ফটাঢোল

হাস্য-ব্যংগ গ্ৰুপ খিচিৰিৰ সৈতে অন্তৰংগ আলাপ৷

দিনটো আছিল ২০২১ চনৰ ১৬ ফেব্ৰুৱাৰী। অসমৰ জনপ্ৰিয় কেইজনমান হাস্য অভিনেতাৰ লগত গুৱাহাটীৰ কোনো এক স্থানত আমাৰ ফটাঢোলৰ কেইজনমান সদস্য অন্তৰংগ আলাপত মিলিত হৈছিল।প্ৰায় দুঘণ্টা জোৰা আলাপখিনি গতানুগতিক সাক্ষাৎকাৰৰ দৰে নাছিল, আছিল এক প্ৰকাৰৰ আড্ডা। পিচে এই সুদীৰ্ঘ আড্ডাটোৰ ৰসখিনিৰপৰা ফটাঢোলৰ পাঠকক বঞ্চিত কৰিবলৈ আমাৰ মনে নক’লে। সকলোৰে চিনাকি খিচিৰি নামৰ জনপ্ৰিয় কৌতুক গোষ্ঠীটোৰ তিনিগৰাকী সদস্য সুদক্ষ অভিনেতা ৰাজীব ক্ৰ, মন্মথ বৰুৱা আৰু বিজিত দেৱ চৌধুৰীৰ লগত হোৱা এই অন্তৰংগ আলাপটিকে সাক্ষাৎকাৰৰ ৰূপত সজাই পৰাই লিখি উলিয়াইছে ফটাঢোল ই-আলোচনীৰ সম্পাদনা সমিতিৰ সদস্য হিমাংশু ৰাজখোৱাই৷

ফটাঢোল : তেন্তে আমি আৰম্ভ কৰোঁ। আমাৰ সৌভাগ্য আজি খিচিৰিৰ সকলো সদস্যক ফটাঢোলৰ মজিয়াত পালোঁ। অৱশ্য আপোনালোকৰ অন্যতম সহযোগী কমল সিং দাও আমাৰ মাজত থকাহেঁতেন আৰু ভাল লাগিলহেঁতেন, কিন্তু তেখেতৰ শাৰিৰীক অসুবিধাৰ বাবে আজি আমাক সময় দিব নোৱাৰিলে, আমাৰেই দুৰ্ভাগ্য হয়তো।

মন্মথ বৰুৱা : আমাৰো ভাল লাগিল, আজি ইমান বছৰৰ পাছতো আমাক কোনোবাই বিচাৰি আহিছে।আমাক যে কেনেবাই মনত ৰাখিছে। আমাৰ হৈ ৰাজীবে উত্তৰ দিব, তেওঁ আমাৰ নেতা।(হাঁহি)

ৰাজীব ক্ৰ : আৰু আজিকালি আমাৰো বৰকৈ লগ পোৱা নহয়। বহুদিনৰ মূৰত আমি আটাইকেইটা এনেকৈ একেলগে বহিছোঁ। এই সুবিধাটো আজি আপোনালোকৰ বাবেহে সম্ভৱ হৈছে।

ফটাঢোল : ঠিক আছে ৰাজীবদা, একেবাৰে প্ৰথমৰপৰা আৰম্ভ কৰোঁ।

ৰাজীব ক্ৰ : খিচিৰৰপৰা নে তাৰো আগৰপৰা৷
ফটাঢোল : নহয় খিচিৰৰপৰা নহয় তাৰো আগৰপৰা।খিচিৰিয়ে আপোনালোকক মানুহৰ ঘৰে ঘৰে লৈ গ’ল কিন্তু তাৰো আগৰপৰা আপোনালোক প্ৰতিজনৰে অসমৰ মানুহৰ বাবে অভিনেতা হিচাবে এটা সুকীয়া পৰিচয় আছিল। আমি যিমান দূৰ জানো ৰাজীব দা গুৱাহাটীলৈ মেডিকেল পঢ়িবলৈ আহিছিল। আপেনাৰ শৈশৱৰপৰাই আৰম্ভ কৰোঁ।

ৰাজীব ক্ৰ : হয়। মোৰ ঘৰ বৰ্তমান পশ্চিম কাৰ্বিআংলং জিলাৰ তৰাডুবিত। ঘৰুৱা কোনো অভাৱ নাছিল আমাৰ। সেই সময়তে মাটি-বাৰী, গাড়ী-ঘোঁৰা থকা মানুহ আমিয়েই কিন্তু মই আছিলোঁ মোৰ জেঠাইৰ ঘৰত। মোৰ জেঠাই হৈছে বৰ্তমান আমাৰ বৈঠালাংচুৰ এম এল এ মানসিং ৰংপীৰ মাক। তেওঁ আকৌ শ্বিলঙৰ হোষ্টেলত আছিল। আমাৰ তৰাডুবিৰ ঘৰত আকৌ মোৰ সম্বন্ধীয় বেলেগ লৰা-ছোৱালীবোৰ আছিল।এনেকৈ সপ্তমমানলৈ মই বৈঠালাংচু আৰু ডিফুত থাকি পঢ়া শুনা কৰি ১৯৮১ চনত গুৱালপাৰা সৈনিক স্কুলত নাম লগাওঁ। ১৯৮৮ চনত গুৱাহাটী মেডিকেল কলেজললৈ আহোঁ ডাক্তৰী পঢ়িবলৈ। প্ৰথমতে অৱশ্যে মোৰ এডমিচন শিলচৰত হৈছিল কিন্তু সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী ছামসিং হান্সে আছিল মোৰ জেঠাইৰ ল’ৰা৷ দাদাক কৈ-মেলি গুৱাহাটীলৈ ট্ৰেন্সফাৰ লৈ গুচি আহিছিলোঁ। গুৱাহাটী মেডিকেল কলেজ হোষ্টেলত থাকিয়েই অভিনয় কৰি ফুৰিছিলোঁ। অ’, এইখিনিতে আপোনালোকে নুসুধিলেও এটা কথা মই কওঁ। সৰুৰেপৰা কিয় নাজানো মোৰ খুব মন আছিল এজন গায়ক হোৱাৰ। কি কথাই মোৰ মনত এই দুৰাশা জগাইছিল নাজানো, মোৰ এইহেন মাতটোৰে যে মই গায়ক হোৱাৰ মন মেলিছিলোঁ সেইটো মনত পৰিলেই এতিয়া নিজৰ ওপৰতে হাঁহি উঠে। আপোনালোকক জনাই থওঁ বা ৰাইজে জানেই আমাৰ খিচিৰি দলটোত যদি ভাল গোৱা মানুহ আছে, সিহঁত হ’ল বিজিত আৰু কমল দা। মন্মথ আৰু মই তাৰ পাছতহে আহোঁ। কোৰাছ কিন্তু আমি দুটাই বৰ ভাল গাঁও। স্কুলত থাকোঁতে মই “মা আমি শদিয়ালৈ যামেই” গানটো গাই প্ৰতিযোগিতাত ভাগ লৈছিলোঁ, মোৰ হিচাপত মই ভালেই গাইছিলোঁ। পুৰস্কাৰ নাপালোঁ। সেই গীতটোৰ দৰে কোৰাছত গাব লগা গীত এটা মই অকলে গাই প্ৰতিযোগিতাত ভাগ ল’লে, কোনে মোক পুৰস্কাৰ দিব বাৰু! সৈনিক স্কুলত থাকোঁতে বিভিন্ন অনুষ্ঠানবোৰত নাটক কৰোঁ। অভিনয় কৰোঁ মানে আৰু কি, কোনেও নকৰা বা কৰিব নিবিচৰা নাটকৰ সৰু সৰু চৰিত্ৰবোৰ মই কৰোঁ। এনেকৈ মই লাহে লাহে কাৰোবাৰ কাৰোবাৰ চকুত পৰিলোঁ। মোৰ নাটকৰ আদিগুৰু বুলি ক’ব লাগিব শ্ৰদ্ধাৰ বিপিন চন্দ্ৰ দাস ছাৰক৷ তেওঁ মোক নিজৰ দলত নাটক কৰিবলৈ সুবিধা দিলে আৰু নাটক কৰিবলৈ শিকালেও। সৈনিক স্কুলত সকলো ছাত্ৰকে শিক্ষাগুৰুসকলে এন.ডি.এ বা আই.এম.এলৈ পঢ়িবলৈ যাবলৈ উৎসাহ দিয়ে মোক কিন্তু এন.এচ.দিলৈ যাবলৈহে কৈছিল। ময়ো অৱশ্য এন.এচ.ডি আৰু এফ.টি.আইৰ ফৰ্ম আনি ফিল আপ কৰি পঠিয়াইছিলোঁ কিন্তু এন.এচ.দিৰপৰা কোনা উত্তৰেই নাহিল আৰু এফ.টি.আইৰ পৰা উত্তৰ আহিল যে তাত পঢ়িবলৈ স্নাতক ডিগ্ৰী লাগে। মই স্মাতক নাছিলোঁ।মেডিকেললৈ আহি কেনেবাকৈ আমিবোৰ গুৱাহাটীত লগ হ’লোঁ। বিজিতহঁতক প্ৰথম লগ পালোঁ। শ্ৰদ্ধাৰ নিৰঞ্জন ভূঞা দেৱৰ নাটক আমি কৰিবলৈ ল’লোঁ।

বিজিত দেৱচৌধুৰী : আৰু আমি একেলগে কৰা প্ৰথম নাটকখন আছিল ‘হেলাৰঙে’

ৰাজীব ক্ৰ : অ’, ‘হেলাৰঙে’। ইয়াৰ পাছত আমি ‘নাট্যম’ নামৰ এটা দল গঠন কৰিলোঁ। নাট্যমৰ যোগেদি আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাটক কৰি ফুৰিবলৈ ধৰিলোঁ। ‘ভাও’ নামৰ এখন নাটক আছিল। সেই নাটকখনেৰে আমি সেই সময়ত জনাজাত হৈ পৰিছিলোঁ। এনেকৈ ভায়ামামাক লগ পালোঁ। একেলগে নাটক কৰিলোঁ। ‘একাঁহী গৰম ভাত আৰু এটা ভূত’৷

মন্মথ বৰুৱা : সেই নাটকখন এতিয়াও কৰিবলৈ মন যায়।

ৰাজীব ক্ৰ : আমি প্ৰথম নাটক কৰিবলৈ গৈছোঁ বৰপেটাত৷ নাটকখনৰ নাম আছিল ‘ৰংঘৰ’। মোৰটো গোটেই নাটকখন মুখস্থ আছে। মন্মথক স্কুটাৰৰ পাছফালে বহুৱাই নাটকৰ সংলাপ মুখস্থ কৰোৱাই লৈ গৈছোঁ। সিও নাটকৰ ভালকৈ আখৰা নকৰাকৈ মঞ্চত উঠিল। মঞ্চত উঠাৰ পাছত সি সংলাপ পাহৰি গ’ল। আমাৰ দুয়োৰে এটা চিন আছিল য’ত মই মন্মথৰ সংলাপৰ পাছত বিছনা এখনৰ তলৰ পৰা ওলাই আহিব লাগে কিন্তু মন্মথে সংলাপ পাহৰাৰ বাবে ময়ো ওলাই আহিব পৰা নাই। ইফালে দৰ্শকৰ হাঁহি কিৰিলি। শেষত উপায় নাপাই মই নাটকৰ ৰিল কাটি বিছনাৰ তলৰপৰা ওলাই আহিলোঁ। নাটকৰ শেষত হাস্য অভিনেতা মন্মথ বৰুৱাৰ কান্দোন আপোনালোকে দেখিব লাগিছিল। সি মানে ইমানেই লাজ পালে যে, নাটক কৰা বাদেই দিব খুজিছিল।(হাঁহি)

ফটাঢোল : আচ্ছা মন্মথ দা এই কাহিনীটোত আপোনাৰ ভাৰচনটো কওক।

মন্মথ বৰুৱা : নহয়, আচলতে নাটকখন সি (ৰাজীৱ ক্ৰ) আগতে কৰিছে, মই কৰা নাই। দুয়োটাই মেজৰ কেৰেকটাৰ আছিল। সংলাপৰ মাজত কোনো গেপ নাই আৰু সংলাপবোৰ এনেকুৱা আছিল যে সেইবোৰ ভাবি-চিন্তি বা মডিফাই কৰি কোৱা কথা নহয়।তেনেকুৱা দুটামান সংলাপ মই পাহৰি থাকিলোঁ আৰু কোনোফালে মিলাব নোৱাৰা হ’লোঁ। ৰাজীৱৰ মেডিকেল কলেজ হোষ্টেলৰ সেই অকণমানি ৰূমটোত আমি আখৰা কৰি গৈছিলোঁ, তাকো মই ভালকৈ কৰিবই নাপালোঁ গতিকে এই অঘটন ঘটিল। নাটকখন সেইদিনা কৰাৰ পাছত মোৰ এনেকুৱা খং উঠিছিল যে জীৱনত আৰু নাটক নকৰোঁ যেন লাগি গৈছিল৷

ফটাঢোল : বিজিতদা তেতিয়ালৈ যুক্ত হৈছিল নে নাই “নাট্যম’’ত?

বিজিত দেৱচৌধুৰী : হৈছিলোঁ হৈছিলোঁ। আচলতে মোৰ সেইখিনি সময়ত নাটক কৰাটো অলপ কম আছিল কাৰণ মই তেতিয়া ভেটেৰনাৰী পঢ়ি আছিলোঁ।গতিকে মই সকলোতে ইহঁতক লগ দিব পৰা নাছিলোঁ।

ফটাঢোল : ব্যক্তিগত চিনাকি সূত্ৰে আমি আপোনালোকৰ নাটকৰ দিনৰ বহু ৰসাল কাহিনী জানো। আমাৰ পাঠকসকলৰ বাবে আপোনালোকৰ মুখেৰে দুই এটা কওক।

ৰাজীব ক্ৰ : আমি নলবাৰীৰ চামতাত নাটক কৰিবলৈ গৈছোঁ সেইদিনা। ফ’ৰ জিৰ’ চেভেন গাড়ী লৈ যাওঁ তেতিয়া। তাতেই কৈহাটীৰ দল এটা আহি আমাক নাটক কৰিবলৈ নিমন্ত্ৰণ জনালে। আমি সুধিলোঁ কিমান? মানে পুৰস্কাৰৰ পইচা কিমান! তেওঁলোকে ক’লে ২২২২ টকা। আমি ভাবিলোঁ, “অ’ যাব লাগে”৷ (হাঁহি) গৈ পাই দেখিলোঁ তাত একো নাই। আমি গৈ পোৱাৰ পাছত মাইক চাইক লগাই “শ্ৰদ্ধেয় ৰাইজ” বুলি উদ্যোক্তাসকলে মানুহ মতাত লাগিল আৰু সঁচাকৈয়ে ঘোষণা কৰাৰ অলপ পাছতে মানুহ ভৰি পৰিল। মঞ্চখন আছিল টিনপাটৰ ওপৰত মাটি দিয়া। তাৰ ওপৰত অৱশ্যে তিৰপাল দিয়া আছিল কিন্তু কিনকিনিয়া বৰষুণ দি থকাৰ বাবে তিৰপালৰ তলৰ মাটি পিছল হৈ আছিল। নাটকখনত মোৰ ভাওটো আছিল এটা চোৰৰ। মন্মথ আৰু এটা মহিলা চৰিত্ৰই মোক নাটকত মঞ্চৰ ওপৰতে দৌৰাই দৌৰাই খেদি আহিব লাগে। এনেকৈ দৌৰি থাকোঁতে এপাকত পিছফালে চাই দেখিলোঁ মন্মথ মোৰ পিছফালে নাই। একো তৰ্কিবই নোৱাৰিলোঁ, সেই বোকা মাটিত পিছল খাই আচলতে মন্মথ মঞ্চৰ তলত পৰিলগৈ। টিনপাতত ঘঁহনি খাই মন্মথৰ দুয়োটা ভৰিৰপৰা তেজ ওলাই গোটেই মঞ্চ ৰাঙলী হৈ গ’ল। মুঠতে মন্মথ ঘায়েল আৰু। ইফালে আমাৰ পিছদিনা নাটক আছে নগাঁৱত, ৩৩৩৩ টকা! (হাঁহি) এৰি দিয়াৰ কথাই নাহে। গতিকে মন্মথক সোনকালে সুস্থ কৰি ল’ব লাগে। কোনোবাই গাঁৱলীয়া ডাক্তৰ এজন লৈ আহিল। ডাক্তৰৰ অংগী ভংগী দেখি আমি অতিস্থ, গুৱাহাটীয়া পেছেণ্ট পাই তেওঁৰ সমষ্ট ডাক্তৰী প্ৰতিভা ঢালি দিছে। শেষত গোটখোৱা দৰ্শক নে কমিটিৰ কোনোবাই তেখেতক ক’লে যে, হেৰি আপুনি এৰি দিয়ক, এই যে চোৰ হোৱা ল’ৰাটো সিও ডাক্তৰ, তাক চাবলৈ দিয়ক। তেতিয়া তেখেতে সসন্মানে মোক পেছেণ্ট চাবলৈ এৰি দিলে আৰু সেই দিনাই মই মোৰ জীৱনৰ প্ৰথমজন জীয়া পেছেণ্টক বেজীৰ খোচ দিলোঁ।(হাঁহি) এনেকৈ অলপ শুশ্ৰূষা পাই মন্মথ সুস্থ হ’ল আৰু পিছদিনা সেই অৱস্থাৰে নাটক কৰি আমি আকৌ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ’লোঁ। ইয়াৰ পাছত লাহে লাহে আমি ১৯৯১/৯২ মানত নাটকৰ সমান্তৰালভাৱে ‘লাফিং এক্সপ্ৰেছ’ নামৰ এটা কমেডী গ্ৰুপ গঠন কৰি লওঁ আৰু বিভন্ন মঞ্চত অনুষ্ঠান পৰিবেশন কৰিবলৈ লওঁ। আমাৰ লগত সেই সময়ত আছিল দীপাংকৰ গোস্বামী। প্ৰথমখন মঞ্চ পালোঁ আমি নৰকাসুৰ পাহাৰৰ ওপৰত৷ প্ৰথম অনুষ্ঠানটোৰ মাননি আছিল ত্ৰিশ টকা। মানুহ আছিলোঁ চাৰিটা। বিহু অনুষ্ঠানৰ কমিটিক আবেদন লিখি লিখি আমি অনুষ্ঠান লওঁ। বিজিতৰ হাতৰ আখৰ আছিল ভাল গতিকে সিয়েই আবেদনবোৰ লিখে। চাৰিটা মানুহৰ মাজত ত্ৰিশ টকা পালে তাতে আমি ভগাওঁ। মন্মথ আৰু মই পাঁচ টকাকৈ বেছি পাওঁ কাৰণ আমাৰ দুইটাৰে স্কুটাৰ আছিল আৰু তেলৰ খৰচ হিচাপে দহ টকাটো আমি পাওঁ। এনেকৈ ২০০৫ চনত অসমৰ প্ৰথমটো ছেটেলাইট চেনেল এন ই টিভি আৰম্ভ হ’ল আৰু ‘খিচিৰি’ৰো জন্ম হ’ল। এইখিনি কথা বিজিতে ক’ব।

বিজিত দেৱচৌধুৰী : এন ই টিভিৰ আৰম্ভণিৰ সময়ত ক্ৰিয়েটিভ হেড হিচাপে অমিতাভ গগৈ আছিল।অমিতাভদা আৰু মোৰ আচলতে বহুদিনীয়া চিনাকি। অসমৰ প্ৰথমটো ছেটেলাইট চেনেলক চমকপ্ৰদ আৰম্ভণি দিবলৈ অমিতাভ দাই যথেষ্ট কষ্ট কৰি আছিল। তেওঁ এদিন মোক সুধিলে তোমালোকে চেনেলত এটা শ্লটত অনুষ্ঠান এটা কৰিব পাৰিবা নেকি।অনুষ্ঠানটোৰ কনচেপ্টটোও তেওঁ ক’লে। সেই সময়ত অনুষ্ঠানটো চোৱা দৰ্শকসকলৰ হয়তো মনত আছে খিচিৰিয়ে সেই সময়ত সাম্প্ৰতিক যি কোনো সামাজিক বা ৰাজনৈতিক ঘটনাকে তীব্ৰ ব্যংগৰূপত আগবঢ়াইছিল। ইয়াৰ বাবে আমি সেই সময়ত বহু মানুহৰ অপ্ৰিয়ভাজন হৈছিলোঁ যদিও বেছিভাগেই আমাৰ অনুষ্ঠানক সহজ ভাবেই গ্ৰহণ কৰিছিল।

আকৌ আৰম্ভণিৰ দিনলৈ উভতি যাওঁ। অমিতাভ দাই কোৱাত মোৰ অনুষ্ঠানটো কৰিবলৈ খুব মন আছিল যদিও মই জানিছিলোঁ মোৰ অকলে এইটো কৰাৰ সামৰ্থ নাছিল। মই ৰাজীৱক ক’লোঁ। ৰাজীবো কথাটোত মান্তি হ’ল আৰু এনেকৈ মই, মন্মথ আৰু ৰাজীবে মিলি প্ৰথম খিচিৰিৰ আৰম্ভণি কৰোঁ। খিচিৰৰ টাইটেল চংটোও ৰাজীবে লিখা, গানটো সেই সময়ত খুব জনপ্ৰিয় হৈছিল। গানটোত কিছু অংশ ৰেপ আছিল। ৰেপ অংশখিনি ৰাজীবে গাইছিল। দুটামান এপিছড যোৱাৰ পাছত আমাৰ মাজলৈ কমলদা আহিল। কমলদাৰ যোগদানে অনুষ্ঠানটোক অনন্য মাত্ৰা দিলে। খিচিৰি নামটোও একো ভাবি চিন্তি দিয়া নাছিলোঁ। কি নাম দিম সেইটো ভাবি থাকোঁতেই এনেয়ে কোনোবাই কৈ দিলে এইটো খিচিৰিৰ দৰে প্ৰগেম। এনেকৈয়ে নামটো খিচিৰি দিয়া হ’ল। খিচিৰিৰ অনুষ্ঠান পৰিবেশন কৰিবৰ বাবে অসমৰ বিভিন্ন ঠাইৰপৰা আমালৈ আমন্ত্ৰণ আহিল। মন্মথৰ সেই সময়ত এখন টাটা চুমু আছিল। সেই টাটা চুমুখনত উঠিয়েই আমি বিভিন্ন ঠাইলৈ অনুষ্ঠান কৰিবলৈ যাওঁ।

ফটাঢোল : কমল দাৰ কথা ওলাওঁতেই মনলৈ আহিল, শেহতীয়াভাৱে যে চৰকাৰে শিল্পীসকলক এককালীন সাহায্য দিছে। সেইটো বৰ ভাল পদক্ষেপ হৈছে। কমলদা অৰ্থাত কমল সিংৰ দৰে বৰ্তমান অসুস্থ বা বিভিন্ন সংকতত থকা শিল্পীসকলক ই নিশ্চয় যথেষ্ট সকাহ দিব।

বিজিত দেৱচৌধুৰী : একেবাৰে সত্য কথা। শিল্পীৰ দুৰ্দশা জাতীয় খবৰ পেপাৰতে হওক বা অন্য কোনো মাধ্যমতে হওক তেনে বাতৰি পঢ়ি বা শুনি অন্তৰত খুব আঘাত পাওঁ। আৰু এটা কথা, আমাক হওক বা অন্য শিল্পীসকলকে হওক সদায় চিনেমা, টিভিত দেখি দেখি মানুহে নাভাৱে যে আমাৰো সংসাৰত অভাব থাকে, আমাৰো দুখ থাকে। মোৰ নিজৰ অভিজ্ঞতা এটাকে কওঁ। মই পঢ়া শুনাৰ ফালৰপৰা পশু চিকিৎসক যদিও এইবোৰ চিনেমা থিয়েটাৰ কৰি কৰিয়েই জীৱনৰ এতিয়ালৈ বেছিভাগ সময় পাৰ কৰিলোঁ। মই বৰ্তমান এটা চৰকাৰী চাকৰি কৰোঁ যদিও, সেই চাকৰিত সোমোৱা পাঁঁচ বছৰমানহে হৈছে। সহজ ভাষাত ক’বলৈ গ’লে বুঢ়া বয়সতহে চাকৰিত সোমাইছোঁ মই। ৰং চেনেলৰ কিবা এখন চিৰিয়েলৰ ডাবিং কৰি আহি আছিলোঁ বাইকত। মোৰ তেতিয়া বাইক আছিল, এতিয়াও মোৰ বাইকেই বাৰু। গাড়ী কিনিবগৈ পৰা হোৱা নাই এতিয়াও। সেইদিনা আহি থাকোঁতে গণেশগুৰিত এটা ফোন অহাত মই বাইকখন ৰখাই ফোনত কথা পাতিবলৈ লাগিলোঁ। এনেতে মন কৰিলোঁ মানুহ এজন মোৰ কাষত আহি ৰ’ল, মই ভাবিলোঁ মোক চিনি পাইছে, বিশেষ নাভাবি ময়ো মূৰটো দুপিয়াই সঁহৰি দিলোঁ। পিচে মানুহজন আঁতৰি নগ’ল। মই ফোনটো থোৱাত মানুহজনে ক’লে, “আপুনি বাইকত অহা যোৱা কৰে নেকি।” মই ক’লোঁ, “অঁ, স্কুটাৰত ভাল, জাম চামত নফচে।” (আচলতে লাজেই পালোঁ) তেওঁ তেতিয়া ক’লে, “নহয়হে আপোনালোকে এনেকৈ মুকলিকৈ অহা যোৱা কৰাটো বেয়া দেখি নহয়। গাড়ীৰ ভিতৰত গ্লাচ উঠাই আহিব লাগে।” (হাঁহি) তেনেকুৱা কিছুমান পৰিস্থিতিত মানুহৰ সন্মুখত অস্বস্তিত পৰা যায়।

ৰাজীৱ ক্ৰ : মোকো কয়, মোৰ মটৰচাইকেলখনৰ বয়স একৈশ বছৰ, বহুতে মাজে মাজে কয়, এইখন ইমান দিন হ’ল সলাই লওক। পিচে মইহে জানো মই কি! উত্তৰ দি থওঁ, মোৰ মাৰ বয়স আশী বছৰ, বয়স হ’ল বুলি মোৰ মাকো সলাই ল’ম নেকি? এনেকৈ মানুহে আমাক ৰাজহুৱা স্থানত বিভিন্ন কথা সোধে, অৱশ্যে আগতে সুধিছিল দাদা নতুন কি আহি আছে, এতিয়া সোধে দাদা নতুন কোন দলত যাব। বৰ বেয়া লগা হৈছে। বুকুত কাগজ এখন লিখি লৈ যাবলৈ মন যায়, মই কোনো দলত নাই, মোক নুসুধিব মই কোন দলৰ শিল্পী।

ফটাঢোল : মন্মথদা বহু সময় মনে মনে আছে।

মন্মথ বৰুৱা : আছোঁ আৰু এনেকৈ বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে। মাজে মাজে কোনোবাই প্ৰগেম কৰিবলৈ মাতে। যোৱাবাৰ কোনোবাই কোনোবাই এডভান্সো দিছিল কিন্তু প্ৰগেম নহ’লেই কৰণাৰ বাবে।

এবাৰ অনুষ্ঠান কৰিবলৈ যোৱাৰ কাহিনি এটা কওঁ। সেই সময়ত ধুবুৰীৰ আৰক্ষী অধীক্ষক আছিল পাৰ্থ সাৰথি মহন্ত। পাৰ্থদাৰ আমাৰ লগত বৰ ভাল সম্পৰ্ক। পাৰ্থদাৰ আমন্ত্ৰণত আমি ধুবুৰী যাব লগা হ’ল। ইপিনে একেদিনাই আমাৰ আগৰেপৰা বঙাইগাঁৱৰ এখন মঞ্চত অনুষ্ঠান বুক কৰা আছিল। আমি ভাবিলোঁ প্ৰথমে ধুবুৰীৰপৰা অনুষ্ঠানটো কৰি আহোঁ কাৰণ পাৰ্থদাই আমাক কৈছিল যে তেখেতৰ অনুষ্ঠান সোনকালে আৰম্ভ হ’ব। গুৱাহাটীৰপৰা আমি গৈ আছোঁ। আদবাটৰপৰাই আমাক বঙাইগাঁঁও কমিটিৰ মানুহে আমাক ফোন কৰা আৰম্ভ কৰিলে। মানে বকোমান পোৱাৰপৰাই আহিছেনে নাই আহিছেনে নাই কৈ কমিটিৰ এজন নিৰ্দিষ্ট মানুহে আমাক ফোন কৰিবলৈ ধৰিলে।আমি ধুবুৰী পাই চিন্তাত পৰি গলো কাৰণ ধুবুৰীতো অনুস্হান আৰম্ভ হোৱাৰ কোনো লক্ষণেই নাই।পাৰ্থ দাক কলো আমি যাওঁ, পাৰ্থ দাইও নেৰে, তেওঁ কলে, একো চিন্তা নকৰিবা, লাগিলে মই এচকৰ্ট দি পঠিয়াম বঙাইগাঁৱলৈকে।ইপিনে কমিটীৰ ফোন নেৰানেপেৰাকৈ বাজি আছে।শেষত বহু দেৰিকৈ আমি বঙাইগাওঁ পালোগৈ।আমাৰ অনুস্হানৰ সময় আচলতে পাৰ হৈ যোৱা নাছিল।তেতিয়া মঞ্চত দীপেন দাই গীত পৰিবেশন কৰি আছিল।কমিটীৰ মানুহজন আচলতে আমি নাহিম বুলি চিন্তাত আছিল কাৰণ তেওঁ অলপ পইচা কমিচন হিচাপে ৰাখি থৈছিল, কিবা কাৰণত যদি আমি গৈ নাপাওঁ তেতিয়া তেওঁ সেই পইচাতো আকৌ কমিটীত ঘুৰাই দিব লাগিব বুলিহে টেনশ্যনত আছিল। (হাঁহি)

ফটাঢোল : ইমান পৰে আমি হাঁহি উঠা কথা পাতিলোঁ। কমেডি কৰি কেতিয়াবা ট্ৰেজেডী হৈছে নেকি?

বিজিত দেৱচৌধুৰী : হৈছে, হৈছে। এদিন ভয় লাগিছিল। কমল দাক অসমৰ এজন জনাজাত ৰাজনৈতিকে ব্যক্তিয়ে (নামটো নকওঁ বাৰু তেখেতৰ) উঠাই লৈ গৈছিল। আমি কৰবাত প্ৰগেম কৰিছিলোঁ চাগে, তেখেতৰ কথা ব্যংগ কৰি কৈছিলোঁ৷ ঘৰৰপৰাই কমল দাক তেওঁৰ মানুহে চিনেমাৰ কায়দাত উঠাই নিলে। ৰূমৰ ভিতৰত সোমোৱাই কৈছে, কৰক এতিয়া কিমান কমেডি কৰে। যা তা কথা আৰু। কমল দাই ভুপেন হাজৰিকাৰ টুপীটো পিন্ধি গেট আপটো ল’লে।তেওঁক মদ খাবও দিলে, তেওঁ নাখায়, নাখায় মানে আচলতে আমাৰ দলটোৰ কাৰো সুৰাপান কৰাৰ অভ্যাস নাই। আমি অসমৰ যি ঠাইলৈকে অনুষ্ঠান কৰিবলৈ গৈছোঁ সেই সকলো ঠাইৰ উদ্যোক্তাসকলে ক’ব, আমি ক’তো মদ খাই অনুষ্ঠান কৰা নাই।

মন্মথক অৱশ্যে বহুতে আন্ধাৰ চুকলৈ মাতে। মন্মথে যেতিয়া এইবোৰ বস্তু মই নাখাওঁ আৰু নুচু বুলি কয়, তেতিয়া মানুহে কি বুলি কয়, মন্মথে নিজৰ মুখেৰেই ক’ব।

মন্মথ বৰুৱা : ইস্‌, আপোনাৰ চকুৱেই কয়। (হাঁহি)

বিজিত দেৱচৌধুৰী : অৱশ্যে কমলদাৰ কথা শুনি তেখেত সেইদিনা ইমানেই আপ্লুত হ’ল যে, কমলদাক দুই হাজাৰ নে তিনি হাজাৰ টকা দি ঘৰত নমাই থৈ গৈছে। সেই বিশেষ ব্যক্তিজনৰ বিষয়ে আমি কিবা ব্যংগ কৰিছিলোঁ নেকি সেই সময়ত পাহৰিলোঁ। এইবোৰ সেই সময়ত কৰি থকাই হয়, ৰাজনৈতিক নেতা, অভিনেতা, নাট্যকাৰ কিম্বা ডাঙৰ সাংবাদিকেই হওক, আমাৰ ব্যংগৰপৰা আমি সেই সময়ত কাকো ৰেহাই দিয়া নাছিলোঁ। কোনোবাই ভালভাৱে লয়, কোনোবাই ইগনৰ কৰে, অৱশ্যে বেয়া পোৱা মানুহো যে একেবাৰে কম আছিল তেনে নহয়।

ফটাঢোল : খিচিৰৰ প্ৰতিজন সদস্যৰ শ্ৰেষ্ঠতমখিনি ৰাইজে দেখিবলৈ এতিয়াও বাকী, কথাটো মিছা নেকি?

বিজিত দেৱচৌধুৰী : সন্তুষ্টিৰ কোনো সীমা নাই। চমুকৈ ইমানেই। আমি লুভীয়া। আমি আশাবাদী।

ৰাজীব ক্ৰ : একমত।

(মন্মথ বৰুৱা তেতিয়ালৈ আড্ডাৰপৰা উঠি গৈছিল।জৰুৰী সভা এখন আছিল৷)

ফটাঢোল : এতিয়ালৈ আপোনালোকে যি কোনো মাধ্যমত কৰা চৰিত্ৰৰ ভিতৰত কোনটো চৰিত্ৰ আপেনালোকৰ অন্তৰৰ আটাইতকৈ ওচৰৰ?

বিজিত দেৱচৌধুৰী : ক’বলৈ অলপ কঠিন, কিন্তু এই মুহূৰ্তত মোৰ মনলৈ উপকূল বৰদলৈৰ পৰিচালনাৰ এখন নাট ‘মগ্ৰীৱৰ আজান’ৰ চৰিত্ৰটোৰ কথা মনলৈ আহিছে।

ৰাজীব ক্ৰ : নাট্যমত নাটক কৰি থকা দিনত আমাৰ ‘ভাও’ নামৰ এখন নাটক বেছ জনপ্ৰিয় হৈছিল। সেই নাটকত মই এজন ‘বোবা’ৰ চৰিত্ৰ কৰিছিলোঁ। সেইটো মোৰ অন্যতম প্ৰিয় চৰিত্ৰ, আৰু এখন নাট আছিল ভায়ামামাৰ ‘প্ৰফেচন’। তাৰ ‘চোৰ’ৰ চৰিত্ৰটো মোৰ বৰ প্ৰিয়।

ফটাঢোল : বহু সময় কথা পাতিলোঁ। ইমানখিনি সময় আমাক দিয়াৰ বাবে কৃতজ্ঞতা জনোৱাৰ ভাষা নাই। ধন্যবাদ সকলোকে। আশা ৰাখিছোঁ নেদেখা জনে আপোনালোকক দান কৰক সুস্বাস্থ্য আৰু সুদিন।
খিচিৰি : ধন্যবাদ ভালে থাকক সকলো। হাঁহক আৰু হঁহুৱাওক।

(হিমাংশু ৰাজখোৱাৰ সামগ্ৰিক পৰিকল্পনা আৰু ব্যৱস্থাপনাত ফটাঢোলৰ হৈ এই সাক্ষাৎকাৰটো গ্ৰহণ কৰা কৃষ্ণকান্ত দাস, ধূৰ্জ্জটি কাকতি আৰু সুৰজিত ৰাজখোৱালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ- সম্পাদক, ফটাঢোল ই-আলোচনী, মাৰ্চ সংখ্যা)

☆ ★ ☆ ★ ☆

8 Comments

  • ৰিণ্টু

    খুব ভাল লাগিল

    Reply
  • Prodip Borah

    সুন্দৰ ৷

    Reply
  • Abhijit Goswami

    খুব ভাল লাগিল পঢ়ি 🙏

    Reply
  • দিম্পল

    চকুৰ আগত সকলোখিনি পোৱাৰ দৰে লাগিল। খিছিৰি কৌতুকৰ ব্ৰেণ্ড সদায়।

    Reply
  • মুকুট শৰ্মা

    অতি সুন্দৰ । বহুত দিনৰ পাছত ভায়ামামাৰ কথা মনত পেলাই দিলে। খুউব ভাল লাগিল পঢ়ি।

    Reply
  • মিলন চন্দ্ৰ দাস

    খিচিৰিৰ চাৰিওজনেই অত্যন্ত প্ৰতিভাবান শিল্পী। তেখেতসকলৰ ব্যঙ্গই সমাজৰ প্ৰকৃত ছবিখন প্ৰতিফলিত কৰাত সফল হৈছিল। আটাইকেইজন মোৰ প্ৰিয়। ৰাজখোৱা আৰু টীমক ধন্যবাদ জনাইছো সাক্ষাৎকাৰটোৰ বাবে।

    Reply
  • মানসী

    খুবেই ভাল লাগিল প্ৰিয় শিল্পীকেইজনৰ বিষয়ে জানি।

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!