ফটাঢোল

ডৰ চে আগে জীত হ্যে  – দেবজিত শৰ্মা 

সাহেই সিদ্ধি৷ সঁচা কথা ক’বলৈ গ’লে সাহ বান্ধি আগবাঢ়ি গ’লেহে জীৱনত সফল হ’ব পাৰি৷ ইতিহাসৰ পাতে পাতে এনেকুৱা অলেখ উদাহৰণ পোৱা যায়৷ আজি তেনে এটা কাহিনীকে ক’বলৈ লোৱা হৈছে৷ কাহিনীটো এইখন অসমৰে আমাৰ সকলোৰে চিনাকি এজন ফটাঢুলীয়াৰ৷

আমাৰ সঞ্জীৱ ভট্টদাৰ কাহিনী এইটো৷ সম্পৰ্কীয় বায়েক এগৰাকীৰ বিয়া৷ সঞ্জীৱদা তেতিয়া বিদ্যালয়ৰ নৱম শ্ৰেণীত পঢ়ি আছে৷ বিদ্যালয়ৰ বছেৰেকীয়া পৰীক্ষা সাং কৰি সঞ্জীৱদা গ’ল বিয়া খাবলৈ৷ বিয়া মানে, একেবাৰে ইলাহী বিলাহী কাৰবাৰ৷ অৱশ্যে আজিৰ দৰে ডি এচ এল আৰৰ যুগ তেতিয়া আৰম্ভ হোৱা নাছিল৷ সাধাৰণ ৰিল থকা কেমেৰাতে প’জ দি পোন্ধৰ দিনমান অপেক্ষা কৰাৰ পাছতহে ফটো হাতত আহি পৰিছিল৷ বিয়া ঘৰৰ উদুলি মুদুলি পৰিবেশ৷ সঞ্জীৱদা নতুনকৈ ডেকা হৈছে, গতিকে সৰুসকলৰ মাজত একদম ৰজাৰ দৰেই সন্মান আৰু গুৰুত্বৰে থিয় দি ফুৰিছিল৷ অসমীয়া বিয়াবোৰত সেই সময়ত আজিৰ দৰে আধুনিকতাৰ পৰশপৰা নাছিল যদিও গুৱাহাটীৰ দুই এখন বিয়া খোৱাৰ অভিজ্ঞতাৰে সঞ্জীৱদায়ে কিছু নতুনত্ব অনাৰ প্ৰয়াস কৰিলে৷ এতিয়া কথাটো হ’ল, যিকোনো বিষয়তেতো হস্তক্ষেপ কৰিব নোৱাৰি! গতিকে সমনীয়া আৰু জেষ্ঠ দুই এজনৰ লগত আলোচনা কৰি ঠিৰাং কৰা হ’ল যে দৰাৰ জোতা লুকুৱাই নগদ ধনৰ দাবী উত্থাপন কৰা হ’ব৷ 

কথা মতেই কাম, দৰা আহি পদূলিত থিয় হোৱাৰ লগে লগেই সঞ্জীৱদাৰ নেতৃত্বত ‘মিচন জোতা’ আৰম্ভ কৰি দিয়া হ’ল৷ ভাগ্যও চাগে সুপ্ৰসন্ন আছিল, দৰাক ভৰি ধুৱাই থকাৰ সময়তে কাৰেণ্টো নোহোৱা হ’ল৷ মেণ্ঠল লাইট জ্বলাই পোহৰৰ ব্যৱস্থা কৰে মানে জোতা হস্তগত কৰি সঞ্জীৱদাৰ দল ৰভাতলীৰ ভিতৰত৷ দৰদামৰ কথা আলোচনা কৰিবলৈ লওঁতেই বাহিৰৰ হৈ চৈ শুনি সঞ্জীৱদাহঁতে কাণ থিয় কৰি শুনিবলৈ চেষ্টা কৰিলে৷ এজনে অলপ চুচুক-চামাক কৰি ওচৰলৈ গৈ কাহিনীটো জানিবলৈ চেষ্টা কৰোঁতে, কাণত যিবোৰ কথা পৰিল, দৰাৰ জোতাৰপৰা মোটা অংকৰ ধন আশা কৰি থকা বেলুণটো সেই ঠাইতেই ফুটি গ’ল৷ প্ৰকৃততে দৌৰাদৌৰিৰ কোবত সঞ্জীৱদাহঁতৰ দলটোৱে দৰাৰ পৰিৱৰ্তে দৰা আৰু কইনা ঘৰৰ দুইজন পুৰুহিত, দৰাৰ খুৰায়েকৰ জোতাকে উঠাই লৈ আনিলে৷ অত্যুৎসাহী কোনোবা এটায়েতো দৰাৰ মোমায়েকে পিন্ধি থকা জোতা ভৰিৰ পৰায়েই টানি টানি খুলি লৈ আনিলে।

ইয়াৰপাছত আৰু আত্মসমৰ্পনৰ বাদে গত্যন্তৰ নাছিল সঞ্জীৱদাহঁতৰ৷

☆ ★ ☆ ★ ☆

5 Comments

  • বাগ্মিতা

    হাঃ হাঃ

    Reply
  • Pranita Goswami

    এইটো বৰ ভাল লাগিল। শেষত সৱ ফুটুকাৰ ফেনহে হ’লগৈ।

    Reply
  • কাবেৰী মহন্ত

    দেবজিত এইটো সঁচাই মজা লাগিল৷ শেষৰ খিনি বিশেষকৈ৷

    Reply
  • উজ্জ্বল

    কপাল নে চোতাল এইখন???

    Reply
  • আদিত্য

    ??

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *