ফটাঢোল

নুফুলা ফুলৰ সুৱাস-বন্দিতা জৈন

আকাশৰ ফালে চাই দিপুৰ খঙেই উঠিল। ‘বতৰটোৰ মহিমা বুজাই টান৷’— সি মুখেৰে ভোৰভৰালে৷ সি ভাবিলে, বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰামতে দেখোন আজি ৰ’দ ওলাব লাগিছিল? সেইবাবেহে সি কাপোৰবোৰ তিয়াই থৈছিল! কিন্তু ডাৱৰবোৰে দেখোন একগোট হৈ বৰষুণ দিয়াৰহে আয়োজন কৰিছে!

“ধেই! মোৰ জীৱনত উৰুলিৰ মাত যে শুনিবলৈ  কেতিয়া পাম।?”— নিজকেই নিজে প্ৰশ্ন কৰিলে দিপুৱে৷ কালি ফৰকাল বতৰ দেখি ৰাতিয়েই দুসপ্তাহৰ নোধোৱাকৈ ৰখা কাপোৰবোৰ তিয়াই ৰাখিছিল সি। কাপোৰ ধুবলৈকে আজি সি অফিচৰ পৰা ছুটী লৈছে। অফিচলৈ চিকচিকিয়া কাপোৰ পিন্ধি নগ’লেও ‘বছ’ৰ গালি খাব লাগে৷ তাকো সকলোৰে সন্মুখতে৷ ছোৱালীকেইজনীৰ সন্মুখত কথা শুনিবলৈ কিমান বেয়া লাগে বছে সেয়া নুবুজে৷ ধেই! কিমান যে লাজ পায় সি! বছলৈ দিপুৰ খং এটা উজাই আহে। নাহিবনো কিয়? অফিচৰে এজনীৰ লগত লিংকটো লগাইছিলহে মাত্ৰ৷ এদিন ছাৰ্টটো অকনমান লেতেৰা থকা বাবেই সেইজনীৰ আগতেই ডিচিপ্লিন আৰু পৰিষ্কাৰকৈ কাপোৰ পিন্ধিবলৈ বছে যিটোহে ভাষণ দিলে, সেইজনীয়ে এতিয়া পাত্তাই নিদিয়া হ’ল৷

অকলে অকলে ভাড়াঘৰটোত কামবোৰ কৰি ভাগৰি পৰা বুলি সি মাকক কয়৷ কিন্তু মাকে সেই সময়ত এনেকুৱা দেখুৱায় যেন তেওঁ কাণেৰে একো নুশুনেই। সি ভাবিলে, এইবাৰ সি কৌশল কৰি দেউতাককে কথাষাৰ ক’ব৷ ‘নিজে ছোৱালী বিচাৰিব নোৱাৰি। তোমালোকে চাই দিয়াজনীয়ে হ’ব দিয়া’ বুলি কৈ হ’লেও কিবা এটা কৰিব লাগিব৷ মুঠতে বিয়াখন পাতিব লাগে। বয়সো হৈছে বিয়া পতাৰ।

কথাবোৰ ভাবি থাকোঁতে দিপুৰ ম’বাইল ফোনটোৰ ৰিংটন বাজি উঠিল৷ সি বিৰক্ত হ’ল— ভাল কথা কিবা ভাবি থাকিলেই এইটো বাজিবই৷ মুখেৰে ভোৰভোৰাই দিপুৱে ফোনটো হাতত তুলি ল’লে যদিও ষ্ক্ৰীণত দেউতা বুলি শব্দটো দেখি তাৰ ভাল লাগিল৷ সি দেউতাকৰ কথা ভাবিছিলহে মাত্ৰ? নিশ্চয় কিবা ‘পজিটিভ’ হ’ব! লগে লগে দিপুৰ ‘ডিমাগ কি বট্টি’ জ্বলি উঠিল৷ প্ৰয়োজনতকৈ বেছি ভাগৰুৱা মাত এটা উলিয়াই সি ফোনত কথা পাতিবলৈ আৰম্ভ কৰিলে— ‘হেল্ল’ দেউতা, প্ৰণাম ল’ব। কওকচোন?’

দিপুৰ মাতটো অস্বাভাৱিক পোৱা বাবে দেউতাকে উৎকণ্ঠিত হৈ সুধিলে— ‘কি হৈছে দিপু? কামলৈ নগলি? গা ভাল নহয় নেকি? চেহ্, তোক ঘৰলৈ মাতি ভাল খবৰ এটা দিম বুলি আছিলোঁ। কি হৈছে ক’চোন?’

ৱাহ্‌! নিজৰ অভিনয়ক নিজেই প্ৰশংসা কৰিলে সি৷ উৎফুল্লিত হৈ দিপুই উত্তৰ দিলে— ‘নাই নাই, গা ভালেই৷ কিনো কম? দুসপ্তাহৰ পৰা কাপোৰবোৰ ধুবলৈ আছিল। আজি-কালি অফিচৰ কামত বেছি সময় দিব লগা হোৱা বাবেই খানা বনোৱা, কপোৰ ধোৱা, ঘৰ চাফা কৰা কামবোৰ সময়মতে নহয়। খোৱা-বোৱাও বেছি ভাগ হোটেলতে হয়। আজি কাপোৰ ধুবলৈ অফিচৰ পৰা গা-বেয়া বুলি ছুটী লৈছোঁ।’

‘উম্‌, তোৰ কষ্টৰ কথাটো ভাবি মায়েৰাই যোৱা সপ্তাহতে তোলৈ ছোৱালী এজনী চাবলৈ গৈছিল। ছোৱালীজনী ভালেই। জানো, তই মানা নকৰ। তথাপি নিয়ম আছে নহয়? গতিকে অহা দেওবাৰে তই আহি নিয়মটো কৰি যাব পৰা যদি চেষ্টা কৰিবি।’— দেউতাকে কথাখিনি কৈ হাঁহিলে৷ ‘হ’ব দে’ বুলি দেউতাকে ফোনৰ সংযোগ কাটিলে৷

এয়া দিপুৱে কি শুনিলে? স্ফূৰ্টিত এপাক নাচি দিবলৈ মন গ’ল তাৰ। পিছে দেউতাকে কিয় হাঁহিলে তাৰ অৰ্থটোহে সি বুজি নাপালে৷ যি কি নহওক খবৰটো তাৰ বাবে সঁচাকৈয়ে ভাল। মনতো ফৰকাল লাগি গ’ল তাৰ। সুহুৰি এটা মাৰি গুণ-গুণাই গান এটা গাই উৎসাহেৰে সি কামত কামত লাগিল৷ তেতিয়ালৈ আকাশখনো ফৰকাল হৈ পৰিছিল৷  সি ভাবিলে— নতুন পেণ্ট-ছাৰ্টদুযোৰ আগতে ধুই, ইস্ত্ৰী কৰি ৰাখিব লাগিব।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *