ফটাঢোল

ভূত-ম্ৰম-অমিতাভ মহন্ত

আদিত্য প্ৰতীম বৰুৱা৷ জন্মস্থান লখিমপুৰ, কৰ্মসূত্ৰে বৰ্তমান নতুন দিল্লীৰ নিবাসী৷ বৃত্তিসূত্ৰে আদিত্য এজন চিকিৎসক৷ চাকৰিৰ খাতিৰত মৰমৰ ঘৰখন এৰি দিল্লীত থাকিলেও মনটোৱে নামানে৷ সেয়ে সময়, সুবিধা পালেই চুটী লৈ আদিত্যই প্ৰায়েই লখিমপুৰলৈ ঢাপলি মেলে, লৰ মাৰে তাৰ আপোন ডিক্ৰঙৰ পাৰলৈ৷ সুবিধা কৰিব পাৰিলেই অসমলৈ স্থায়ীভাবে উভতি আহি অসমৰ বাবে কিবা এটা কৰাৰ মন৷

এইকেইদিন আদিত্য ঘৰতেই আছে৷ বন্ধু- বান্ধৱ, চুবুৰীয়া, সম্পৰ্কীয় লোকসকলৰ সৈতে দিনবোৰ বৰ সুন্দৰকৈ পাৰ হৈ গৈছে৷ দিল্লীলৈ যোৱাৰ দিন চমু চাপি আহিছে, কথাটো মনত পৰিলেই তাৰ মনটো মৰহি উঠে৷

– অই অ’দি, কেতিয়াকৈ ঘূৰিবি?

– যাম ৰহ, খেদো খেদোকৈ আছ দেখোন তহঁতে?

– ক্লাবলৈ আহিবিচোন এপাক৷ গোটেইবোৰকে পাবি আজি৷ বান সাহায্যৰ মিটিং দিছো আজি৷

ল’ৰা- ছোৱালীবোৰৰ আগ্ৰহ দেখি আদিত্যৰ মনটো ভাল লাগি গ’ল৷ বানপীড়িতসকলৰ বাবে  সকলোৱে আন্তৰিকতাৰে চিন্তা কৰিছে, সকলোৱে যি পাৰে দান বৰঙণি দিছে৷ আদিত্যয়ো মোটা বৰঙণি এটা দিলে৷

– তহঁতে বস্তুবোৰ দিবলৈ দিয়াৰ দিনা ময়ো ওলাম দেই৷

– তই পাৰিবি জানো? আমি ভূঁৰ লৈ যাম৷ তোৰ অভ্যাস আছে জানো এতিয়া?

– কিয় নাথাকিব ভাই? সৰুৰে পৰা গাঁৱতে ডাঙৰ হ’লোঁ৷

– ঠিক আছে ওলাবি তয়ো৷

ৰতন দা কাষতে বহি আছিল৷ তেওঁ মাত লগালে—

– ই বস্তু বিলাবলৈ কিয় যাব লাগে? কত ঠাইত চিকিৎসাৰ অভাৱত মানুহ মৰিব ধৰিছে৷ সিদিনা মোক ভবেশে ফোন কৰিছিল৷ সিঁহতৰ তাত পানী শুকাল৷ এতিয়া গোটেই গাঁৱতে সকলোৰে বেমাৰ৷ ইয়াক অময়াপুৰলৈ পঠিয়াই দে৷

হৰ্ণৰ বাহিৰে সকলোবোৰ বাজি যোৱা বাছ এখনত মুৰ্গী, হাঁহ, ছাগলী সকলোৰে সৈতে সহাৱস্থান কৰি আদিত্যই যাত্ৰা আৰম্ভ কৰিলে৷ মনত অলপ অলপ স্বদেশৰ শ্বাহৰুখ খানৰ দৰে ফীল এটা৷ কোনোদিনে নাম নুশুনা অময়াপুৰলৈ কেনেকৈ যাব লাগে আদিত্যৰ কোনো ধাৰণা নাই৷ চন্দ্ৰপুৰলৈ সি বাট পথ চিনি পায়৷ তাতে বাছৰ পৰা নামি টেম্প’ত বাকীখিনি যাব লাগিব৷ স্থানীয় এন জি অ’ এটাই ক্লাবঘৰ এটাত আদিত্যৰ থকা খোৱাৰ সুব্যৱস্থা কৰি থৈছে৷ আগুৱাই নিবলৈ ক্লাবৰ চকীদাৰজন নিজে অহাৰ কথা৷

বাছ, টেম্প’ত হাইজাঁম্প, লংজাঁম্প, প’লভল্ট সমানে মাৰি মাৰি আদিত্য অময়াপুৰত উপস্থিত হ’ল৷ ৰতনদাই কোৱামতে ইয়াৰ পৰা ক্লাবলৈ অলপমান খোজকাঢ়ি যাব লাগিব৷ প্ৰায় আধাঘন্টামান সি অকলে থিয় হৈ থাকিল৷ তাক নিবলৈ অহা প্ৰাণীটোৰ শুংসূত্ৰই নাই৷ ঠাইৰ অৱস্থা দেখি সি গ’ল্ড ফ্লেকৰ আশা কেতিয়াবাই বাদ দিছে৷ এতিয়া চাধা এপালি হ’লেওঁ তাৰ কাম চলি যাব৷ পিছে নাই, ইমান ভাগ্য হয়তো তাৰ নহ’ব৷ এতিয়া চকীদাৰটো আহি পালেই সি ৰক্ষা পৰে৷ গৈয়েই ঢেলপুঙা দিব লাগিব৷  অৱশেষত পৃথিৱীৰ সমস্ত দুখৰ বোজা কঢ়িয়াই এটা অদ্ভুত জীৱ আদিত্যক নিবলৈ উপস্থিত হ’ল৷ আৰম্ভ হ’ল নিজৰ বিশাল শৰীৰ আৰু দুটা বেগ লৈ এক যাত্ৰা৷

– চিগাৰেট ক’ত পাম অ’ দাদা?

– নাজানো৷

– ৰাতিলৈ খানাৰ যোগাৰ কি? ভাল হাঁহ পালে নিজেই ৰান্ধি খালোহেঁতেন৷

বগা প্লেটত দুটুকুৰা হাঁহৰ মঙহ৷ কাষত ভডকাৰ গ্লাছটো৷ ফেচবুকত #hebangorheta হেচটেগ মাৰি দুৰ্দান্ত আপলোড এটা৷ অ’দিৰ বিস্তীৰ্ণ গোঁফৰ মাজেৰে মিহি হাঁহি এটা প্ৰকট হৈ পৰিল৷

– নাজানো৷

মাংসৰ ৰঙটো মনত পৰাৰ লগে লগে ওলাই অহা লেলাৱটিখিনি চকীদাৰৰ ‘নাজানো’ৰ উত্তৰত চলৌপকৈ গিলি থৈ তাৰ মনটো সেমেকি উঠিল৷

– পুৱা কেম্প কেইটাৰ পৰা আৰম্ভ?

– নাজানো৷

উত্তৰ শুনি চকীদাৰক একেলগে তিনিপাতমান কাণতলীয়া শোধাবলৈ মন গ’ল আদিত্যৰ৷ কিন্তু পিঠিত দুটা গধুৰ বেগ লৈ প্ৰায় আধাঘন্টা খোজ কাঢ়ি বৰ্তমান আদিত্যৰ সেই শক্তি নাই৷ দুখী আত্মাৰ দুখবোৰো ইতিমধ্যে নোহোৱা হৈছে৷ ‘পেডেল মাৰি মাৰি’ গুণগুণাই দুখী আত্মা আগবাঢ়িছে৷

ৰাতি সাতটামান বজাত আদিত্য গৈ ক্লাবঘৰটোত উপস্থিত হ’ল৷ ৱাহ্‌ ক্লাবৰ কি অৱস্থা! আঠুঁৱাবিহীন বিছনা এখন আদিত্যৰ বাবে যোগাৰ কৰি থোৱা হৈছে৷ লগত একাঁহী ভাত৷ আঠটামানতে ভাতখিনি খাই লৈ আদিত্যই শোৱাৰ যো-জা কৰিলে৷ ক্লাবটোৰ ওচৰে পাঁজৰে একো নাই, ক’বলৈ গ’লে এক জয়াল পৰিবেশ৷ ‘ব্লেকৰোজ’তকৈও ক’লা এটা নিশা৷ সৰুৰে পৰা আদিত্য সাহসী বুলি বন্ধুমহলত এক নাম আছে৷ গতিকেই এই পৰিবেশত ভয় লগাতকৈও সি উপভোগহে কৰিছে৷  চকীদাৰে বলিয়া পানী খাই মেলি কোন কেতিয়াবাই পলাল৷ এতিয়া এই পৰিবেশত কেৱল আদিত্য, নেটৱৰ্ক নোহোৱা ম’বাইলটোত জুবিনৰ গান আৰু এসোপা আন্ধাৰ৷ আদিত্যই লাহেকৈ খিড়িকীখন খুলি দিলে৷

কিছু সময়ৰ পিছত আদিত্যই মন কৰিলে যে জুবিনৰ সুৰৰ লগে লগে অন্য এক মন মতলীয়া সুৰে কোঠাটোত গুনগুনণি তুলিছে৷ সুৰৰ উৎসটো বুজিব পৰালৈ ইতিমধ্যে বহুত পলম হৈ গ’ল৷ প্ৰায় লাখৰ হিচাপত মহ কোঠাটোত সোমাই আদিত্যক একেলগে আত্ৰমণ কৰিলে৷ বিশাল শৰীৰৰ এনেকুৱা দেহ সিহঁতেও চাগে বহু বছৰৰ মূৰত পাইছে৷ হাত- ভৰি সমানে মাৰি পাঁচ মিনিটমান আদিত্যৰ মহ নিবাৰণী অভিযান চলিল৷ পিছে নাই, এই অচিনাকী ঠাইত খিড়িকী খোলা মুৰ্খামীটোৰ বাবে নিজৰ কপাল চপৰিয়াই থকাৰ বাহিৰে বেলেগ একো কৰিবলগীয়া নাই৷ “খা বেটাহঁত খা, এনেকৈ তেজৰ গৰম কমাই দে মোৰ৷ যাতে ভৱিষ্যতে এনে ভুল কৰাৰ আগত এশবাৰ ভাবো৷”

এঘন্টামান আদিত্যক ভৰপুৰ আক্ৰমণ কৰি মহকেইটাৰ উৎপাত নোহোৱা হ’ল৷ বোধহয় সিহঁতেও বুফে পৰ্ব সমাপ্ত কৰি গেৰেলা পৰিল৷ ক্ষত বিক্ষত দেহ লৈ আদিত্য বিছনাত লাং খাই পৰিল৷ লাহে লাহে তাৰ আকৌ ভোক লাগি আহিছে৷ এইফালে খাবলৈ মিহিদানা এটাওঁ নাই৷ হে ভগৱান! মাত্ৰ দহটাহে বাজিছে দেখোন৷ আজি তাৰ ৰাতি বিপদ আছে৷ হাউ হাউকৈ তাৰ কান্দিবলৈ মন গ’ল৷

বিষে, ভোকে জৰ্জৰিত গৈ আদিত্য বিছনাত পৰি  আছে৷ চিলমিলকৈ টোপনি আহিব লওঁতেই দুৱাৰত কোনোবাৰ টোকৰ পৰিল৷

– কোন বে?’

– ছাৰ মই৷

– কোন মই?

– ছাৰ মইহে, পেচেন্ট৷

– ধেই৷ কেম্প পুৱাৰ পৰাহে৷ পুৱা আহিব৷ এই ৰাতিখন মই পেচেন্ট নাচাওঁ৷

– ছাৰ মই পুৱা আহিব নোৱাৰো৷ এতিয়াই চাওকনা৷

– নোৱাৰো কৈছোনে? নিজৰেই অৱস্থা নাই!

কিছুসময় কাৰো মাত নাই৷ আদিত্যই ভাবিলে– উফ্‌ শান্তি৷

– ছাৰ প্লিজ৷

ইয়াক আজি! একেটানে দৰজা খুলিলে আদিত্যই৷ আৰে বাহিৰত দেখোন কোনো নাই৷ কোনেনো এই ৰাতিখন কামুৰি আছে৷ দৰজা বন্ধ কৰি ঘূৰিবলৈ লওঁতেই আদিত্যই দেখিলে পেচেন্ট আদিত্যৰ বিছনাত বহি আছে৷

– চাৰ ভালনে?

– হাৰে কি মানুহ, আপুনি কোনফালেদি সোমালে?

– আপোনাৰ কাষলতিৰ তলেৰেই সোমালোঁ ছাৰ৷ মোৰ বৰ বেমাৰ৷ চাই দিয়কনা প্লিজ৷

টৰ্চটো মাৰিয়েই আদিত্য প্ৰায় বেহুঁচ৷ পেচেন্টে নিজৰ মুৰটো কোলাত লৈ বিছনাত বহি আছে৷ দেখিয়েই বিকট চিঞৰ এটা মাৰি আদিত্যই খিড়িকীৰ বাহিৰলৈ জাঁপ দিলে৷ এই চকীদাৰে এবাৰটো ক’ব পাৰে যে খিড়িকীৰ বাহিৰত বোকাৰ পুখুৰী আছে৷ বোকাৰ প্ৰলেপ, পোক পতঙ্গ, পলিথিন, পকেটত এটা খালী মদৰ বটলেৰে আদিত্য উঠি আহিল৷ ইতিমধ্যে খিড়িকীৰে নোসোমোৱা এলেহুৱা মহকেইটা এইবাৰ জাগি উঠিল৷ এইকেইটাৰ কামোৰত মৰাতকৈ ভূতটোৰ লগত বহি থকাই ভাল৷ বগাই বগাই আকৌ সি খিড়িকীৰে ভিতৰ সোমাল৷ ভূতটোৱে ভিতৰত কান্দি কাটি অৱস্থা নাই৷ মূৰটোক হাত দুখনে যিমান পাৰে শান্ত্বনা দি আছে৷  এইবাৰ আদিত্যৰ ভয়টো কমিল৷

এতিয়া ভূতটোলৈ অকনমান বেয়াও লাগিব ধৰিছে৷ এনেও এতিয়া ভূতটোতকৈ সি বেছি ভয়ানক ৰূপ লৈছে৷

– অই কান্দিছ কিয়?

– বিৰাট ভোক লাগিছে৷

– ভোক লাগিছে যদি কিবা নাখাও কিয়? মোৰো বিৰাট ভোক লাগিছে৷

নাই ছাৰ, মই যি খাওঁ ডিঙিৰে গৈ পেট  নাপায়৷ আধাতেই সৰি মাটিত পৰি যায়৷

ভূতটোৱে আকৌ ভেঁ ভেঁ কৈ কান্দিবলৈ লাগিল৷

– ছাৰ আপুনি মোৰ ডিঙিটো জোৰা লগাই দিয়কনা প্লিজ৷ আগতে ইয়াত এখন ডিচপেনচেৰী আছিল৷ তাত ডাক্টৰবোৰক কিমান ক’লো জোৰা লগাই দিবলৈ৷ কোনেও নিদিলে৷ সকলো পলালহে৷ এতিয়া বহু বছৰ ধৰি গাঁৱত কোনো ডাক্টৰ নাই৷ আজি গধূলি আপোনাৰ হৃষ্টপুষ্ট চেহেৰাটো দেখি মনলৈ সাহস আহিছে৷ আপুনিয়েই মোৰ শেষ আশা৷ ছাৰ……৷

– কিন্তু জোৰা লগাই দিলে দেখোন মানুহে তোক ভয়েই নকৰিব৷

– ভয় কৰিব নালাগে ছাৰ৷ জাষ্ট খাব পৰা কৰি দিলেই হ’ল৷

– বাৰু, তঁহতে কি খাব অ’৷ মাছ- মাংস?

– না না, এইবোৰ মানুহে এনেই কয়৷ আমি কেৱল পোহৰ খাওঁ৷

– পোহৰ? মানে?

– চন্দ্ৰৰ পোহৰ ছাৰ৷ বেলিৰ পোহৰ খাবলৈটো দিনত ওলাবই নোৱাৰোঁ৷

– কথাটো হয় পিছে৷ বাকী জুই, মমবাতি এইবোৰৰ পোহৰ?

– সেইবোৰ তামাম টেষ্টী৷ পিছে আজিকালি বাদ দিলো৷

– কিয়?

– সেইবোৰ ফাষ্টফুড৷ আচাৰ্যই খাবলৈ মানা কৰিছে৷ তথাপি ন’ন্ ভেজ বুলি কেতিয়াবা জোনাকী পৰুৱা চলি যায়৷

– ভালেই কৰিছ দে৷ পিছে পোহৰ চিধাচিধি খাই দিয়নে ৰন্ধা বঢ়াৰ নিয়ম আছে?

– আছে আছে৷ ভাজি, সিদ্ধ, গ্ৰীল, ৰোষ্ট সকলো চিষ্টেম আছে৷ আজি গ্ৰীল কৰিছিল৷ চাওঁকচোন জোনটো কেনেকুৱা হালধীয়া হৈ আছে৷ কিন্তু মোৰ…!

ভূতটোৱে আকৌ কান্দিবলৈ আৰম্ভ কৰিলে৷

– অই নাকান্দিবি৷ তোৰ মূৰটো চিলাই কৰি দিম আহ৷

লগে লগে মূৰটো ডিঙিৰ ওপৰত ফিট কৰি ভূত সাঁজু৷ ইতিমধ্যে আদিত্যৰ গাৰ বোকাবোৰ শুকাই কৰ্কৰীয়া হৈ পৰিছে৷ সেইবোৰক গুৰুত্ব নিদি বেজী সূতা লৈ আদিত্য কামত লাগিল৷

– অই সূতাদাল তোৰ গাৰ পৰা ওলাই আহে কিয়?

– মইযে অশৰীৰী৷ এই সুতাৰে কাম নহ’ব৷

– কাম নহ’ব যদি মোক কোৱা নাই কিয় আগতে৷ এনেই ৰাতিখন মাথা মাৰিলোঁ৷

– ছাৰ  প্লিজ!

– হেই কিহৰ প্লিজ৷ ক’ৰ পৰা তোৰ সূতা আনিম?

গণি গণি আকৌ আধাঘন্টা কন্দা কটা৷ টোপনিত আদিত্যৰ চকু টানি নিছে৷ হঠাৎ এটা আইদিয়া তাৰ মনলৈ আহিল৷

– অই তোৰ ছাৰ্ট, পেন্ট, গামোচা যি আছে লৈ আহ৷ কিবা এটা মেনেজ কৰিম৷

– সেইবোৰ নাই ছাৰ৷ লেংটা হৈ ঘূৰাৰ মজাই বেলেগ৷ ন’ ছাৰ?

– ধুৰৰ… মই কি জানো আৰাম নে কি? আৰু শুন বাবা, মই চেষ্টাটো কৰিলোৱেই৷ নোৱাৰিলে কি কৰিম কচোন? কাইলৈ মোৰ বহুত কাম আছে৷ এতিয়া অলপ শুবলৈ দে৷ ৰাতি টোপনিত কিজানি কিবা আইডিয়া আহেই৷

আমন জিমন কৈ আধাঘন্টামান উচুপি উচুপি শেষত ভূতটো বাহিৰলৈ ওলাই গ’ল৷ মহবোৰে আকৌ আক্ৰমণ কৰিব বুলি বোকাবোৰ গাত লৈয়েই আদিত্যই বাগৰ দিলে৷

গভীৰ টোপনিৰ মাজত আদিত্যই এটা কোৰাচ শুনা যেন পালে৷

“ছাৰ… ছাৰ… অ’ ছাৰ”…

খকমককৈ সাৰ পাই আদিত্যই যি দৃশ্য দেখিলে তাকে দেখি সি আগৰবাৰতকৈও বিকট চিঞৰ এটা মাৰিলে৷ কিন্তু এইবাৰৰ চিঞৰটোত একো শব্দ নোলাল৷

বুঢ়া ডাঙৰীয়া, বীৰা, যক্ষ, বাঁক… আৰু ক’ত কি যে ভূত আহি তাৰ ৰুমটোত সোমাই আছে৷

– ছাৰ আপুনি বোলে দিল্লীৰ পৰা অহা ডাক্টৰ? আমাৰ পোণাক ভাল কৰি দিয়ক ছাৰ৷ ই বৰ কষ্টত আছে৷ ৰিকুৱেষ্ট ছাৰ…৷

এই প্ৰকাণ্ড ভূতটোৰ মুখত অলকা য়াগনিকৰ দৰে মিঠা মাত শুনি আদিত্য তধা লাগি ৰৈ গৈছিল৷ আকৌ সন্মিলিত ছাৰ শব্দটো শুনি তাৰ সম্বিত আহিল৷ ইহঁতৰ পৰা পলাই লাভ নাই৷ বুদ্ধিৰে নেখেদিলে গোটেই ৰাতি কামোৰ দি থাকিব৷

– চাওক ডাঙৰীয়াসকল, মইতো চেষ্টা কৰিলোৱেই৷ কিন্তু মোৰ বেজী সূতাই একো কামেই নিদিয়ে৷ কি কৰো কওক?

– কিবা কৰক ছাৰ……৷

– নহ’ব বুজিছেনে………৷

কথাখিনি কৈ কৈ আধাতে আদিত্য ৰৈ গ’ল৷

– ৰ’ব ৰ’ব, এটা বাম্পাৰ আইডিয়া পালোঁ…৷ বুঢ়া ডাঙৰীয়াৰ ধূতিৰ সূতাৰে কামটো হৈ যাব লাগে!

“হেই কি কৰ” বুলি ডাঙৰীয়াৰ বাক্যটো শেষ হোৱাৰ আগতেই ধূতি পিলিঙা ভূতৰ মুঠিত৷ বাঁকে নেফানেফকৈ ফালি লগে লগে সূতা সাঁজু কৰিয়েই দিলে৷ বুঢ়া ডাঙৰীয়াই তলমুৱা চকুৰে চোলাটোকেই যিমান পাৰে সিমাকন তললৈ টানি মেলি বিছনাৰ চুক এটাত শান্ত শিষ্ট হৈ বহি পৰিল৷

সূতা আহিল৷ পিছে নাই, কাম নহ’ল৷ এই অশৰিৰী সূতা আদিত্যৰ বেজীত নোসোমায়৷ ভাবি ভাবি আদিত্যৰ চকু পৰিল বাঁকৰ ওলাই অহা দাঁতদুটাত৷ লগে লগে সকলোৱে বাঁকৰ ফালে চালে৷

–  নহ’ব৷ একদম নহ’ব৷ দাঁত মই কোনোপধ্যেই বেজী কৰিবলৈ নিদিওঁ৷

মুহূৰ্ততে কোঠাটোত ভয়ঙ্কৰ হুলস্থুল এখন লাগি গ’ল৷ সকলোৰে লক্ষ্য বাঁকৰ দাঁতত৷ হৈ চৈ, মাৰ ধৰ… কি যে এক পৰিবেশ৷ ফুটবল, বেচবল, হকী একো এৰা নাই এইকেইটাই৷

– ছাৰ এইটো লওক৷

পিলিঙা ভূতে গৰ্বৰ হাঁহি এটা মাৰি দাঁতটো আদিত্যক গতালে৷

– ঐ পিলিঙা, এইটো সূতাৰ লগত টানকৈ বান্ধ৷

বেজী, সূতা সাঁজু৷ এইবাৰ বেমাৰী ভূতৰ মুৰটো গায়ব৷ মাৰপিটৰ মাজতে সেইটো ক’ৰবাত হেৰাল৷ অৱশেষত বহুত বিছাৰ খোছাৰ কৰি কাৰোবাৰ গোৰত ফুটবল চিটিকাদি চিটিকি গৈ পুখুৰীৰ পাৰ পোৱা মূৰটোক তাৰ পৰা উঠাই অনা হ’ল৷

চিলাই পৰ্ব আৰম্ভ হ’ল৷ আদিত্যই বীৰাক লগাই দিছে চিলাই কৰিবলৈ৷ সি বুজাই গৈ আছে৷ বাপৰে তাৰ কি চিঞৰ! ৰক বেণ্ডবোৰে ইয়াক পালে কিমান টকাত ছাইন কৰে ঠিক নাই৷ এই  মাজৰাতি ভূতক দিবলৈ এনাস্থেছিয়া নাই৷ কাণত আঙুলি দিয়েই চিঞৰ সহ্য কৰিব লাগিব আৰু৷

সফল অপাৰেচন৷ স্ফূৰ্তিত ভূতবোৰে কি কৰিব, কি নকৰিব অৱস্থা৷ আদিত্যক চুমা খাই ত’ত পোৱা নাই৷ আদিত্যই কোনোমতে ঘোষণা কৰিলে, ‘এসপ্তাহলৈ বেমাৰীয়ে কেৱল পোহৰৰ জুইচ্ খাব লাগিব৷’ ভজা-পোৰা, গ্ৰীল একদম বন্ধ৷

ভূতকেইটাৰ লগত লাহে লাহে জমি উঠিছিল৷ আড্ডা মাৰিবলৈ আদিত্যৰ খুব মন আছিল৷ পিছে এতিয়া সময় পুৱা চাৰি বাজি বিশ মিনিট৷ এতিয়া অলপ শুই নল’লে কেম্পত তাৰ বাৰ বাজি যাব৷

– প্ৰভূসকল মই অলপ শুই লওঁ নেকি? এতিয়াও ভূত হোৱা নাই যে, গতিকে ৰাতি অলপ টোপনি মাৰিবলৈ নাপালে দিগদাৰ পাওঁ৷ কিন্তু আপোনালোকক কথা দিলোঁ নিজে ভূত হোৱাৰ পিছদিনাই ইয়ালৈ আহি গোটেই ৰাতি পাৰ্টী কৰিম৷

কৃতজ্ঞতাত গদ্‌গদ হৈ গোটেইজাকে আকৌ দুটা দুটাকৈ চুমা দি আদিত্যৰ পৰা বিদায় ল’লে৷

বিছনাত পৰাৰ লগে লগে নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিল আদিত্য৷

নিদ্ৰাৰ অটল গহ্বৰৰ ভিতৰত সোমাই গৈ কোনোবাই যেন আকৌ আদিত্যক মাতিলে—

-ছাৰ… অ’ ছাৰ৷

একে জাঁপে উঠিল আদিত্য৷ উফ ৰক্ষা! এইবাৰ ভূত নহয় চকীদাৰটোহে৷

– ছাৰ আধাঘন্টা পিছত কেম্প আৰম্ভ হ’ব৷ আপুনি সাজু হওক৷ মই জলপানৰ যোগাৰ কৰিছোঁ৷

উফ ৰক্ষা! নিজৰ হাত- ভৰিলৈ চকু দিলে আদিত্যই৷ ক’তো বোকাৰ দাগ নাই৷ নিজৰ ওপৰতে বিৰাট হাঁহি উঠিল তাৰ৷ ধেই, কি কি যে সপোন দেখিলে গোটেই ৰাতি!

হাঁহি হাঁহি হঠাৎ আদিত্যৰ হাঁহি একেবাৰতে বন্ধ হৈ গ’ল৷ ৰঙা ৰঙা চকু, থিয় থিয় দাঢ়ি- চুলিৰে এক অদ্ভুত অবয়বে তেলতেলকৈ আদিত্যলৈ চাই আছে৷

মাত্ৰ আধা চেকেণ্ড৷ এটা বিকট চিঞৰ মাৰি খিড়িকীৰে একে সময়তে হাইজাঁম্প, লং জাঁম্প দুয়োটাই মাৰিলে আদিত্যই৷ বোকাত পৰাৰ ঠিক এটা মুহূৰ্তৰ আগতে তাৰ মনলৈ আহিল—

ৰঙা ৰঙা চকু, থিয় থিয় দাঢ়ি- চুলিৰে তাক তেলতেলকৈ চাই থকা প্ৰাণীটো বেলেগ একো নাছিল৷ সেয়া আছিল দেৱালত ওলমি থকা আইনাত জিলিকি উঠা গোটেই ৰাতি মহৰ অত্যাচাৰত শুব নোপোৱা ডাক্টৰ আদিত্য বৰুৱাৰ নিজৰেই মুখ!

☆ ★ ☆ ★ ☆

6 Comments

  • ৰামানুজ

    মজ্জা হে!

    Reply
  • ব্যতিক্ৰমী ৷ বহুত ভাল লাগিল৷

    Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল অমিতাভ

    Reply
  • বাগ্মিতা

    অহ্ মজ্জা !

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    মজাৰ গল্প৷

    Reply
  • কাবেৰী মহন্ত

    সাংঘাতিক৷ সদায়ে ব্যতিক্ৰমী

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *