ফটাঢোল

আহক বিতৰ্ক কৰোঁ-অশোক কুমাৰ নাথ

সাংবাদিক : নমস্কাৰ। ‘গেৰাণ্টি লাইভ’ৰ ‘আহক বিতৰ্ক কৰোঁ’ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা বৰ বিতৰ্কিত বিষয় আলোচনাৰ বাবে নিৰ্বাচন কৰিছোঁ। বিষয়টো হ’ল — প্ৰেছাৰ কুকাৰত ভাত ৰান্ধোতে আচলতে হুইচেল এটা মাৰিব লগে নে দুটা মাৰিব লাগে? বিষয়টো আলোচনাৰ বাবে আজি আমি ষ্টুডিঅ’লৈ কেইবাগৰাকীও খাদ্য-বিশেষজ্ঞক আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকল হ’ল — ডিব্ৰুগড়ৰপৰা ডম্বৰু দাস, শিৱসাগৰৰপৰা শিৱানী শ‌ইকীয়া, নলবাৰীৰপৰা নগেন নাথ, বৰপেটাৰ পৰা বজ্ৰমোহন বৰা আৰু কোকৰাঝাৰৰ পৰা কমলেশ্বৰ কটকী। আমাৰ লগত অনলাইনত থাকিব আমেৰিকাৰ পৰা প্ৰৱাসী অসমীয়া আইমণি সোণোৱাল। আপোনালোক সকলোকে আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আহক তেন্তে বিতৰ্ক কৰোঁ। ম‌ই প্ৰথমেই যাব খুজিছোঁ শিৱসাগৰৰ শিৱানী শ‌ইকীয়াৰ কাষলৈ। শ্ৰীমতী শ‌ইকীয়া, আপোনাৰমতে প্ৰেছাৰ কুকাৰত ভাত ৰান্ধোতে আচলতে কেইটা হুইচেল মাৰিব লাগে?

শিৱানী শ‌ইকীয়া : মোৰ মতে দুটা হুইচেল মাৰিলেই ঠিক আছে। তাৰপিছত গেছটো অফ্‌ কৰি কুকাৰটোৰ ভিতৰত থকা ভাপখিনি অলপমান উলিয়াই দিব লাগে। তাৰ দহ-পোন্ধৰ মিনিটৰ পাছত ভাত খাব পৰাকৈ সুন্দৰ হৈ উঠিব। আৰু…

ডিব্ৰুগড়ৰ ডম্বৰু দাসে শিৱানী শ‌ইকীয়াক ফেপেৰি পাতি ধৰিলে আৰু একপ্ৰকাৰ চিঞৰি উঠিল—

ডম্বৰু দাস : ম‌ই শ্ৰীমতী শ‌ইকীয়াৰ কথাত একেবাৰেই একমত নহয়। মোৰ মতে এটা হুইচেল মাৰিলেই হ’ল। তাৰপিছত অকণমানো ভাপ উলিয়াই নিদি তেনেকৈয়ে থৈ দিয়ক। মাত্ৰ দহ মিনিটৰ পাছত সেই ভাতখিনি খোৱাৰ উপযোগী হৈ উঠিব।

সাংবাদিক : বাৰু, এইবাৰ ম‌ই যাব খুজিছোঁ নলবাৰীৰ নগেন নাথৰ কাষলৈ। নাথ ডাঙৰীয়া, আপুনি কি ক’ব খোজে?

নগেন নাথ : চাওক, মোৰমতে তিনিটা হুইচেল মাৰি দিয়ক, তেতিয়া কোনো বিতৰ্ক‌ও নহয়, কোনো চিতৰ্ক‌ও নহয়। কুকাৰৰ ভিতৰৰ ভাপখিনি সম্পূৰ্ণকৈ উলিয়াই দিয়ক। পাঁচমিনিটৰ পাছতেই ভাত খাব পৰাকৈ সাজু।

বৰপেটাৰ বজ্ৰমোহন বৰাই চিঞৰি উঠিল —

বজ্ৰমোহন : ম‌ই কেতিয়াও মানি ল’ব নোখোজোঁ এই কথা! কুকাৰত ভাত ৰান্ধোতে তিনিটা হুইচেল? কি অদ্ভূত কথা! মোৰ মতে ডেৰটা হুইচেল মাৰিব লাগিব।

সাংবাদিক : ডেৰটা হুইচেল মানে? ডেৰটা হুইচেল কেনেকৈ মাৰিব?

বজ্ৰমোহন : এটা হুইচেল কুকাৰটোৱে মাৰিব। খন্তেক বিৰতিৰ পাছত সৰুকৈ আপুনি আপোনাৰ মুখেৰে এটা মাৰি দিয়ক হুইচেল। হৈ গ’ল ডেৰটা হুইচেল। মুঠতে কুকাৰটোক দুই নম্বৰ হুইচেলটো মৰাৰ সুযোগ একেবাৰেই নিদিব। তাৰ আগতেই গেছ অফ্ কৰিব লাগিব।

উপস্থিত আন বিশেষজ্ঞসকলৰ চকু কপালত উঠিল। কোকৰাঝাৰৰ কমলেশ্বৰ কটকীয়ে মনে মনে শুনি আছিল সকলোৰে কথা। এইবাৰ তেওঁ বিতৰ্কত জঁপিয়াই পৰিল।

কমলেশ্বৰ কটকী : মোৰ মতে হুইচেল এটাও মাৰিব নালাগে। কুকাৰৰ ওপৰত থকা ভাপক বাধা দিয়া সঁজুলিটো (pressure regulator) উঠাইহে কুকাৰটো গেছৰ চৌকাৰ ওপৰত তুলিব লাগে। ভাপবোৰ ওলাই ওলাই এটা সময়ত যেতিয়া নোলোৱা হৈ যাব, তেতিয়াই গম পাই যাব লাগিব যে চাউল সিজি গৈছে। ম‌ইতো কুকাৰত ভাত ৰন্ধাৰ পক্ষপাতীয়েই নহয়। যেতিয়াৰপৰাই মানুহে কুকাৰত ভাত ৰন্ধা আৰম্ভ কৰি দিছে, তেতিয়াৰপৰাই মানুহক নানানটা ৰোগে আগুৰি ধৰিলেহি। ম‌ই খৰিৰ জুইৰে আন বাচনতহে ভাত ৰান্ধিবলৈ পৰামৰ্শ দিম – প্ৰেছাৰ কুকাৰত নহয়। খৰিত ভাত ৰন্ধা নিয়মটো থকা হ’লে, অন্ততঃ খৰিকেইডাল বিচাৰিয়েই মানুহ অকণমান ওলাই গ’লহেঁতেন, প্ৰকৃতিৰ সান্নিধ্য পালেহেঁতেন, অকণমান পৰিশ্ৰম কৰিলেহেঁতেন। এতিয়াতো পৰিশ্ৰমৰ কোনো নাম-গোন্ধেই নাই! যি মানুহৰ কোনো শাৰীৰিক পৰিশ্ৰম নাই, তেওঁৰ দেহা কেনেকৈ ভালে থাকিবহে? কুকাৰত ভাত ৰান্ধি হুইচেল মাৰি আমি ওচৰৰ মানুহক ‘ম‌‌ই ভাত ৰান্ধিছোঁ চা’ বুলি কোৱাৰ কোনো প্ৰয়োজন নাই! আৰু আজি যে পৃথিৱীত ইমান দুখ-দুৰ্দশা হৈছে – সেয়া কিয় জানেনে? চাউলৰ শাও লাগিছে মানুহৰ গাত – ম‌ই কৈ থ’লোঁ। সিহঁতক কুকাৰত ভৰাই এনেদৰে যে আমি শাস্তি দিওঁ, কষ্ট দিওঁ, সেইবাবেই সিহঁতৰ শাওপাত লাগিছে আমাৰ মানুহৰ গাত। আৰু হুইচেলটো যে মাৰে – কোনে মাৰে বুলি ভাবিছে? সকলোবোৰ চাউলে অসীম কষ্টত যেতিয়া চিঞৰি উঠে, তাকে আমি হুইচেল মাৰিছে বুলি ক‌ওঁ। কিন্তু সেয়া চাউলবোৰে ক্ষোভ আৰু যন্ত্ৰণাত একেলগে চিঞৰি দিওঁতে হোৱা ধ্বনিহে। বিজ্ঞানে প্ৰমাণ কৰি দেখুৱাইছে যে জীৱ-জড় সকলোৰে অনুভূতি আছে – বুইছে? এনেদৰে চাউলক অত্যাচাৰ কৰি কৰি খাব নাপায়। লগতে ম‌ই ইয়াকো ক’ব…

কমলেশ্বৰ কটকীৰ কথা শেষেই হ’বলৈ নাপালে, হঠাতে ডম্বৰু দাস, বজ্ৰমোহন বৰা আৰু নগেন নাথে অভিযোগ-আপত্তিৰে চিঞৰি-বাখৰি ষ্টুডিঅ’ তালফাল লগালে। দৰ্শকে কাৰো কথা বুজিব নোৱৰা হ’ল।
সাংবাদিকগৰাকীয়েও মাৰি দিলে এটা বিকট চিঞৰ!

সাংবাদিক : বিতৰ্ক হৈছে, ঠিক বিতৰ্ক হৈছে! সঁচা বিতৰ্ক হৈছে! আৰু হ’ব বিতৰ্ক। দৰ্শকসকল, আপোনালোকে নিশ্চয় বুজিব পাৰিছে কেনে স্পৰ্শকাতৰ বিষয় এটা অতদিনে অন্ধকাৰত লুকাই আছিল। আজি আমাৰ চেনেলে এই ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হৈছে। এইখিনিতে ল’ব‌ই লাগিব এটি চমু বাণিজ্যিক বিৰতি। চাই থাকক আপোনালোকৰ অতিকৈ প্ৰিয় অনুষ্ঠান আহক বিতৰ্ক কৰোঁ।

কেইটামান বিজ্ঞাপনে টিভিৰ পৰ্দাত খলকনি তুলিবলৈ আপ্ৰাণ তথা অপ্ৰয়োজনীয় চেষ্টা কৰিলে।

সাংবাদিক : বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান আহক বিতৰ্ক কৰোঁৰ মজিয়ালৈ। এইবাৰ ম‌ই আমাৰ সৈতে লাইনত থকা আমেৰিকা নিৱাসী আইমণি সোণোৱালক সুধিব খুজিছোঁ। হয়, শ্ৰীমতী সোণোৱাল, আপুনি কি ক’ব খোজে আজিৰ এই বিতৰ্কিত তথা স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত?

আইমণি সোণোৱাল : ধন্যবাদ। চাওক – হুইচেল কেইটা মাৰিব লাগে আপুনি নিজেই গম পাব নহয়! দুটা হুইচেলত যদি ভাতখিনি সুন্দৰকৈ খাব পৰা হৈছে, তেন্তে দুটা হুইচেলেই যথেষ্ট। আৰু এটা কথা – যি সময়ত আমেৰিকা-ৰাছিয়াৰ মানুহে মঙল গ্ৰহলৈ যোৱাৰ চিন্তা-চৰ্চা কৰি আছে, মঙল গ্ৰহলৈ গৈ তাত ভাত ৰন্ধাৰ সপোন দেখি আছে, সেই সময়ত আপুনি-ম‌ই যদি পৃথিৱীত প্ৰেছাৰ কুকাৰত ভাত ৰান্ধোতে কেইটা হুইচেল মাৰিব লাগিব, তাক লৈ বিতৰ্ক কৰি থাকোঁ, বিতৰ্কিত অনুষ্ঠান পাতি থাকোঁ, তেন্তে সেয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক। আৰু এটা কথা…

হঠাতে সংযোগ বিচ্ছিন্ন হ’ল। লাইনটো কাটি গ’ল নে কাটি দিয়া হ’ল – সেয়া ৰহস্য!

সাংবাদিক : শ্ৰীমতী সোণোৱালৰ সৈতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈছে। মুঠতে আমি তেনে একো শুদ্ধ সিদ্ধান্ত এটাত উপনীত হ’ব নোৱাৰিলোঁ যে কুকাৰত ভাত ৰান্ধোতে প্ৰকৃততে হুইচেল কেইটা মাৰিব লাগে? আপোনালোকক ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, ‘আহক বিতৰ্ক কৰোঁ অনুষ্ঠান’ত এটা নতুন স্পৰ্শকাতৰ বিষয় লৈ অহা শনিবাৰে পুনৰ আপোনালোকৰ মাজত উপস্থিত হ’ম। আমাৰ পৰৱৰ্তী বিষয় হ’ল – ‘কুকাৰত দাইল সিজাওঁতে হুইচেল কেইটা মাৰিব লাগে?’ অহা শনিবাৰে ঠিক একেই সময়তেই আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান – “আহক বিতৰ্ক কৰোঁ!” ধন্যবাদ।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *