বান্ধোন-ৰাস্না বণিয়া বৰুৱা
সন্ধিয়াৰ আগমন। হাজৰিকানীয়ে লাখুটিডালত ভেজাদি গৈ গোঁসাই ঘৰত ধূপ এডাল জ্বলাই কৃষ্ণৰ ফটোখনলৈ চাই সেৱা এটি কৰিলে। ওচৰৰ নামঘৰটো দবা আৰু ভোৰতালৰ শব্দত ৰজনজনাই উঠিল। কাষতে থকা ডা° বৰুৱাৰ ঘৰৰপৰা ভাঁহি আহিল, “ব্ৰহ্মা আদি কৰি…..৷” বৰুৱাৰ বোৱাৰীয়েকে সদায়েই সন্ধিয়া বৰ শুৱলাকৈ প্ৰাৰ্থনা গায়। চৰাই চিৰিকটি সকলোবোৰ গৃহ অভিমুখী হৈছে। বহু বছৰ আগতে এই সময়খিনিত হাজৰিকানীও ব্যস্ত হৈ পৰিছিল। সন্ধিয়া ধূপ-চাকি জ্বলোৱা, ল’ৰাটোক পঢ়া-শুনা কৰোঁৱা…৷ এইখিনি সময়ত আগৰ দিনবোৰলৈ তেওঁৰ বৰকৈ মনত পৰে, আকৌ ঘূৰি যাব বিচাৰে সেই দিনবোৰলৈ৷ কিন্তু! এটা দীঘল হুমুনিয়াহ তেওঁৰ বুকু পাৰহৈ ওলাই আহে৷
তেওঁৰ তিনিকুৰি বছৰ পাৰ হওঁ হওঁ হৈছে। কেতিয়া যে সময়বোৰ পাৰহৈ গ’ল! হাতৰ তলুৱাৰপৰা যেন সৰি পৰিল সময়বোৰ! এতিয়া তেওঁৰ জীৱন প্ৰৱল পিয়াহত ভিতৰি ভিতৰি শুকাবলৈ ধৰা এখন নদীৰ দৰে৷ ঘৰৰ কাম কৰা তিৰোতা মালতীয়ে তেওঁক বৰ মৰম কৰে। তাই সকলো সময়তে তেওঁৰ পিছে পিছে ঘূৰি থাকে। তথাপিও তেওঁ একেবাৰে অকলশৰীয়া অনুভৱ কৰে৷ যেন ভিৰৰ মাজতো বুকুৰ উদং পদূলিত বাজি থকা এটি ভগ্ন সুৰৰ দৰেই ….তেওঁ নিঃসংগ ! তেওঁৰ মনৰ কথাবোৰ মনৰ মাজতেই অভিমান হৈ খোপনি পুতি থকা আজি বহু বছৰ হ’ল। কেতিয়াবা তেওঁৰ বুকুৰ বিষাদবোৰে প্ৰসৱ যন্ত্ৰণাত চাটিফুটি কৰি আত্মপ্ৰকাশৰ বাবে ব্যাকুল হোৱা ভোকাতুৰ হৃদয়ৰ নিঃসংগ শব্দবোৰৰ দৰেই ছাটিফুটি কৰে আত্মপ্ৰকাশৰ বাবে।
ক্ৰিং ক্ৰিং…! ফোনৰ স্কীনত নাতিয়েক ৰাজৰ মুখখন দেখি হাজৰিকানীৰ মুখখন জিলিকি উঠিল৷
: আইতা…কি কৰিছা? ঔষধ খালানে? গাখীৰ খাবা কিন্তু! মই এইবাৰ গৈ যদি তোমাক দুৰ্বল দেখোঁ, চাবা কিন্তু। বঢ়িয়াকৈ খাবা, শুবা, টি ভি চাবা আৰু মস্তি কৰিবা। ঠিক আছে?
: হ’ব মহাশয়! আৰু কিবা আদেশ …কৈ যাওকচোন।
: আইতা, তুমি মোক ঠাট্টা কৰিছা? ফোন থওঁনে?
: নাই অ’ ধন, ধেমালি কৰিছোঁ। বাবা আৰু বোৱাৰীয়ে কি কৰি আছে ধন?
: এ মই কেনেকৈ ক’ম? তেওঁলোকৰতো মোৰ বাবে সময়েই নাই! পুৱা উঠিয়েই চাকৰিলৈ যায়, আহি দুয়োটা ক্লাৱলৈ যায়৷ ছানডে আউটিঙত যায়। জানা আইতা দেউতা-মা আজিকালি বহুত ৰাতি ৰাতি ঘৰলৈ আহে। পুৱাৰপৰা ৰাতিলৈকে মই ৰতন ককাইটিৰ লগতে থাকোঁ। স্কুল যোৱা, টিউশ্বনলৈ নিয়া, খোৱা-বোৱা সকলো মই ৰতন ককাইটিৰ লগতে কৰোঁ আইতা৷ আৰু এইকণ সময়ত সদায় মই তোমালৈ ফোন কৰোঁ। আইতা, মোৰ বৰ মন যায় তোমাৰ লগত থাকিবলৈ৷ মোক লৈ যোৱানা আইতা৷ মই ইয়াত থাকি একেবাৰে ভাল নাপাওঁ। বৰ অকলশৰীয়া অকলশৰীয়া লাগে। মোক মাহঁতে কলৈকো যাবলৈ নিদিয়ে। খালি পঢ় আৰু পঢ়৷
: ৰাজ, পঢ়িব লাগে আহা। মা আহি ফোনত কথা পাতি থকা দেখিলে গালি পাৰিব৷
ৰতন ককাইটিৰ মাতত সচকিত হৈ ৰাজে আইতাকক ক’লে,
: আইতা ফোন ৰাখোঁ দিয়া ৷ উম্মা…..চুমা দিলোঁ দেই। ভালকৈ থাকিবা।
ৰাজে ফোনটোৰ সংযোগ কটাত গধুৰ হৈ পৰিল হাজৰিকানীৰ মন৷
ৰজত, হাজৰিকা দম্পতীৰ একমাত্ৰ সন্তান। ৰজত সৰু থাকোঁতেই তাৰ দেউতাকৰ মৃত্যু হৈছিল। বহু কষ্ট কৰি মাকে তাক ইঞ্জিনীয়াৰিং পঢ়াইছিল। পঢ়া শেষ হোৱাৰ পিছত ৰে’ল বিভাগত চাকৰি পাই ৰজত গুচি গৈছিল দিল্লীলৈ। তাৰ পচন্দ মতেই বিয়াও পাতিছিল সি। পত্নীয়ে কোম্পানী এটাত কাম কৰে৷ বিয়াৰ দুটা বছৰৰ পিছত ৰাজ আহিছিল সিহঁতৰ মাজলৈ৷ লাহে লাহে সকলো সলনি হৈছিল৷ ৰজত ব্যস্ত হৈ পৰিছিল তাৰ জীৱন আৰু সংসাৰক লৈ। হাজৰিকানীয়েও অৱশ্যে প্ৰায়েই গৈছিল ৰাজক চাবলৈ। ৰাজেও বৰ ভাল পায় আইতাকক। কিন্তু বয়স হৈ অহাৰ লগে লগে মাক আৰু ৰজতৰ সম্পৰ্ক ফোনৰ মাজতেই সীমাবদ্ধ হৈ পৰিছিল।
কথাবোৰ ভাবি ভাবি হাজৰিকানীৰ চকুদুটা সেমেকি উঠিল৷ তেওঁ ভাবিলে, তেওঁৰ ক’ত ভুল হৈ গ’ল? ৰজতক সংস্কাৰ দিয়াত নে পঢ়া-শুনা কৰোৱাই ডাঙৰ মানুহ কৰি তোলাত? সি কিয় অবাটে গ’ল? কিয় হেৰাই গ’ল সি যান্ত্ৰিক জগতখনত? সিহঁতে কি ইমান কাম কৰে, যাৰ বাবে একমাত্ৰ সন্তানটোৰ বাবেও সিহঁতৰ সময় নাইকিয়া হ’ল! “নাই নাই মই তাক ঘূৰাই আনিব লাগিব। মই তাক এনেদৰে অধঃপতনে যাবলৈ দিব নোৱাৰোঁ। মই কিবা এটা কৰিব লাগিব।” হাজৰিকানী দৃঢ় হ’ল৷ হাজৰিকানীয়ে ফোনটো হাতত লৈ নাতিয়েকক ফোন লগালে৷
: আইতা, আকৌ ফোন কৰিলা যে, কি হ’ল।
: তোমাৰ লগত মোৰ এটা ছিক্ৰেট কথা আছে৷
: কি আইতা৷
: তুমি মোৰ লগত যদি থাকিব বিচাৰা তেন্তে অকনমান কষ্ট কৰিব লাগিব। পাৰিবানে?
: পাৰিম পাৰিম আইতা, কোৱাচোন।
: শুনা, আজিৰপৰা কেইদিনমান মই যেনেকৈ কম তেনেকৈ কৰিবা৷ ঠিক আছে?
আইতাকে দিয়া বুদ্ধি শুনি ৰাজ জপিয়াই উঠিল। সি ক’লে,
: ok আইতা, বঢ়িয়া আইডিয়া৷ মই আৰম্ভ কৰিলোঁয়েই বুলি ধৰা৷ অল ডা বেষ্ট৷
প্ৰায় দুমাহ পাৰ হ’ল। সময়বোৰ একেদৰেই পাৰ হ’ল৷ আইতাক-নাতিয়েকৰ কৌশলে কাম নিদিলে বুলি ভাবি হাজৰিকানী হতাশ হৈ পৰিল৷ তেনেতে এদিন হঠাৎ ৰজতৰ এটা ফোনে হাজৰিকানীৰ মনত আশাৰ সঞ্চাৰ কৰিলে৷
: অ’ ধন কচোন। ভালে আছনে? ঘৰত সকলো ঠিকে আছেনে?
পুতেকৰ ফোন পাই হাজৰিকানীয়ে সুধিলে৷
: নাই মা, একো ঠিক নাই৷
: কি হ’ল বাবা?
: মই ট্ৰেন্সফাৰ লৈছোঁ৷ এই ল’ৰাটোৱে মোক শান্তি নিদিয়া হৈছে মা। আজি দুমাহ ধৰি সি খোৱা-বোৱা, পঢ়া-শুনা একো এটাই ভালকৈ নকৰা হৈছে। সি বোলে ইয়াত নাথাকে, তোমাৰ লগত থাকিব। কাবেৰীয়েও তাক মনাবপৰা নাই। কাৰো কথাই নামানে। উপায় নাপায় এই এইকেইদিন বহুত কষ্ট কৰি ট্ৰেন্সফাৰ লৈছোঁ। মই তোমাৰ লগতে থকাৰ সিদ্ধান্ত লৈছোঁ মা। মাকেও কামটো এৰি দিছে৷ তাত কিবা কাম পালে কৰিব৷ দুই-এদিনতে মোৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাব৷ তুমি তাক ফোন কৰি কৈ দিবা। খোৱা-বোৱা যাতে সময় মতে কৰে।
কথাখিনি কৈ ৰজতে ফোনটো কাটি দিলে। বহুদিনৰ এটা সপোন পূৰণ হোৱাৰ আশাত হাজৰিকানীৰ বুকুত আৱেগে খুন্দা মাৰিলে৷ তেওঁ চাদৰৰ আঁচলেৰে চকুৰ কোণৰ চকুলো মচিলে
☆ ★ ☆ ★ ☆
1:56 pm
সুন্দৰ গল্প ৷ কিন্তুু হাঁহি নোলাল ৷পঢ়ি ভাল লাগিল ৷
5:59 pm
মোৰ অতি শ্ৰদ্ধাৰ তথা বিশিষ্ট সাংবাদিক ৰঞ্জিত শৰ্মা ছাৰৰ লগতে ‘ফটাঢোল’ৰ সমূহ সদস্যলৈ আন্তৰিকতাৰে ধন্যবাদ জনালোঁ।
8:29 pm
সুন্দৰ হৈছে ।বৰ্তমান সময়ত সততে দেখিবলৈ পোৱা ঘটনা ।