হাঁহিৰামৰ হাঁহি-সদানন্দ ভূঞা
অসমৰ এখন অজান মুলুকৰ জকাইচুকীয়া গাঁৱৰ বাসিন্দা হাঁহিৰাম বৰুৱা মদপী হ’লেও গাঁওখনৰ এজন প্ৰভাৱশালী ব্যক্তি। সৌ তাহানিতে তিনিবাৰকৈ পৰীক্ষা দিও এম ই শ্ৰেণীটোৰ দেওনাখনকে পাৰ হ’ব নোৱৰা হাঁহিৰাম গাঁৱৰ সকলো ৰাইজৰ মনত এজন সৰৱজান। হাঁহিৰামে দেশ-বিদেশৰ সকলো খবৰ এনেকৈ সজাই-পৰাই ৰাইজক ক’ব, ৰাইজেও শুনি শুনি ভেলেঙা লাগি চাই চাই ‘হয় হয়’ বুলি শলাগিবলগীয়া হয়৷ হাঁহিৰাম গাঁওখনৰ ডেকা-গাভৰুৰো অধিক জনপ্ৰিয়। যি সময়ত গাঁৱত মাৰি-মৰকে সংহাৰ কৰিলেও, বানপানীত ককবকাই থাকিলেও, এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰিলেও সঁহাৰি জনাওতা কোনো নোলায়, সেইসময়ত হাঁহিৰাম ৰাইজৰ ত্ৰাণকৰ্তা হৈ উঠে। আনহাতে একো একোটা নিৰ্দিষ্ট সময়ত গাঁওখনলৈ অহা বিয়াগোম নেতা, পালিনেতাসকলৰো তেওঁ সহায়কৰ্তা হয় । মুঠতে হাঁহিৰাম নহ’লে গাওঁখনত নহয়েই৷
এইখিনিতে আমাৰ হাঁহিৰাম বৰুৱাৰ বিষয়ে কিছু কথা নকলে তেওঁৰ জীৱনৰ বিষয়ে আধৰুৱা হৈ ৰব। সেয়েহে তেওঁৰ জীৱনৰ আৰম্ভনীৰ পৰাই কিছু কথা লিখিব লাগিব৷ হাঁহিৰাম বৰুৱাৰ পিতৃ-মাতৃ আদহীয়া বয়সলৈকে নিঃসন্তান আছিল৷ ঈশ্বৰৰ ওচৰত বহু স্তুতি-মিনতি কৰাত ঈশ্বৰ সদয় হৈ চকু মেলি চোৱাৰ ফলতেই হাঁহিৰামৰ জন্ম হয়৷ আদহীয়া জীৱনত একমাত্ৰ পুত্ৰ সন্তানৰ আগমনে মাক-বাপেকৰ মুখত হাঁহি বিৰিঙিওৱা বাবে সন্তানৰ নাম ৰখা হ’ল হাঁহিৰাম। হাঁহিৰাম তেওঁৰ মাক-দেউতাকৰ বাবে আলাসৰ লাড়ু৷ মাটিত থলে পৰুৱাই পাব, মূৰত থলে ওকনিয়ে খাব লেখীয়া অৱস্থা। মাক-দেউতাকৰ অত্যাধিক মৰমত হাঁহিৰাম দ্বায়িত্বজ্ঞানহীন, অকৰ্মণ্য, ধোদৰ পচলা হৈ পৰিল৷ ‘আছে গৰু নাবায় হাল, হোৱাতকৈ নোহোৱাই ভাল’ হ’ল হাঁহিৰাম। হাঁহিৰামৰ চৈধ্য বছৰ বষসত দেউতাকে আৰু ষোল্ল বছৰ বয়সত মাকে তাক নিঠৰুৱা কৰি ইহসংসাৰৰ পৰা পৰলোকলৈ গমন কৰিলে। হাঁহিৰাম উদঙুৱা ভটৰা দমৰাটোৰ দৰে উতনুৱা হৈ পৰিল। য’তে ৰাতি, ত’তে কাতি অৱস্থা হ’ল তাৰ৷
লাহে লাহে হাঁহিৰামৰ মদ আৰু জুৱাৰ প্ৰতি আসক্তি হ’বলৈ ধৰিলে । মদ আৰু জুৱাৰ বাবে তেওঁ ঘৰৰ ইটো-সিটো বস্তু বিক্ৰী কৰি মদ খাবলৈ আৰু জুৱা খেলিবলৈ আৰম্ভ কৰিলে। হাঁহিৰামৰ শুভ চিন্তক বন্ধু কেইজনমানে তেওঁৰ এই অৱস্থা দেখি হাঁহিৰামক কেনেকৈ এই অৱস্থাৰ পৰা মুক্ত কৰিব পাৰি সেইবিষয়ে আলচ কৰিলে৷ হাঁহিৰামৰ বিয়াখন পাতি দিলে তেওঁৰ কিবা এটা ভাল গতি লাগিব বুলি ভাবি বিয়াৰ বাবে হাঁহিৰামক জোৰ দিবলৈ ধৰিলে। হাঁহিৰামেও তেওঁৰ বন্ধুসকলৰ আকোৰগোঁজ সিদ্ধান্তত শেষত বিয়াৰ বাবে ৰাজী হ’ল। হাঁহিৰামৰ বন্ধুকেইজনৰ ছোৱালী চোৱাৰ পাল পৰিল৷ সেইমতে হাহিৰামৰ বন্ধুকেইজনে হাঁহিৰামৰ বাবে ছোৱালী চাবলৈ আৰম্ভ কৰি দিলে৷ বন্ধুবৰ্গই প্ৰায় বিশ কিলোমিটাৰ দূৰত এজনী ছোৱালী পচন্দ কৰিলে৷ ভাল দিন-বাৰ এটা চাই হাঁহিৰামে বন্ধুকেইজনৰ লগত ছোৱালী চাবলৈ বুলি গাওঁখনলৈ গ’ল৷ ছোৱালী দেখি হাঁহিৰামৰ চকুৰ পতা জাপ নোখোৱাই হ’ল৷ বোলে, ৰূপকে চাবা নে গুণকে চাবা, যেন সৰগৰ তৰা; একোৱেই দেখোন নিন্দাব নোৱাৰি, নাকটোহে অলপ খৰা। হাঁহিৰামে চোৱা ছোৱালীজনীৰ নাম মালতী৷ হাঁহিৰামৰ মুখত চুলাইৰ ভেকেটা-ভেকেট গোন্ধ পাই মালতী আৰু মাকে থেৰোগেঁৰো কৰিছিল যদিও কানীয়া বাপেকে একেকোবে ছোৱালীক বিয়া দিবলৈ ৰাজী হৈ গ’ল। বাপেকে বোলে, ‘কাৰো ভাগ্যে হাতী-ঘোঁৰা, কাৰো ভাগ্যে ঢেঁকীথোৰা৷ যি পাইছ তাতে সন্তুষ্ট থাক হক৷’
হাঁহিৰামৰ বন্ধুসকলৰ আপ্ৰাণ চেষ্টাত যেনিবা হাঁহিৰামৰ সংসাৰখনৰ গত লাগিল। পিচে হ’লে কিদাল হ’ব? হাঁহিৰামৰ স্বভাৱৰ অকনো সলনি নহ’ল। বোলে, চোৰে নেৰে চোৰ পৰকিতি, কুকুৰে নেৰে ছাঁই; যাৰ যি পৰকিতি মৰিলে লগত যায়।
মালতী আৰু হাঁহিৰামৰ সংসাৰ সুখৰ নহ’ল । মালতীয়ে হাঁহিৰামৰ লগত সংসাৰ গঢ়াৰে পৰা কটনা কাটি মৰে আৰু হাঁহিৰামে সংসাৰৰ মায়া-মোহ পাহৰি মদ আৰু জুৱাত ব্যস্ত হৈ থাকে। মালতীৰ মনত যি দুখ, মালতীৰ মাকৰ মনতো একেই দুখ। দুয়ো দুয়োৰে দুখৰ কথা পাতে৷
মালতী— আই অ’, পিতাইয়ে মোৰ এই অৱস্থা কিয় কৰিলে? এই অবুজন মানুহটোৰ লগত মোক কিয় গতালে অ আই? এইজনক বুজাই বুজাই মই হাৰি গ’লোঁ৷ এইজনক বুজোৱা মানে অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰি সিজোৱাৰ সৰে৷ মোৰ জীৱনটো পিতাইয়ে কিয় ধংস কৰিলে অ’ আই? মইনো পিতাইৰ কোনটো জনমৰ শতৰু আছিলোঁ বাৰু?
মাক— নাকান্দিবি অ’ আইজনী৷ তোৰ বাপেৰৰ পৰা জানো মই আজিলৈকে কিবা সুখ পালোঁ? তোৰ বাপেৰৰ স্বভাৱ দেখোন জানই৷ দিনৰ দিনটো কানি খাই ফুৰিব আৰু মই বান্দীজনীয়ে ঘৰখনৰ গোটেইবোৰ জঞ্জাল মাৰিব লাগে৷ তোৰ বাপেৰৰ স্বভাৱটোৱেই হ’ল আগ নুগুণি গুণে পাচ, লোভত মৰে বৰশীৰ মাছ। বাপেৰৰ এই স্বভাৱৰ বাবেই আজি তোৰে মোৰে একে গতি৷ বাপেৰ কানীয়া, জোৱাই মদপী৷ কি কৰিবি অ’ আইজনী, কোনোবা জনমৰ পাপৰ ফলত এই জনমত এই দুখবোৰ ভুঞ্জিবলগীয়া আছে যেতিয়া ভুঞ্জিবই লাগিব৷
মালতী— মই এতিয়া কি কৰোঁ অ আই? না ইকুল, না সিকুল!
মাক— কিনো কৰিবি ? এইদৰে লেলাট ভুঞ্জি জীৱনটো পাৰ কৰিব লাগিব।
ইফালে মালতীৰ মাক আৰু গাঁৱৰ বুঢ়ীমখাৰো বিয়ৈনী মেল বহে৷ মালতীৰ দুৰ্দশাবোৰ দেখি মালতীৰ মাকক প্ৰতিবেশী বুঢ়ীয়ে কয়— ‘আগলৈ নাচাই পাছলৈ চালা, কিয়নো ফেঁচামুৱাক ছোৱালী দিলা?’ মালতীৰ মাকে বোলে, ‘মইতো নিদিওঁ বুলিয়েই কৈছিলোঁ। এই জহনীত যোৱা বুঢ়াটোৱেহে জোৰ-জুলুমকৈ ছোৱালীজনী উলিয়াই দিলে৷ মোৰ কথা মাউৰত মৰা বুঢ়াটোৱে শুনিলেহে? এতিয়া মোৰ লখিমী হেন ছোৱালীজনীৰ অৱস্থা সাঁতোৰ সাঁতোৰ নিজ বাহু বলে, সাঁতুৰিব নোৱাৰিলে যাবি ৰসাতলেৰ দৰে হৈছেগৈ৷ মোৰ ছোৱালীজনীক এই মৰকেলেপা বুঢ়াটোৱে শেষ কৰি দিলে। কথা জানিলে ল’ৰাও ভাল, কথা নাজানিলে বুঢ়াও কাল৷ কিনো কম ঐ আমাৰ দুখৰ কথা। বোলো, কচু কাটোতে কুঠাৰ ভাঙিল, লোক খালে ঘুণে; কাক কম কোনে পতিয়াব, কোনে শুনিব কাণে? এইবোৰ হাতীয়ে ওদালৰ গুৰিত কন্দাৰ দৰে কথা৷
ফাগুন মানেই উন্মনা মন৷ পলাশৰ ৰঙা ফুলৰ দৰে ৰঙীণ হৈ উঠা উতনুৱা চিত। গাঁৱৰ ডেকা-গাভৰুহঁতৰ মনবোৰো পলাশ, শিমলুৰ দৰে ৰঙীণ হৈ উঠিল। সিহঁতেও পাং পাতিলে— এইবাৰ সিহঁতেও গাঁৱত সৰস্বতী পূজা পাতিব৷ সৰস্বতী পূজাৰ সমিতিও গঠন কৰা হ’ল৷ সভাপতি হাঁহিৰাম বৰুৱা। চাৰি-পাঁচদিন ধৰি হাঁহিৰামে কিবা খাবলৈ পালে বা নাপালে পুৱাতেই ওলাই যায় আৰু নিশা এপৰতহে ঘৰ সোমায়। চান্দা, বৰঙণি উঠোৱাৰ পৰা আৰম্ভ কৰি মণ্ডপ সজোৱা, মূৰ্তি অনা সকলোবোৰ কামৰ লিডাৰ হাঁহিৰাম বৰুৱা।
গাওঁখনৰ শিৰোমনি হাঁহিৰাম বৰুৱাৰ সৰস্বতী পূজাৰ দিনাখনেই লাগি গ’ল পয়মাল। মালতীয়ে গিৰীয়েকৰ কাম-কাজত অতিষ্ঠ হৈ সৰস্বতী পূজাৰ দিনাখনেই নিজৰ মনটো ডাঠ কৰি কিবা এটা কৰাৰ সিদ্ধান্ত লৈয়ে পেলালে৷ পুৱাই মুখ-হাত ধুই কাপোৰসাজ পিন্ধি তাই ঘৰৰ বাহিৰ ওলাবলৈ সাজু হ’ল৷ সুযোগ বুজি তাই হাঁহিৰামক টান মাতেৰে সুধিলে—৷
মালতী— আপুনি কলৈ যাব ওলাইছে ?
হাঁহিৰাম— হেৰৌ কি কথা সুধিবলৈ আহিছ? মই ক’ত যাওঁ কি কৰোঁ, তোক কেলেই লাগে? তই হ’লি ঘৰখনৰ মাইকী মানুহ আৰু মই তোৰ গিৰীয়েৰ, এই ঘৰখনৰ মতা মানুহ । মোৰ ঘৈনী হৈ মোৰ কামৰ ওপৰত মাত মতাৰ অধিকাৰ তোৰ নাই৷ এটা কথা মনত ৰাখিবি, লাও যিমানেই ডাঙৰ নহওঁক, পাতৰ তল৷
মালতী— হয় নেকি? ৰ’ব তেন্তে৷ মালতীয়ে পাকঘৰৰ পৰা মেচি দাখন লৈ আহিল৷
মালতী— কি কৈছিল আপুনি? লাও যিমানেই ডাঙৰ নহওঁক, পাতৰ তল? আজি কোন লাও কোন পাত আপোনাক ভালদৰে দেখুৱাই আছোঁ৷
হাঁহিৰাম— হেই, কি কৰ কি কৰ? আজি সৰস্বতী পূজাৰ দিনাখন এইবোৰ কি কৰিবলৈ ওলাইছ?
মালতী— প্ৰশ্ন নকৰিব। মোৰ লগত বলক৷ নহ’লে এইখন দেখিছে নহয়, ঘাপ মাৰি দিম। আপোনাৰ লগত এইদৰে লেলাট ভুঞ্জি মৰাতকৈ মোৰ বাবে জে’লৰ ভাতেই উত্তম হ’ব। বলক বলক। হুহ, মদাহীটো হৈ গাঁৱৰ নেতা হ’বলৈ যায়?
ইয়াৰ পিছত মালতীয়ে গিৰীয়েকক গোহালিৰ কাষতে থকা জাতিলাওৰ হেন্দালিখনৰ ওচৰলৈ লৈ গ’ল। হাঁহিৰামক হাত দুখন ডাঙি হেন্দালিখনৰ মাৰলিত ধৰিব দি মালতী গৰজি উঠিল৷
মালতী— এতিয়া আপুনি লাও আৰু অমুকী পাত৷ এনেকৈয়ে আজি দিনটো থিয় হৈ থাকক৷ চাব অলপমানো লৰচৰ নকৰিব৷ নহ’লে এই দাখনৰে কাটি কলাখাৰৰ লগত খাৰ বনাই খাই পেলাম। বোলে, আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল ।
হাঁহিৰাম— হেৰৌ তোক কি কুক্ষণত আনিলোঁ বাৰু মই? ধিনদৌ তৰা, খৰানাকী ছোৱালী পেটুৱা দৰা৷
মালতী— কি কলে, কি কলে? খৰানাকী ছোৱালী? অমুকী বাৰু খৰানাকী, নিজে পিচেনো কি ? হুহ, পেটুৱা দৰা৷ গেলাসোপা খাই খাই শুকান বামলা মাছটো যেন হৈছে, কয় পেটুৱা দৰা৷ লাজ বোলা কিবা থাকিলেহে৷ একদম চুপচাপ থিয় হৈ থাকক। নহ’লে কিন্তু কথা বেয়া হৈ যাব। কৈ থলোঁ বাপ্পেকে ।
হাঁহিৰামে জাতিলাও জোপাৰ হেন্দালিৰ মাৰলি এডালত দুয়োখন হাতেৰে ধৰি ভাবিবলৈ ধৰিলে, ‘মইনো বাৰু ক’ত ভুল কৰিলোঁ? বন্ধুহঁতেতো চাওঁতে থিকেই চাইছিল৷ সিহঁতে দেখোন ‘জাকৈ বাওতে ছোৱালী চাবা, কোন কেনেকুৱা’ বুলি ঠিকেই চাইছিল । জাকৈ বাওতে এইজনীৰ জাকৈত মাছ খৰকৈ উঠা বাবে সিহঁতে মোৰ লায়কৰ বুলি পচন্দ কৰিছিল৷ ঘৈণীয়েকক মনাবলৈ হাঁহিৰাম কোমল হ’ল৷
হাঁহিৰাম— মালতী অ’! অ মালতী, চাহ একাপ দে অ’ মালতী৷ আৰে খংনো কৰ কেলেই হঞে?
নাই মালতীৰ কোনো সাৰসুৰ নাই৷ হাঁহিৰামে আকৌ ভাবিবলৈ ধৰিলে, বোলো ছাগলী কিনিবা এচাৰি শিঙীয়া, গৰু কিনিবা গাই; ভাল ঘৰৰ ছোৱালী আনিবা, চহকী কৰিব তাই৷ মইতো ভাল ঘৰৰেই ছোৱালী আনিছিলোঁ। অ’ চহকী কৰা দূৰৰে কথা, এতিয়া লাও হৈ ওলমি থাক। ইফালে মালতীৰো বেয়া লাগিল৷ যিয়েই নহওঁক হাঁহিৰাম তাইৰ পতি৷ কিন্তু কোমল হ’লেই মানুহজনে লাই পাব৷ তাই দৃঢ় হ’ল কঠোৰ হ’বই লাগিব৷
ইফালে সৰস্বতী পূজা মণ্ডপত হাহাকাৰ অৱস্থা। হাঁহিৰাম বৰুৱাৰ বহু সময় ধৰি দেখাদেখি নাই। আনদিনাখন পূৱাতেই হাজিৰ হোৱা মানুহজনৰ এই দুপৰ বেলালৈকে একো খা-খবৰ নাই। সিহঁত আটাইমখাৰে লাগি গ’ল মহা চিন্তা৷ ভৰ দুপৰীয়া দুজনমানে খবৰ এটাকে কৰি আহো বুলি হাঁহিৰামৰ ঘৰলৈ ঢাপলি মেলিলে। মালতীয়ে সিহঁতকেইটাক দেখি মেখেলা কোঁচাই হাতত মেচি দাখন লৈ খেদি যাওতে সিহঁতকেইটাই ‘মৰিলোঁ ঐ, খালে ঐ এইজনীয়ে ‘ বুলি চিঞৰি পলাই পত্ৰং দিলে।
পূৱাৰ পৰা দুপৰীয়া হ’ল, তথাপি মালতীৰ মন কোমল নহ’ল। হাঁহিৰামে মালতীক মাতি মাতি ভাগৰি গ’ল। তথাপি মালতীয়ে হাঁহিৰামক মাত এষাৰো দিয়া নাই। যেনেকৈ লাওজোপাৰ হেন্দালিত ধৰিছে তেনেকৈয়ে লৰচৰ নকৰাকৈ ঠিয় হৈ আছে হাঁহিৰাম৷ হাঁহিৰামে চকুলো টুকি টুকি ভাবিলে, দুখীয়া হ’লে লেতেৰা-পেতেৰা, ভাৰ্জাই নকৰে হিত; বাটত পাই মিতিৰে নোসোধে, দিব লাগে বুলি বিত৷ পিচে হাঁহিৰামে মনতে যিয়েই নাভাবক কিয় আজিহে হাঁহিৰামৰ মালতীলৈ ভীষণ ভয় লাগিল। হাঁহিৰামে মালতীৰ ৰূপটো দুৰ্গা গোসাঁনী, কালি গোসাঁনীৰ ৰূপত দেখা পোৱা যেন পালে। হাঁহিৰামৰ দুচকুৰে চকুপানী ধাৰাসাৰে ববলৈ ধৰিলে৷ মালতীয়েও তেওঁৰ পতিক লুকুৱাই মনে মনে চকুপানী টুকিবলৈ ধৰিলে৷ থাপনাৰ ওচৰলৈ গৈ ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিলে৷ দুপৰীয়াৰ পৰা বেলিটো লহিয়াই লহিয়াই সন্ধিয়া হ’বলৈ ল’লে৷ হাঁহিৰাম ভোকে-পিঁয়াহে লেবেজান হৈ পৰিল। লাহে লাহে মালতীৰ কঠোৰ মনটো কোমল হ’বলৈ ধৰিলে। তাই গিৰীয়েকৰ ওচৰলৈ গৈ ক’লে— ‘বলক বলক, এনেকৈ আৰু থিয় হৈ থাকিব নালাগে৷’ মালতীয়ে গিৰীয়েকৰ সোঁহাতখনত ধৰি লাহে লাহে গা ধোৱা ঘৰলৈ লৈ গ’ল৷ তাৰ পিছত কলাখাৰৰ খাৰণিত ভোলৰ জাল তিয়াই তিয়াই ভালদৰে গাৰীয়েকৰ গাটো মোহাৰি মোহাৰি গাটো ধুৱাই দিলে৷ তাৰ পিছত মালতীয়ে হাঁহিৰামক হাতত ধৰি ঘৰৰ ভিতৰলৈ লৈ গ’ল৷ সৰিয়হৰ তেলৰ লগত নহৰু গৰম কৰি মালতীয়ে গিৰীয়েকৰ হাত-ভৰিৰ তলুৱা মালিচ কৰি দিলে৷ মালতীয়ে ততাতৈয়াকৈ পাকঘৰলৈ গৈ গিৰিয়েকক পানী এঘটি আনি দিলে। হাঁহিৰামে পানীগিলাচ খাইহে উশাহটো ঘূৰাই পোৱা যেন পালে৷ মালতীয়ে কোমল চাউল আৰু গাখীৰৰ জলপানৰ লগত ফিকা চাহ এবাতি হাঁহিৰামক খাবলৈ দিলে। হাঁহিৰামে সকলো খোৱাৰ পিচত মালতীয়ে গিৰীয়েকৰ ভৰিদুখনত সাৱটি ‘মোৰ ভুল হৈ গ’ল৷ মোক আপুনি ক্ষমা কৰি দিয়ক’ বুলি হুকহুকাই কান্দিবলৈ ধৰিলে।
হাঁহিৰামেও চকুলো টুকি টুকি কলে, ‘ভুল তোৰ নহয় অ’ মালতী, ভুল মোৰ। মোৰ নিজৰ জীৱনটোক মই নিজেই চিনি পোৱা নাছিলোঁ। তইহে মোক মোৰ নিজৰ জীৱনটোৰে চিনাকি কৰাই দিলি। তোক বিয়া পাতি অনা দিনৰে পৰাই তোৰ জীৱনটো দুৰ্বিসহ কৰি তুলিলোঁ৷ তোক কোনোদিন বুজিবলৈ যত্নই নকৰিলোঁ। তই এতিয়াৰ পৰা কোনো চিন্তা নকৰিবি। কালিৰ পৰা মই মোৰ হাঁহিৰাম কোনোদিনেই নহওঁ৷ তোৰ মূৰত ধৰি শপত খাই কলোঁ, এই মুহূৰ্তৰ পৰাই মই তোৰহে হাঁহিৰাম হম৷ যা, এতিয়া ঘৰত যি আছে তাৰেই ভাতসাঁজ সিজাগৈ৷ আজিৰ পৰা প্ৰতিসাঁজ দুয়োজনে একেলগে খাম৷ মালতীয়ে আনন্দমনে চাউলমুঠি সিজাবলৈ বুলি পাকঘৰত সোমাল৷
হাঁহিৰামে মালতীৰ দুই ওঁঠত বিৰিঙি উঠা প্ৰফুল্লিত হাঁহিটো বুজি পালে৷ হাঁহিৰামৰ মনটোও প্ৰফুল্লিত হৈ উঠিল৷ আজিহে হাঁহিৰামে মালতীক অপৰূপ সুন্দৰী যেন দেখা পালে। হাঁহিৰামৰ মালতীলৈ বৰ মৰম উপজিল৷ হাঁহিৰামৰ দুই ওঁঠেৰেও প্ৰশান্তিৰ হাঁহি বিৰিঙি উঠিল৷ আজি যেন হাঁহিৰামে নিজৰ সঁচা হাঁহিটো ঘূৰাই পালে, তাৰ তেনে অনুভৱ হ’ল।
☆ ★ ☆ ★ ☆
1:29 pm
হাঁহিৰামেে ভৱিষ্যতেে হাঁহি বিৰিঙাব পাৰিব ৷