ফটাঢোল

ফটাপ্ৰশ্ন    

১) গীতিমল্লিকা গগৈ : মানুহে শপত খালে কিবা বেয়া জাতীয় কাম নকৰোঁ বুলি, বেয়া কথা নকওঁ বুলি কাণত কেলেই ধৰে? কাণৰ সলনি কামৰ ক্ষেত্ৰত হাতত, বেয়া কথা‌ৰ ক্ষেত্ৰত জিভাত কেলেই নধৰে?
উত্তৰ : সেইকাৰণেইতো কাণত ধৰে, যাতে শপত খোৱাৰ পাছতো বেয়া কাম, বেয়া কথা বিন্দাছ চলাই থাকিব পাৰে।

২)
(ক) হিতেশ বি বৰুৱা : ছোৱালীয়ে হোটেলত কিবা খালে বান্ধবীজনীৰ পইচা নিদিয়ে আৰু নিজৰ নিজৰ বিল দিয়ে প্ৰত্যেকেই; কিন্তু ল’ৰাই কিবা খালে নিজৰ লগতে বন্ধুৰ বিল দিয়ে। ইয়াৰ কাৰণ কি?

উত্তৰ : কাৰণ ছোৱালীবোৰ হিচাপী, এসময়ত গৈ এনে ধোঁৱাখুলীয়া ল’ৰা এটাৰে সংসাৰ চলাব লাগিব যে।

(খ) ছোৱালীৰ বিয়া হ’লে ভনীয়েকৰ প্ৰতি মৰম বাঢ়ে বায়েকৰ, ল’ৰাৰ বিয়া হ’লে ভায়েকৰ প্ৰতি শত্ৰু ভাৱ  হয় ককায়েকৰ,ইয়াৰ মূল কাৰণ কি?

উত্তৰ : বহুতো কাৰণৰ মাজত পৈতৃক সম্পত্তিৰ কাৰণটোৱেই মেইন। এতিয়া পিচে কন্যায়ো সমানে সম্পত্তিৰ ভাগ পাব বুলি আইন ওলোৱাৰ পাছত কি হয় চাই থাককচোন।

৩) জয়ন্ত দাস : আমাৰ মাহেকীয়া আলোচনীখনৰ সম্পাদক/সম্পাদিকাক চম্পা বুলি কিয় কয়? শেৱালি, তগৰ, জবা, নাহৰ আদি কিয় নকয়?

উত্তৰ : চম্পাফুলৰ সুগন্ধ আনতকৈ বেলেগ। কেতিয়াবা খোৱা বস্তুৰ গোন্ধ যেনো লাগে, কেতিয়াবা ফুলৰ যেনো লাগে, কেতিয়াবা গোন্ধত পেট পাকখায়ো আহে, আন ফুলৰ তেনে কোৱালিটি নাই। আমাৰ চম্পাসকলো তেনেকুৱা, কেতিয়াবা মিঠা, কেতিয়াবা কেঁ‌হা, কেতিয়াবা দেখিলেই পলাবলৈ মন যোৱা। গতিকে চম্পা নামটোৱেই উপযুক্ত বুলি ভৱা গ’ল।

৪) যোগেশ ভট্টাচাৰ্য্য : গ্ৰহণৰ সময়ত খাব নাপায় যদি “খাদ্যগ্ৰহণ” শব্দটো কোনে উলিয়াইছিল?

উত্তৰ : যিয়েই উলিয়াইছিল তাৰ নিশ্চয় গ্ৰহণৰ সময়ত খাদ্যগ্ৰহণ কৰি গ্ৰহণী হৈছিল।

৫) অনামিকা চৌধুৰী : কুঁ‌হিয়াৰবোৰ ইমান টান চোবাই থাকিবলে আমনি লাগে, সিজালে কোমল হ’বনে বাৰু?

উত্তৰ : বাদ দিয়ক হে কুঁ‌হিয়াৰ বইল, চেনী খাওক। ইনবক্সত চেনী খালে ডায়েবেটিছো নহয় বোলে।

৬) জিতা ফুকন : বহুত চালিজাৰি চাই ভালৰো ভাল ছাত্ৰকহে ডাক্তৰ পঢ়িবলৈ সুবিধা দিয়ে তেন্তে ইমান চোকা ল’ৰাবোৰৰ আখৰবোৰ ইমান বেয়া হয় কিয়?

