আজন্ম প্ৰেমিকা-কমলেশ দাস
নিশা দহমান বজাত কোনোমতে আহি এপাৰ্টমেণ্টৰ গে’ট পালে প্ৰান্তৰে৷ অৰ্ণৱ, ৰঞ্জিত, কৃষ্ণহঁতক আজি সি বহুদিনৰ মূৰত লগ পাইছিল। সিহঁতৰ সুখী জীৱনৰ গাঢ়তাত প্ৰান্তৰৰ অলপ জ্বলন হৈছিল যদিও সি হাঁহি হাঁহিয়েই উপভোগ কৰিছিল নিজৰ ওপজা দিনৰ পাৰ্টি। পাৰ্টিৰপৰা উভতি অহা প্ৰান্তৰে গাড়ীৰপৰা থৰক বৰককৈ নামি অহা দেখি চিকিউৰিটিজনে আগবাঢ়ি আহি গাড়ীৰ চাবি ল’বলৈ হাত আগবঢ়াই দিলে। গাড়ীখন তাতেই এৰি প্ৰান্তৰে নিজৰ ফ্লেট অভিমুখে আগবাঢ়িলে। নিজৰ ঘৰৰ দুৱাৰ খুলি থকা সময়তে গাড়ী যথাস্থানত পাৰ্ক কৰি দুৱাৰৰক্ষীয়ে বেগটো তাক দি থৈ গ’ল৷ ভিতৰত সোমাই প্ৰান্তৰ বহি পৰিল ড্ৰয়িং ৰূমৰ ছোফাত। তাতেই সি বন্ধু নীলাভৰ ‘গিফ্ট’ সুৰাৰ বটলটো উলিয়াই ল’লে। প্ৰান্তৰে বটলটোলৈ কিছুসময় আত্মসন্তুষ্টিৰে চালে৷ তাৰ পিছত গিলাচ এটা আনি তাত সুৰা বাকি ল’লে…৷ জ্বলাই ল’লে এটা চিগাৰেট৷ চিগাৰেট হুপি নাকে-মুখে উলিয়াই দিয়া ধোঁৱাৰ কুণ্ডলী ভেদি সুৰাৰ গিলাচে তাৰ ওঁঠ চুমিলে৷
সৰুৰেপৰাই আবেগিক মন এটা পুহি ৰখা প্ৰান্তৰৰ স্নেহাৰ সৈতে হৈছিল প্ৰেম৷ প্ৰেমৰ পৰিণয় ঘটি এটা সন্তানেৰে তিনিজনীয়া এখন সংসাৰ৷ কিন্তু এই সংসাৰখন গঢ়োতেই যুঁজিবলগীয়া হ’ল সি৷ ধুনীয়া গোলাপ চুবলৈ বা আনিবলৈ যাওঁতে কাঁইটৰ ধাৰাবাহিক খোচ খাই খাই অভ্যস্ত হোৱা এটা জীৱন। আপোনজনৰ বেমাৰ আজাৰ আৰু বিয়োগ, ভনীয়েকহঁতৰ পঢ়াশুনা, বিয়া-বাৰুৰ লগতে অভাৱ- অনাটন পাৰ কৰাই এসময়ত আজৰি হৈছিল সি। সাফল্য, অকৃতকাৰ্য শব্দবোৰ বিচাৰ-খোচাৰ কৰিবলৈ বেয়া পায় প্ৰান্তৰে। সময় বাগৰাৰ লগে লগে অকণমান সলনি হৈছিল প্ৰান্তৰৰ জীৱনটো।
টানি আঁজুৰি ঘৰ চলোৱা দেউতাকে নতুন কাপোৰ বুলি গেঞ্জী এটা দিলেও বা মাকে কেতিয়াবা বনোৱা পায়সকণত গলি গৈছিল তাৰ অন্তৰখন। প্ৰান্তৰে ভৰি চুবলৈ নৌপাওঁতেই চলচলীয়া চকুৰে দিয়া মাকৰ মাতষাৰ ‘নেলাগে অ’ বাবা’, গদগদীয়া মাতেৰে দেউতাকে কোৱা দুটা শব্দ ‘হ’ব, হ’ব’ প্ৰান্তৰৰ আজিও মনত পৰে৷ প্ৰান্তৰে ভাবিছিল বছৰৰ মূৰত অহাতকৈ যদি মাহে মাহে ওপজা দিনটো আহিলেহেঁতেন!!
কিন্তু আজি সেইজন প্ৰান্তৰে অকলশৰে ভাবিছে- এই বিশেষ দিনবোৰ নহাই ভাল। দিনটো মনত নৰখাই ভাল৷ ওপজা দিন… বেং…৷ যাৰ কাৰণে দিনক ৰাতি কৰা হয় তেওঁলোকৰেই মনত নাথাকে৷ যেন ডিঙিলৈকে পিবলৈহে এই বিশেষ দিনবোৰ আহে৷
প্ৰান্তৰৰ মনলৈ আহিছিল, বিয়াৰ পিছত কিদৰে স্নেহাই কেক কাটি, ‘হেপী বাৰ্থডে টু ইউ…’ বুলি কৈ মিঠা আমেজ যাচিছিল৷ সেই দিনবোৰ কেনেকৈ হেৰাল! ক্ৰমান্বয়ে আয়ৰ আসক্তিত ঢাল খাইছিল নেকি জীৱন? ব্যস্ততাই সময়বোৰ ৰাহু কেতুৱে গিলাৰ দৰে গিলিছিল। গ্ৰহণ লাগিছিল সংসাৰত। আনন্দবোৰ এন্ধাৰত লুকাই পৰিছিল। সংসাৰত যে সময় দিয়াৰ প্ৰয়োজন সেই কথা কৰ্ম ব্যস্ততাত প্ৰান্তৰে যেন পাহৰিয়েই পেলাইছিল৷
সংসাৰৰ গাড়ীখন চলাবলৈ মৰম নামৰ ইন্ধনৰ প্ৰয়োজন। মৰম অন্তৰত থাকিলেই জানো হয়? প্ৰকাশ কৰিব লাগে, তাৰ বাবে উলিয়াব লাগে সময়।
ভাবি ভাবি সি আৰু এপেগ…..। নিজকে চম্ভালিবপৰা নাই আৰু। বাৰে বাৰে ফোনটো চাইছে। সন্তুষ্টি পাব সি…, মাথোঁ এটা ফোন!
মাকৰ ঘৰলৈ যোৱা স্নেহাৰ এসপ্তাহমান হ’লেই। যাবলৈ ওলোৱাৰ সময়ত বিশেষ একো নোকোৱা প্ৰান্তৰে আজি ভাবিছে, কথা কটাকটি হ’ল বুলিয়েই বিশেষ দিনটোত এবাৰ মাতষাৰো দিব নোৱাৰে নে? নিচাসক্ত প্ৰান্তৰৰ অভিমানী মন গধুৰ হৈ পৰিল৷ আৰু এটা পেগ গিলিলে সি৷ এনেতে ফোনটো বাজি উঠিল৷ সিপিনৰপৰা ভাঁহি আহিল এটা মিঠা মাত৷ যেন প্ৰতিধ্বনিত হৈছিল- “আই লাভ ইউ… আই লাভ….৷” কাৰ মাত সি বুজিব পৰা অৱস্থাত নাছিল। কিন্তু মাতষাৰ তাৰ বহু চিনাকি যেন লাগিল। আপোন আপোন লগা মাত৷ কৰবাত শুনিছে…! তাৰ পিছত প্ৰান্তৰৰ একো মনত নপৰিল৷
মূৰত প্ৰচণ্ড বিষ, ছোফাৰ তলত মজিয়াতে গোটেই নিশা বাগৰি আছিল প্ৰান্তৰ। স্নেহাৰ মাততহে সি সাৰ পালে চকু মেলি সি দেখিলে, কণমানিটোৱে ভেবা লাগি তাৰফালে চাইছে। স্নেহাৰ চকুলৈ চোৱা নাছিল প্ৰান্তৰে। তেতিয়া দুপৰীয়া হৈছিল৷ তেতিয়ালৈ প্ৰান্তৰৰ দুৱাৰ খোল খোৱা নাছিল। দুৱাৰ ভাঙি সোমাইছিল স্নেহাই৷ প্ৰান্তৰৰ তন্দ্ৰা ভাঙি স্নেহাই ক’লে- “এনেকৈ শুব লাগে নে? বেলি দুপৰ হ’ল৷ উঠা উঠা। কালি ওপজা দিনটোত শুভেচ্ছা দিব নোৱৰাৰ বাবে নিশাটো এনেদৰেই কটালা নেকি?” স্নেহাৰ কথাত প্ৰান্তৰে বুজি পালে, যোৱা নিশা অহা ফোনটো স্নেহাৰ নাছিল। তেন্তে কাৰ আবেগ ভৰা, প্ৰেম সনা মাতে গুণগুণাই গৈছিল। কোন সেই অজান অচিন প্ৰেমিকা, যাৰ মাতত অন্তৰ দহন কৰিব পৰা মাধুৰ্য আছে? কাৰ আছিল অৱচেতন মনত নিক্ষেপ কৰা সেই শব্দবাণ? ওপজা দিনৰপৰা অপেক্ষাৰত কোনোবা মাধুৰীমাৰ নিষ্পাপ মৰম আছিল নেকি সেয়া? যিয়ে প্ৰান্তৰৰ আক্ষেপবোৰক নিচুকাই শুৱাই থ’ব পাৰে পলকতে? কোন সেই আজন্ম প্ৰেমিকা? ছোফাত বহি ভাৱত বুৰ গৈছিল প্ৰান্তৰ৷ তেনে সময়তে স্নেহাই বৰ্ণনা কৰিলে কাৰোবাৰ কাহিনী- “কালি মাৰ ঘৰৰপৰা ওলাই বাৰ্থ ডে বুলি বজাৰ সমাৰ কৰি ঘৰলৈ বুলি লৰালৰিকৈ উভতি আহি থাকোঁতে দুৰ্ঘটনা এটা হৈছিল। গাড়ীখনৰ অনিষ্ট হৈছে। মানুহৰ বাৰু বেছি অনিষ্ট হোৱা নাই! হ’লেও আৰু! খুউব বেছি আঘাত নাপালেও ভয় খোৱাৰে কথা। সেয়ে ৰাতি আকৌ উভতি মাৰ ঘৰ পালোঁ৷ অঞ্জনাই বহুত সহায় কৰিলে। বহুত কান্দিছোঁ অকলে অকলে, নিজৰ মানুহজনৰ বাবে ওপজা দিনটোত একো এটা কৰিব নোৱৰা বাবে৷ ফোন এটা কৰি কওঁ বুলি ভাবিছিলোঁ, কিন্তু টেনশ্যন দিব নিবিছাৰিলোঁ৷ মোৰ কঁপা কঁপা মাত শুনি তোমাৰ বাৰ্থ ডেৰ নিশাটো বেয়া হৈ যাব বুলি নক’লো। বান্ধৱী অঞ্জনাই বহুত হেল্প কৰিলে। তাইকেই কৈছিলোঁ তোমাক ফোন কৰিবলৈ৷ কলেজীয়া দিনৰ পৰিচিত ষ্টাইলত তাইকেই কৈছিলোঁ ফোনত দুবাৰমান ‘আই লাভ ইউ’ বুলি ক’বলৈ৷ তাইক কৈছিলোঁ- “বৰ ভাল পাব বদমাচটোৱে৷”
☆ ★ ☆ ★ ☆
2:52 pm
ভাল লাগিল