ফটাঢোল

এটি নতুন সপোনৰ সন্ধানত  – মৌচুমী গগৈ

ককায়েকৰপৰা খবৰটো শুনি ডিম্পীয়ে হাঁহিবনে কান্দিব ধৰিবই নোৱাৰিলে।তাইৰ এই ভাল খবৰটোত যিজন মানুহ সকলোতকৈ বেছি সুখী হ’লহেঁতেন সেইজন মানুহেই আজি তাইৰ কাষত নাই। তাইৰ অতি মৰমৰ দেউতাক, যিজন মানুহে তাইক খোজে খোজে স্বাৱলম্বী হৈ আত্মসন্মানেৰে সমাজত জীয়াই থাকিবলৈ শিকাইছিল। দুবছৰৰ আগতে সিহঁতক অকলশৰীয়া কৰি দেউতাক এটি পথ দুৰ্ঘটনাত এই পৃথিৱীৰপৰা মেলানি মাগিছিল। বেংকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কাম কৰা দেউতাকৰ একমাত্ৰ সপোন আছিল তাইক ভৱিষ্যতে এগৰাকী বেংক বিষয়া হিচাপে দেখাৰ। আজি দেউতাকৰ সেই সপোন তাই দিঠকত পৰিণত কৰিবলৈ সক্ষম হ’ল যদিও তেওঁৰ অনুপস্থিতি বাৰুকৈয়ে উপলব্ধি কৰিছে। দেউতাকে তাইৰ আৰু ককায়েকৰ মাজত কোনো পাৰ্থক্য ৰখা নাছিল। আনকি কিছুমান ক্ষেত্ৰত ককায়েকতকৈ তাইৰ মতামতকহে বেছি গুৰুত্ব দিছিল।

 

হঠাতে অহা মোবাইলৰ ৰিঙটনত ডিম্পীৰ তন্ময়তা ভাগিল। ৰক্তিমৰ ফোন। যাৰ লগত তাই ভৱিষ্যতে সংসাৰ কৰাৰ সপোন দেখিছে। তাই বেংকৰ চাকৰিটোৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰটো উৎসাহেৰে ৰক্তিমক জনালে। কিন্তু ৰক্তিম যেন বৰ  উৎসাহিত নহ’ল। ডিম্পী অলপ আচৰিতো হ’ল। এখন আঢ্যৱন্ত ঘৰৰ একমাত্ৰ সন্তান ৰক্তিমে বাহিৰত বিজনেছ মেনেজমেণ্টৰ ডিগ্ৰী লৈ আহি এতিয়া দেউতাকৰ ব্যৱসায়ত যোগদান কৰিছে। সিহঁতৰ সম্পৰ্কৰ কথা দুয়োখন ঘৰতেই জানে। ডিম্পীৰ চাকৰি হোৱাৰ কথাটো ৰক্তিমে সহজভাৱে ল’ব নোৱৰা দেখি তাই চিন্তা কৰিবলৈ বাধ্য হ’ল।

     

পিছদিনা আগবেলাতেই ৰক্তিমে ডিম্পীক সিহঁতৰ চিনাকি পাৰ্কখনলৈ মাতি পঠিয়ালে। ডিম্পীয়েও তাইৰ মনত চলি থকা খু-দুৱনিখিনি খোলোচাকৈ তাৰ লগত আলোচনা কৰিবলৈ থিৰাং কৰিলে। কিন্তু ৰক্তিমৰ কথাখিনি শুনি ডিম্পীৰ নিজৰ কাণ দুখনকেই বিশ্বাস কৰিবলৈ টান পালে। ৰক্তিমে ক’লে, 

: ডিম্পী, মোৰ মা আৰু দেউতাই তুমি বিয়াৰ পিছত চাকৰি কৰাতো নিবিচাৰে। আমাৰ পৰিয়ালত বোৱাৰীয়ে চাকৰি কৰাৰ নিয়ম নাই। 

ডিম্পীয়ে অলপ সময় নিৰৱে থকাৰ পিছত ৰক্তিমৰ হাতখনত ধৰি সুধিলে,

: জানা ৰক্তিম, এইটো মোৰ দেউতাৰ সপোন, মই পূৰণ কৰিব বিচাৰোঁ। তুমি মোৰ কাৰণে তোমাৰ মা-দেউতাক বুজাব নোৱাৰিবানে?

 

ইয়াৰ প্ৰত্যুত্তৰত ৰক্তিমেও যেতিয়া “ময়ো সেইটোৱেই বিচাৰোঁ” বুলি ক’লে, তাৰপিছত ডিম্পীয়ে আৰু কিবা এটা কোৱাৰ প্ৰয়োজনবোধ নকৰিলে। ৰক্তিমৰ হাতখন লাহেকৈ এৰি দি তাৰ চকুলৈ চাই ডিম্পীয়ে ক’লে,

: তোমাৰদৰে এজন উচ্চশিক্ষিত ল’ৰাৰ ইমান নিম্ন মানসিকতাৰ ওচৰত মই হাৰ মানিব নোখোজোঁ। মোৰ দেউতাৰ সপোন মই হেৰাই যাবলৈ দিব নোৱাৰোঁ। মই চাকৰিত যোগদান কৰিম। বাই ৰক্তিম।

ৰক্তিমৰ উত্তৰলৈ বাট নাচাই ডিম্পী লাহে লাহে নিজ ঘৰলৈ বুলি বাট ল’লে।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *