ফটাঢোল

কৃষ্ণ ৰয়ৰ সৈতে অন্তৰংগ আলাপ

আমাৰ আলোচনীৰ নিয়মীয়া শিতান সাক্ষাৎকাৰলৈ এইবাৰ আমি আমন্ত্ৰণ জনাই আনিছিলোঁ অসমৰ আপুৰুগীয়া সম্পদ “ভ্ৰাম্যমাণ থিয়েটাৰ”ৰ এগৰাকী প্ৰবীন আৰু পুৰোধা শিল্পী, আগশাৰীৰ নাট্যদল আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক শ্ৰীযুত কৃষ্ণ ৰয় দেৱক। পঞ্চাশৰ দশকত অসমৰ নাট্যনগৰী ৰূপে খ্যাত বৰপেটা জিলাৰ পাঠশালাৰ এটা কৃষক পৰিয়ালত জন্ম লৈ অসমত নাটক, নাটকৰ চৰ্চাক ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰূপত এটা সফল ব্যৱসায়িক মডেল হিচাপে গঢ় দিয়াত শ্ৰীযুত ৰয়ৰ অৱদানক অসমৰ ৰাইজে ইতিমধ্যে স্বীকৃতি দিছে। থিয়েটাৰৰ উপৰিও কথাছবিৰ প্ৰযোজক হিচাপে 'দীনবন্ধু' ছবিখনৰ বাবে 'ৰজত কমল' বঁটা প্ৰাপক শ্ৰীযুত কৃষ্ণ ৰয়ৰ জীৱন পৰিক্ৰমা অসমৰ সাংস্কৃতিক ইতিহাসৰ এক জীয়া দলিল। 

ফটাঢোল : নমস্কাৰ ছাৰ। পোন প্ৰথমে আপোনালৈ ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ ওলগ যাচিলোঁ আৰু ধন্যবাদ জনাইছোঁ আপোনাৰ লগত দুআষাৰ কথা পাতিবলৈ এইকণ সুযোগ দিয়াৰ বাবে।

কৃষ্ণ ৰয় : ফটাঢোলৰ সমূহ কৰ্মকৰ্তালৈ মোৰফালৰপৰাও ধন্যবাদ আৰু শুভেচ্ছা জনালোঁ৷

ফটাঢোল : প্ৰথমে আপোনাৰ শিক্ষাজীৱন আৰু ল’ৰালিৰ কালছোৱাৰপৰাই আৰম্ভ কৰোঁ।

কৃষ্ণ ৰয় : মোৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল পাঠশালা এম.ভি স্কুলত। তাৰপাছত যথাক্ৰমে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা আৰু বজালী কলেজৰপৰা কলেজীয়া শিক্ষা গ্ৰহণ কৰোঁ।

শৈশৱতে আমাৰ গাঁৱত অগ্ৰজসকলে নাটক কৰিছিল। ওচৰ-পাজৰৰ গাঁওবোৰৰ যিমান ভাল ভাল অভিনেতা আছিল সেইসকলক মাতি আনি এই নাটকবোৰত অভিনয় কৰাইছিল। তেনেকৈয়ে আমাৰ গাঁৱৰো ভাল ভাল অভিনেতাসকলক মাতি নি বেলেগ বেলেগ গাঁৱত অভিনয় কৰাইছিল। মই প্ৰথমে আমাৰ গাঁৱৰে তেনে এখন নাটত নৰকাসুৰৰ সৰু কালৰ চৰিত্ৰ এটিত অভিনয় কৰিছিলোঁ। নাটকখনৰ নামো আছিল নৰকাসুৰ। মোৰ মনত আছে, আমি স্কুলত পঢ়ি থকা সময়ত তিনিটা অনুষ্ঠান হয়। সৰস্বতী পূজা, গৰম বন্ধ আৰু নবাগত আদৰণি সভা। সেই অনুষ্ঠানত কিছুমানে একক অভিনয় কৰে, কিছুমানে একোখন নাটৰ এটা মাত্ৰ দৃশ্য অভিনয় কৰে, কিছুমানে গান গায়। সেয়া আছিল ১৯৫৫ চন মানৰ কথা। কলেজত থাকোঁতেও ছাত্ৰ আৰু শিক্ষকসকলে যৌথভাৱে অভিনয় কৰা কোনো এখন নাটকত মই এজন নগা কোঁৱৰৰ ভাও লোৱা মনত আছে। আপোনালোকে এই কথাখিনিৰপৰা ইতিমধ্যে অনুমান কৰিব পাৰিছেই যে সৰুৰেপৰা মোৰ নাটকৰ প্ৰতি এটা ধাউতি বা এক প্ৰকাৰৰ টান এটা আছিল। আমাৰ ইয়াত যথেষ্ট যাত্ৰা পাৰ্টি আছিল। যাত্ৰা পাৰ্টিৰ অভিনয়বোৰ বহুত দেৰিকৈ আৰম্ভ হয়। দুভাগ ৰাতি চাৰে বাৰ-একমান বজাৰপৰা সেই নাটকবোৰ আৰম্ভ হয় কাৰণ সেইবোৰ নাট উপভোগ কৰিবলৈ বহু দূৰ দূৰণিৰপৰা মানুহ আহে, তেওঁলোক ঘূৰি যাওঁতে যাতে ৰাতিপুৱা পোহৰ হয় সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰা পাৰ্টিৰ নাটবোৰ বহু দেৰিকৈ আৰম্ভ কৰিছিল। আৰু এটা কথা, আমাৰ বজালী অঞ্চলত মাঘ মাহৰপৰা প্ৰায় চ’ত মাহৰ শেষলৈ গাঁৱে গাঁৱে সভা পাতে। সেই সভাসমূহলৈ এই যাত্ৰা পাৰ্টিবোৰ নিমন্ত্ৰণ কৰি আনে। ৰাতিপুৱালৈ চলিব লগা এই যাত্ৰা পাৰ্টিৰ নাটকবোৰ কোনোবাখন যদি আধা ৰাতি বা পুৱা নৌ হওঁতেই শেষ হয় তেন্তে সেই দলৰ কোনোবা এজন ল’ৰাই ছোৱালীৰ সাজ পিন্ধি এটা নাচ নাচিব লাগে। সেই নাচটোক কোৱা হৈছিল “ফাৰ্ষ্ট-ডেন্স”। ৰাইজৰ মাজৰপৰা হুলস্থূলৰ শব্দ আহে, আমাক ফাৰ্ষ্ট-ডেন্স লাগিব। নহ’লে আমি আজি ইয়াৰপৰা নাযাওঁ। আমি সেই সভা উৎসৱৰ এনে যাত্ৰা দলৰ অভিনয় চাবলৈ তেতিয়া বহু দূৰলৈকে খোজকাঢ়ি গৈছিলোঁ। পাঠশালাৰপৰা সৰ্থেবাৰী পৰ্যন্ত খোজকাঢ়ি নাটক চাবলৈ যোৱাৰ কথা মোৰ মনত আছে।

ফটাঢোল : আমিজানো ভ্ৰাম্যমাণ থিয়েটাৰৰ আৰম্ভণিৰ সময়ছোৱাৰ আপুনি সাক্ষী। এই বিষয়ে আমাক কওকচোন।

কৃষ্ণ ৰয় : হয়, থিয়েটাৰৰ কথালৈ আহোঁ। ঘটনাটো ঘটিল সদা লহকৰে যেতিয়া যাত্ৰা পাৰ্টিত সোমাইছিল তেতিয়া অচ্যুৎ লহকৰ আছিল কলিকতাত৷ সদা লহকৰ আছিল অচ্যুৎ লহকৰৰ সৰু ভায়েক।তেওঁলোকৰ দেউতাকৰ এখন বিখ্যাত দোকান আছিল। দোকানখনত এনেকুৱা এটা বস্তু নাছিল যিটো বিচাৰিলে পোৱা নগৈছিল। সেই দিনতে সেই বিখ্যাত দোকানখনত থাৰ্মোমিটাৰৰ পাৰা, ফুটবল, বেডমিণ্টনৰ ৰেকেট, শাক পাচলি, চাউল সকলো পাইছিল। সেইহেন বাপেকৰ পুত্ৰ সদা লহকৰ যাত্ৰা পাৰ্টিত অভিনয় কৰা কথাটো তেতিয়া বহুতে হীন চকুৰে চাইছিল, সেই কথাটোতেই সদা লহকৰ আৰু অচ্যুৎ লহকৰৰ দেইতাক গৌৰীকান্ত লহকৰে এখন নিজাকৈ যাত্ৰা খুলিলে আৰু নাম দিলে “নটৰাজ অপেৰা”।

কলিকতাত থাকি অহা অচ্যুৎ লহকৰ আছিল অকণমান বাহিৰৰ কলা সংস্কৃতিবোৰ দেখি অহা মানুহ।সেই অভিজ্ঞতাকে সাৰথি কৰি তেওঁলোকে “নটৰাজ অপেৰা” এনেকুৱাকৈ বনালে যে সকলো আচৰিত হ’ল। যাত্ৰা পাৰ্টিৰ যিবোৰ ডাঙৰ ডাঙৰ শিল্পী থাকে সেই সকলোবোৰ এই দললৈ আহিল। আগতে ডাঙৰ মানুহৰ ঘৰত কাৰোবাৰ বিয়াবাৰু হ’লে, ডাঙৰ মানুহ মানে যাৰ টকা-পইচা আছে, পঢ়া-শুনাত ডাঙৰ মানুহৰ কথা কোৱা নাই, তেনে মানুহৰ ঘৰৰ বিয়াৰ আগদিনা যাত্ৰা পাৰ্টি মাতে। সদা লহকৰহঁতৰ এই নটৰাজ অপেৰা সেই সময়ত খুৱ জনপ্ৰিয় হ’ল। সমগ্ৰ পাঠশালা অঞ্চলেই নহয়, দূৰ দূৰণিৰপৰাও বিভিন্ন অঞ্চললৈ এই দলক নিমন্ত্ৰণ জনাবলৈ ধৰিলে। উপযুক্ত পৰিমাণৰ টকা পইচা দি বহু দূৰলৈ দুই তিনি নিশাৰ বাবে নটৰাজক আমন্ত্ৰণ জনাবলৈ ল’লে। মন কৰিব তেতিয়ালৈকে আহবায়কে, সি লাগে ৰাজহুৱাই হওক কিম্বা ব্যক্তিগতই হওক সকলো টকা-সিকা যাত্ৰা পাৰ্টিবোৰক দি আমন্ত্ৰণ কৰি নিছিল আৰু দৰ্শক ৰাইজৰ বাবে সেইবোৰ আছিল বিনামূলীয়া কিন্তু নটৰাজ অপেৰাই প্ৰথম আছিল যিখনত দৰ্শকে নিজৰ পইচাৰে টিকট কাটি নাটসমূহ উপভোগ কৰিছিল। নটৰাজৰ এই ব্যৱসায়িক ফৰ্মুলা একপ্ৰকাৰ হিট হৈ যোৱাত পাঠশালাৰ সফল ব্যৱসায়ী গৌৰীকান্ত লহকৰৰ ডাঙৰ পুত্ৰ, অভিনেতা সদা লহকৰৰ ডাঙৰ ভাতৃ আৰু সদ্য কলিকতা ফেৰত অচ্যুৎ লহকৰৰ মূৰত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ আৰম্ভণি কৰাৰ আইদিয়াটো মনলৈ আহিল আৰু এনেদৰেই ১৯৬৩ চনত আৰম্ভ হ’ল নটৰাজ থিয়েটাৰৰ। অচ্যুৎ দাৰ লগত সেইখিনি সময়ত আমাৰ বৰ ভাল সম্পৰ্ক আছিল। কলিকতাত পঢ়িবলৈ গৈছিল তেওঁ, পঢ়িবলৈ গৈছিল মানে আৰু কি! ধনীৰ দুলাল আছিল তেওঁ, কলিকতালৈ গৈ অলপ ফূৰ্তি ফাৰ্তা কৰিলে, সেই সময়ৰ আধুনিক কলিকতা চহৰৰ ৰেহৰূপ চালে, প্ৰচুৰ নাটক, চিনেমা চালে। তাত গৈ তেওঁ “দীপাৱলী” নামৰ আলোচনীও উলিয়ালে।কিতাপো দুখনমান অনুবাদ কৰিলে। মোৰ মনত আছে এখন কিতাপ তেওঁ মূল ৰুছ ভাষাৰপৰা অনুবাদ কৰিছিল। মোৰ লগত অচ্যুৎ দাৰ খুব ভাল সম্পৰ্ক আছিল। কলিকতাৰপৰা তেওঁ আহিলেই আমি খুব আড্ডা মাৰোঁ, তেওঁৰ কথাবোৰ শুনি ভালপাওঁ। বিভিন্ন ধৰণৰ আমি সেইখিনি সময়ত নেদেখা, নজনা কথা তেওঁ দেখিছিল বা জানিছিল৷ গতিকে তেওঁৰপৰা আমি সেই সময়ৰ বন্ধু মহলে বহু নতুন নতুন কথা জানিছিলোঁ। নটৰাজ আৰম্ভ কৰাৰ সময়ত তেওঁ মোক মৰমৰ আবদাৰ দিছিল যে, তুমি মোৰ সেনাপতি, তুমি মোৰ প্ৰধান সংগী। থিয়েটাৰত তুমি থাকিবই লাগিব।এনেদৰেই থিয়োটাৰৰ জগতলৈ মোৰ আগমন অচ্যুৎ দাৰ যোগেদি। প্ৰথম বছৰ থাকিলোঁ, নতুন অভিজ্ঞতা হিচাপত ভালেই লাগিল, দ্বিতীয় বছৰো থাকিলোঁ, থাকিলোঁ যদিও কিন্তু কিবা এটা বেয়া লাগিল মোৰ, দ্বিতীয় বছৰৰ পাছত মই ঘৰলৈ ঘূৰি আহিলোঁ। আকৌ পঢ়িবলৈ ল’লোঁ। কলেজলৈ যোৱা আৰম্ভ কৰিলোঁ।তেতিয়া মই আই.এ পঢ়ি আছিলোঁ।

ফটাঢোল : নটৰাজে আৰম্ভণি কৰাৰ পাছত “পূৰ্বজ্যোতি” নামৰো এখম থিয়েটাৰ ওলোৱা নাছিল জানো?

কৃষ্ণ ৰয় : ১৯৬৬ চনত মই পূৰ্বজ্যোতি থিয়েটাৰৰ সংস্পৰ্শলৈ আহোঁ। পাঠশালাত আমাৰ এটা অনুষ্ঠান আছিল যাৰ বাবে আমি পূৰ্বজ্যোতিক আমন্ত্ৰণ কৰি আনিছিলোঁ। থিয়েটাৰ কৰ্তৃপক্ষই মই যে নটৰাজৰ আৰম্ভণিৰ সময়ত আছিলোঁ সেই কথা জানিছিল। ময়ো নটৰাজত থকা সময়ত থিয়েটাৰৰ অকল অভিনয়েই নহয় বিভিন্ন কাম কৰিছিলোঁ, গতিকে এখন থিয়েটাৰ পৰিচালনাৰ ভিতৰুৱা বহু কথাৰ বিষয়ে মই ইতিমধ্যে জানি উঠিছিলোঁ। এইখিনিতে সেই সময়ৰ কথা এটা কৈ ল’লে ভাল হ’ব। 'নটৰাজ'ত সেইখিনি সময়ত আছিল আধুনিক ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী স্বনামধন্য কলাকাৰ আদ্য শৰ্মা। আদ্য শৰ্মা বয়সত আমাতকৈ ডাঙৰ আছিল। অচ্যুৎ লহকৰতকৈও ডাঙৰেই আছিল। আদ্য শৰ্মাক মই মাতিছিলোঁ 'শ্ৰীযুত' বুলি আৰু তেওঁ মোক মাতিছিল 'শ্ৰীমান' বুলি। নটৰাজৰ বাবে অচ্যুৎ লহকৰে এটা শ্লাইড প্ৰজেক্টৰ কলিকতাৰপৰা আনিছিল যদিও তেতিয়ালৈ সেইটো ব্যবহাৰ হোৱা নাছিল। আদ্য শৰ্মাই মোক এদিন ক’লে যে এইটোৰে দেখোন আমি নেম কাষ্টিং দেখুৱাব পাৰোঁ। কথা মতেই কাম। আইনাৰ সৰু সৰু দীঘলীয়া টুকুৰাত নাটক আৰু অভিনেতাৰ নাম লিখি সেই সন্ধিয়া আমি স্ক্ৰীণত কাষ্টিং দেখুৱালোঁ।অচ্যুৎ লহকৰে আমাৰ এই কামটো বৰ ভাল পালে। আপোনালোকে জানেই, নাটকৰ আগত স্ক্ৰীণত এনেদৰে পৰিচয়লিপি দেখুওৱাৰ প্ৰথাটো আজিলৈকে থিয়েটাৰত চলি আছে। লগতে থিয়েটাৰত লাইটৰ কামলৈ অহাৰো মোৰ সেইটো আছিল প্ৰথম খোজ।মোৰ নিজৰ অভিনয় প্ৰতিভা কিমান আছিল সেয়া মই জানিছিলোঁ, থিয়েটাৰত তিষ্ঠি থাকিবলৈ এইমানৰ অভিনয়েৰে যে কাম নচলিব সেইটো মই ভালকৈ জানিছিলোঁ। গতিকে ভাবিলোঁ লাইটৰ কামকেই ভালকৈ শিকি বুজি লোৱা হওক। এনেদৰেই থিয়েটাৰৰ বিভিন্ন কাম শিকি বুজি লৈ মই মোটামুটি সেইখিনি সময়ত এখন থিয়েটাৰৰ বাবে 'এছেট' হৈ পৰিছিলোঁ।

'পুৰ্বজ্যোতি' কৰ্তৃপক্ষই সেই কথা ভালকৈ জানিছিল কাৰণ নটৰাজত একেলগে থাকি বিভিন্ন কাম কৰা আদ্য শৰ্মা সেইখিনি সময়ত পূৰ্বজ্যোতিত আছিল।পাঠশালালৈ আহি মোক আৰু আমাৰ আটাইকেইটা বন্ধুকে থিয়েটাৰলৈ যাবৰ বাবে তেওঁলোকে জোৰকৈ ধৰিলে। মই, ৰতন লহকৰ, জ্যোতিপদ চৌধুৰী, কুমুদ শৰ্মা আদি আটাইবোৰ বন্ধু তেতিয়া পাঠশালাতে আছিলোঁ। তেনেকৈ একো কাম বনো নাছিল। এনেদৰেই মই পূৰ্বজ্যোতি থিয়েটাৰলৈ গ’লোঁ আৰু একেৰাহে পাঁচ বছৰ পূৰ্বজ্যোতিতে থাকিলোঁ। পাঁচ বছৰ একেৰাহে থিয়েটাৰত থাকি মই ঘৰলৈ ঘূৰি আহিলোঁ। বিয়া-বাৰু কৰালোঁ আৰু সংসাৰ চলাবলৈ ঠিকাঠুকলি কৰা আৰম্ভ কৰিলোঁ। পাঠশালাতে সৰু সুৰা ঠিকা।

 

ফটাঢোল : 'কহিনুৰ'ৰ আৰম্ভণি কেনেকৈ হ’ল?

কৃষ্ণ ৰয় : কৈ আছোঁ। থিয়েটাৰৰপৰা আঁতৰি আহি জীৱনটো ঠিকা কৰি টুকটাককৈ চলি আছিল যদিও মোৰ ভাগ্যলিপিত হয়তো থিয়েটাৰৰপৰা বেছিদিন আঁতৰি থকাটো লিখা নাছিল। নলবাৰীৰ বীৰেণ কলিতা নামৰ আমাৰ এজন বন্ধু আছিল। বীৰেণ কলিতা এদিন পাঠশালালৈ আহি ৰতন আৰু মোক ধৰিলে যে তেওঁ এখন থিয়েটাৰ খুলিব আৰু আমি দুয়োটা বন্ধু তেওঁৰ থিয়োটাৰত থাকিব লাগে। থাকিব লাগে মানে বন্দোৱস্তটো এনেকৈ হ’ল যে, তেওঁ কেৱল পইচাটোহে খটুৱাব, বাকী থিয়েটাখন আমি দুয়ো মিলি চলাব লাগিব। মই প্ৰথম অৱস্থাত খুব মানা কৰিলোঁ কাৰণ মোৰ আৰু থিয়েটাৰলৈ ঘূৰি যোৱাৰ মন নাছিল।আমাৰ ইয়াতে অৰবিন্দ কাকতি নামৰ এজন বিখ্যাত ব্যৱসায়ী আছিল। ৰতন আৰু মোক তেওঁ খুব ভাল পাইছিল। তেওঁ অৱশ্যে এই কথাটোত উৎসাহ দিছিল। ৰতন আৰু মই সৰুৰেপৰা বৰ ভাল বন্ধু আছিলোঁ। য’লৈকে যাওঁ, যি কাম কৰোঁ দুয়োটাই একেলগে কৰোঁ।সৰুৰেপৰা ইটোৱে সিটোক 'পাৰ্টনাৰ' বুলি মাতোঁ।আচলতে ৰতনৰ ককায়েকৰ নাম কৃষ্ণ লহকৰ।ককায়েকৰ প্ৰতি সন্মানৰ বাবে মোক তেওঁ নাম কাঢ়ি নামাতি পাৰ্টনাৰ বুলি মাতিছিল। এনেকৈয়ে আমাৰ ইটোৱে সিটোক পাৰ্টনাৰ বুলি মাতি শেষত থিয়েটাৰতো 'পাৰ্টনাৰ' হ’লোঁগৈ। বীৰেণ কলিতাৰ পইচা আৰু ৰতন লহকৰ আৰু মোৰ সামগ্ৰিক পৰিচালনাত এনেকৈয়ে “ৰূপকোঁৱৰ থিয়েটাৰ”ৰ আৰম্ভণি হ’ল। থিয়েটাৰলৈ আমি বাচি বাচি মানুহ আনিলোঁ, অভিনয়েই হওক বা অন্য কাৰিকৰী দিশৰ বাবেই হওক। খুব ভাল থিয়েটাৰ হৈছিল সেইখন। থিয়েটাৰৰ অন্য সকলো যোগাৰ হৈ গৈছিল যদিও তেতিয়ালৈ আমি ভাল নাটক নিৰ্বাচন কৰিবপৰা নাছিলোঁ। ৰতন আৰু মই তেতিয়া ভাল নাটক বিচাৰি কলিকতালৈ যোৱাৰ সিদ্ধান্ত ল’লোঁ।আমাৰ বন্ধু জ্যোতিপদ চৌধুৰী তেতিয়া কলিকতাতে থাকে। জ্যোতিপদৰ সহায়ত তেতিয়া আমি কলিকতাত নাটক চালোঁ। এখন নাটক আছিল 'মল্লিকা'। সেই নাটকৰ এটা দৃশ্যত এখন জীপ গাড়ীক মঞ্চত উঠাই দিয়ে। সেই কাৰিকৰী দৃশ্য চাই আমি অভিভূূত হ’লোঁ।চিন্তা কৰিলোঁ কেনেকৈ কৰে এইবোৰ মঞ্চত। কেনেকৈ এই দৃশ্যটো কৰে সেইটো বুজিবলৈ একেখন নাটকৰ দ্বিতীয় দৰ্শনী চাবলৈ একেবাৰে সন্মুখৰ শাৰীৰ টিকেট কাটি বহি ল’লোঁ। এনেদৰে দুবাৰ নাটক চাই কাৰিকৰী দিশটো অলপ বুজিলোঁ, টেকনিচিয়ান এজনৰপৰা অলপ বুদ্ধি কৰি কিছু কথা জানিও ল’লোঁ। এতিয়া কাৰিকৰী দিশটো বাৰু বুজিলোঁ কিন্তু নাটকখনৰ কপি এটা কেনেকৈ পাম সেইটো চিন্তা লাগিল। বহুত যোগাৰ লগাই নাটখন 'প্ৰম্পট' কৰা ল’ৰাজন বিচাৰি উলিয়ালোঁ। তেওঁক নাটকখনৰ এটা কপি খুজি ক’লোঁ যে, আমি অসমলৈ গৈ গাঁৱতে এখন নাটক কৰিম আৰু সেইবাবে এই 'মল্লিকা' নাটৰ কপি এটা লাগে। প্ৰথমে তেওঁ মান্তি হোৱা নাছিল যদিও নগদ ১০০০ টকা আৰু মা কামাখ্যা দৰ্শন কৰোৱাৰ প্ৰতিশ্ৰুতিত তেওঁ নাটকৰ কপি এটা দিবলৈ মান্তি হ’ল। নাটকৰ কপিটো লৈ তৎক্ষণাত অসমলৈ ঘূৰি আহিলোঁ আৰু এনেকৈয়ে আমাৰ থিয়েটাৰত প্ৰদৰ্শিত হ’ল “কলংকিনী নায়িকা” নামৰ অতি জনপ্ৰিয় নাটখনৰ। টংলাত আমি যেতিয়া থিয়েটাৰ কৰোঁ চেণ্ট্ৰেল বেংকৰ সেই সময়ৰ মেনেজাৰ হৰেণ লহকৰে আমাক লগ কৰিলে। নাটক খুব ভাল পোৱা বুলি ক’লে। আমাক বেংকৰ শাখালৈ চাহ খাবলৈ মাতিলে। তেখেতেই প্ৰথমে বেংকৰ যোগেদি টকা পইচাৰে সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দি আমাক “কহিনুৰ থিয়েটাৰ” খোলাৰ পোকটো মূৰত সুমুৱাই দিলে। বেংক মেনেজাৰ লহকৰে আমাক প্ৰথমে এটা লাভজনক 'এষ্টিমেট' বিচাৰিলে আৰু সুধিলে যে আমাক কিমান টকা লাগিব। আমি ক’লোঁ যে আমি লাভ কৰি দেখুৱাম কাৰণ সম্পূৰ্ণ পৰিকল্পনা আমাৰ আছেই, আমাক মাথো এখন ট্ৰাক হ’লেই হ’ব। এক লাখ টকা হ’লেই আমি থিয়েটাৰ আৰম্ভ কৰিব পাৰিম।এনেকৈ আমি বেংকৰপৰা পইচা পালোঁ আৰু ৰতন লহকৰ আৰু মই দুয়ো পাৰ্টনাৰে মিলি আৰম্ভ কৰিলোঁ কহিনুৰ থিয়েটাৰ ১৯৭৬ চনত। কহিনুৰৰ জন্মক যদি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ যাত্ৰাত এটা মাইলৰ খুটি বুলি ধৰা যায় তেন্তে চেণ্ট্ৰেল বেংকৰ বিষয়া হৰেণ লহকৰৰ এই অৱদানকো আমি শ্ৰদ্ধাৰে সুঁৱৰিব লাগে কাৰণ ১৯৭৫-৭৬ চনত ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে অনিশ্চিত ব্যৱসায় এটাত এক লাখ বিনিয়োগ কৰিবলৈ আগবাঢ়ি অহাটো সৰু কথা একেবাৰে নাছিল।

ফটাঢোল : থিয়েটাৰৰ আৰম্ভণিৰপৰাই জড়িত থাকি আপোনালোক পৰিপক্ক হৈ আছিলেই, কহিনুৰৰ বাবে আপোনলোকৰ বিশেষ পৰিকল্পনা আছিল নে?

কৃষ্ণ ৰয় : থিয়েটাৰ আৰম্ভ কৰিয়েই আমি বুজিলোঁ, “নটৰাজ অপেৰা”ৰপৰা আৰম্ভ হোৱা ভ্ৰাম্যমাণৰ এই যাত্ৰাক কহিনুৰৰ যোগেদি যদি আমি এটা নতুন মাত্ৰা দিব বিচাৰিছোঁ তেন্তে কিবা এটা চমক দিব নোৱাৰিলে নহ’ব। থিয়েটাৰলৈ গ্লেমাৰ আনিব নোৱাৰিলে মানুহক আকৰ্ষণ কৰাটো টান কাম হ’ব। বহু হিচাব নিকাচ কৰি সেই সময়ৰ জনপ্ৰিয় জ্যোতি ইলা কাকতি আৰু প্ৰশান্ত হাজৰিকাক চুক্তিবদ্ধ কৰা হ’ল। অৱশ্যে দুয়োকে থিয়েটাৰলৈ আনিবলৈ সৈমান কৰাবৰ বাবে কিমান কষ্ট কৰিব লগা হৈছিল সেইটো অন্য এক অধ্যায়।অৱশ্যে কহিনুৰৰ এই পৰিকল্পনাই প্ৰথম বছৰতে অভূতপূৰ্ব সফলতা দিলে, দৰ্শকক কহিনুৰৰ বাদে বেলেগ থিয়েটাৰ নলগা হ’ল। সমগ্ৰ অসমৰ আহ্বায়ক সমিতিবোৰে আমাৰ লগত যোগাযোগ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথম বছৰৰ তিনিওখন নাটক আছিল নাট্যকাৰ প্ৰফুল্ল বৰাৰ। 'অলংকাৰ' নামৰ সেইবছৰৰ নাটখনে অভূতপূৰ্ব সফলতা লাভ কৰিলে। এই সফলতাই আমাক আৰ্থিক ভাৱেও সবল কৰিলে। প্ৰথম বছৰতেই আমাৰ সমষ্ট বিনিয়োগ ঘূৰি অহাৰ উপৰিও আমি লাভৰ মুখ দেখিবলৈ সক্ষম হ’লোঁ।দ্বিতীয় বছৰো আমাৰ থিয়েটাৰ আশানুৰূপ ভাৱেই চলিল। তৃতীয় বছৰত আমাৰ এটা লেঠা লাগিল।আখৰা আৰম্ভ হৈ আমি নাট প্ৰদৰ্শনৰ বাবে ওলোৱাৰ সময় হ’ল কিন্তু তেতিয়ালৈ আমাৰ এখনো নাট পচন্দ হোৱা নাই। আমি দুয়োজন বৰ চিন্তাত পৰিলোঁ। ৰতন পাৰ্টনাৰে তেতিয়া মোক আকৌ কলিকতালৈ যাবলৈ ক’লে। কলিকতালৈ গৈ মই সেই সময়ত কলিকতাত প্ৰদৰ্শন হৈ থকা কেইখনমান নাটক চাই তাৰে এখন নাটক খুব ভাল পালোঁ আৰু তাৰ কপি এটা সংগ্ৰহ কৰি আনিলোঁ। সংগ্ৰহ কৰিবলৈ আকৌ সেই পুৰণা টেকনিক (হাঁহি)। প্ৰম্পটাৰক নগদ ধন আৰু মা কামাখ্যা দৰ্শনৰ প্ৰস্তাৱ।(হাঁহি) যি কি নহওক কলিকতাৰপৰা অনা সেই বঙালী নাটখন পাৰ্টনাৰ ৰতনে নিজেই অনুবাদ কৰি উলিয়ালে আৰু আমাৰ নাট পৰিচালক চন্দ্ৰ চৌধুৰীৰ পৰিচালনাত সেই বছৰ সেই নাটখন 'চন্দ্ৰ গ্ৰহণ' নামেৰে মঞ্চস্থ কৰোৱা হ’ল।আপোনালোকৰ পাঠকসকলৰ মাজত সেই সময়ত কাৰোবাৰ যদি নাটক চোৱাৰ কথা মনত আছে তেন্তে জানিব চন্দ্ৰ গ্ৰহণে তেতিয়ালৈ ভ্ৰাম্যমাণৰ সকলো অভিলেখ ভংগ কৰিছিল। সেইসময়ত থিয়েটাৰ আছিল চাৰি দিনীয়া। ৰাইজৰ দাবীত প্ৰায় প্ৰতিটো পেণ্ডেলতেই আমি চাৰিওটা নিশা কেৱল চন্দ্ৰ গ্ৰহণ নাটখনেই দেখুৱাব লগা হৈছিল। অৱশ্যে ব্যক্তিগতভাৱে কহিনুৰৰ তৃতীয় বছৰটো মোৰ বাবে বৰ সুখদায়ক নাছিল। কিছুমান একান্তই ব্যক্তিগত কাৰণত মই আৰু পাৰ্টনাৰ ৰতন লহকৰ বেলেগ হোৱাৰ সিদ্ধান্ত ল’লোঁ আৰু মই কহিনুৰ এৰি গুচি আহিলোঁ।

ফটাঢোল : কাহিনীবোৰ আপুনি কৈ থাকোঁতে শুনি এখন চিনেমা চোৱাৰ দৰে লাগি আছে। তাৰ পাছত কি হ’ল? আৱাহন?

কৃষ্ণ ৰয় : থিয়েটাৰ এৰি আহি দুদিনমান ভাৱিলোঁ যে এতিয়া মই কি কৰিম! অলপ গুণাগথা কৰি পুনৰ আগৰ ঠিকাদাৰী লাইনলৈ যাম বুলি সিদ্ধান্ত ল’লোঁ। অৱশ্য এইখিনিতে এটা ঘটনা ঘটিল যিটো ঘটনাই মোৰ জীৱনটো চিৰকালৰ বাবে সলনি কৰি দিলে। পুনৰ ঠিকাদাৰ হিচাপে পঞ্জীয়ন কৰিবৰ বাবে কৰ বিভাগৰ এখন প্ৰমাণ পত্ৰৰ প্ৰয়োজন হয়। সেইখন সংগ্ৰহ কৰিবলৈ মই এদিন বৰপেটা গ’লোঁ। বৰপেটা কৰ বিভাগৰ কাৰ্যালয়ত মোৰ এগৰাকী বন্ধু আছিল। তেওঁ মোক তালৈ যোৱাৰ কাৰণটো গম পাই ঠিকাদাৰ হ’বলৈ মানা কৰি নতুন এখন থিয়েটাৰ খুলিবলৈ জোৰ দিলে।আনকি আৰ্থিকভাৱে সহায় কৰিম বুলিও ক’লে৷ অৱশ্যে কহিনুৰ এৰি অহাৰ পাছৰপৰাই মোৰ বহু শুভাকাংক্ষীয়ে মোক পুনৰ থিয়েটাৰ খুলিবলৈ জোৰ দিয়েই আছিল। ঘৰলৈ আহি এই কথাটো মোৰ পৰিবাৰক ক’লোঁ। মোৰ প্ৰয়াত পত্নী অনুপমাই মোক থিয়েটাৰ এখন খুলিবলৈকে জোৰ কৰিলে। শুভাকংক্ষীসকলৰ হেঁচা আৰু পত্নীৰ মানসিক সহযোগত মই পুনৰ থিয়েটাৰ খুলিবলৈ মনস্থ কৰিলোঁ আৰু এনেদৰেই জন্ম হ’ল 'আৱাহন'ৰ। 'আৱাহন' আৰম্ভ হ’ল ১৯৮০-৮১ চনত। প্ৰথমে মই কলিকতালৈ গ’লোঁ, কলিকতালৈ গৈ ভূপেন দাক লগ কৰিলোঁ।ভূপেন দাৰপৰা মই নতুন থিয়েটাৰ আৰম্ভ হোৱাৰ প্ৰাকক্ষণত এটা শুভেচ্ছাবাণী খুজিলোঁ। সেই দিনা আমি বহু কথা পাতিলোঁ। সকলোৱে জানে আৱাহনৰ জন্মৰ সময়ছোৱা আছিল অসম আন্দোলনৰ ভৰপক।ভূপেন দাই এটা সুন্দৰ শুভেচ্ছাবাণী মোক লিখি দিলে যাৰ প্ৰথম লাইনটো মোৰ মনত আছে, “আৱাহন দেশৰ সন্ধিক্ষণত তোমাৰ জন্ম.....” এনেদৰেই আৰম্ভ হ’ল আৱাহন। ইতিমধ্যে থিয়েটাৰ পৰিচালনাৰ লগত দীৰ্ঘ সময় জড়িত থকাৰ পাছত মই নতুনকৈ শিকিব লগা তেনেকৈ বিশেষ একো নাছিল। শুভাকাংক্ষীসকলৰ সহযোগিতা আৰু সমগ্ৰ অসমৰ ৰাইজৰ মৰম চেনেহেৰে আৱাহনে জন্মৰ বছৰটোৰপৰাই সফলতা পালে। মন কৰিব অসমৰ ইতিহাসৰ সেই ৰক্তাক্ত সময়ছোৱাত এখন নতুন থিয়েটাৰ খুলি সমগ্ৰ অসমতে নাট প্ৰদৰ্শন কৰি ঘূৰি ফুৰাটো মুখৰ কথা নাছিল।

ফটাঢোল : কৃষ্ণ ৰয়ৰ লগত কথা পাতি আমি যদি তেখেতৰ মুখেৰে ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ কথা নুশুনো তেন্তে হ’ব জানো ছাৰ? কেনেকৈ ঘটিল এই মণিকাঞ্চন সংযোগ?

কৃষ্ণ ৰয় : (হাঁহি) আৱাহনৰ আত্মপ্ৰকাশৰ ঠিক আগে আগে ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ “সন্ধ্যাৰাগ” ছবিখন ওলাইছিল। তেতিয়াৰপৰাই মোৰ মানুজনৰ প্ৰতি এটা অদম্য কৌতূহল আছিল। এজন বিশ্ববিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষকে চিনেমা বনাইছে! তাকো কলাগত দিশৰপৰা ইমান উচ্চ পৰ্য্যায়ৰ চিনেমা। এই কথাটোৱে মোক আচৰিত কৰিলে। ইয়াৰ আগতো অৱশ্যে তেখেতৰ অনাতাঁৰ নাটসমূহৰ মই নিয়মীয়া শ্ৰোতা আছিলোঁ। মই তেতিয়া ভাৱিলোঁ কেনেবাকৈ যদি এই মানুহজনক মোৰ থিয়েটাৰত কিবা প্ৰকাৰে জড়িত কৰাব পাৰোঁ তেন্তে এইটো এটা মোৰ বাবে অনন্য সফলতা হ’ব। মই তেখেতৰ লগত যোগাযোগ কৰা আৰম্ভ কৰিলোঁ কিন্তু মোৰ আপ্ৰাণ চেষ্টায়ো তেখেতক থিয়েটাৰলৈ অনাত বিশেষ একো কৰিব নোৱাৰিলে। তেখেতক মই কোনো পধ্যেই মান্তি কৰাবপৰা নাছিলোঁ।শেষত এনেকুৱা অৱস্থা হ’ল যে, মই তেখেত ঘৰত নথকা অৱস্থাত তেওঁৰ ঘৰলৈ গৈ বাইদেউক লগ কৰা আৰম্ভ কৰিলোঁ। ছাৰ থকা অৱস্থাত কোনোবা দিনা গ’লে তেখেতে মোক তেখেতৰ ঘৰৰ বাৰান্দালৈকে উঠিবলৈ নিদিয়া হ’ল। চোতালৰপৰাই মোক ব্যস্ত আছোঁ বুলি বিদায় দিয়ে (হাঁহি) কিন্তু মই চেষ্টা এৰা নাছিলোঁ আৰু অৱশেষত এদিন মোৰ এই নেৰানেপেৰা চেষ্টাই কাম দিলে আৰু হঠাৎ তেখেতে এদিন মোক বাৰাণ্ডাতে মূঢ়া এটাত বহিবলৈ দিলে। তেওঁ কাষতে চকী এখন লৈ বহিল। তেওঁ সুধিলে মোক তোমাক কেনেকুৱা নাটক লাগে? মই ক’লোঁ কেনেকুৱা নাটক লাগে আপোনাক ক’বলৈ ছাৰ মই কোন? তথাপিও মোৰ থিয়েটাৰৰ বাবে নিভাঁজ অসমীয়া, অসমৰ মাটিৰ গোন্ধ থকা এখন নাটক মই আপোনাৰপৰা আশা কৰোঁ। তেতিয়া তেখেতে মোক বহি বহিয়েই দুটা গল্প ক’লে। এটা আছিল 'ৰাৱণ' আৰু এটা আছিল 'ৰামধেনু'। মই দুয়োটা গল্প শুনি 'ৰামধেনু' গল্পটো ভাল পাইছোঁ বুলি ক’লোঁ। তেখেতে তেতিয়া সেই গল্পটোৰপৰা একেনামৰ 'ৰামধেনু' নামৰ নাটখন লিখি দিলে। পাঠশালালৈ আহি নিজে নিৰ্দেশনাও দি গ’লহি।মানুহে বৰ ভালকৈ নাটখন আঁকোৱালি ল’লে আৰু সমান্তৰালভাৱে সমগ্ৰ অসমত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ভ্ৰাম্যমাণলৈ আগমনৰ বিষয়টো চৰ্চা হ’বলৈ ধৰিলে কাৰণ ড° শইকীয়াৰ দৰে মানুহ এজন ভ্ৰাম্যমাণৰ দৰে সম্পূৰ্ণ পেছাদাৰী ব্যৱস্থা এটাৰ লগত সংযুক্ত হ’ব বুলি বহুতে কল্পনাও কৰা নাছিল।

ফটাঢোল : ড° শইকীয়া ছাৰৰ সান্নিধ্যই আপোনাৰ নিজা জীৱনত কেনেকুৱা প্ৰভাৱ পেলাইছিল ?

কৃষ্ণ ৰয় : ছাৰৰ দৰে মানুহ এজনক ইমান চেষ্টা আৰু অনুৰোধৰ পাছত মই থিয়েটাৰলৈ অনাৰ পাছত অহৰ্নিশে এইটো লক্ষ্য ৰাখিবলৈ ল’লোঁ যে ছাৰে যাতে কোনো কাৰণতে অসুবিধা নাপায়। ছাৰৰ দৰে এক চেকেণ্ডৰ হিচাপ ৰখা মানুহ এজনৰ জীৱন শৈলী থিয়েটাৰলৈ আহি যাতে কোনো কাৰণতে বাধাগ্ৰস্ত নহয় এই দিশটোত মই সদা সচেতন আছিলোঁ। ছাৰ মোৰ ঘৰত থকাৰ সময়খিনিত মোৰ লগত বেছি কথা নকয় কিন্তু মোৰ ডাঙৰজনী ছোৱালী জুৰিক ছাৰে অত্যন্ত মৰম কৰিছিল আৰু তেখেতে যিকোনো ধৰণৰ অসুবিধা পালে তাইক কৈ গৈছিল। তায়ো মোক কয়, “বৰদেউতাই এইখিনি অসুবিধা পাইছে, সোনকালে ঠিক কৰি দিয়া”। ছাৰৰ জীৱনশৈলীৰ বিষয়ে জনা বহুতে জানেই ছাৰে নিজৰ ঘৰৰ বাদে অইন কাৰো ঘৰত কেতিয়াও নিশা কটোৱা নাছিল। নগাঁৱৰ নিজৰ ঘৰখন অথবা শহুৰৰ ঘৰলৈ গ’লেও তেখেতে সদায় আৱৰ্ত ভবনত থাকিছিল। এই ক্ষেত্ৰত ব্যতিক্ৰম আছিল কেৱল আমাৰ ঘৰখন। তেওঁ আৱাহনক নিজৰ দ্বিতীয়খন ঘৰ হিচাপে স্বীকৃতি দিছিল। মই মোৰ ঘৰতে এটা সম্পূৰ্ণ আচুতীয়া কোঠা তেখেতৰ বাবে নিৰ্মাণ কৰি দিলোঁ। এই কোঠাটোতেই তেখেত সপৰিয়ালে (দুয়োজনী ছোৱালী সহ) আহি সদায় থাকিছিল। এই কোঠাটো আমাৰ ঘৰত এতিয়াও ধুনীয়াকৈ ৰাখি থোৱা আছে। আপোনালোকে ইচ্ছা কৰিলে এবাৰ চাই যাব।

ফটাঢোল : ড° শইকীয়াই ওৰে জীৱন আৱাহনৰ অভিভাৱকৰ দায়িত্ব পালন কৰি গ’ল, খুব সম্ভৱ আৱাহনৰ বাদে তেওঁ কহিনুৰ থিয়েটাৰৰ বাবেহে দুখন নাটক লিখিছিল। আৱাহনৰ বাবে তেখেতে মুঠতে কিমান নাটক লিখিলে? অইন থিয়েটাৰ দল সমূহৰ প্ৰতি তেখেতৰ ধাৰণা কেনেকুৱা আছিল, এই বিষয়ে আপুনি জানে নেকি?

কৃষ্ণ ৰয় : আৱাহনৰ বাবে ড° শইকীয়া ছাৰে মুঠ চৌবিশখন নাটক লিখিলে। আনকি আপোনালোক বহুতৰ হয়তো মনত থাকিব পাৰে তেখেতৰ জীৱনৰ শেষ বছৰটোতো আৱাহনৰ বাবে তেওঁ এখন নাট লিখিছিল যাৰ কেবল আঠটা দৃশ্যহে সম্পূৰ্ণ হৈছিল।আমি তেখেতৰ প্ৰতি থকা আমাৰ অগাধ শ্ৰদ্ধাৰ বাবে কেৱল এই আঠটা দৃশ্যৰ 'জোনাক ৰাতি' নামৰ এই আধৰুৱা নাটখনেই ৰাইজৰ মাজত প্ৰদৰ্শন কৰিছিলোঁ আৰু ৰাইজেও এই দৃশ্য কেইটাকেই পৰম আগ্ৰহেৰে আকোঁৱালি লৈছিল। ড° ভৱেন্দ্ৰ নাথ শইকীয়াই বহুতে ভবাৰ দৰে কেৱল আৱাহনৰেই চিন্তা কৰা নাছিল। সামগ্ৰিকভাৱে অসমৰ এই আপুৰুগীয়া সম্পদ ভ্ৰাম্যমাণ থিয়েটাৰৰ উত্তৰণৰ বাবে তেখেতৰ পৰিকল্পনা আছিল। কেৱল মাত্ৰ তেখেতৰ অগ্ৰণী ভূমিকাৰ বাবেই শংকৰদেৱ কলাক্ষেত্ৰত তেখেতে সমগ্ৰ অসমৰ ভ্ৰাম্যমাণৰ প্ৰযোজকসকলক একগোট কৰি ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থা গঠন কৰি দিছিল।

ফটাঢোল : শইকীয়া ছাৰে নিজৰ নাটসমূহ নিজেই পৰিচালনাও কৰিছিল, নহয় জানো?

কৃষ্ণ ৰয় : হয়। ছাৰে নাটক একোখনৰ প্ৰদৰ্শনৰ সময়ত কেৱল দুটা কথা কথাতেই সদায় গুৰুত্ব দিছিল। ছাৰে কৈছিল নাটক মানুহে 'দেখা' আৰু 'শুনা' পাব লাগে। ছাৰৰ নাটকত একোখন মঞ্চত সকলো চৰিত্ৰ স্পষ্টকৈ দেখা পোৱাকৈ ডাঙৰ লাইট সদায় থাকিব লাগিছিল আৰু শব্দ ব্যৱস্থাও খুব উন্নতমানৰ হোৱাটো তেখেতে বিছাৰিছিল। ছাৰে কৈছিল পেণ্ডেলত থকা ১২০০ মানুহৰ কাণত প্ৰতিটো চৰিত্ৰই কোৱা প্ৰতিটো সংলাপ “ঠলৰ ঠলৰ” কৈ পৰিব লাগিব।  

ফটাঢোল : সুদীৰ্ঘ চল্লিশ বছৰ নিজাকৈ এখন থিয়েটাৰ সফলতাৰে চলোৱাৰ পাছত আপুনি সাম্প্ৰতিক সময়ৰ ভ্ৰাম্যমাণক কেনেকৈ দেখে? সকলো ঠিকেই চলি আছেনে? 

কৃষ্ণ ৰয় : আমি আৱাহন আৰম্ভ কৰিছিলোঁ ১৯৮০ চনত, এতিয়া ২০২০ পাৰ হৈ ২০২১ চনত আমি সোমালোঁ। সকলোতে পৰিৱৰ্তন হোৱা নাই জানো? পৰিৱৰ্তনশীল জগতখনত সকলোফালেই পৰিৱৰ্তন অৱশ্যম্ভাৱী। আপুনি ভাল পাওক কিম্বা বেয়া পাওক, ইয়াৰ গত্যন্তৰ আছে জানো? গতিকে ভ্ৰাম্যমাণৰ পৰিৱৰ্তনকো মানি লোৱাৰ বাদে আমাৰ হাতত উপায় নাই। ভ্ৰাম্যমাণৰ বাবেই দৰ্শকৰ পচন্দেই সকলো, দৰ্শকেই ভগৱান। অৱশ্যে মোকে সাঙুৰি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকসকলে যে মাথো সংস্কৃতি ৰক্ষাৰ বাবেই থিয়েটাৰ চলাই আছে সেইটো ক’লে সত্যৰ অপলাপ কৰা হ’ব। “থিয়েটাৰ অৰ্থনীতি”ত প্ৰযোজকৰ বিনিয়োগ ঘূৰি অহাটো আৰু ইয়াৰ লগত প্ৰতক্ষ্যভাৱে জড়িত থকা প্ৰায় ১৫০ জন মানুহ আৰু পৰোক্ষ ভাৱে থকা তেওঁলোকৰ পৰিয়ালৰ বৰ্তমান আৰু ভৱিষ্যতটোহে মূখ্য। ইয়াৰ উপৰিও অসমৰ চুকে কোণে থকা প্ৰতিখন আহ্বায়ক সমিতিয়ে দুপইচা পোৱা কথাটোও গুৰুত্বপূৰ্ণ। এই কথাটো কোনোবাই মানি লওক বা নলওক, মই কওঁ থিয়েটাৰ কিন্তু অসমত আহ্বায়ক সমিতিবোৰেহে জীয়াই ৰাখিছে। সকলোখিনি কষ্টতো তেখেতসকলেই কৰে।

ফটাঢোল : ভ্ৰাম্যমাণ থিয়েটাৰে জন্মৰেপৰা সংকট দেখিছে আৰু প্ৰতিটো সংকট মোকাবিলা কৰিও আহিছে। শেহতীয়াকৈ কভিড ১৯ অতিমাৰীয়ে কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰৰ কঁঁকালত কোব মাৰিছে। আপুনি কি ভাৱে, পাৰিবনে ভ্ৰাম্যমাণ থিয়েটাৰ আকৌ স্ব-গৰিমাৰে উজলি উঠিব? নে কভিড ১৯ ৰ পিছৰ কালছোৱাত ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰূপৰেখা সলনি হ’ব?

কৃষ্ণ ৰয় : এইটো খুব গুৰুত্বপূৰ্ণ আৰু ভাল প্ৰশ্ন। মোৰ ব্যক্তিগত ধাৰণাটো হ’ল আমাৰ ভ্ৰাম্যমাণৰ মানুহখিনি বিশেষকৈ অভিনেতা অভিনেত্ৰীখিনি অকল থিয়েটাৰতে ব্যস্ত আছিল। ভ্ৰাম্যমাণৰ অবিহনে তেওঁলোকৰ ভবিষ্যতটো কি হ’ব সেই বিষয়ে যতসামান্যও পৰিকল্পনা নাছিল। এই অতিমাৰীয়ে সেই মানুহখিনিৰ জীৱনলৈ বিভীষিকা নমাই আনিছে।অৱশ্য, শেহতীয়াকৈ চৰকাৰে থিয়েটাৰৰ ১০০০ জন শিল্পীক ৫০০০০ কৈ টকা এককালীন সাহায্য দিয়াৰ পৰিকল্পনা কৰিছে অৱশ্যে মই জনাত এতিয়ালৈ পোৱা নাই। অপ্ৰিয়, কিন্তু সত্যটো হ’ল ভ্ৰাম্যমাণ থিয়েটাৰৰ কি হ’ব তাতকৈও ডাঙৰ কথাটো হ’ল ইয়াৰ লগত জড়িত থকা মানুহখিনিক এই মুহূৰ্তত কেনেকৈ সংকটৰ পৰা ৰক্ষা কৰিব পাৰি সেইটোহে।

ফটাঢোল : ছাৰ, বহু সময় কথা পাতিলোঁ। ইমানখিনি সময় আমাক দিয়াৰ বাবে কৃতজ্ঞতা জনোৱাৰ ভাষা নাই। ধন্যবাদ ছাৰ। আশা ৰাখিছোঁ নেদেখাজনে আপোনাক দান কৰক সুস্বাস্থ্য আৰু সুদিন।

কৃষ্ণ ৰয় : ধন্যবাদ ভালে থাকক সকলো। হাঁহক আৰু হহুঁৱাওক।

(হিমাংশু ৰাজখোৱাৰ সামগ্ৰিক পৰিকল্পনা আৰু ব্যৱস্থাপনাত ফটাঢোলৰ হৈ এই সাক্ষাৰকাৰটো গ্ৰহণ কৰা সঞ্জীৱ ভট্টাচাৰ্য, সুকুমাৰ গোস্বামী আৰু ধূৰ্জ্জটি কাকতিলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ সম্পাদিকা, ফটাঢোল ই-আলোচনী, ফেব্ৰুৱাৰী সংখ্যা)

☆ ★ ☆ ★ ☆

9 Comments

  • Abhijit Goswami

    বহুত ভাল লাগিল… নজনা কথা বহুত গম পালো.. ধন্যবাদ হিমাংশু দা এণ্ড টিম।

    Reply
  • Suntu

    ভ্ৰাম্যমাণৰ বিষয়ে নজনা বহু কথা জানি বহুত ভাল লাগিল

    Reply
  • rintumoni dutta

    ভ্ৰাম্যমাণৰ বিষয়ে বহুত নজনা কথা জানিলো।

    চাৰলৈ অশেষ ধন্যবাদ।

    Reply
  • Mukut bhattacharjya

    বৰ ভাল লাগিল । বহু নজনা কথা জানিব পাৰিলো।

    Reply
  • হেমন্ত কাকতি

    অসমৰ ভ্ৰাম্যমান থিয়েটাৰ আদিৰ পৰা অন্তলৈ বুৰঞ্জী পঢ়া যেন লাগিল৷ লগতে তেখেতৰ ভিতৰত থকা হাস্যৰসৰো উমান পালোঁ- যেতিয়া শইকীয়া ছাৰক বলে নোৱাৰি মেডামৰ লগত “ৰিলেচন” বনোৱা কথাটো কলে৷ বহুত ভাল লাগিল হিমাংশু৷ ইমান আতিগুৰি জনোৱা বাবে৷ তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ৷

    Reply
  • কাবেৰী মহন্ত

    আঁৰকাপোৰৰ আঁৰৰ কাহিনী! কিমান যে নজনা কথা!
    ধন্যবাদ হিমাংশু, সঞ্জীৱ, ধূৰ্জ্জটি, সুকুমাৰ গোস্বামী, এনে এজন মহীৰূহৰ সৈতে হোৱা কথোপকথন আমাৰ সৈতে ভাগবতৰা কৰাৰ বাবে!
    কুশলে থাকক তেখেত

    Reply
  • জয়ন্ত গগৈ

    থিয়েটাৰ ভাল নলগা ব্যক্তি অসমত আছেজানো ? মোৰ ৰ্দুদান্ত হাবিয়াস । য’তেই নহওক চোৱাৰ হেপাঁহ পুৰ কৰিছোঁ। কহিনুৰ, আবাহনক প্ৰথমস্থান দিওঁ। এই থিয়েটাৰৰ জনক গৰাকীৰ থিয়েটাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে জানিব পাৰি ভাল লাগিল। ধন্যবাদ ফটাঢোল।

    Reply
  • Rimjhim Borthakur

    খুউব ভাল লাগিল সাক্ষাৎকাৰটো পঢ়ি।

    Reply
  • মানসী

    বহুত ভাল লাগিল..ভগৱানে তেখেতক কুশলে ৰাখক..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *