আমাৰ গাঁও – যোগেশ ভট্টাচাৰ্য
শুৱনি আমাৰ গাঁওখন অতি
আমি শুৱনি গাঁৱৰ লৰা
গাল ভৰি ভৰি ৰজনী চোবাই
বাইকত ঘূৰি ফুৰা।
শুৱনি আমাৰ ধাননি পথাৰ
বাৰিষা বানত বুৰে
ধাননি পথাৰত ফেক্টৰী সাজি
বণিকে বেপাৰ কৰে৷
চালত কোমোৰা, লাও, জিকা, ভোল
গছত তামোল-পাণ
তাকে বিকিয়েই পৰিয়াল পোহে
নাহে ৰজাঘৰৰ দান।
গছৰ ডালত শুৱনি চৰাইৰ
মাত শুনিবলৈ নাই
মোবাইল টাৱাৰৰ ৰেডিয়েচন পাই
দূৰণিলৈ গুচি যায়।
ঘৰে ঘৰে ৰং ধেমালিও নাই
আই পিতাইৰ নাই সুখ
চহৰীয়া পুতেকৰ সময় যে তাকৰ
চাবলৈ সিহঁতৰ মুখ।
ভাওনা সবাহ দেখিবলৈ নোপোৱা
পাবা মাইকেলৰ গান
তাহানিৰ শুৱনি গাঁওখনিৰ এতিয়া
নাই যে আগৰ মান।
☆ ★ ☆ ★ ☆
1:57 pm
ধুনীয়া কবিতা ৷
1:53 pm
সুন্দৰ