উত্তৰ : প্ৰথম কথা চোকা হ’লেই আখৰ ভাল হ’ব লাগিব বুলি কোনো কথা নাই। দ্বিতীয় কথা ডাক্তৰী পঢ়াৰ সময়ত তেওঁলোকে  ইমানেই লিখিব লাগে যে আখৰৰ যত্ন ল’বলৈ সময় নেপায়। তৃতীয় কথাটো ভাইচাৰা, ফাৰ্মাচিষ্টসকল ডাক্তৰসকলৰ সৰু ভায়েকৰ দৰেই নহয় জানো, গতিকে ভায়েকৰ ব্যৱসায়ত অলপ সহায় কৰাও হয়। বুজিছেই নহয়।

৭) (ক) দ্বিজেন তামূলী : গাখীৰ গৰম কৰোঁতে কাষত ৰৈ থাকিলে গৰম নহয় হে নহয়, কিন্তু অলপ আঁতৰি গ’লেই উফৰি পৰে কিয়?

উত্তৰ : সময় একেই লাগে হে, আইনষ্টাইনৰ আপেক্ষিকতাবাদ সূত্ৰটো অলপ পঢ়ি ল’বচোন।

(খ) মানুহে বছৰ বছৰ ধৰি জীয়াই থাকিও বা বুঢ়া কালতো “জীৱন দুদিনীয়া” বুলি কিয় কয়?

উত্তৰ : জীৱন নহয়  অ’ যৌৱনহে দুদিনীয়া; জীৱন কচুপাতৰ পানীহে। মানে যিকেইদিন লেলাই ধেণ্ডাই জীয়াই থাকিল, সেইকেইদিন চিৰতৰুণ হৈ নিতৌ ভেলেণ্টাইন ডে’ পালন কৰাৰ আশা আছিল তেওঁৰ, পিচে নহ’ল। তাৰ দুখতে এই দুদিনীয়া বাক্যষাৰ হুমুনিয়াহসহ আৱিষ্কাৰ হৈছিল।

৮) শ্ৰুতিমালা মিশ্ৰ : মানুহে বিয়া কিয় পাতিব লাগে বা বিয়া কিয় হ’ব লাগে?

উত্তৰ : কাৰণ মানুহে যদি জীৱনত সকলো ভাল বা শুদ্ধ কামেই কৰে, তেনে তেওঁ মানুহ নহৈ দেৱী-দেৱতা হ’বচোন।

৯)
(ক) জয়ন্ত কুমাৰ ডেকা : ৰেষ্টুৰাঁত অকলে খাব পৰা, চিনেমা হলত অকলে যাব পৰা আৰু অবিবাহিত হৈ ধন অৰ্জন কৰি স্বচ্ছন্দপূৰ্ণ জীৱন অতিবাহিত কৰা সকলক আমাৰ সমাজত ঈৰ্ষাৰ চকুৰে চাই নে আদৰ্শৰ ৰূপত চায়?

উত্তৰ : তেওঁলোক সকালোৰে আদৰ্শ বাবেই আনে তেওঁলোকক ঈৰ্ষাৰ চকুৰে চায়।

(খ) প্ৰেম সম্পৰ্কে মনৰ অনুভৱবোৰ শব্দৰ লালিত্যৰে আড্ডাত, ফেচবুকত বা পেপাৰত প্ৰকাশ কৰা সকলৰ লগতে তেনেবোৰ বিষয় পঢ়ি ‘আপ্লুত হোৱা’, ‘শিহৰিত হোৱা’ সকলেও বাস্তব জীৱনত তেনেদৰে প্ৰেম কৰা কাৰোবাক দেখিলে পূৰ্বৰ প্ৰেমপূজাৰীৰ স্বৰূপটো বাদ দি তথাকথিত ৰক্ষণশীল সমাজৰ দালালৰ ৰূপত কিয় অৱতাৰ ধাৰণ কৰে?

উত্তৰ : সকলোৱেই জানে যে প্ৰেম বস্তুটো চিনেমা, সাহিত্য, সপোনতে ভাল লাগে৷ এনে অহেতুক বস্তু বাস্তৱ জীৱনত প্ৰয়োগ কৰিলে তেনেই দৈবাসন তল যায় বাবেই মাক বাপেক ৰক্ষণশীল হয়।

১০) মৰমী দত্ত : এই যে বিয়া এখনৰ আচল ৰীতি নীতিসমূহ ইমান ৰাতিলৈকে টোপনি ক্ষতি কৰি কেলেই কৰিব লাগে? দিনৰ ভাগত কৰিব নোৱাৰি নেকি?

উত্তৰ : নোৱাৰি। দিনৰ পোহৰত কইনাৰ মেক আপৰ তলেৰে আচল চেহেৰা ফুটি উঠে যদি। বা দৰাৰ উইগটো ৰাইজৰ চকুত পৰে যদি।

১১) বৰ্ণালী চৌধুৰী : কোনোবাই জোৰকৈ হাঁহিলে হঁহাৰ কাৰণ নজনাকৈ আমাৰো হাঁহি উঠে কিয়?

উত্তৰ : হাঁ‌হি আৰু হামি সংক্ৰামক বেমাৰ৷

১২) প্ৰদীপ বৈশ্য : আজিকালি হোটেল, ৰেষ্টুৰাঁবোৰত (আনকি গৃহস্থই আলহীকো) কাঁ‌হীত ভাত দিওঁ‌তে ভাতখিনি বাতিৰ সহায়ত ওলোটা বাতি এটাৰ দৰে সজাই দিয়াৰ ৰহস্যটো কি বাৰু?

উত্তৰ : সজোৱাৰ নামত কম ভাতেৰেই আলহী বা গ্ৰাহকক সন্তুষ্ট কৰাৰ বুদ্ধি এইবোৰ।

১৩) সদানন্দ ভূঞা : মাকতকৈ জীয়েক কাজী, ঢেঁকীথোৰাৰে বাটে পাঁজি৷ জীয়েকে বাৰু ঢেঁকীথোৰাৰে পাঁজি বাটিছিল ঠিকেই আছে, পিচে মাকেনো কিহেৰে পাঁজি বাটিছিল বাৰু?

উত্তৰ : সেই জীয়েকৰ মাক হে; তেওঁ নিশ্চয় পুৰা ঢেঁকীটোৰেই পাঁজি বাটিব পাৰিছিল।

১৪) গায়ত্ৰী খাৰঘৰীয়া : Love at first sight বুলিও কয় আৰু মানুহৰ বাহ্যিক সৌন্দৰ্যতকৈ ভিতৰৰ সৌন্দৰ্যহে আচল বুলিও কয়। কাহিনীটো কি আচলতে?

উত্তৰ : সেইটো প্ৰথম দৃষ্টিত বাহ্যিকেই নহয়, পাত্ৰ পাত্ৰীৰ ভিতৰখনো চিটি স্কেন বা এক্সৰে’ৰ দৰে জলজল-পটপট ওলাই পৰে বুলি দুই এক প্ৰেমিক কবিয়ে মন্তব্য কৰা দেখা যায়। অমুকাই অৱশ্যে এনে কাম নোহোৱা কামত সময় নষ্ট কৰি পোৱা নাই৷

১৫) উৰ্বশী ভাগৱতী : এই যে বুফে চিষ্টেমৰ বিলনীয়া কেইজন, তেওঁলোক ইমান কৃপণ কিয় বাৰু? বিশেষকৈ মাংসৰ পিছফালে থকাজন৷

উত্তৰ : আচলতে তেওঁৰ এই কৃপণ স্বভাৱৰ বাবেই তেওঁ সেইটো চাকৰি পাই, তেওঁঁ উদাৰ স্বভাৱৰ হ’লে আৰু আলহী আমাৰ আপোনাৰ দৰে হ’লে গৃহস্থ দেউলীয়া নহ’ব জানো।

১৬) উচ্চজিৎ দশগিৰী : এটা ধেমেলীয়া গভীৰ ওলোটা ফটাপ্ৰশ্ন। নিজে পচন্দ কৰা বিবাহৰ কথা বাদ দিছোঁ, কিন্তু এতিয়াও আমাৰ সমাজত উচ্চ শিক্ষিত চাকৰি কৰা ছোৱালীৰ কাৰণে পৰিয়ালে দৰা বিচাৰিলে (বহু ক্ষেত্ৰত ছোৱালীয়ে নিজেও) কিয় ছোৱালীগৰাকীৰ সমপৰ্য্যায়ৰ শিক্ষা থকা সমপৰ্য্যায়ৰ চাকৰি কৰা ল’ৰা বিচাৰে। ভাল স্বভাৱ-চৰিত্ৰৰ ভাল মানুহ বুলি জনা কিন্তু অলপ কমকৈ পঢ়া, সৰু চাকৰি কৰা ল’ৰাবোৰক উচ্চ শিক্ষিত চাকৰি কৰা ছোৱালীৰ বাবে অনুপযুক্ত বুলি কিয় ধৰি থকা হৈছে? এয়াও পুৰুষতন্ত্ৰৰে প্ৰভাৱ যেন নালাগে নে; যাক আনকি পুৰুষৰ লগতে উচ্চ শিক্ষিত নাৰীসকলৰো বেছিভাগে মানি চলি থাকে।

এগৰাকী মহিলা আই এছ বিষয়াই কেৰাণীক বিয়া কৰোৱা পৰিৱেশ কিয় নাই? পুৰুষতো কেৰাণী হ’লেও ভাল স্বভাৱৰ, ভাল মানুহ হ’ব পাৰে। (একেবাৰে অশিক্ষিত ল’ৰাৰ কথা কোৱা নাই যিয়ে শিক্ষাৰ পোহৰ পোৱা নাই তেওঁলোকক উচ্চ শিক্ষিত ছোৱালীয়ে পচন্দ কৰিব লাগে বুলি কোৱা নাই)

উত্তৰ : কথাটো গুৰুত্বপূৰ্ণ। সঁ‌চা কথা ক’বলৈ গ’লে এই পুৰুষপ্ৰধান ব্যৱস্থাটোৰপৰা আমি এতিয়াও ওলাই আহিব পৰা নাই, পুৰুষেই হওক, মহিলাই হওক, শিক্ষিতেই হওক অশিক্ষিতেই হওক। সকলোতকৈ দুখৰ কথা বহু সংখ্যক উচ্চশিক্ষিতা মহিলাও এই মানসিকতাৰপৰা ওলাই আহিব পৰা নাই, মানসিক ভাৱে তেওঁলোক বহুক্ষেত্ৰত পুৰুষৰ ওপৰত নিৰ্ভৰশীল হৈ থাকি ভাল পাই, বিশেষকৈ সংসাৰ চলোৱাৰ বৰিং কামবোৰৰ বাবে। আনহাতে আমাৰ সমাজত শ্ৰমৰ মৰ্যাদা বোলা বস্তুটো আজিও কেৱল কিতাপৰ পাততে আবদ্ধ হৈ থকাও ইয়াৰ অন্যতম কাৰণ। সমাজখন চলিবৰ বাবে সকলো পৰ্যায়ৰ সকলো কামেই গুৰুত্বপূৰ্ণ আৰু সন্মানজনক, এই কথাটো আমি বাস্তৱ জীৱনত সম্পূৰ্ণকৈ গ্ৰহণ কৰিব নোৱাৰালৈকে এনে অৱস্থা চলিয়েই থাকিব।

১৭) বন্দিতা জৈন : চিগাৰেটৰ এটা মূৰত এজন মূৰ্খ থাকে, কথাটো কয় যে চিগাৰেট বিক্ৰী কৰা দোকানিবোৰ আৰু বনোৱা কোম্পানীৰ মানুহবোৰ পণ্ডিত নেকি? আৰু চিগাৰেট নিজে খাই আনলৈ বেমাৰবোৰ কিয় এৰি দিয়ে?

উত্তৰ : চিগাৰেট কোম্পানী আৰু বিক্ৰী কৰা সকল পণ্ডিত হয় নে নাই নেজানো, কিন্তু মহা টেঙৰ যে হয়, তাত কোনো সন্দেহ নাই। দ্বিতীয় প্ৰশ্নত যদি আপুনি পেছিভ স্মকিঙৰ কথা কৈছে, তেনে মই এটাই উপায় দিম। আনে চিগাৰেট খাই আপোনাক বেমাৰ দিছে যদি আপুনিও প্ৰতিশোধ লওক, আপুনিও আনক পেছিভ স্মকিং কৰাওক৷ যেন কুকুৰ তেন টাঙোন।

১৮) অণিমা দাস : “চৰাইটোহে সৰু লয় হোলোং গছত বাহ” সৰু চৰাইবোৰে ডাঙৰ গছত কিয় বাহ লয়?

উত্তৰ : কেটেং মেটেং মানুহবোৰৰ টেম্পাৰ বেছি হয় যে, কাৰণতো প্ৰায় তেনেকুৱাই।

১৯) কুঁৱলী পাঠক : এই যে ল’ৰাবোৰে বাইকৰ পিছত এজনী বহি থকাৰ পিছতো আন ছোৱালী ঘূৰি ঘূৰি চাই থাকে, ইমান কি জৌছ?

উত্তৰ : পিছত বহাগৰাকী হ’ল বৰশীত লগা মাছ, এটা মাছ বৰশীত লাগিল বুলিয়ে আন মাছ ধৰাৰ চেষ্টা বাদ দিব লাগিব বুলিনো ক’ত লিখা আছে।

☆ ★ ☆ ★ ☆

One comment

  • প্ৰদীপ বৰা

    নতুন নতুল অভিজ্ঞতা পুষ্ট প্ৰশ্নোত্তৰ ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *