এটি সম্পাদকীয়ৰ আৰম্ভণি – কাবেৰী মহন্ত
কাহিনীটোৰ শিপা অসম নামৰ এক মনোমোহা মূলুকত৷
সময়?
ফাগুনৰ পছোৱাৰ সময়, সৰিয়হ ফুলৰ হালধীয়াই আকাশৰ ৰং সলোৱাৰ সময় আৰু সাহিত্যৰ সুৱাসত মতলীয়া হোৱাৰ সময়! শব্দৰ মালা, কিতাপৰ মেলাত আনন্দ উপভোগৰ সময়!
ব্যক্তি গৰাকী -যদিও মহিলাগৰাকী সাধাৰণ তথাপিও সাহিত্যৰ সুৱাসত নাচি বাগি স্ফূৰ্তি কৰি ভালপোৱা, কিতাপ, আলোচনী সুৱিধা পালেই পঢ়াৰ হেঁপাহ ৰখা গৃহিণী৷ বৃহৎ ৰাজনৈতিক দলৰ প্ৰচাৰৰ দায়িত্বত থকা সদস্যৰ দৰেই মহিলাগৰাকী সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয়৷ চকুৰ আগত অহা সকলো বিষয়তে নিজৰ মতামত দিয়াটো তেওঁ নিজৰ মৌলিক আৰু সাংবিধানিক অধিকাৰ বুলিয়েই ভাৱি আহিছে৷
নিজৰ সৃষ্টিৰ কুঁহিত আঙুলিমূৰত লিখিব পৰা কেইটামান গল্প অথবা কাহিনীৰ বাদে একো চকুত নপৰিলেও হঠাতে আহিল এক গুৰু গম্ভীৰ দায়িত্ব; ব্যংগ সাহিত্যত জীপাল হৈ উঠি অহা এক প্ৰতিষ্ঠিত আলোচনীৰ সম্পাদনাৰ দায়িত্ব!
সময়বোৰত ফাগুনৰ পছোৱাই ৰং সানিছিল…….
যদিওবা কলমবোৰত কেতিয়াবাই চিঁয়াহী শুকাইছিল, উকা কাগজবোৰতো ধূলিৰ আৱৰণে মেৰিয়াই সাবটি আছিল; চিঁয়াহীৰ শুকান মৰুভূমিত হাতৰ স্মাৰ্টফোনটো আছিল মৰুদ্যানৰ দৰেই! তথাপিও নতুন দায়িত্বৰ বাবেই বজাৰৰ পৰা নতুন কলম আহিল, নতুন নোটপেদ আহিল, ৰঙা-নীলা চিঁয়াহীৰ মেল বহিল, যেন নিৰ্বাচনত নতুন প্ৰাৰ্থীয়ে টিকেট পালে আৰু এতিয়া পূৰ্ণোদ্যমে কেনভাছিঙৰ সময়…
সময়বোৰৰ ছন্দবোৰ দীঘলীয়া হোৱা নাইনে…..!!
নে সম্পাদকীয় লেখাৰ কনটেণ্টৰ অভাৱ? ডায়েৰীৰ পাতত অপাৰেটিং চিষ্টেমটো পুৰণা হ’ল, চফ্টৱেৰ আপদেট মাৰিবৰ হ’ল, লেহেমীয়া চিষ্টেমটোৱে সজাই পৰাই থবলৈ চেষ্টা কৰা হাৰ্ডৱেৰ বদিক লুকাই লুকাই উপলুঙা কৰি উঠিল! যুদ্ধ এখন চলি থাকিল, অজুহাত আৰু কেলেণ্ডাৰৰ তাৰিখৰ লগত৷
…….কেৰাহীত মটৰ আৰু ফুলকবিৰ ভাজিৰ লগত বিলাহী দিলে ভাল হব নে নতুন আলুৰ টুকুৰা মিলিব?…. যুদ্ধ চলিল সৰু সৰু সিদ্ধান্তৰো!
পাকঘৰৰ সীমাৰ আঁতৰত থকা সম্ভাৱনা আৰু লুকাই থকা তাড়নাবোৰৰ যুদ্ধত নিশাবোৰ দীঘলীয়া হৈ উঠিল, চৌপাশৰ শীতৰ পৰা ৰক্ষা পাবলৈকে যেন টিভিৰ ৰিম’টটো হাতৰ মাজত সোমাই থাকিবলৈ ললে! ক’ত আছে সমলবোৰ? সমল বিচাৰি হাবাথুৰি খায় মানুহগৰাকীয়ে। ক’ত পাব সম্পাদকীয় লিখিবলৈ সমল? টিভিৰ ব্ৰেকিং নিউজবোৰত? টক শ্বো’বোৰত? নে ছ’চিয়েল মিডিয়াৰ বিতৰ্কবোৰত?
টিভিৰ ব্ৰেকিং নিউজবোৰ! কোনটো কেতিয়া পৰ্দা ভাঙি মগজুত সোমাইহি গেৰাণ্টী নাই! প্ৰাইম টাইম, চুপাৰ প্ৰাইম টাইম.. সময়ে কেতিয়াবা ভাৱিছিল নে ব্ৰেকিং নিউজৰ প্ৰতিযোগিতাত নিজৰেই এনেকুৱা নামাকৰণ হব?
মানুহগৰাকীয়ে ৰামদেৱে শিকোৱা দীঘলীয়া উশাহটো লৈ পুৰণা চফ্টৱেৰ আঁতৰাই ৰখাৰ চেষ্টা কৰিলে৷ যুদ্ধ চলি থাকিল সমল আৰু বাচনিৰ…..
ৰাতি ৰাতি চিনেমা -চিৰিয়েল চোৱাৰ নিচাবোৰ, পৰ্দাত নিজকে শ্ৰেষ্ঠ প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতাবোৰ উপভোগ কৰাৰ নিচাবোৰ সামৰিব লগা হ’ল৷ কিন্তু কোনবোৰ নিচা সঁচা? দিন ৰাতি একাকাৰ কৰি কাম কৰাৰ অজুহাতৰ নিচা নে টিভিৰ আগত বহি আইকন বনোৱাৰ নিচা? নে পেচা বজাই ৰাখিবলৈ কৰা আসক্তিবোৰ সঁচা? দীৱালীৰ সময়ত উশাহ নিশাহৰ কষ্টৰ বাবে ফটকা ফুটাবলৈ মানা কৰাৰ আবেদন সঁচা নে টুইটাৰত সাগৰৰ পাৰত উপভোগ কৰা দুই ইঞ্চি শকত চিগাৰেটৰ ধোঁৱাৰ কুন্দলী??
…সময়বোৰ কেতিয়াবা দৌৰিও যায়…যেন প্ৰতিযোগিতা কাক কোনে পিছ পেলাব পাৰে! কাৰোবাৰ মৃত্যুৰ কাৰণো হব পাৰেনে প্ৰতিযোগিতা মানৱতাৰ?
…..ইটোৰ পাছত সিটো প্ৰতিযোগিতা! কঙালী বিহুৰ ভোগালী বিহু হোৱাৰ প্ৰতিযোগিতা অথবা ভোগালী বিহুৰ ৰঙালী বিহু হোৱাৰ প্ৰতিযোগিতা!
সুৱিধাবোৰ কিয় এৰিম আমি? আন্দোলনেই হওক, বিহুৱেই হওক, হেন্দোলদোপকৈ অহা আবেগৰ দোলাত কিয় নুঠিম আমি? তাৰবাবেই টো আমি অভিজ্ঞতাৰে পুষ্ট! বিদেশী খেদাৰ বাবেও আমি আন্দোলন কৰিম আৰু বিদেশী আমন্ত্ৰণৰ বাবেও আমি আন্দোলন কৰিম৷ দুয়োটো আন্দোলনে আমাক কি নাইদিয়া? আবেগ আছে বাবেইতো এইয়া কৰিব পাৰিছোঁ! ভাৰতৰ কোনখন ৰাজ্যত অসমৰ দৰে বাকপটুতাৰে ছাত্ৰ অৱস্থাৰ পৰাই নেতা হোৱাৰ উদাহৰণ আছে? হব পাৰে আন্দোলনৰ চৰিত্ৰ বেলেগ, নামাকৰণ বেলেগ৷ “কা”, “বিদেশী বহিস্কাৰ”, অথবা টিভিৰ পৰ্দাত পেট্ৰল, কেৰাচিন জ্বলাই কৰা যিকোনো আন্দোলন! এইবোৰৰ টি আৰ পি আছে, আবেগ আছে, ৰাজনৈতিক দলৰ টিকট পোৱাৰ চান্স আছে৷ টিভিৰ মেজমেলতে সেয়ে কৰ্ম সংস্কৃতিৰ আন্দোলন, সৰ্ব ভাৰতীয় প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্ব্বিতা কৰাৰ শৈক্ষিক আন্দোলন সীমাবদ্ধ, কাৰণ সেইবোৰত টি আৰ পি নাই৷
জীৱনৰ ডায়েৰীৰ পৃষ্ঠাবোৰ উৰি গৈছিল অতীতলৈ… ৰৈ যা সময়!!
“বিশিষ্ট সমালোচক?”
“কেনেকুৱা আন্তৰিকতাৰে পঢ়াব লাগে?” কানত বাজি উঠা বাক্য দুটা আৰু কিবা এটা কৰাৰ জিদটো৷ মহিলাগৰাকীয়ে নৱম শ্ৰেণীতে অৰ্জন কৰা বিশেষ অৰ্হতা “বিশিষ্ট সমালোচক!”
…..স্কুলৰ পৰিৱেশটো সিদিনা গতানুগতিক নাছিল৷ ক্লাছৰুমৰ খিড়িকীৰ ফাঁকে ফাঁকে অহা দৃষ্টিবোৰ, শিক্ষক-ছাত্ৰছাত্ৰীৰ সন্দেহভৰা চাৱনিবোৰে থকা সৰকা কৰিছিল ছোৱালীজনীক৷
হাতত “প্ৰান্তিক” খন লৈ অংকৰ ছাৰ গৰজি উঠিছিল… আমিটো টিউচনৰ বাবেই স্কুলত আন্তৰিকতাৰে নপঢ়াঁও নহয়নে? কেনেকুৱা আন্তৰিকতাৰে পঢ়াব লাগে??
বিশিষ্ট সমালোচক ওলাইছে আপুনি!
শ্ৰদ্ধাৰ শিক্ষাগুৰুৰ তাচ্ছিল্যৰ সুৰত সম্বোধন কৰা শব্দই চকুৰ পানী ৰখাব পৰা নাছিল তাইৰ, ভাৱ হৈছিল সময়বোৰ উৰি যাওক৷ …আগলৈ অথবা পিছলৈ.. যা সময় উৰি যা! ….কিছুদিনৰ পাছৰ ড° ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ চিঠিখন, ভাষাৰ ব্যৱহাৰৰ ওপৰত দিয়া উপদেশ কেইটা.. তেখেতকো এগৰাকী শিক্ষক হিচাপেই ভাৱিবলৈ কোৱা কথাবোৰ! এটা সাধাৰণ অথচ শক্তিশালী শব্দই গোটেই কথাবোৰৰ ৰূপ সলনি কৰাৰ উদাহৰণ….
“কিছু” শব্দতে লুকাই আছিল সেই যাদু৷ গোটেই শিক্ষক সমাজ ক্ষুণ্ণ নহ’লহেঁতেন যদিহে তাই “কিছু” শব্দটো ব্যৱহাৰ কৰিলেহেঁতেন! সকলো ছাৰেই শইকীয়া ছাৰৰ দৰে হোৱাহেঁতেন!! সমালোচনাৰে থকা সৰকা হোৱা ছাত্ৰীগৰাকীৰ কুমলীয়া মনটোত সঞ্জীৱনীৰ দৰে অহা শইকীয়া ছাৰৰ পত্ৰখন যেন সাহিত্যৰ পথাৰত মহিলাগৰাকীৰ আদিপাঠ আছিল!
চিঞাহীৰ খেলবোৰ আৰু তাৰ ফাঁকে ফাঁকে সময়ৰ লুকাভাকু বোৰ…..
চেনেলবোৰ গম নোপোৱাকৈয়ে সলনি হয়, যেনেকৈ সলনি হয় আবেগবোৰ! প্ৰতিষ্ঠিত অধিনায়কৰ অবিহনেই বী টীম হিচাপে গৈ ভাৰতীয় ক্ৰিকেট দলৰ ৰেকৰ্ড বিজয়৷ টুইটাৰ ভৰি পৰিল বিৰাট কোহলীৰ পেটাৰ্ণেটী লিভৰ শুভেচ্ছাৰে! মানুহগৰাকীয়ে ভাৱিলে হয়তো, কোহলীয়ে সোনকালেই আকৌ ছুটী লওক, অন্তত লুকাই থকা প্ৰতিভাবোৰ ফুটি উঠাৰ সুৱিধাখিনি পালে!
…সময়বোৰো ভাৱ হৈছে এক প্ৰতিযোগিতাত নামিল! শেষৰ দিনবোৰ আগলৈ অহাৰ প্ৰতিযোগিতা!…
কম্পাউণ্ডৰ স্ব প্ৰতিস্থিত বুদ্ধিজীৱি মহিলা দুগৰাকীমানৰ আগমনে মহিলাগৰাকীৰ গাৰ্হস্থ্য আন্দোলন তীব্ৰতৰ কৰি তুলিলে৷ নিজৰ কথাবোৰ আমাৰ সকলোৰে বাবেই গুৰুত্বপূৰ্ণ৷ এনে এক তাৎপৰ্যপূৰ্ণ আলোচনাৰ মাজতেই মানুহগৰাকীৰ স্মাৰ্টফোনটো বাজি উঠিল৷ আস্! কি মণিকাঞ্চন সময়.. আলোচনাক কেৰেপ নকৰি সিপাৰৰ পৰা অহা ফোনটোত ব্যস্ত হৈ পৰিল মানুহগৰাকী! এইয়াইটো সময় নিজৰ গুৰুত্ব দেখুৱাৰ, এইয়াইটো সময় উপস্থিত অতিথিৰ ওপৰত নিজৰ স্থান মজবুত কৰাৰ! এইটো আধুনিক, স্মাৰ্ট ট্ৰেণ্ড বুলি উপলুঙা কৰাই কৰি থাকিব, মবাইল এথিক্স নজনা বুলিও কব, সেইবুলি স্মাৰ্টনেছৰ তুলাচনীত নিজকে কোনসতে তেঁও তললৈ নমাই নিজকে? নেদেখা ব্যক্তিজনক অদৰকাৰীকৈ কিছু সময় ব্যস্ত ৰাখি অতিথি দুয়োগৰাকীকে হেয় কৰাৰ সুৱিধা তেঁও এৰি নিদিলে৷
…. সময়বোৰ মাহৰ শেষৰ দিনকেইটাত উলমি ৰ’লহি৷ টিভিৰ আগত বহি কলম কামুৰি ৰৈ থাকি অথবা ফেচবুকৰ বিয়া, পিকনিকৰ ফটোত জুপি জুপি কাপোৰ, অলংকাৰ বিচাৰি ফুৰা, অথবা লৰাছোৱালীৰ ইচ্ছাৰ নামত বাহিৰৰ পৰা অনোৱা আহাৰ… কাৰ্যক্ৰমণিকাবোৰ গতানুগতিক ভাৱে প্ৰায় মাহটোৱেই চলি থাকিল৷ ফাগুনৰ বতাহত ধূলি উৰাৰ দৰেই সম্পাদকীয়ৰ পৃষ্ঠা কেইখিলাও উৰি থাকিল উকা হৈ তাৰ মাজতে৷
মনৰ ইচ্ছাবোৰে কিয় অজুহাত বিচাৰে? শুই থকা সময়বোৰ, কিহবাৰ তাড়নাত সাৰ পোৱা সময়বোৰ, অকল সুযোগৰ অপেক্ষাতে সপোন দেখিম বুলি ভৱাৰ সময়বোৰ! এই যে ফেচবুকত সুন্দৰকৈ সজাই দিয়া খাদ্যৰ ফটোবোৰ, পাকঘৰৰ চুকেকোণে, বাচন আৰু পানীৰ টেপৰ তালেতালে ভাঁহি অহা কন্ঠবোৰ, পঁজাঘৰৰ খিড়িকীত উলমি ৰোৱা হাতে বোৱা পৰ্দাবোৰ অথবা টেবুলত পাৰি থোৱা মিহি এম্ব্ৰডেইৰীবোৰ, নে আলোচনীখনৰ বাবে সম্পাদকীয়ৰ অজুহাতত কিবা এটা লিখাৰ তাড়নাটো?! এখন গামোচাত গুণমালা লিখি উলিওৱাৰ মানুহগৰাকী কিহত বেলেগ তেঁওতকৈ?
এক মানসিক শক্তিৰ?
অথবা মনৰ একাগ্ৰতাৰ?
অথবা অংকৰ ছাৰে কোৱা আন্তৰিকতাৰ?
মানুহগৰাকীয়ে সময়বোৰ ধৰি ৰাখিব খুজিলে, আৰ্কাইভত সযতনে ৰাখি থোৱাৰ মানসৰে প্ৰয়াস কৰিলে লিখিবলৈ সম্পাদকীয়। নাম দিলে – ‘এটি সম্পাদকীয়ৰ আৰম্ভণি’।
তেওঁ লিখি গ’ল –
“কাহিনীটোৰ শিপা অসম নামৰ এক মনোমোহা মূলুকত।
সময়?…. ……
………….. …..?”
জয়তু ফটাঢোল ,
জয়তু অসমীয়া ভাষা।
সহৃদয়তাৰে,
সম্পাদক,
ফটাঢোল ই-আলোচনী
চতুৰ্থ বৰ্ষৰ সপ্তম সংখ্যা
10:18 am
সম্পাদকীয়ত নতুন সোৱাদ পালোঁ। ভাল লাগিল। সদায় পঢ়াৰ দৰে প্ৰথমেই সম্পাদকীয় পঢ়িলোঁ। অভিনন্দন জনালোঁ
11:00 am
অতুলনীয় সম্পাদকীয়
6:29 pm
ধন্যবাদ?
6:29 pm
বহুত ধন্যবাদ মানসী৷
10:27 am
ওৰণিৰ আঁৰে আঁৰে ফুটি উঠা আন্তৰিক আবেদন আৰু প্ৰকাশভংগীৰ শলাগ ললোঁ । বৰ ভাল লাগিল ।
6:30 pm
অশেষ ধন্যবাদ?
10:38 am
সুন্দৰ সম্পাদকীয়
6:30 pm
তই মেইন৷?
10:41 am
একেবাৰে এটা বেলেগ সোৱাদ বা.. ভাল লাগিল দেই ? ? ?।
9:46 pm
ধন্যবাদ অভিজিত?
10:42 am
অগতানুগতিক সম্পাদকীয়৷ সময় আৰু নদী চিৰদিন বৈ যায়, স্পষ্ট কথাৰে বৰ্তমানৰ দুদল্যমান সময়বোৰ বৰ সুন্দৰকৈ তুলি ধৰিছে বাইদেউ৷ আপোনালৈ অভিনন্দন৷
9:48 pm
অশেষ ধন্যবাদ সুন্দৰ মন্তব্যটোৰ বাবে৷?
11:45 am
বৰ ধুনীয়াকৈ লিখিলে বা
9:49 pm
ধন্যবাদ দিম্পল?
12:04 pm
বৰ মনোগ্ৰাহীকৈ লিখিলা দেই৷আৰু আশা কৰিছো কাবেৰী
9:49 pm
ধন্যবাদ বাইদেউ৷ চেষ্টা কৰিম
12:25 pm
প্ৰান্তিকৰ সমালোচনা চকুৰ আগত ভাঁহি আহিল , যি প্ৰেৰণাই আজিৰ সম্পাদকীয়টো গভীৰ আৰু আকৰ্ষণীয় কৰি তুলিলে ।
বহুত সুন্দৰ , অগতানুগতিক এটা সম্পাদকীয় পঢ়িবলৈ পাই অশেষ ধন্যবাদ জনালো ।
9:50 pm
?❤️❤️?
আশীৰ্বাদ কৰি থাকিবি
12:29 pm
বাহ: কি সুন্দৰ ..
বাইদেউ বহু কথাই আপুনি আঙুলিয়াই গ’ল, প্ৰতিটো বাক্য গাঁঠনিতে বিচাৰি পালোঁ বিষয়ৰ গুৰুত্বপূৰ্ণতা। আন্তৰিক ধন্যবাদ জনালোঁ।
9:51 pm
ধন্যবাদ জয়ন্ত৷ সুন্দৰ মন্তব্যটোৱে মন চুই গ’ল
12:35 pm
অগতানুগতিক। ভাল লাগিল পঢ়ি
9:52 pm
ধন্যবাদ ৰিন্টুদা?
2:33 pm
ভাবি থকা কথাবোৰ শৃংখলাবদ্ধভাবে লিখি মনোগ্ৰাহী কৰিব পৰাটো বৰ সাধাৰণ গুণ নহয়
9:52 pm
ধন্যবাদ ৰশ্মিবা
2:34 pm
বাহ বঢ়িয়া। হাতী মাৰি ভুৰুকাত ভৰাই দিলে। পঢ়ি বৰ ভাল লাগিল।
9:53 pm
অশেষ ধন্যবাদ?
2:45 pm
নতুন সোৱাদৰ সম্পাদকীয়, ভাল লাগিল বাইদেউ।
9:54 pm
ধন্যবাদ তাবিবৰ?
2:51 pm
অগতানুগতিক । ভাল লাগিল।
9:54 pm
ধন্যবাদ?
2:57 pm
বাঃ কি সুন্দৰ সম্পাদকীয়৷ অগতানুগতিক , মনপৰশা৷ বৰ ভাল লাগিল৷ সুন্দৰ আলোচনী এখন উপহাৰ দিয়াৰ বাবে আপোনাক আন্তৰিক অভিনন্দন জনালোঁ৷ জয়তু ফটাঢোল৷
10:58 am
অশেষ ধন্যবাদ সুন্দৰ মন্তব্যটোৰ বাবে?
3:12 pm
বহুত দিনৰ মূৰত এখন আলোচনীত এটি সুন্দৰ সম্পাদকীয় পঢ়িলো।অলপ ব্যতিক্ৰমী লাগিল।সম্পাদকক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ত্ৰিদিব মহন্ত
10:59 am
ধন্যবাদ মৌচমদা, সুন্দৰ মন্তব্যৰ বাবে
3:14 pm
কওঁ নকওঁকৈ সকলোৰে কথা ক’লে !
অগতানুগতিক সম্পাদকীয় ! ৰসৰ ৰহঘৰা !
11:00 am
অশেষ ধন্যবাদ?
3:19 pm
প্ৰথমে শুভেচ্ছা জনাইছো ….. নতুন দায়িত্ব আৰু স্পষ্টবাদী লিখনিৰ বাবে । গৌৰৱবোধ সদায় কৰো বাল্যকালৰ সহপাঠী হিচাবে । লিখনিৰ এটা অংশই বহু বছৰ পুৰণি স্মৃতি মনত পেলাই দিলে । সোণালী ভৱিষ্যত ৰ কামনা কৰিলো ।
11:01 am
বহুত ধন্যবাদ পৰশ৷ তহঁতৰ লগত কটোৱা দিনবোৰেই সমল
3:20 pm
জীৱন চিনেমাৰ দৃশ্যপট যেন ক্ষনে ক্ষনে সলনি হৈছে! আপোনাৰ আঙুলিত ধৰি গোটেইখন ঘুৰি ফুৰিলোঁ৷ বৰ ধুনীয়া সম্পাদকীয়৷ অনাগত দিনৰ বাবে এবুকু শুভকামনা৷
11:02 am
ইমান ধুনীয়া মন্তব্যৰ বাবে বহুত ধন্যবাদ?
3:30 pm
এইবাৰৰ সম্পাদকীয় অগতানুগতিক। গৃহিণী হিচাপে কৰ’বাত ৰিলেট কৰিব পাৰিছো যেন। সম্পাদকলৈ অশেষ শুভেচ্ছা।
11:03 am
ধন্যবাদ অশেষ?! আপ্লুত হ’লোঁ
3:32 pm
সুন্দৰ সম্পাদকীয়। বৰ ধুনীয়াকৈ লিখিলে মনৰ কথাখিনি।
11:03 am
ধন্যবাদ ডলী?
3:34 pm
কাবেৰী অ’ , ইমান সুন্দৰকৈ আগবঢ়ালা সম্পাদকীয় টো !! অভিভূত হৈ পৰিলোঁ।
অনাগত দিনলৈ হিয়া ভৰা শুভকামনা থাকিল।
11:04 am
অশেষ ধন্যবাদ?
3:54 pm
সাংঘাটিক আৰু অগতানুগতিক
11:04 am
ধন্যবাদ দিগন্ত??
সকলোখিনিৰ বাবে
4:21 pm
আলোচনীৰ সম্পাদিকালে শুভেচ্ছা জনালোঁ। নতুনত্বৰে ভৰা সম্পাদকীয়।
11:05 am
ধন্যবাদ বহুত ভাস্কৰ?
4:33 pm
ব্যতিক্ৰমী সম্পাদকীয়। অন্তৰ পৰশি ৰোৱা।
আৰু যেতিয়া নিজস্ব চাৰিত্ৰিক বৈশিষ্ট্যৰ কিছু তাল-মিল একোটা লিখনীত পোৱা যায়, তেতিয়াই আপোনত্বৰ ভাবাৱেগ এটিয়ে অন্তৰত ক্ৰিয়া কৰে।
3:40 pm
বহুত ধন্যবাদ ৰূপালী?
5:10 pm
এক বেলেগ সোৱাদৰ সম্পাদকীয়
ভাল লাগিছে
3:40 pm
ধন্যবাদ?
5:18 pm
তোমাৰ লিখনি সঁচাকৈয়ে উচ্চমানদণ্ডৰ কাবেৰী। কলমবোৰ আৰু শুকাবলৈ নিদিবা।কাগজবোৰত ও যাতে ধূলিৰ আৱৰনে সাৱটি ধৰিব নোৱাৰে। অগতানুগতিক লিখনি। আগলৈও আশা কৰি থাকিম দেই
3:41 pm
বহুত ধন্যবাদ৷ ইমান সুন্দৰ মন্তব্যৰ বাবে?
5:46 pm
অগতানুগতিক এটি সম্পাদকীয় লিখনি। সচাঁই বৰ ভাল লাগিল দেই। অনাগত দিনবোৰত আৰু পঢ়িবলৈ পাম বুলি আশা ৰাখিলো।
4:53 pm
বহুত ধন্যবাদ দেই
5:47 pm
কাবেৰী তোৰ সম্পাদকীয় টো পঢ়ি বৰ ভাল লাগিল । গুৱাহাটী ইউনিভাৰচিটিত তোৰ লগত পঢ়ি থাকোতে ধৰিবই নোৱাৰিলো যে তোৰ এনে প্ৰতিভা ও আছে ।
4:54 pm
হা হা৷ এনেই চেষ্টা অলপ
6:47 pm
অগতানুগতিক আৰু মনোগ্ৰাহী সম্পাদকীয় ! বৰ ভাল লাগিল তুন। লেখি থাকিবা। শুভেচ্ছা থাকিল।
4:55 pm
বহুত ধন্যবাদ বন্তিবা
6:53 pm
তোমাৰ অগতানুগতিক চিন্তাধাৰাৰ সম্পাদকীয় পঢ়ি আপ্লুত হ’লো। তোমাৰো যে কলমত শক্তি আছে তাক সাহসেৰে প্ৰতিপন্ন কৰিলা। লিখনিত যতি পৰিবলৈ নিদিবা।
5:32 pm
বহুত ধন্যবাদ জানদা৷ ইমান ধুনীয়াকৈ কৈছে
6:57 pm
ভাল লগা আৰু আনকমন সম্পাদকীয়। ধুনীয়া।
5:32 pm
বহুত ধন্যবাদ?
6:59 pm
আনকমন সম্পাদকীয়, ভাল লাগিল। খুড়ীয়ে কি খাই পাইছিল জানো এইজনীক?
5:31 pm
হা হা! ধন্যবাদ দেই পঢ়াৰ বাবে
7:48 pm
ইমান সুন্দৰ সম্পাদকীয় প্ৰতিবেদন …. সুন্দৰ প্ৰকাশভংগী … সুন্দৰ ভাষা … আগবাঢ়ি যোৱা … শুভেচ্ছা সদায়েই থাকিব ।
5:30 pm
ধন্যবাদ মঞ্জু?
9:08 pm
সুন্দৰ আৰু অগতানুগতিক। খুব ভাল লাগিল সম্পাদকীয় পঢ়ি।
5:30 pm
ধন্যবাদ দেই?
9:53 pm
পঢ়িলোঁ৷ অগতানুগতিক৷ সুকীয়া ৰস পালোঁ৷
5:29 pm
অশেষ ধন্যবাদ?
10:34 pm
সম্পাদকীয়ৰ নামত এক অনুপম সৃষ্টি ৷ গতানুগতিক জীৱনযাত্ৰাৰ এক অগতানুগতিক অনুভৱ৷ ক্ৰমশঃ লিখনিলৈ আগ্ৰহেৰে বাট চাই ৰ’লো ৷
5:29 pm
আন্তৰিক ধন্যবাদ বাইদেউ
10:52 pm
মনোমোহা, যেন এটি কথা কবিতা৷ বহুত বেছি সোৱাদযুক্ত! ধন্যবাদ কাবেৰী৷
5:28 pm
ধন্যবাদ দাদা?
6:38 am
এটা অগতানুগতিক, উচ্চমানৰ লেখাই কঢ়িয়াই অনা সুকীয়া অনুভৱে চুই গ’ল। অভিনন্দন জনালোঁ।
5:27 pm
ধন্যবাদ?
6:38 am
এটা অগতানুগতিক, উচ্চমানৰ লেখাই কঢ়িয়াই অনা সুকীয়া অনুভৱে চুই গ’ল। অভিনন্দন জনালোঁ।
5:27 pm
বহুত ধন্যবাদ দাদা সুন্দৰ মন্তব্যটোৰ বাবে
6:44 am
ভাল লাগিল কাবেৰী। বৰ সুন্দৰ্ লিখিছা। সম্পাদকীয়
লিখাৰ মনৰ দোমোজা বৰ সুন্দৰ কৈ প্ৰ্কাশ পাইছে..তাৰ লগত সামঞ্জস্য ৰাখি বিভিন্ন সময়ৰ পটভূমি সুন্দৰ কৈ উপস্থাপন কৰিছা।
5:26 pm
ধন্যবাদ শৰ্মিষ্ঠা?
7:40 am
সম্পাদকীয়টোত বিষয়ৰ প্ৰকাশশৈলী কাব্যিক৷ সুন্দৰ সম্পাদকীয়, সুন্দৰ সম্পাদনা৷
5:25 pm
অশেষ ধন্যবাদ সুন্দৰ মন্তব্যৰ বাবে
7:56 am
পদূলিৰ পৰা যেন pick up কৰি বহু thai furai ani akou podulit thoi golhi…
enekuwa sompadokio porha nasilu…
finishing e hilai dile…
ki adbhut style!!!
triple love emoji didi.
5:24 pm
ৰামানুজ, বহুত ধন্যবাদ৷ ইমান ধুনীয়াকৈ লিখিছা
2:28 pm
সুন্দৰ ।
5:23 pm
ধন্যবাদ?
3:42 pm
ধন্যবাদ মিতালী?
3:57 pm
বৰ ভাল লাগিল সম্পাদকীয় পঢ়ি। অগতানুগতিক বাবেই বেছি ভাল লাগিছে।
5:33 pm
আন্তৰিক ধন্যবাদ অনুৰূপ?
7:43 pm
Khub dhunia likhisa..bhal lagil….
12:06 am
ধন্যবাদ তাপসী?
9:02 pm
সুকীয়া সোৱাদৰে ভৰপুৰ সম্পাদকীয়টো পঢ়ি বৰ আপ্লুত হ’লো।
12:06 am
আন্তৰিক ধন্যবাদ?
10:07 pm
সুন্দৰ,মনোগ্ৰাহী,ব্যতিক্ৰমী সম্পাদকীয়।এখন উপন্যাস হ’ব পাৰে দেখোন! বহুত ভাল
লাগিল।
12:07 am
ধন্যবাদ দেই৷ ধুনীয়া কমেণ্টৰ বাবে
11:03 pm
আপ্লুত হলোঁ। সুন্দৰ…. ধন্যবাদ
ডাঃ পাৰ্থসাৰথি ভূঞা
1:17 am
বহুত ধন্যবাদ?
11:49 pm
অগতানুগতিক আৰু
বহু সুন্দৰ লিখনি।
1:18 am
অশেষ ধন্যবাদ?
7:43 am
আস! বৰ্তমানৰ দোদূল্যমান সময়ৰ কি যে সুন্দৰ উপস্থাপন। পঢ়ি যাওঁতে দৃশ্যপটবোৰ ছবিৰ দৰে চকুৰ আগত ভাঁহি থাকিল। তোমাৰ লিখনিৰ কথা মই আগতেও কৈছোঁ। বিষয়বস্তু উপস্থাপনত সদায়েই নতুনত্ব বিচাৰি পাওঁ।
3:38 pm
বহুত ধন্যবাদ গীতিকা?
12:10 pm
কি সুন্দৰ সম্পাদকীয়। এক সুকীয়া আমেজ দি যোৱা এক অগতানুগতিক লিখনি। এনে ধৰণৰ সম্পাদকীয় আগতে পঢ়া মনত নপৰে। বৰ ভাল লাগিল কাবেৰী বা। অভিনন্দন জনালোঁ ।
3:40 pm
ধন্যবাদ মন্দিৰা ধুনীয়া কমেণ্টটোৰ বাবে?
3:48 pm
এক অগতানুগতিক আৰু ব্যতিক্ৰমী সম্পাদকীয় ৷ খুব ভাল লাগিল বা ৷
10:54 pm
ধন্যবাদ নিলাক্ষী?
4:04 pm
ইমান ৰসালকৈ লিখিছা। বঢ়িয়া লাগিল ?
10:55 pm
ধন্যবাদ উৎপলা?
10:13 pm
অগতানুগতিক সম্পাদকীয় ?
10:55 pm
ধন্যবাদ মাধুৰীমা?
7:40 pm
বহু বহু শুভেচ্ছা জনালো। এক সুন্দৰ
মননশীল সমপাদকীয় পঢ়ি বলৈ পোৱাৰ
বাবে। ভাল লাগিছে। অগতানুগতিক সমপাদকীয়।
10:56 pm
অশেষ ধন্যবাদ সুন্দৰ মন্তব্যটোৰ বাবে