ফটাঢোল

বুদ্ধিৰ জোৰ – শাশ্বত চৌধুৰী

এজন বুঢ়া মানুহে ট্ৰেইনেৰে গৈ আছিল। তেওঁ ডবাটোত অকলে আছিল। অলপ পাছত ডবাটোত ১২জন ল’ৰা উঠিল। ল’ৰাকেইজন উদণ্ড ধৰণৰ আছিল আৰু সিহঁতে নিজকে বৰ বুদ্ধিয়ক বুলি ভাবিছিল। 

উঠিয়ে সিহঁতে চি়ঞৰ-বাখৰ আৰম্ভ কৰিলে; ডাঙৰ ডাঙৰকৈ গান গালে। এজনে টোপোলা খুলি আম উলিয়ালে আৰু ছুৰী এখনেৰে সেইবোৰ কাটি ভগাই খালে। খাই থাকোঁতে এজনে ট্ৰেইনখনৰ চেইনডাল মন কৰিলে আৰু সুধিলে,

: সেইডাল কি ওলমি আছেনো? 

আম কাটি থকাজনে হাঁহি ক’লে,

: তই নাজান হ’বলা, এইডাল টানি দিলে ৰে’লখন ৰৈ যাব। 

সি কথাষাৰত বৰ আমোদ পাই ক’লে,

: আমি ট্ৰেইনখন চেইনডাল টানি ৰখাই দিওঁ দে! 

আন এজনে ক’লে,

: তলত কি লিখা আছে পঢ়ি চাচোন ভালকৈ! বিনা কাৰণত চেইন টানিলে ছমাহ জেল নহ’লে পাঁচশ টকা জৰিমনা। 

প্ৰথম ল’ৰাটোৱে ক’লে,

: এটা কাম কৰোঁ দে। আমি প্ৰত্যেকেই এশ টকাকৈ তোলোঁ। বাৰশ টকা হ’ব। তাৰে পাঁচশ টকা জৰিমনা দি দিম আৰু হাতত থকা সাতশ টকাৰে কিবা-কিবি খাম। 

আটায়ে তাৰ বুদ্ধিক বৰ শলাগিলে আৰু এশ টকাকৈ তুলি তাৰ হাতত জমা দিলে। 

আন এজন দুষ্ট বুদ্ধিৰ ভঁৰালৰ পৰা এইবাৰ প্ৰস্তাৱ আহিল,

: আমি চেইনডাল টানি উঠি সেই বুঢ়াজনক দেখুৱাই দিওঁ দে। সেই পাঁচশ টকাও বাচি যাব। আটাইবোৰে মিলি একে কথাকে সাক্ষী হিচাপে ক’লে টি.টি.জনে আমি বাৰজনৰ কথা বিশ্বাস কৰিবই। 

বুঢ়াজনে সিহঁতৰ কথা শুনি হাতযোৰ কৰি অনুৰোধ কৰিলে,

: বোপাহঁত, মোক এনেকুৱা নকৰিবা। মই ইমান লাজ-অপমান সহ্য কৰিব নোৱাৰিম। মোৰ দৰে নিমাখিত বুঢ়া এজনৰ লগত তেনেকুৱা নকৰিবাহঁক। কাবৌ কৰিছোঁ। মোৰ হাতত মাত্ৰ ২০ টকাহে আছে, মই ক’ৰপৰা জৰিমনা দিম? 

পিচে বুঢ়াৰ অনুনয় অথলে গ’ল। সিহঁতে মহা ফূৰ্তিৰে চেইন টানি দিলে। 

যথাৰীতি টি.টি. আহি ওলাল। লগত কেইজনমান ৰে’ল আৰক্ষীও আহিল। লগে লগে বাৰজনেই থিয় হ’ল আৰু বুঢ়াৰ পিনে আঙুলিয়াই একেমুখে ক’লে,

: এই বুঢ়াজনে চেইন টানিছে ছাৰ। তেওঁক জৰিমনা কৰক ছাৰ। 

টি.টি.জন বুঢ়াৰ পিনে ঘূৰাৰ লগে লগে তেওঁ থিয় হৈ হাতযোৰ কৰি ক’বলৈ ধৰিলে,

: বিশ্বাস কৰক ছাৰ, মই বহু বিপদত পৰিহে চেইন টানিছোঁ। এই ল’ৰাকেইজনে মোক ছুৰী দেখুৱাই মোৰ পৰা ১২০০ টকা কাঢ়ি লৈছে আৰু মৃত্যুৰ ভাবুকি দিছে। আপুনি তালাচী লওক ছাৰ, সেই ল’ৰাজনৰ পেণ্টৰ জেপত ছুৰীখন আছে আৰু সৌজনৰ চোলাৰ জেপত মোৰ ১২০০ টকা আছে। 

টি.টি.জনে লগত অহা আৰক্ষীক তালাচী ল’বলৈ কওঁতে সেইমতে পালে। তেওঁ বুঢ়াক ১২০০ টকা ওভতাই দিলে আৰু গোটেই বাৰজন ল’ৰাকেই ধৰি লৈ গ’ল। 

বুঢ়াই সিহঁতক ৰে’লৰপৰা নমাই নিয়া সময়ত ক’লে,

: এই দাঢ়ি-চুলি এনেয়ে পকা নাই অ’ বোপাইহঁত। 

☆ ★ ☆ ★ ☆

(আলম লৈ)

5 Comments

  • Prodip Borah

    এইভাগ আৰু চ’ৰা

    Reply
  • কাবেৰী মহন্ত

    বহুত ভাল লাগিল৷ আগলৈও লিখি থাকিবা৷সুন্দৰ প্ৰকাশভংগী

    Reply
  • Dudu Kumar Dadul

    ভাল লাগিল বহুত।

    Reply
  • মিনতি মহন্ত

    বৰ সুন্দৰ শাশ্বত , ভৱিষ্যতলৈও পঢ়িবলৈ পোৱা আশা ৰাখিলো ।

    Reply
  • বিক্ৰম জিৎ চৌধুৰী

    বাহ, যেনে কুকুৰ তেনে টাঙোন। ভাল পালো পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *