ফটাঢোল

চিঠি আৰু লটিঘটি- অসীমা শইকীয়া দত্ত

(১)

ঘৰলে গ’লে, আনৰ খৱৰ নল’লেও তাৰ খৱৰ লওঁ৷ চুলি সোনকালেই পকিল তাৰ, অকাল বাৰ্ধক্য  যেন সংসাৰৰ জুৰুলাত।

তাৰ প্ৰেমপত্ৰখন মই লিখি দিছিলোঁ৷ তেঁতেলী পেকেটৰ ফটোৰ আশাত। সাহিত্যৰ ভাষা লগাই দিছিলোঁ, চাইদত।

ডাৱৰৰ মাজে মাজে হৰিণা চ’ৰে, তোমালৈ মোৰ ভাত খাওঁতে সদায় মনত পৰে।

চিঠিখন দিছিলগৈ সি৷ মই যদিও তেতিয়ালৈ অপ্ৰাদেশীকৃত পিয়ন আছিলো, পিছলৈ মই পিয়নৰ পৰা প্ৰমোচন লৈ অফিচিয়েলি চিঠি লিখা জৱ পালোঁ।

সি  চিঠিখন দিয়াৰ পিছত এটা কাণতলীয়া চৰ খাই, শহুৰেকৰ ঘৰৰ পৰা মুতি মুতি আহিছিল। সি মুতি অহাৰ লিকে লিকে তাৰ অস্থায়ী মুখচোকা শহুৰেকতো আহি আছিল বলকি বলকি।

মোকো জেগাতে পাই তেখেতে থলীতে থালৰ থালৰ দি বাণীবদ্ধ কৰিলে। তাৰ লগতে মোকো মানুহজনে দুইফালে ধৰি, ছাগলী বেপাৰীয়ে চাইকেলত ছাগলী নিয়াৰ দৰে চোঁচোৰাই আমাৰ ঘৰলৈ আনিলে৷

মই দম নেৰিলো, দোষ চিঠি দিয়াটোৰহে৷ মই ক’লোঁ— ‘মোক এৰক।’ মানুহজনে ক’লে— ‘চিঠি তই লিখি দিছ।’

আমাৰ চোতালত ঘৰৰ সকলো গোট খালে। মই ক’লোঁ— ‘চিঠি মই লিখা নাই।’

প্ৰথম মায়ে চালে চিঠিখন৷ তাৰ পিছত দেতাই৷

দেতাই ক’লে— ‘ডাৱৰৰ মাজত হৰিণা উৰাইছে যেতিয়া আমাৰ এইয়ে হয় লিখাটো। এইখন গাঁৱত ডাৱৰৰ মাজত হৰিণা উৰাব পৰা ক্ষমতা কেৱল এইৰহে আছে।’

চিঠিখনত সৰহখিনি ছোৱালীজনীৰ দেউতাকক গালি পাৰিয়ে লিখা আছিল।

মানুহটোৱে দেতাক সুধিলে— ‘চিঠিত যে লিখা আছে বকাসুৰে পদূলিত চেঁপা পাতি ৰৈ থাকে, মই তোমাক চাবলে আহোঁ, বকাসুৰৰ হে চকুৱে চকুৱে পৰে। ইয়াত বকাসুৰ কোন ককাইদেউ?’

দেতাই ক’লে— ‘তোমালোকৰ পদূলিত ৰৈ থকাজন কোন? তেওঁকেই কৈছে।’

মানুহজনে ‘মোক বকাসুৰ কৈছ’ বুলি লৰাটোক খেদি আহিল। সি মোলৈ দেখুৱাই ক’লে— ‘এই লিখাহে চিঠি।’

মই কাণত ধৰি থকাৰ পৰা ক’লোঁ— ‘চিঠি লিখাৰ আগত মই চৰজমিন তদন্ত চলাই হে লিখোঁ। তাৰ মুখত শহুৰেকৰ ঘৰৰ ইতিবৃত্ত শুনিহে লিখিছিলোঁ৷’

সি পিছত সুধিছিল— ‘ডাৱৰৰ মাজত হৰিণা কিহলৈ উৰুৱালি?’

মই কৈছিলোঁ— ‘তাকেহে, তোৰ শহুৰকে উৰুওৱা হ’লে ভাল আছিল। বৰ মুখচোকা অ’ সেইপাটৰ। তলত থাকি ফালি থকাতকৈ আকাশতে উৰি থাকিলেহেঁতেন৷’

(২)

মোৰ পিয়নৰ কাহিনীৰ অন্ত নাই। মাজুলীৰ গাঁৱৰ ৰাস্তাবোৰ বনাবলৈ এসময়ত আহিছিল নুনীয়া কুলি এসোপা। আমাৰ গাঁৱতো সিহঁত তম্বু  তৰি ৰাস্তা বনোৱাৰ কাম আৰম্ভ কৰিছিল। সিহঁতৰ মাজৰ এটা মেট্ৰিক ফেইল, তাৰে প্ৰেমত পৰিল এজনী। চিঠি লিখিব লাগে হিন্দীত, অসমীয়া নুবুজে সি, দায়িত্ব পৰিল মোৰ ওপৰত৷ মই তেতিয়া হিন্দী স্কুলত পঢ়ি আছিলোঁ, প্ৰথমাত আছোঁ।  লেভেল বেছি দিওঁ জোখতকৈ, হিন্দী এম এ টাইপত। সেয়াই জহামাল হ’ল পিছলৈ৷

তাই আহে আমাৰ ঘৰলৈ,সি কুৰৰ নালত বহি থৰ লাগি চায়।

বিহাৰৰ চকু, অসমীয়া হাঁহি, চলি আছে তেনেকৈয়ে সিহঁতৰ প্ৰেম কাহিনী। কেতিয়াবা লগৰবোৰে তাক জোকায়। সি লাজত টুকুৰিৰে মুখ ঢাকে।

তাই মোৰ বাইদেউতকৈ ডাঙৰ। কৈছিলোঁ, ‘যিহকে পায় তাকে কিহলৈ ভালপাই পেলায় আপুনি? বিহাৰলৈ নি আপোনাক আচাৰ কৰি জলকীয়াৰ ভিতৰত ভৰাব।

দাদাইও এদিন তাইক দম দিলে, ‘তোৰ বাহিৰৰ মানুহবোৰত কিয় ইমান চকু?’

তাই অতদিনে চকুৰে ফালি আছিল, ভাষাতো অমিলেই ৷ শেষত মোৰ কাষ চাপিল তাই৷

‘কিবা এটা কৰ, বহুত চোকা তই।’

চোকা বুলি কোৱাত মনটো ভাল লাগিল, লিখি দিলোঁ। চিঠি  এবাৰেই নি দিলেগৈ তাই৷

চিঠিখনৰ সাৰমৰ্ম আছিল এনেকুৱা— ‘মে লড়কী নেহী, এক ঔৰত হু। মেৰী তিন বাৰ চাদী হুৱা থা। ৱ’ তিন দুলহা মৰ চুকা, মুজকৌ জৌ পেৰেম কৰতা হে, ৱ তুৰন্ত মৰ জাতা হে। ইচলিয়ে তুম মৰনে কে লিয়ে তৈয়াৰ ৰহৌ।

দিল তু পাগল হে, মে ভি পাগল হু। মুজে নিন্দ নি আয়ে, ৰাত মে ঘূৰি ফুৰা বিমাৰ হে। দিল ৱালে দুলহনীয়া লে জায়েংগে৷ মে তুমকৌ প্যাৰ কৰতা হু গলা দবাকৰ মাৰনে কে লিয়ে। জৌ জিতা ৱহী চিকণ্ডৰ, তুম দেখনে মে সাইলাখ মেঁদক।’

যিমান চিনেমাৰ গান মনত পৰিল, সোপাকে লগাই বনাই দিলোঁ৷

চিঠিখন দাদাক দেখুৱালোঁ, সি বাগৰিবলে বাকী৷ সি ক’লে— ‘ঠিক কৰিছ, তেতিয়াহে যদি এৰা এৰি হয় ইহঁতৰ।’

জীৱনত সি মোক প্ৰথম শলাগিছিল।

তাই আবেলি আমাৰ পদুলিমুখত৷ সিও কাম সামৰি সিফালৰ পৰা আহিছে৷ তাই চিঠি দিলে৷ সি হাততে লৈ  আমাৰ পদূলিৰ পুখুৰীৰ পাৰতে বহি সুধিছে— ‘হিন্দীত লিখিলা যে?’

তাই অবাক! মানে মুখখন মেলখাই শিয়ালৰ গাঁতৰ সমান হ’ল৷ মই আৰু দাদাইও অবাক হৈ তাৰ ওচৰ পালোগৈ।

সি ক’লে, ‘মই বিহাৰৰ নহয়তো, মোৰ ইয়াতে ঘৰ৷ আপোনালোকে মাছ লোৱা হলদাৰৰ ভাগিনীয়েকহে মই।’

হলদাৰৰ লগত চিঠি দিয়াজনীৰ আগৰে পৰা দুৰ্বাদল কাজিয়া৷ মাছ চুৰ কৰে তাই৷ এতিয়া সি হলদাৰৰ সম্পৰ্কীয় ওলোৱাত গোটেইজনী বেঁহুচ হ’বলৈহে বাকী। এনেও হলদাৰে তাইক মাছ অনা টায়াৰৰ বেগটোত ভৰাই  নদীৰ মাজত এৰি দিয়াৰ কথা কৈয়েই থাকে৷

বিহাৰলে যাবলৈ ভৰি দাঙি থকা তাইৰ মোমাই শহুৰেকৰ হাঁহিটো মনত পৰি এতিয়া কান্দিবলৈহে বাকী৷ তাই আমাৰ নঙলা ডাল খুলি তাক মাৰো যেন কৰিছে।

‘ইয়াৰ বুলি কোৱা নাছিলি আগত কিয়? লোকৰ ফিলিঙচৰ লগত কিহৰ খেল তোৰ?’— প্ৰেম গুছি সিহঁতৰ তই মই হ’লগৈ৷

সিও উভতি ধৰিলে, ‘তোৰেই ভুল। এনেও তিনিটালৈ যোৱাজনীক মই নিয়াত নাই।’

‘কোন তিনিটালৈ যোৱা ঐ?— গৰজি উঠিল তাই৷

সিও চিঠি জোকাৰি সাৰমৰ্ম গাবলৈ লাগিল।

সিহঁতৰ কাজিয়া যিয়েই নহওক, চিঠি পাঠৰ পিছত মহাভাৰতৰ কাঁড় যে মোৰফালে আহিব সেয়া নিশ্চিত বুলি জানিয়েই দাদাই আমাৰ পদূলিমুখৰ পৰা দুয়োটাকে খেদিলে৷

হলদাৰৰ ভাগিনীয়েক কামলৈ নহা হ’ল পিছলৈ। হলদাৰে তাইক আগতকেও দেখিব নোৱৰা হৈ আছিল৷ পিছলৈ সদায়েই তাইৰ পদূলিমুখত বকি যোৱা হ’ল৷

সিফালে চিঠিৰ সাৰমৰ্মৰ বাবে মই বহুদিনলে তাইৰ পৰা আঁতৰি ৰৈছিলো। য’তে দেখে গোটেইজনী  জকজকাই আহে৷ মোৰ পিছত দুটা কুকুৰ লগাইছিল। পিছলৈ নিজেও খেদিবলৈ ল’লে।

দেতাই কয়, ‘বিহাৰলে যাবলৈ নেপাই ফাই চা সেইজনীৰ।’

এইখনেই শেষ চিঠি আছিল৷ পিছলৈ এই চাকৰি এৰি দিছিলোঁ৷

☆ ★ ☆ ★ ☆

3 Comments

  • Pranita Goswami

    ইমান ৰসালকৈ লিখা কথাবোৰ, নাহাঁহি নোৱাৰোঁ। বৰ ভাল লাগিল

    Reply
  • মানসী

    হাঃ হাঃ বিহাৰলৈ যাব নোৱৰাৰ ফাই..কিছু হাঁহিলো দেই।

    Reply
  • বন্দিতা জৈন

    বেচেৰী,,,।
    মজা লিখা দেই। আপোনাৰ লিখনি পঢ়ি তামাম হাঁহিছো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *