পলাল ঐ তাই পলাল – নয়নজ্যোতি বৰঠাকুৰ
প্ৰথম প্ৰেমৰ জুইকুৰা নুমাবলৈ নাপালেই চাগে, ওচৰৰ বৌ এগৰাকীৰ ককায়েকৰ বিয়া খাবলৈ বুলি লগৰ এটাৰ লগত গ’লোঁ৷ সি বাৰে বাৰে কৈছিল যে সি থাকিব নোৱাৰে, ঘূৰি আহিলেহে যাব৷ ময়ো হ’ব বুলি কৈ লৈ গ’লোঁঁ৷ বিয়া ঘৰত সোমোৱাৰ পাছতে ৰভাতলত বহি থাকোঁতেই দেখিলোঁ, এজনী ৰঙা টপ আৰু ব্লেক স্কাৰ্ট পিন্ধা বৰ ধুনীয়া ছোৱালীয়ে চফ বিলাই ফুৰিছে৷ আমাকো দিলেহি৷ মোৰ আকৌ তাইৰ চকুযোৰত আগৰ সেই প্ৰেমিকাৰ চকুযোৰ দেখাৰ দৰে লাগিল, লগে লগে দেহৰ ভিতৰত এক অবুজ শিহৰণ প্ৰৱাহিত হ’ল৷ এনে লাগিল যেন তাইক পালেই প্ৰথম প্ৰেমকো পাহৰি যাব পাৰিম।
লগে লগে সুধিলোঁ,
: তুমি দৰাৰ কোন হয়?
মুখত এটা মিচিকিয়া হাঁহি বিয়পাই তাৎক্ষণিকভাৱে উত্তৰ দিলে,
: মই দৰাৰ খুড়াকৰ ছোৱালী মানে ভনীয়েক৷
আঃ কি হাঁহি, সন্মুখৰ কুকুৰ দাঁতটোৰ কাষতে এটি বিৰেয়াকৈ গঁজা দাঁতটোৱে তাইৰ মুখৰ আভৰণেই সলনি কৰি দিছে। এনে লাগিল যেন তাইৰ অবিহনে মোৰ জীৱনেই আধাৰুৱা৷ কিমান দেৰি চফদানীটোত চফ ল’বলৈ লৈ হাতখন থৈ পাহৰি গৈছিলোঁ ক’ব নোৱাৰোঁ৷ লগৰটোৱে কাট মাৰি ক’লে,
: ঐ, চফ লৈ হাতখন তাৰপৰা আঁতৰাই দে৷ তাই তোক চফহে দিবলৈ আহিছে৷
মই আঙুলিৰ মূৰতে চফ দুটামান খামুচি ধৰি লৈ আনিলোঁ৷ তাই যাবলৈ লওঁতেই পুনৰ সুধিলোঁ,
: তোমাৰ নামটো ক’বা নেকি?
পুনৰ সেই একে হাঁহি মাৰি উত্তৰ দিলে,
: মোৰ নাম বিস্মিতা ভৰদ্বাজ৷
: সঁচাই ধুনীয়া নাম৷ এইবাৰ কোন ক্লাছত?
: মই HS 2nd year ত৷
ময়ো তপকৈ কৈ দিলোঁ,
: আমি একে ক্লাছৰে দেখোন৷ পৰীক্ষা কেনেকুৱা হ’ল?
: ভালেই হ’ল৷ তোমাৰ?
: দিলোঁ আৰু৷ ৰিজাল্টেহে ক’ব দেই৷
কথাবোৰ পাতি থাকোঁতেই লক্ষ্য কৰিলোঁ, তায়ো যেন মোৰ প্ৰতি অলপ আকৰ্ষিত হৈছে৷ তেনেতে ল’ৰা এটা আহি আমাক খাবলৈ মাতিলেহি৷ মোৰ যাবলৈ মন নাছিল যদিও লগৰটোৰ বাবেই উঠিব লগা হ’ল৷
সি খাই থাকোঁতে ক’লে,
: তোৰ মতিগতি বৰ ভাল দেখা নাই৷ এটা ঝাটকাই পেট নভৰিল৷ আকৌ ইয়াতো খেপ দিবলৈ আহিছ৷
তাৰ কথা শুনি হাঁহিত মুখৰপৰা ভাত ওলায় যাবলৈ লৈছিল, কথমপি নিজকে সংযম কৰি ক’লোঁ,
: তয়ো কি জাতৰ লগৰ বাৰু? খাই থাকোঁতেনো আগৰ জনীলৈ মনত পেলাব লাগেনে?
সি ক’লে,
: ৰ’হ গম পাবি৷ প্ৰেম ফাটি যাব কেতিয়াবা৷
তেনেতে দৰা মানে বাবুদা ওচৰলৈ আহি মাত লগাই ক’লে,
: ৰাতি দৰাৰ লগত যাব লাগিব৷
ময়ো যেন তালৈকে বাট চাই আছিলোঁ, লগে লগে উত্তৰ দিলোঁ,
: যাম, যাম৷ যাবলৈকে ৰেডী হৈ আহিছোঁ৷
লগৰটোৱে কিবা এটা ক’বলৈ মুখ মেলিছিল মই বাওঁহাতেৰে মুখখনত হেঁচা মাৰি ধৰিলোঁ৷ বাবুদা, যোৱাৰ পাছত সি ভাত খাই উঠিয়ে উৎপাত আৰম্ভ কৰি দিলে অকল এটাই কথা,
: যাওঁ ব’ল, যাওঁ ব’ল।
শেষত বন্ধুৰ খাতিৰতে আহিবলৈ সিদ্ধান্ত ল’লোঁঁ৷ যোৱাৰ আগতে বৌক আৰু দাদাক মাত দি যাওঁ বুলি ভিতৰলৈ সোমাই যাওঁতেই তাইক দেখি পুনৰ থমকি ৰ’লোঁঁ৷ খুৱ সহজভাৱে তাইক ক’লোঁ,
: মই যাওঁ দেই৷
তাই লগে লগে একপ্ৰকাৰ জোৰেৰে ধৰিলে,
: এনেকৈ গ’লে নহ’ব দৰাৰ লগত যাবলৈ বাবুদাই কোৱা নাই নেকি তোমালোকক?
মোৰ মনৰ মাজতে কথাখিনি জুকিয়াই উত্তৰ পাই গ’লোঁ, তাৰমানে তায়েই বাবুদাক ক’বলৈ পঠাইছিল৷ ক্ষন্তেকতে মোৰ হৃদয়ৰ কোনোবা এটা চুকত অনাবিল সুখানুভূতি প্ৰৱাহিত হ’বলৈ ধৰিলে৷ এইবাৰহে সিদ্ধান্ত ল’বলৈ টান হ’ল কাৰণ এফালে বন্ধুত্বৰ বান্ধোন আনফালে মোৰ হ’বলগীয়া প্ৰেমিকাৰ আহ্বান৷ মনৰ ভিতৰতে বহু বাক-বিতণ্ডাৰ অন্তত বন্ধুকেই আগস্থান দি ক’লোঁ,
: ৰাতিলৈ মোৰ বন্ধুজনৰ বিশেষ এটা কামৰ বাবে থাকিব নোৱাৰোঁ৷ গতিকে যাবই লাগিব৷
শেষত বিদায় লৈ ঘৰমুৱা হ’লোঁঁ৷ প্ৰতিশ্ৰুতি দি আহিলোঁ যে পুনৰ লগ পাম৷ পাছত তায়ো ক’লে যে,
: বিয়াৰ পাছতে বায়েকৰ লগত ভিনিয়েকৰ ঘৰত এমাহ মান থকাকৈ আহিব৷
লগে লগে মনৰ ভিতৰতে এপাহ ৰজনীগন্ধা ফুলেই ফুলি গ’ল৷ ঘূৰি আঁহোতে লগৰটোৱে মোক বাইক চলাবলৈ ভয়তে নিদিলে৷ মই বোলে দিনতে সপোন দেখিবলৈ আৰম্ভ কৰিলোঁ৷ নোহোৱাও নহয় কাৰণ সি ৰাস্তাটোত কি কথা পাতিলে মোৰ মূৰত একো নোসোমালে৷ কেৱল তাইৰ মুখখন আৰু হাঁহিটো আৰু তাই শেষত ভিনিয়েকৰ ঘৰলৈ অহাৰ কথাটোৱেই মনত পেলাই আহিলোঁ৷
একসপ্তাহমান পাছত তাই বৌৰ লগত ফুৰিবলৈ আহিল৷ প্ৰথম দিনা তাইক দেখিয়েই মনটো আনন্দত নাচি উঠিল৷ লাহে লাহে বৌহঁতৰ ঘৰলৈ যাবলৈ ল’লোঁ, তাইৰ লগত কথা পতা আৰম্ভ কৰিলোঁ৷ এদিন বৌয়ে তাইক ৰংঘৰ, তলাতল ঘৰ দেখুৱাবলৈ লগ ধৰিলে৷ ময়ো না ক’ব নোৱাৰিলোঁ। শেষত কোনোবা এটা দিনত তলাতল ঘৰ চাবলৈ যাওঁতেই তাইক বৌৰপৰা অলপ আঁতৰত পাই তাইক ভাল পোৱাৰ কথা জনাই চিঠি এখন দিলোঁ৷ তায়ো ভয়ে ভয়ে সেইখন লৈ বেগৰ ভিতৰত ভৰাই থ’লে৷ সেইখন দি বেচেৰীৰ আনন্দ ম্লানহে কৰিলোঁ৷ কাৰণ তাই ভয়তে ঐতিহাসিক কীৰ্তিচিহ্ন চোৱাৰ আনন্দ ল’বই নোৱাৰিলে৷ সেইখন দিয়াৰ পাছত মোৰো বুকুৱে ধান বনা আৰম্ভ কৰি দিলে৷ এদিন, দুদিন, তিনিদিন গ’ল না তাইক মই দেখা পাওঁ না চিঠিৰ উত্তৰ পাওঁ৷
শেষত এদিন ওচৰৰে বাইদেউ এজনীয়ে মাতি নি মোক গালি দিয়া আৰম্ভ কৰি দিলে৷ মোৰো ফাঁট মেলা বুসুমতী পাতালে লুকাওঁ অৱস্থা৷ মই সেমেনাসেমেনি কৰি আহিবলৈ লওঁতেই পাছফালৰপৰা বাইদেউজনীয়ে পুনৰ মাতিলত মই নাযাওঁ বুলি ক’লোঁ কিন্তু তাই হাতত বগা কাগজ এখন দেখুৱাই ক’লে,
: এইখন লাগে যদি আহ৷
ময়ো একপ্ৰকাৰ দৌৰি গৈ চিঠিখন থাপ মাৰি লৈ সিহঁতৰ ৰূম এটাৰ ভিতৰলৈ ল’ৰ মাৰি সোমাই দৰ্জাত হুক লগাই সেইখন পঢ়ি শেষৰ বাক্যটো পঢ়ি চিঞৰি দিবলৈ মন গৈছিল, কাৰণ তাত লিখা আছিল,
“ইতি,
তোমাৰেই বিস্মিতা।”
বিস্ময়ত মোৰ চকু থৰ হৈ গৈছিল। কিন্তু পুনৰ সংযমতাৰে সেইটো ধৰি ৰাখি বাইদেউৰ ওচৰলৈ আহিলোঁ৷ তেনেতে দেখিলোঁ বিস্মিতাও তাতে আছেহি। তাই লাজ লাজকৈ ক’লে,
: মোৰ ঘৰলৈ তুমি চিঠি নিদিবা, মই তোমালৈ পাহী বাৰ ঠিকনাতে চিঠি দিম বাৰু৷
সেইদিনটোত বাইদেউক নি হোটেলত চাহ-মিঠাই খুৱাইহে ৰক্ষা পালোঁ৷ তাৰ দুদিনমান পাছতে তাই ঘৰলৈ গ’লগৈ। ঘৰলৈ যোৱাৰ কেইদিনমান পাছতে আমাৰ ৰিজাল্ট দিলে৷ তাই পাছ কৰাৰ খবৰটো বৌৱে দিলে৷ এদিন চিঠি পালোঁ তাইৰপৰা৷ তাই জনালে তাই কোন কলেজত ক’ত নাম লগালে, তাই মোক বৰ মিচ কৰাৰ কথাও ক’লে। তাৰ পাছতে তাই সেইখন কলেজৰ হোষ্টেলত থাকিবলৈ লোৱাৰ খবৰটো পোৱাৰ লগে লগে তাইক লগ কৰাৰ এটা ইচ্ছা জাগি উঠিল৷ মনটো বান্ধি ৰাখিব নোৱাৰি লগৰটোক লৈ এদিন হোষ্টেলতে লগ কৰি আহিলোঁ৷ আহোঁতে হোষ্টেলৰ লেণ্ডলাইন নম্বৰটো লৈ আহিলোঁ৷ লাহে লাহে পি চি অ’ ৰপৰা ফোনত কথা পতা আৰম্ভ কৰিলোঁ৷ পি চি অ’ ৰ মালিকটো যে কি বস্তু আছিল নহয়, কথাপতাৰ মাজতে ফোনটো কাটি দিয়ে, চুইছটো অফ কৰি৷ তেতিয়া আকৌ প্ৰথম ১ মিনিটতেই ৩ টকাৰপৰা আৰম্ভ হয়৷ তথাপিতো আপোনজনৰ লগত কথা পতাৰ আমেজত সেইবোৰ সৰু কথা আছিল৷
এনেদৰে এক বছৰমান আমাৰ প্ৰেম ঠিকেই গ’ল; কিন্তু হঠাতে তাইৰ কথা-বতৰাত প্ৰেম কম, বুজনি বেছি হোৱা হ’ল আৰু শেষলৈ তাই মোৰ লগতো কথা নপতাৰ দৰেই হ’ল৷ এদিন অনাকাংক্ষিতভাৱে এখন চিঠি পালোঁ, য’ত লিখা আছিল, “তাই মাক-দেউতাকক দুখ দিব নোৱাৰে আৰু তাইৰ বাবে ঘৰৰপৰা দৰা চাইছে৷ অহা বহাগতেই বিয়া হ’ব৷”
চিঠিখন পঢ়ি মোৰ মূৰে কাম নকৰা হৈ গ’ল৷ এদিন বৌৰ মুখেৰে গম পালোঁ তাইৰ বিয়াৰ ফাৰ্নিচাৰ বনাবলৈ দিলেই, বহাগৰ শেষৰফালে দিন লৈছে, স্নাতক দ্বিতীয় বাৰ্ষিক পৰীক্ষাৰ পাছতেই৷
এইবাৰ আৰু ৰৈ নাথাকিলোঁ৷ ময়ো তাইৰ হোষ্টেলৰ ঠিকনাতেই এখন চিঠি পঠালোঁ, য’ত লিখি পঠালোঁ যে “মই তাইৰ সেইখন বিয়া হ’বলৈ নিদিওঁ। তাৰ আগতেই মই তাইক কলেজৰপৰাই লৈ আহিম৷ মুঠতে তাইৰ অবিহনে ময়ো জীয়াই থাকিব নোৱাৰোঁ৷”
চিঠিখন প্ৰকৃততেই মই ধপ এটা দিবলৈ দিছিলোঁ কিজানি তাইৰ মনটো পিচলেই৷ প্ৰথমবাৰ প্ৰেমত উজুতি খাই হৃদয়খন যথেষ্ট কঠোৰ হৈছিল, গতিকে ময়ো বিশেষ চিন্তা কৰা নাছিলোঁ৷ কাৰণ ময়ো জানিছিলোঁ তাই আহোঁ বুলি ক’লেও মই আনিব নোৱাৰোঁ৷ কিন্তু বহাগ বিহুৰ আগে আগে চ’ত মাহৰ শেষৰফালে মই চিঠিখন দিয়াৰ একসপ্তাহমান পাছতে লগৰটো ঘৰলৈ আহি মোক একপ্ৰকাৰ ফোপাইজোপাই চিঞৰিয়ে ক’লেহি,
: ঐ মৰা, পলাল ঐ তাই পলাল বুজিছ, তাই পলাল৷
মই প্ৰথমতে একো তত্ ধৰিবই পৰা নাছিলোঁ, সেয়েহে সুধিলোঁ,
: কি হ’ল ভালকৈ নকৱ কিয়?
সি ঠাট্টাৰ হাঁহি এটা মাৰি ক’লে,
: হেৰৌ, তোক প্ৰথম দিনাই তাইক ভাল পাবলৈ মানা কৰিছিলোঁ নাই হাঁঁ! মোৰ কথা নুশুনিলি৷ হেৰৌ সেইজনীয়ে তোৰ বাদেও বেলেগ এটাক ভাল পাইছিল চাগে। ঘৰলৈ চিঠি লিখি জনাই থৈ গৈছে যে ল’ৰা এটাই বোলে তাইৰ বিয়া হ’বলৈ নিদিয়ে আৰু তাইক কলেজৰপৰাই উঠাই লৈ যাব বুলি চিঠি দিয়াত সেইজনীয়ে ভয়তে ঠিক কৰি থোৱাটোলৈকে পলায় গ’ল, বিয়ালৈ এমাহেই নাছিল, তাতে চ’তত বিয়াও নাপাতেচোন৷ এইবোৰ ছোৱালীৰ লগত এনেকুৱাই হয় বুজিছ৷
কথাটো গম পাই মই ইমান জোৰকৈ হাঁহিলোঁ যে সি ভয়ে ভয়ে মোলৈ চাই কথাটো কি সুধিলে৷
ময়ো একো নাই বুলি কৈ সহজভাৱে কিন্তু এক বিদ্ৰুপভৰা হাঁহিৰে উত্তৰ দিলোঁ,
: তই ভৱা সেই ধপাৰু প্ৰেমিকটোও ময়েই৷
সি বৰ বেলেগ এটা বিস্ময়ভৰা চাৱনিৰে বিস্মিতাৰ পলোৱাৰ ৰহস্যৰ খলনায়কজনক চাই ৰ’ল৷ মোৰো মনত এটা কথা ভাৱি হাঁহি উঠিছিল যে “প্ৰেম এনেকৈও ফাটে নে?”
☆ ★ ☆ ★ ☆
11:52 am
সমাধান হ’ল তেন্তে
2:05 pm
তামাম ফটাপ্ৰেম দেখোন।
6:06 pm
মজ্জা