ফটাঢোল

টেনচন – হেমন্ত কাকতি

বয়স বঢ়াৰ লগে লগে আজিকালি অলপ বুঢ়া বুঢ়া ফিলিংটো আহিবলৈ ধৰিছে আৰু৷ মিছা ক’লে কিডাল হ’ব হয়নে? ফেচবুকত পুৰণি পুৰণি ডি পি লগাই চেঞ্জ কৰি কৰি হেণ্ডচাম হৈ থকাৰ বয়স নাই৷ তাৰে ওপৰতে আহক আকৌ বেমাৰ আজাৰবোৰ৷ সৰুৰেপৰাই মই হেনো বেমাৰ আজাৰৰ বাঁহ আছিলোঁ৷ মানে বাৰটা মাহত তেৰটা লাগি থাকে৷ জ্বৰ, কাহ, পানীলগা ইত্যাদি নুগুছোঁতেই ডিচেণ্ট্ৰী আহেই৷ নহ’লে হাত ভৰিত কটা চিঙা হ’ব বা সকলো ঠিক থাকিলে কাণৰ বিষ হ’ব৷ নহ’লে বা চকুকেইটাই খচখচাব৷ স্কুলৰ মাষ্টৰে কেতিয়াবা বেমাৰৰ কোৱালিটি আৰু কোৱানটিটি দেখি কৈছিল বোলে- “কি যে ডিফেকটিভ পিচ এটা জন্ম দিলে অ’ তোক৷” ১৫ -১৬ বছৰমান হোৱাতহে লাহে লাহে সেইবোৰ আঁতৰিছিল৷ 

যি নহওক, আজি কেইদিনমানৰপৰা গাটো বেয়া৷ সিদিনা অলপ দূৰৰ এঠাইলৈ গাড়ী চলাই যোৱাৰ দিনাই অলপ পেটৰ বিষ এটা পাই আছিলোঁ৷ মই সাধাৰণতে সৰু-সুৰা বেমাৰত না ডাক্তৰৰ ওচৰলৈ যাওঁ না কিবা ঔষধ খাওঁ৷ মানে বেমাৰ নিজে নিজে ভাল হোৱালৈ ৰৈ থাকোঁঁ৷ একেবাৰে যোৱা থোৱা অৱস্থা হ’লেহে ডাক্তৰলৈ মনত পৰে৷ তাৰ পিছৰখিনি সাধাৰণতে এনেকুৱা হয় যে মোৰ মনলৈ ডাঙৰ ডাঙৰ বেমাৰ আজাৰবোৰৰ চিন্তা অহা আৰম্ভ হয়৷ চিম্পটমচ্‌বোৰ গুগুল কৰি চোৱা আৰম্ভ কৰোঁ৷ এবাৰ বুকুৰ সোঁফালে কিটিং কৈ বিষ এটা হোৱাত হাৰ্টৰ প্ৰৱলেম বুলি টেনচনতে ৰাতি উঠি গুগুল কৰোঁতেহে গম পালোঁ হাৰ্টটো বাওঁফালেহে থাকে৷ গতিকে পেটৰ কাৰণেও এইবাৰ আৰম্ভ কৰিলোঁ মোৰ শৰীৰত উপবিষ্ট কিডনী, লিভাৰ, গল ব্লাডাৰ আৰু পেংক্ৰিয়াচৰ পজিচন আৰু বিষৰ জেগাটোৰ উৎস৷ সকলো লেটিচিউদ লংগিচিউড ফাইনেল কৰি কনক্লুজনত আহিলোঁ যে হয়, মোৰ কিডনী ফেইল হৈছে নহ’লে লিভাৰৰ চিৰিয়াচ ডিচঅৰ্ডাৰ কিবা এটা ঘটিছে৷ কিছুদিন আগতে ‘গড়মাৰ্কা’ৰ পাৰ্টি কৰা কাৰ্য্যক নিজকে নিজে ধিক্কাৰ দিলোঁ৷ দুদিনমান পিছত বিষ কমিল যদিও মনৰ বিষ গুচা নাছিল৷ অৱশেষত পৰহি ডাক্তৰৰ ওচৰ পালোঁ৷ গৈয়ে ডাক্তৰক লিভাৰৰ প্ৰৱলেম বুলি কওঁতে ভেঁকাহি মাৰি যিটো গালি দিলে মোৰ পিলাই চমকি গ’ল৷ ডাক্তৰে বোলে আপোনাৰ লিভাৰটো ক’ত কওকচোন? মই তলপেটৰ সোঁফালে যিটো জেগা দেখালোঁ ডাক্তৰৰ হাঁহি হাঁহি পৰি যাবলৈহে বাকী আছিল৷ মই বোলো হাঁহিব নেলাগে, মই জুল’জি বোটানী সব পাহৰি গৈছোঁ, সোনকালে চন’গ্ৰাফী এখন লিখক, মই হৌল ‘এবডোমেন চেক’ কৰাম৷ চিনাকি ডাক্তৰ বুলি একো নকৈ প্ৰেচক্ৰিপচনখন লিখি উঠি ক’লে,

: বহক ড্ৰয়াৰতে গড়মাৰ্কা এটা আছে অলপ লৈ যাওক৷

আগে পিছে কেতিয়াবা ডাক্তৰৰ লগত ‘বহা’ যায়৷ ইফালে সিফালে চাই শেষত ভাবিলোঁ ভালে থাকোঁতেই অলপ লওঁ, কালিলৈ যেতিয়া ৰিপৰ্টত আহিব কিডনী ফেইলাৰ বা লিভাৰৰ চিৰ’চিচ বুলি তাৰ পিছততো সকলো শেষেই!  

পিছদিনা চন’গ্ৰাফী হ’ল৷ ৰিপোৰ্টৰ অপেক্ষাত তিনিঘণ্টামান ৰ’বলগীয়া হ’ল৷ সেই তিনিঘণ্টাতে ভাবি থাকিলোঁ তিনিঘণ্টা পিছতেই হয়তো ডিক্লেয়াৰ হ’ব সেই ভয়ংকৰ খবৰটো৷ মই কেনেকৈ ৰিয়েক্ট কৰিম? ৱাইফে বা ল’ৰা-ছোৱালীয়ে বা কি বুলি ৰিয়েক্ট কৰিব? মোৰ এল আই চি পলিচিকেইখনৰ কথা মনত পৰিল৷ ডিউ ডেটত প্ৰিমিয়ামবোৰ বাৰু দিয়া হৈ আছেনে? কেইদিনমান আগতেইচোন ইঞ্চিউৰেন্স অফিচৰ ছোৱালী এজনীৰ ফোন আহিছিল, প্ৰিমিয়াম অভাৰডিউ বুলি৷ নাঃ! ঘৰলৈ গৈয়ে আজি প্ৰথমে অনলাইন পেইমেণ্ট কৰি ল’ব লাগিব, কিন্তু এল আই চিৰ ৱেৱচাইটৰ পাচৱৰ্ড দেখোন পাহৰি গৈছোঁ৷ ক’ৰবাত লিখি থৈছোঁ নেকি? কিবা কাৰণত যদি কিডনী ট্ৰান্সপ্লাণ্ট কৰিব লাগে ষাঠি সত্তৰ লাখ টকা ক’ত পাম? খুলশালিটোৱে মেডিক্লেইম এটা কৰাবলৈ কিমান খাটনী ধৰা স্বত্বেও নকৰিলোঁ৷ এশ এবুৰি চিন্তাই মূৰটো বেয়া কৰি থাকোঁতেই ৰিচেপচনিষ্টজনীয়ে চিঞৰ এটা মাৰি মাত লগালে 

: পেচেণ্ট নম্বৰ ৩১, হেমন্ত কাকতি৷

ডুৰুডুৰুকৈ কঁপা বুকুৰে ৰিপৰ্টখন বিচাৰি হাত পাতি ল’বলৈ ওলাওঁতেই তাই কৈ উঠিল,

: আপোনাৰ ৰিপৰ্ট হোৱা নাই, আবেলি হে হ’ব৷ বেয়া নাপাই যদি আবেলি কাৰোবাক পঠাই দিব নিবলৈ৷

মনত বাহ লোৱা সন্দেহটো লাহে লাহে বাঢ়িবলৈ ধৰিলে, তথাপি কাৰো ফালে নোচোৱাকৈ ঘৰ অভিমুখে ৰাওনা হ’লোঁ৷ ৰিপোৰ্ট দেৰি হ’ব মানে কিবা এটা চিৰিয়াচলি ৰং৷ হয়তো অন্য ডাক্তৰৰ লগত ডিচকাচ কৰিহে ৰিপৰ্ট ফাইনেল কৰিবলগীয়া কিবা পৰিস্থিতিৰ সৃষ্টিও হ’ব পাৰে৷

ঘৰ আহি দেখোঁ শ্ৰীমতী জীয়েকৰ লগত ওলাই গৈছে৷ কাম কৰা মানুহজনীৰ মুখেৰে গম পালোঁ পৰ্দা কিনিবলৈ বুলি বজাৰলৈ গ’ল৷ টিঙিচকৈ খঙটো উঠি আহিছিলেই৷ খং উজাৰিবলৈ ওচৰত কোনো নাছিল বাবে নিজৰ ভিতৰতে মাৰ নিয়াই ফোনটো লগালোঁ তেওঁলৈ৷

: শুনিছা, তুমি ঘূৰি আহোঁতে মোৰ ৰিপৰ্টখন লৈ আহিবা, ৰেজিষ্ট্ৰেচন শ্লিপটো হোৱাটচ এপত পঠাই দিছোঁঁ আৰু অলপ সোনকালে আহিবা, তোমাৰ লগত কথা অলপ পাতিবলগীয়া আছে৷

সিফালৰপৰা তেওঁ হব বুলি কৈ ফোনটো থ’লে৷ তেওঁ ঘূৰি নহালৈকে উচপিচনিতে দিনটো গ’ল৷ সন্ধিয়া পাঁচবজাৰ পিছত ছয় বাজিল, তাৰ পিছত সাত৷ নাই কাৰো খবৰেই নাই৷ বজাৰলৈ গ’লে এওঁৰ ফোন নোতোলা স্বভাৱ এটা আছে, তাতে মাক জীয়েক একে লগে বজাৰলৈ গ’লে মই জানোৱেই গোটেই গাড়ী ভৰাই বস্তু আনিব৷ নামতহে পৰ্দা কিনিম বুলি যায় কিন্তু আহোঁতে বিছনা চাদৰ, শাৰীৰপৰা দৌৰ মেট, ডাইনিং চেটৰ মেটলৈকে আনিব৷ এই পৰ্দাবোৰ ছমাহ আঠমাহৰ মূৰে মূৰে কিয় বদলাব লাগে মই আজিলৈকে নুবুজিলোঁ৷ 

চাৰে সাতমান বজাত ফোন আহিল তেওঁৰ আৰু ক’লে বোলে,

: অলপ দেৰি হ’ব, পৰ্দাবোৰ চিলাবলৈ দিছোঁ, লগতে শাৰী ব্লাউজৰো চিলাই আছে, একেবাৰে লৈহে যাম৷

অলপ খঙতে সুধিলোঁঁ,

: সেইবোৰ বুজিলোঁ, কিন্তু ৰিপৰ্টখন ল’লা নে নাই?

: সেইখন আবেলিয়ে লৈ থৈছোঁ৷ পাবা দিয়া, বেগতে আছে মোৰ৷

এইবাৰ মোৰ খঙে চুলিৰ আগ পালে, “হেৰৌ গিৰিয়েৰৰ ইমান ডাঙৰ টেনচন, আৰু তোমালোকে কি ফূৰ্ত্তিত বজাৰ কৰি আছা” বুলি ক’বলৈ মন গৈছিল যদিও ৰিপাৰকাছনটো ভাল নহ’ব বুলি নকৈ আহা সোনকালে বুলি কৈ সামৰি থ’লোঁঁ৷

টু কাট ডা লং ষ্টৰি চৰ্ট, আঠ বজাত এসোপামান চপিং বেগ ডাঙি ডাঙি মাক জীয়েকৰ আবিৰ্ভাৱ হ’ল৷ মই ড্ৰয়িং ৰূমতে মোবাইলটো পিটিকি নেদেখা ভাও জুৰি বহি থাকিলোঁ মুখত এটা গহীন ভাৱ লৈ৷ দুয়ো চিধা গৈয়ে বেডৰূমত সোমাল৷ অলপ পিছতে দুয়ো দুযোৰ কাপোৰ হাতত লৈ ওলাই আহি সুধিলে,

: কোনযোৰ ভাল লাগিছে? 

এইবাৰ খংটো ঢাকি ৰাখিব নোৱাৰিলোঁঁ৷

: সেইবোৰ বাদ দিয়া নাচাওঁ, আগতে ৰিপৰ্টটো দেখুৱা!

বাঁওহাতখনেৰে ৰিপোৰ্টখন উলিয়াই হাঁহি হাঁহি এওঁ ক’লে,

: মই চাৰিবজাতে ৰিপ’ৰ্ট ল’লোঁঁ৷ তোমাৰ কিডনী, লিভাৰ, গল্ড ব্লাডাৰ সব নৰ্মেল৷ খালি এটা প্ৰৱলেম আছে৷

: কি?

: আমি পইচা খৰচ কৰিলে তোমাৰ টেনচন হয়৷ সেইটো হাৰ্টৰ বাবে বেয়া৷ টেনচন নল’বা৷

☆ ★ ☆ ★ ☆

11 Comments

  • মুকুট শৰ্মা

    সুন্দৰ লিখনি। খুউব ভাল লাগিল।

    Reply
  • ৰিণ্টু

    গড়মাৰ্কাটো কি বস্তু দাদা।

    বঢ়িয়া লাগিল,ময়ো এনে অৱস্থা বহুতবাৰ পাইছো

    Reply
  • দিম্পল

    আপোনাৰ খং চুলিৰ আগ পালে মানে দাদা

    Reply
  • Prodip Borah

    গড় মাৰ্কা বাদ দিয়ক ৷
    বাদ দিয়ক বাদ দিয়ক ৷৷
    ব্ৰেণ্ডেড প্ৰাইডত হাত দিয়কদ ৷
    হাত দিয়ক হাত দিয়ক ৷৷

    Reply
  • abhijit goswami

    ভাল লাগিল দাদা ?

    Reply
  • ৰাজশ্ৰী শৰ্মা

    উপায় নাই দাদা। ঘৰ ঘৰ কি কাহানি এইটো।

    Reply
  • বন্দিতা

    মানে টেনচনৰ কাৰণটো বৈ বেলেগ হে। ভাল লাগিল। পিছে শেষলৈকে ময়ো টেনচনতে পঢ়িলোঁ কি বেমাৰ বুলি ??

    Reply
  • মিলন চন্দ্ৰ দাস

    ময়ো ভয় ভয়কৈ পঢ়িলো।শেষতহে মনতো ফৰকাল হ’ল।কাকতিদা ভাল লাগিল ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল লিখিছে৷ এনে টেনচন হয়েই৷

    Reply
  • জিতু

    ভাল লাগিল।

    Reply
  • মানসী

    ভাল লাগিল দাদা..টেনচন কিন্তু একেবাৰে নল’ব ..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *