল এচিয়ানা কোম্পানীৰ। সেইদিনা কোম্পানীৰ ফালৰপৰা বেলেগ ফ্লাইটত টিকেটৰ কোনো আশা নাই বুলিয়েই আমাক জনালে৷ বহুত যুঁজিও টিকেট যোগাৰ নোহোৱাত দিল্লীৰ অফিচত জনোৱা হ’ল৷ অফিচে যেনিবা আমাৰ তিনিজনৰ বাবে বেলেগ ৰাস্তাৰ তিনিটা টিকেট যোগাৰ কৰি আমাক উদ্ধাৰ কৰিলে৷ এইখন বেংকক হৈ যাব৷ যিফালেদিয়েই নাযাওক কিয় মুঠতে আমি ইয়াৰপৰা যাব লাগে৷ ইয়াত থকা মানে পইচা খৰছ৷ কোম্পানীৰ এক দায়িত্ব আছে নিজৰ কৰ্মচাৰীৰ বাবে, সেয়ে কেইটকামান বেছি দি ‘থাই এয়াৰ লাইনচ’ৰ টিকেট যোগাৰ কৰিছে৷ তাৰোপৰি, তিনিজন মানুহৰ এদিনৰ থকা খোৱা খৰছতো বহুত হয়গৈ৷ টিকেট হোৱাৰ পাছত এয়া ইমিগ্ৰেচনৰ এই অফিচটোত ধৈৰ্য পৰীক্ষা দি আছোঁ৷ অফিচাৰজনেও যুঁজি আছে। সেই একেই মেচিন একে দশা। মাজে মাজে অফিচাৰজনে মোক কিবা-কিবি সুধি আছে, যেনে- ক’লৈ আহিছিল, কি কামত আহিছিল ইত্যাদি সৰু সুৰা কিছু অনর্থক প্ৰশ্ন৷ তাতে তেওঁ তেল কোম্পানীত চাকৰি কৰা বুলি জানি আৰু বেছিকৈ কথা পতাত লাগিল। অৱশ্যে পাছপৰ্টৰ কামৰ কথা তেখেতে পাহৰা নাই৷ স্কেনিং মেচিনত কামটো নোহোৱা দেখি অৱশেষত ফর্ম এখন মোক পূৰাবলৈ দিলে। ফর্মখন পূৰাই তেখেতৰ হাতত দিলোঁ। তেখেতে মোৰ পাছপর্টখনৰ সৈতে ফর্মখন মিলাই চাই সন্তুষ্ট হৈ ভিতৰৰ ৰূমটোলৈ সোমাই গ’ল৷ ৰূমটোত চীল মোহৰ মাৰি আনিলে৷ তাত চাগে এখেততকৈ ওপৰৰ এজন বহি আছে৷ ৰূমটোৰপৰা ওলাই আহি তেওঁ বহল হাঁহি এটা মাৰি ক’লে,

: কামটো হৈ গ’ল আপুনি যাব পাৰে।

ইতিমধ্যে বহু দেৰী হ’ল আকৌ ইমিগ্ৰেচনত শাৰী পাতিবলৈ হ’লে মোৰ ফ্লাইটৰ বাবে সময়ৰ নাটনি হ’ব পাৰে। সেয়ে তেখেতক ক’লোঁ,

: ছাৰ, এতিয়া ইমিগ্ৰেচনত লাইন পাতিবলৈ হ’লে মোৰ দেৰী হ’ব পাৰে,  অনুগ্ৰহ কৰি যদি ইমিগ্ৰেচনৰ চেকিং মোক পাৰ কৰাই দিয়ে তেন্তে মোৰ সুবিধা হয়।

অফিচাৰজনক অলপ দয়ালু যেন অনুমান কৰিয়েই কথাষাৰ ক’লোঁ৷ তেখেতে কিন্তু অলপো অসন্তুষ্টি প্ৰকাশ নকৰি মোক ইমিগ্ৰেচন চেকিং পাৰ কৰাই দিলে। দীঘল শাৰীত থিয় নোহোৱাকৈ পাৰ কৰাই দিয়া বাবে তেখেতক ধন্যবাদ জনালোঁ। ইতিমধ্যে লগত অহা দুজনে মোৰ বাবে ইমিগ্ৰেচন কাউণ্টাৰ পাৰ হৈ মোলৈ ৰৈ আছিল। মোক দেখি তেওঁলোক আগবাঢ়ি আহি ইমান দেৰী কিয় হ’ল আদি প্ৰশ্নৰে মোক ব্যতিব্যস্ত কৰি তুলিলে। তেতিয়াও অৱশ্যে ফ্লাইটৰ  বাবে আমাৰ হাতত অলপ সময় আছিল। আমি তিনিওৱে কফি খাবৰ বাবে ৰেষ্টুৰেণ্ট এখনত সোমালোঁ৷

ইনচিয়’ন এয়াৰপর্ট মানে পৃথিবীৰ আটাইতকৈ পৰিষ্কাৰ দক্ষিণ কোৰিয়াৰ সর্ববৃহৎ এয়াৰপর্টটো৷ পূৰা নামটো হ’ল “চিউল-ইনচিয়’ন আন্তর্জাতিক বিমানবন্দৰ”। মানুহৰ মুখত নামটো চুটি হৈ হৈ এতিয়া ইনচিয়’ন এয়াৰপর্ট হ’লহি। এই এয়াৰপর্টটো  দুটা বেলেগ বেলেগ  দ্বীপক লগলগাই এক ডাঙৰ নতুন দ্বীপ তৈয়াৰ কৰি তাতে এই অত্যাধুনিক এয়াৰপৰ্টটো গঢ়ি তুলিছে। ইয়াত থকাৰ ব্যৱস্থাৰ উপৰিও গল্ফ খেলাৰ সুবিধাও আছে৷ আমাৰ তাত এয়াৰপৰ্টৰ ৱালৰ কাষতে ৰাস্তা, শ্লাম এৰীয়া নতুবা বিভিন্ন সৰু-বৰ কল-কাৰখানাৰে ভৰপূৰ হৈ থাকে৷ ঠাইৰ অভাৱত বেলেগ কিবা এটা বনোৱা বা সজোৱাৰ কথা ভাবিবই নোৱাৰি৷ এই এয়াৰপৰ্টটোক আৰু দক্ষিণ কোৰিয়াৰ মূল ভূখণ্ডৰ সৈতে এখন দীঘল আটকধুনীয়া দলঙেৰে সংলগ্ন কৰা হৈছে৷ ইয়াৰ দৰে মালদ্বীপত দেখিছিলোঁ কেৱল এয়াৰপৰ্টটোৰে এটা পৃথক সৰু দ্বীপ৷ তাৰ এয়াৰপৰ্টটো ৰাজধানী মালে’ৰপৰা বেছি দূৰত নহয় যদিও স্থলপথেৰে কোনো সংযোগ নাই। মটৰ লান্স বা তেনে কোনো নাৱেৰেহে ৰাজধানীলৈ যাব পাৰি৷ মই মালে’ত থকাৰ সময়তে শুনিছিলোঁ জাপানে সাগৰৰ তলিৰে এটা সুৰংগ পথ তৈয়াৰ কৰিব যিটোৱে এয়াৰপৰ্ট আৰু ৰাজধানী মালে’ক লগ লগাব৷ যিদৰে ইংলিচ চেনেলৰ তলেদি বনোৱা সুৰংগ (ইউৰো টানেল) পথটো হ’ল ইংলেণ্ড আৰু ইউৰোপৰ (ফ্ৰান্স হৈ) মাজৰ আটাইতকৈ ব্যস্ত স্থলপথ৷ এতিয়া সেই সুৰংগইদি ট্ৰেইন চলে আৰু ট্ৰেইনত বাছ, গাড়ী সকলো কঢ়িয়াই নিয়ে৷ পিচে মালে’ৰ সুৰংগ পথ বনোৱা হ’ল নে নাই নাজানো৷

ইয়াৰ কেইমাহমানৰ আগতে মোৰ এই পাছপৰ্টৰ স্কেনিঙৰ প্ৰব্লেম ভিয়েটনামৰ হো চি মিন চিটিৰ এয়াৰপৰ্টত হৈছিল৷ তাত অৱশ্যে বৰ বেছি সময় ৰ’ব লগা হোৱা নাছিল৷ সেয়া বৰ ইণ্টাৰেষ্টিং৷ সেইদিনা এয়াৰপৰ্টটোত উগ্ৰপন্থীয়ে যাত্ৰীক বন্ধক বনোৱাক লৈ আখৰা কৰা হৈছিল পুৱাৰ ভাগতে৷ এই আখৰাৰ কথা যাত্ৰীবোৰে ঘূণাক্ষৰেও কোনেও জনা নাছিল৷ নকল গুলীৰ শব্দত যাত্ৰীবোৰ ইফালে সিফালে লৰা-ধপৰা কৰিছিল। অৱশ্যে এয়াৰপৰ্টৰ চিকিউৰিটীসকলে যেনিবা সকলো চম্ভালি লৈছিল৷ আখৰা কৰা ঠাইডোখৰো ৰছীৰে বেৰা আছিল৷ আখৰা একেবাৰে চিনেমা চুটিঙৰ দৰে আছিল৷ এনে এটা সময়তে মই ইমিগ্ৰেচন কাউণ্টাৰত থিয় হৈছিলোঁগৈ।  ইয়াতো সেই একেই প্ৰব্লেম, স্কেন নহয়৷ সেই সময়তে গুলীৰ আখৰা চলিল৷ অফিচাৰজনে এখন্তেকো নৰৈ অফিচাৰৰ ৰূমলৈ নিজে উঠি গৈ মোৰ কামটো কৰি আনিলে৷ পৰিবেশটোৰ বাবে হয়তো মোৰ সহজে ইমিগ্ৰেচন হৈ গ’ল৷ সেইবোৰ যিয়েই নহওক কিয়, এইবাৰ মই দৃঢ় হ’লোঁ৷ মোৰ পাছপৰ্টখন সলনি কৰিব লাগিব নহ’লে ইমিগ্ৰেচনত বাৰে বাৰে প্ৰব্লেম আহি থাকিব, সেয়া নিশ্চিত৷

এদিন নতুন পাছপৰ্টৰ বাবে অনলাইন আবেদন কৰিলোঁ৷ এজন নাগৰিকৰ বাবে পাছপৰ্টখন কিমান মূল্যবান দেশৰ বাহিৰলৈ গ’লে প্ৰতি পদে পদে অনুভৱ কৰা যায়৷ তেনে এক ডকুমেণ্ট ইমান অসাৱধানতাৰে আৰু সস্তীয়া প্ৰিণ্টেৰে ছপা কৰি দিয়ে যে কথাষাৰ ভাবি বেয়া লগাতকৈ খং উঠে বেছি৷ আনকি ভাল প্ৰিণ্টৰ বাবে যথাযোগ্য পইচাও দিয়া হয়৷ তথাপি তলখাপৰ কপি লৈয়ে আমি সন্তুষ্ট হ’ব লাগে৷ যাৰবাবে মোৰ দৰে বহুতে এনেদৰে ইমিগ্ৰেচনত বহু সমস্যাৰ সন্মুখীন হ’ব লগা হয়৷ বান্ধি দিয়া নিৰ্ধাৰিত সময়ত গৈ পাছপৰ্ট সেৱা কেন্দ্ৰত উপস্থিত হ’লোঁগৈ৷ এই প্ৰাইভেট কেন্দ্ৰটোত কেইজনমান চৰকাৰী অফিচাৰ বহে যাতে সৰু-সুৰা আপত্তিসমূহ ঠাইতে সমাধান কৰিব পাৰে৷ সেইদিনা, অফিচৰ বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে পাঁচ ঘণ্টা অতিবাহিত কৰাৰ পাছত চৰকাৰী বিষয়া এজনৰ সন্মুখীন হ’লোঁ মানে মোৰ কামৰ একেবাৰে শেষ ঢাপ৷ মোকো এজন চৰকাৰী মানুহ বুলি জানি অফিচাৰজনে দুই এষাৰ পাতিলে৷ মই ইচ্ছা কৰিয়েই তেখেতক ক’লোঁ,

: পাছপৰ্টৰ ম্যাদ আৰু পাত থকা স্বত্বেও মই পাছপৰ্টখন সলনিৰ বাবে আবেদন কৰিবলগা হৈছে কেৱল প্ৰিণ্ট ভাল নোহোৱাৰ বাবে৷ প্ৰিণ্ট ভাল নোহোৱাটো মোৰ দোষ নহয় যদিও মই অফিচ ছুটীলৈ ইয়ালৈ আহিব লগা হ’ল৷ তাৰোপৰি মই এখন নতুন পাছপৰ্টৰ বাবে দুহেজাৰ টকা দিব লগা হৈছে৷ ইয়ালৈ অহা-যোৱা খৰছৰ কথা আপোনাক নক’লেও বুজি পাব৷ এয়া বৰ পৰিতাপৰ কথা৷

কথাখিনি সমগ্ৰ উষ্মাৰে তেখেতক ক’লোঁ৷ তেখেতে, ‘হয়নেকি’ ধৰণৰ চাৱনিৰে মোৰ ফালে চাই তেওঁ হাঁহি এটাহে মাৰিলে, কিন্তু মুখেৰে একো নক’লে৷ মই জানো, তেখেতে ইয়াত কৰিবপৰা একো নাই আৰু কৈয়ো একো লাভ নাই৷ তাৰ কেইদিনমানৰ পাছতে ৰাতি থানাৰপৰা ফোন আহিল, মোৰ পাছপৰ্ট ভেৰিফিকেশ্যনৰ বাবে তেখেতে মোক লগ কৰিবৰ বাবে সময় ঠিক কৰিব খুজিছে৷ মই ক’লোঁ,

: কাইলৈ পুৱা ন বজাৰ আগত নহ’লে সন্ধ্যা সাত বজাৰ পাছত লগ কৰিব পাৰিম। বাকীখিনি মোৰ অফিচৰ সময়,

বুলি কোৱাত তেখেত খৰ্গহস্ত হৈ ক’লে,

: হেৰী, আমি নুশুমেই নেকি? কেৱল ডিউটীয়েই কৰিম নেকি?

উত্তৰপ্ৰদেশৰ পুলিচ৷ তেখেতৰ মেজাজ বুজি পাই মই ক’লোঁ,

: তেন্তে আপুনিয়েই কওক, কোন সময়ত আহিব পাৰিব৷ মোৰো অফিচ আছে নহ’লে মই ছুটী ল’ব লাগিব৷

এইবাৰ তেখেতে নৰম হৈ ক’লে,

: ঠিক আছে কাইলৈ সন্ধ্যা লগ কৰিম।

মই অ’কে বুলি ফোন সামৰিলোঁ৷ পিছদিনা সন্ধ্যা আঠমান বজাত তেখেত আহিল কাগজ পত্ৰ এসোপামান লৈ৷ কেইবাঠাইতো চহী কৰিবলৈ ক’লে আৰু দেখুৱাই দিয়া মতে চহী কৰিলোঁ৷ মোৰ ফটো খুজিলে, আইডেণ্টিটি বিচাৰিলে৷ সকলো দিয়াৰ পাছতো তেখেত লৰচৰ নকৰা দেখি ময়েই সুধিলোঁ,

: কিবা থাকিল নেকি?

: নহয় মানে ভেৰিফাই কৰিবলৈ ঘৰলৈকে আহিছোঁ যেতিয়া কিবা এটা দিয়ক,

তেখেতৰ ভাষ্য৷

: কি দিম আপোনাক, চিধা চিধা কওক।

মই অলপ জোৰ দিয়েই কথাষাৰ ক’লোঁ৷

: ঠিক আছে টকা পাঁচশ দিয়ক।

তেখেতে স্পষ্টকৈ ক’লে৷

: পাঁচশ কিয়? এইটো আপোনালোকৰ কামৰ ভিতৰতে পৰে নহয়নে? আপুনি বাইক লৈ আহিছে তেলৰ খৰছৰ বাবে টকা এশ লওক৷ আপোনাৰ কথা ৰাখিলোঁ।

মোৰ কথাশুনি তেখেত ক্ষন্তেকৰ বাবে বিবুদ্ধিত পৰিল, হয়তো ভবাই নাছিল মোৰপৰা তেনে এক উত্তৰ পাম বুলি৷  অনিচ্ছা স্বত্বেও সিমানতে মান্তি হৈ তেখেত গ’লগৈ৷ ইতিমধ্যে তিনিদিন পাৰ হ’ল পুলিচ ভেৰিফিকেশ্যন হোৱাৰ। সেই সপ্তাহটোৰ শনিবাৰৰ দিনা ভাতপানী খাই চোফাখনতে অলপ জিৰণি লৈছিলোঁ, তেনেতে কলিং বে’লটো বাজিল৷ দুৱাৰ খুলি দেখিলোঁ পাৰ্চেল অনা মানুহ এজন৷

: কি আছে

বুলি সোধাত তেওঁ মুখেৰে নামাতি মোক চহী কৰিবলৈ কাগজ এখন আগবঢ়াই দিলে৷ চহী কৰি ওভোতাই দিলোঁ৷ তেতিয়া তেওঁ লাহেকৈ মাত লগালে, 

: ছাৰ এইয়া পাছপৰ্ট৷  টকা পঞ্চাছটা দিয়ক এইয়া আপোনাৰ দৰকাৰী চীজ। ভালে ভালে আনি আপোনাৰ হাতত দিছোঁহি৷

মই কি ক’ম ভাবি নাপালোঁ৷ ভিতৰলৈ গৈ টকাকেইটা তেওঁৰ হাতত দি মনে মনে ভাবিলোঁ, সকলোতে এইখনৰ কাৰণে পইচা দিব লগা হৈছে এখেতে মাথো টকা পঞ্চাছটাহে বিচাৰিছে৷ এই মানুহজনকনো বঞ্চিত কৰোঁ কিয়! বিচৰা মাননীটো পাই হাঁহি এটা মাৰি মানুহজন গ’লগৈ৷ মোৰ মুখতো অজানিতে হাঁহি এটা বিৰিঙিল৷

২০১৮ চনৰ ডিচেম্বৰ মাহৰ কথা৷ মই, মোৰ পৰিবাৰ আৰু সৰু ল’ৰাটোৰ সৈতে দহ দিনমানৰ বাবে অষ্ট্ৰীয়া ফুৰিবলৈ যোৱাৰ কথা৷ ভিচা টিকেট আদি সময়মতে সকলো যোগাৰ হ’ল।  নিদিষ্ট সময়ত দিল্লী এয়াৰপৰ্টত হাজিৰ হ’লোঁ৷ বৰ্ডিং পাছৰ কাউণ্টাৰত লাগিল খেলিমেলি৷ এইবাৰ খেলিমেলিৰ কাৰণ বেলেগ৷ বৰ্ডিং পাছৰ কাউণ্টাৰত থকা ছোৱালীজনীয়ে জনালে যে,

: ছাৰ, আপোনাৰ ল’ৰাটোৰ পাছপৰ্ট আৰু টিকেটত নামৰ মিল নাই৷ মই নাজানো বৰ্ডিং পাছ ইচ্ছ্যু কৰিব পাৰি নে নাই৷ চিনিয়ৰক সুধিব লাগিব৷

আমাৰ মাজত খকা-খুন্দা লাগিল৷ ইমান প্লেন প্ৰগ্ৰাম সকলো অথলে যাব নেকি? টিকেট আৰু পাছপৰ্ট এইবাৰ মই নিজেই মিলাই চালোঁ৷ হয় সৰু ভুল এটা আছে৷ মানে ল’ৰাটোৰ নাম পাছপৰ্টত Kunal আৰু টিকেটত Koonal ৷ গণ্ডগোলতো সিমানেই৷ চিনিয়ৰজন আহিল তেওঁৰো সেই একে কথা৷ বৰ্ডিং পাছ ইচ্ছ্যু কৰাত অসুবিধা আছে৷ মই ক’লোঁ,

: এইটো কি কথা, বৰ্ডিং পাছত নামটো পাছপৰ্টত থকাৰ দৰে শুদ্ধ কৰি দিলেই হ’ল দেখোন৷ ল’ৰাটো ফিজিকেলি আপোনাৰ সন্মুখত আছেই আৰু ইমিগ্ৰেচনত বৰ্ডিং পাছহে চাব টিকেট নাচাই নহয়!

চিনিয়ৰজনে ক’লে,

: কথাটো ইমান সহজ হোৱা হ’লে কথাই নাছিল৷ ইয়াত প্ৰব্লেম নাই৷ কিন্তু অষ্ট্ৰীয়াৰ ইমিগ্ৰেচনত কি কৰিব যদি ৰিটাৰ্ণ কৰে আপোনালোকক৷

মই সাহস গোটাই ক’লোঁ,

: সেয়া মই চাই ল’ম৷ মাথো আপুনি মোক বৰ্ডিং পাছ দিয়ক৷

মোৰ কথাত তেওঁ একো নামাতিলে৷ এইবাৰ তেওঁ বৰ্ডিং পাছখন প্ৰিণ্ট কৰি আমাৰ হাতত দি ক’লে,

: অষ্ট্ৰীয়াৰ ইমিগ্ৰেচনত চম্ভালি ল’ব৷ ‘অল দা বেষ্ট’-

বুলি কৈ তাৰপৰা আঁতৰি গ’ল৷ নিৰ্দিষ্ট সময়ত ইণ্ডিয়ান এয়াৰলাইনচৰ ফ্লাইটত বহিলোঁগৈ৷ এয়াৰ ইণ্ডিয়া ফ্লাইটখনে সময়মতে সন্ধ্যা আঠমান বজাত ভিয়েনা এয়াৰপৰ্টত নমালেগৈ৷ অলপ সন্দেহ আছিল তথাপিও মনত সাহস ৰাখিছোঁ৷ আমি কোনো বেয়া উদ্দেশ্য লৈ ইয়ালৈ অহা নাই, ভয় কিহৰ৷ আমি মাক-দেউতাক লগত আছোঁৱেই, তাতে আমাৰ ল’ৰা এতিয়াও মাইন’ৰ হৈ আছে৷ তাৰ পাছপৰ্টত আমাৰ (মাক দেউতাক) দুয়োৰে নাম আছে৷ এনে এটা মনোভাৱেৰে ইমিগ্ৰেচন কাউণ্টাৰত থিয় হৈ প্ৰথমে ল’ৰাটোৰ পাছপৰ্টখন আগবঢ়াই দিলোঁ৷ লগে লগে ষ্টাম্প মাৰিলে৷ টিকেট দূৰৈৰ কথা বৰ্ডিং পাছখনো ভালদৰে নাচালেই৷ স্বত্বিৰ উশাহ এটা ল’লোঁ৷ অষ্ট্ৰীয়াত দিনকেইটা বৰ ভালদৰে পাৰ হ’ল। মেট্ৰ, স্ন’ফলচ্, মোৰ্জাটৰ ঘৰ, কনচাৰ্ট আৰু বহু কিবা-কিবি চাই মন ভৰি পৰিছিল৷ এইকেইদিন ঘূৰি-পকি পুনৰ ভিয়েনা এয়াৰপৰ্ট৷ পুনৰ এয়া বৰ্ডিং পাছৰ কাউণ্টাৰত থিয় হ’লোঁ৷ এইবাৰতো টিকেটটোকে কাউণ্টাৰত দিব লাগিব পাছপৰ্টখনৰ সৈতে৷ প্ৰথমে ল’ৰাটোৰ টিকেট আৰু পাছপৰ্টখন কাউণ্টাৰত থকা ছোৱালীজনীক  দিলোঁ৷ তাই টিকেট আৰু পাছপৰ্ট মিলাই চাই এখন্তেক ৰ’ল৷ তাৰপাছত কোন শব্দ নকৰাকৈ বৰ্ডিং পাছখন বনাই মোলৈ আগবঢ়াই দিলে৷ মোৰ আৰু পত্নীৰ বৰ্ডিং পাছ বনাই থাকোঁতে ছোৱালীজনীক ল’ৰাটোৰ নামটোৰ গণ্ডগোলৰ কথা ক’লোঁ৷ ধুনীয়া হাঁহি এটাৰে তাই ক’লে,

: ইটচ্‌ অ’কে৷ প্ৰেক্টিকেলি ন’ প্ৰব্লেম আপটু থ্ৰী লেটাৰচ৷”

এতিয়া চাওক, ইয়াত তিনিটা আখৰৰলৈকে কোনো অসুবিধা নাই বুলিয়েই ক’লে৷ আমাৰ দেশৰ নিয়ম হাৰাশাস্তি কৰিবৰ বাবে অন্য দেশত নিয়ম মানুহৰ সুবিধাৰ বাবে৷ এই একেটা কাৰণত আহিবৰ সময়ত দিল্লীত মোক বৰ্ডিং পাছ দিবই নুখুজিছিল৷ কথাবোৰ ভাবিলে দুখেই লাগে৷

আন এক ঘটনাৰ কথা মনত পৰিছে৷ মোৰ সৌভাগ্য হৈছিল এক আঠজনীয়া টীমৰ সদস্য হৈ এখন তৈলক্ষেত্ৰ মূল্যাংকন কৰিবৰ বাবে কানাডাৰ কেলগেৰী চহৰলৈ যোৱাৰ৷ কেলগেৰী চহৰখন কানাডাৰ তৈলনগৰী হিচাবে জনা যায়৷ কাৰণ ইয়াতেই দেশী বিদেশীৰ তেল কোম্পানীবোৰৰ অফিচবোৰ থুপ খাই আছে৷ প্ৰগ্ৰেম বনোৱা হ’ল দিল্লীৰপৰা আমি আটাইয়ে একেলগে যাম৷ আমাৰ অ এন জি চিৰ চাৰিজন, অইল ইণ্ডিয়াৰ  তিনিজন আৰু ইণ্ডিয়ান অইলৰ এজন৷ আমাৰ ফ্লাইট হ’ল ল’ফথানচা এয়াৰলাইনচ, মানে এইখন জাৰ্মেনীৰ ফ্ৰাংকফুৰ্ট হৈ যাব৷ ফ্ৰাংকফুৰ্টত আমাৰ ৰ’বলগীয়া সময় চাৰি ঘণ্টা৷ ইয়াত ফ্লাইট সলনি কৰিব লাগিব৷ যথাসময়ত হেণ্ডবেগবোৰ স্কেনিঙৰ বাবে মেচিনৰ বেল্টত দি, চেকিঙৰ বাবে লাইনত থিয় হলোঁগৈ৷ মোৰ হেণ্ডবেগটো অলপ ডাঙৰ৷ কিয়নো এসাজ ভাল কাপোৰ এই বেগটোত ৰাখোঁৱেই৷ এবাৰ হেণ্ডবেগত কাপোৰ লৈ নহাৰ বাবে হোটেলত বৰ অসুবিধা পাইছিলোঁ চুডানত৷ কিয়নো মোৰ চেক ইন বেগ ভুলতে বেলেগ প্লেনত গ’ল আৰু বেগটো দুদিন পিছতহে পাইছিলোঁ৷ সেয়ে সদায় এযোৰ কাপোৰ হেণ্ডবেগত ৰাখোঁ৷ চিকিউৰিটি চেকৰ লাইনত মোৰ পিছত আমাৰেই অইলৰ সংগী এজন৷ তেখেতৰ বেগটো বেল্টত ভালদৰে নৰখাৰ বাবে পৰি যোৱাৰ নিচিনা হ’ল। তেখেতে বেগটো ঠিকমতে বেল্টত ৰাখিবৰ বাবে লাইনৰপৰা ওলাই আগবাঢ়ি গ’ল৷ বেগটো ভালদৰে থ’বলৈ পালেহে চিকিউৰিটি এজনে “হেই মেন” বুলি একেবাৰে খেদিয়েই আহিল৷

: ড’ণ্ট ব্ৰেক দা লাইন

বুলি এটা গলগলীয়া মাতেৰে সকিয়নী দি ওচৰতে থিয় হৈ ৰ’ল৷ কি দেশ, কি নিয়ম, কিমান কটকটীয়া বান্ধোন ভাবিলে আচৰিত লাগে৷ এইয়া কেৱল এয়াৰপৰ্টতে নহয় জাৰ্মেনীৰ সকলো ঠাইতে চাগে ইমান কটকটীয়াকৈ নিয়ম নিশ্চয় পালন কৰে৷ আমাৰ দেশতহে নিয়মবোৰ কিবা সোপাঢিলা ধৰণৰ৷ যি এক পালন কৰা হয় তাকো কেৱল ক্ষমতা দেখুৱাবলৈ, নহ’লে দুপইচা সৰকাবলৈহে কটকটীয়া কৰে৷ পইচা দেখিলেই নিয়মৰ গাঁঠি নিজে নিজে ঢিলা হৈ যায়৷ আমাৰ দেশতো নিয়মবোৰ নিয়মৰ দৰে পালন কৰা হ’লে! অৱশ্যে সকলোতে নিয়ম ভঙাৰ ৰেকৰ্ড আছে সেয়া দেশ ভেদে কম বেছি হয়৷ দুখৰ বিষয়, তুলনামূলকভাৱে আমাৰ দেশত যথেষ্ট বেছি৷

অন্য এক অভিজ্ঞতাৰ কথা কওঁ৷ ভূতত্ববিদ হিচাবে এবাৰ তৈল খাদ খননৰ সময়ত তদাৰক কৰিবৰ বাবে কলম্বিয়াত আছিলোঁ প্ৰায় একমাহৰো অধিককাল৷ ৰাজধানী ব’গ’টাত এৰাতি হোটলত কটাই পিছদিনা যাত্ৰা কৰিছিলোঁ এণ্ডিজ পৰ্বতমালাৰ কদৈশিৰিয়া পাহাৰবোৰ সুৰংগেৰে পাৰ হৈ আগবাঢ়িছিলোঁ চাভানা অঞ্চলত থকা তৈল খাদটোলৈ৷ সেয়া এক অনন্য অভিজ্ঞতা৷ আহিবৰ দিনা মনটো অলপ উদাস হৈছিল যদিও এয়াৰপৰ্ট পায়েই ফৰকাল হ’ল৷ মুঠতে চাৰে একৈশঘণ্টা ফ্লাই কৰিলেই ঘৰ পাম এই আশাত (নিউয়ৰ্কত ৰোৱা সময়খিনি বাদ দি)৷ ব’গ’টা এয়াৰপৰ্টত বৰ্ডিং পাছৰ বাবে দীঘলীয়া লাইন৷ ইয়াত নিউয়ৰ্ক ফ্লাইটৰ বাবে বছৰৰ সকলো সময়তে ভীৰ থাকেই হেনো৷ শাৰীত থিয় হৈ ইফালে সিফালে চাইছোঁ আৰুনো ক’ত অহা হ’ব! হঠাৎ চুটি-চাপৰ মানুহ এজন মোৰ ফালে আগবাঢ়ি আহিল৷ মানুহ বুলি ক’লে ভুলেই হ’ব, ডেকা ল’ৰা৷ কাগজ এখন উলিয়াই মোৰ সন্মুখত থিয় হৈ মোক কিবা-কিবি সোধা আৰম্ভ কৰিলে৷ মই ভেবা লাগি তেওঁৰ ফালে চাই থকা দেখি তেওঁ ক’লে, তেওঁ, এয়াৰপৰ্ট চিকিউৰিটিৰ মানুহ৷ সেয়ে যাত্ৰীৰ চিকিউৰিটিৰ কাৰণতে কথাবোৰ সোধা হৈছে৷ সোধা কথাবোৰ এনে ধৰণৰ- মই এই মূহূৰ্তত ক’ৰপৰা আহিছোঁ, মই লৈ অহা বেগটো মোৰ হয়নে নহয়, মোৰ হাতত কোনোবাই কিবা পেকেট দিছে নেকি, দিছে যদি পেকেটটোত কি আছে সেয়া মই সঠিককৈ জানোনে নেজানো, বা মই নজনা কিবা পেকেট আছে নেকি ইত্যাদি ইত্যাদি৷ গোটেই কথাবোৰ কিন্তু তেওঁ মোৰ সন্মুখত লিখি কাগজখনত মানে ফৰ্মখনত চহী এটাও কৰাই ল’লে৷ ইতিমধ্যে মই কাউণ্টাৰ পালোঁহি৷ তেঁৱেই মোৰ চেক ইন বেগটো বেল্টত উঠাই দিলে৷

“হেপ্পী জাৰ্ণি” বুলি কৈ আকৌ ক’লে,

: বি কেয়াৰফুল ফৰ য়’ৰ হেণ্ডবেগ৷ ইট ইজ এ লোজ চেইন বেগ।

ধন্যবাদ জনালোঁ যদিও গোটেই ঘটনাটো ৰিৱাইণ্ড কৰি চালোঁ৷ ল’ৰাজন কিন্তু বৰ ভদ্ৰ আছিল৷ তেতিয়াহে মন কৰিলোঁ কিছুমান চিকিউৰিটি অফিচাৰে ট্ৰেইণ্ড কুকুৰ লগত লৈ ইফালে সিফালে ঘূৰি ফুৰিছে। কুকুৰবোৰেও কিবা গোন্ধ পাইনেকি বেগবোৰ শুঙি শুঙি ফুৰিছে। এতিয়া গোটেই কথাবোৰেই মোৰ মনত ফটফটীয়া হ’ল৷ কলম্বিয়া ড্ৰাগচৰ ব্যৱসায়ৰ বাবে বিখ্যাত৷ ইয়াৰ উত্তৰফালে এণ্ডিজ পৰ্বতমালা হৈ পানামাইদি মেস্কিক’লৈ ড্ৰাগচৰ ডাঙৰ চোৰাং কাৰবাৰ চলে৷ সেয়ে এনেবোৰ ঠাইলৈ আহিলে বেগবোৰ টান পদাৰ্থৰে বনোৱা হ’ব লাগে৷ ঢিলা চেইন থকা কাপোৰ টাইপ বেগ কোনো কাৰণতে ব্যৱহাৰ কৰিব নালাগে৷ দিন বেয়া থাকিলে চিনেমাত দেখাৰ দৰে ড্ৰাগচ সৰবৰাহৰ সন্দেহত জেলৰ ভাত খাব লগা হ’ব পাৰে ৷ চেক ইন হৈ যোৱাৰ পাছত মনত এক আনন্দ লাগিল আৰু কেইঘণ্টামানৰ পাছতে নিজ দেশ পাম। এতিয়া, নিজ দেশ মানেই যেন নিজৰ ঘৰ৷ কি যে বিচিত্ৰ এই পৃথিবী৷

☆ ★ ☆ ★ ☆

6 Comments

  • Pranita Goswami

    কিছু লটিঘটি হৈছিল। কিন্তু বহু কথাই জানিব পাৰিলোঁ। অভিজ্ঞতা কিছু হ’ল আপোনাৰ। সুন্দৰ উপস্থাপন।

    Reply
  • কাবেৰী মহন্ত

    তথ্যসমৃদ্ধ ৰসাল লেখা৷ বহুত ধন্যবাদ ইমান সুন্দৰ লেখা পঢ়িবলৈ সুযোগ দিয়াৰ বাবে

    Reply
  • Abhijit Goswami

    ভাল লাগিল কথাখিনি ধুনিয়াকৈ জুকিয়াই লিখাত

    Reply
  • জয়ন্ত

    বৰ ভাল লাগিল লিখনিটো৷

    Reply
  • ৰাজু কুমাৰ নাথ

    ভাল লাগিল তথ্যসমৃদ্ধ লেখাটো।

    Reply
  • নীলাঞ্জনা

    বৰ সুন্দৰ লেখা, খুব ভাল লাগিল পঢ়ি৷ লটিঘটি কমখন হৈছিলনে বাৰু! কথাখিনি জানি ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *