ডি ইউ-দিগন্ত কুমাৰ ভট্টাচাৰ্য
যোৱাটো মাঘৰ বিহুৰ সময়ৰ কথা।
টাউনৰ সমীপৰ বকুল গাঁৱৰ নৰহৰি বৰ্মন গৈছিল পানীগাঁৱৰ নৃপতি কলিতাৰ ঘৰলৈ, পুতেক ৰক্তধৰৰ কাৰণে কইনা চাবলৈ। নৃপতিৰ মাজু জীয়েক পদুমীৰ লগত ৰক্তধৰৰ বিয়াৰ কথা-বাৰ্তা চলিছে। লগত ঘটক হিচাপে আছিল নৰহৰিৰ শালপতি অনৰ্গল হালৈ। ইফালে অনৰ্গল হালৈ নৃপতিৰো দূৰ সম্পৰ্কীয় ভাই ।
: আমাৰতো একো সমস্যা নাই। পিছে ল’ৰাই বা কি কাম কৰে? – কইনাৰ পিতৃ নৃপতিয়ে আৰম্ভ কৰিলে।
: দাদা, চিন্তাই নকৰিবা। ল’ৰা ৰক্তধৰ ‘ডিইউ’ৰ হেড। তাৰ আণ্ডাৰত প্ৰায় এশমানে কাম কৰে। ইনকাম’ৰ কোনো লাগ-বান্ধ নাই। দিনক দিনে বাঢ়িহে গৈছে, নকমে কেতিয়াও – অনৰ্গল হালৈয়ে অনৰ্গল কৈ গ’ল।
‘ডি.ইউ’! – কইনা পদুমীৰ ভায়েক ৰাতুল নতুনকৈ কলেজলৈ গৈছে। ‘জি.ইউ’, ‘ডি.ইউ’ আদিৰ বিষয়ে কিছু পৰিমাণে জ্ঞাত। বেৰৰ আনটো পাৰে ৰৈ কথা-বাৰ্তা শুনি থকা পদুমীক ৰাতুলে আহি কিলাকুটিৰে হেঁচুকি ক’লে- ‘বাই ও, তোৰ বৰ ভাগ্য। ডি.ইউ মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ হে’ড বোলে আমাৰ হ’ব লগা ভিনদেউ!’
ক্লাছ টেনতে পঢ়া সামৰা পদুমীয়ে বুজিলে কলেজতকৈও ডাঙৰ এখন ‘মানুহ পঢ়োৱা স্কুল’ত তাইৰ হ’ব লগা তেৱে চাকৰি কৰে। এগাল লাজে আহি তাইক ৰঙা ৰঙ সিঁচে।
: বাহ: বৰ ভাল কথা। পিছে কি নো কৰে কাম?- আনটো ফালে বহি থকা নৃপতিৰ ফূৰ্তিতে উজলি উঠিল মুখ।
:দেউতাটোই যে এক্কোৱেই নাজানে। যি তি কথা সুধি বিয়াখন ভাঙিব এতিয়া – ৰাতুলৰ খং উঠে। ভোৰভোৰায় সি।
: আমাৰ গোটেই এলেকাটোৰ চাৰি-পাঁচখন বিহু ফাংচনৰতো সিয়েই মেইন। আজিকালি টাউনৰ দুই-তিনিখনমান বিহুৰো দায়িত্ব লৈছে সি। আৰু চোৱা, বিয়া কিন্তু ফাগুনতে হ’ব লাগিব। ফাগুনৰ শেষৰপৰা সি বিৰাট বিজি। চ’তত ব’হাগী আদৰণি, তাৰ পিছত মেইন বিহু আৰু আহাৰ-শাওনলৈতো ব’হাগী সোৱৰণি, ব’হাগী পাহৰণি চলিয়েই থাকে। মুঠতে এই কেইমাহ তাৰ ৰেষ্ট নাই।’
: আৰু বাকী কেইমাহ একো নকৰে? – পদুমীৰ খুৰাক মানে নৃপতিৰ ভায়েক ধুৰপতি অলপ আচৰিত হয়।
: কিয় নকৰিব হে? ‘ডি.ইউ’ৰ মানুহ অকল বিহুতহে যে লাগে এনে নহয়। কাতি বিহু, শ্যামা পূজা, দূৰ্গা পূজা, ৰাস পূজা- কোনটো উৎসৱ ‘ডি.ইউ’ নহ’লে চলিব? দুদিনমান পিছত চাবা মানুহে বিয়া, তোলনী বিয়া, লগুণদিয়নী পাতিবলৈও ‘ডি.ইউ’ৰ সহায় ল’ব।…আৰু আচল কথা হ’ল, এই ‘ডি.ইউ’ত থাকিলে ৰিটায়াৰমেন্ট’ৰ কোনো নিৰ্দিষ্ট বয়স নাই। চৰকাৰী চাকৰিতকৈও ভাল। কষ্টও বৰ বেছি এটা নাই।”
: হেৰা অনৰ্গল, আমাৰ সৰু ল’ৰাটোই দুবাৰ মেট্ৰিক ফেইল কৰি ঘৰতে বহি আছে হে। পঢ়া-শুনাত মন-কাণ নাই তাৰ। কিবাকৈ তাকো ‘ডি.ইউ’ত সুমাই দিব ক’ব নোৱাৰিবা নে? ৰক্তধৰ বোলে কিবা হে’ড নে কি…’ -ধুৰপতিৰ মনত আশাৰ সঞ্চাৰ হয়।
: দিব দিব, কিয়নো নিদিব? সৰুটোক মাতকচোন, হ’ব লগা ভিনিহীয়েকৰ লগত মোবাইলেৰে কথা পতাই দিও। ব’হাগ বিহুৰ কাৰণে নতুনকৈ মানুহ লৈ আছে বুলি শুনিছিলোঁ। পঢ়া-শুনাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাইতো’
অনৰ্গলে ফোন লগায়। ধুৰপতিৰ পুতেক অমলপতিয়ে ফেনটো লৈ লাজ লাজকৈ ‘ডি.ইউ’ত সোমোৱাৰ অৰ্হতা সোঁধে ৰক্তধৰক। ৰক্তধৰে ফোনত কৈ যায়-
: চোৱা, প্ৰথমতে ডি.ইউত সোমাবলৈ সাহসী হ’বই লাগিব- তীব্ৰ বেগে আহি থকা গাড়ীৰ সন্মুখত বুকু ফিন্দাই ঠিয় হৈ থকাৰ সাহস, ‘কুকুৰৰ পৰা সাৱধান’ ফলক লগাই থোৱা ঘৰলৈও ‘বিন্দাছ’ সোমাই যোৱাৰ সাহস।
দ্বিতীয়তে, অলপ ‘নিলাজ’ হ’ব লাগিব। মানুহে কিবাকিবি ক’লেও নিজৰ কাম নোহোৱালৈকে ৰৈ থাকিব লাগিব ঢেঁকুৰাবোৰৰ দৰে।
তৃতীয়তে, স্কুল দেখি নাপালেও অংক অলপ জানিব লাগিব। যেনে, কাৰোবাৰ এখন গাড়ীত ডেইলি দুইহেজাৰ লাভ হয়, সাতখন গাড়ীত কিমান হ’ব -ঠিক তেনেকুৱা হিচাপ মুখতে কৰি ক’ব পাৰিব লাগিব ছেকেণ্ডতে।
চতুৰ্থতে, অশ্ৰাৱ্য গালি-শপনি পৰাত সিদ্ধহস্ত হ’ব লাগিব।
আৰু শেষত, সহানুভূতি বোলা বস্তুটো মনৰপৰা আঁতৰাব লাগিব। যেনে: কোনোবাই যদি দোকানৰ বিক্ৰী অতি বেয়া বুলি কয়, দুখ নকৰি ‘দম’ দিয়াৰ চেষ্টা কৰিব পাৰিব লাগিব। লগতে অলপ অসমীয়া সংস্কৃতিৰ ওপৰত জ্ঞান থকাটো ভাল, মাৰোৱাৰীহঁতক লেকচাৰ দিবলৈ…। ‘কা’ আন্দোলনৰ পৰা আমাৰ ভাল লাভ হৈছে। বাহিৰৰ বেপাৰীবোৰে অলপ হ’লেও ভয় কৰিবলৈ লৈছে। যি বিচাৰোঁ, সেয়াই দিয়ে। আগতে দহহেজাৰ খুজিলে, দুশটকা উলিয়াইছিল।’
ৰক্তধৰে আকৌ কৈ যায় –
: আৰু চোৱা, আমি যে অকল বিহু-পূজাই হে কাম কৰোঁ তেনে নহয়। সৰু-সুৰা আন্দোলন আদি যে হৈ থাকে, সেইবোৰৰ খৰছৰ আধাৰো বেছি আমিয়েই উঠাও। ইলেকশ্যন আহি আছে। এই সময়ত আমাৰ কলেকশ্যন কিমান হয়, ভাবিবও নোৱাৰিবা। পাৰ্টিৰ নামত, নিৰ্দলীয়ৰ নামত, কিমান যে উঠাব লাগে বুজি নাপাবা। কষ্টও হয়।
ভাবী ভিনদেৱেকৰ তত্বগধুৰ পৰামৰ্শ শুনি অমলপতিয়ে মোবাইলটোকে সেৱা এটি জনালে।
সি কল্পনা কৰে ভৱিষ্যতৰ এক দৃশ্যৰ। হাতত বহী দুখন মান লৈ সি টাউনৰ দোকান এখনলৈ সোমাই গৈছে। পিছে পিছে দহজন মান তাৰ বয়সৰ যুৱক। সিহঁতক দেখিয়েই দোকানৰ মালিকজন হাত যোৰ কৰি ওলাই আহিছে। আথে-বেথে মাতি নিছে ভিতৰলৈ।
: ছেলফি এখন উঠি লওঁ নে প্ৰথমতে? – মালিকে প্ৰশ্ন কৰিছে।
: ছেলফি কিয়? – অমলপতিয়ে ওলোটাই সুধিছে।
: আপোনালোকৰ দৰে কৰ্মী মানুহবোৰ লাহে লাহে সমাজৰ পৰা কমি আহিছে। কিন্তু কেইজনমানে এতিয়াও এই প্ৰথাটো বৰ্তাই ৰাখিছে। ভৱিষ্যতে নতুন প্ৰজন্মটোক দেখুৱাই গৌৰৱ কৰিম এই ছেলফি দেখুৱাই।
ম’বাইল কেমেৰাৰ শব্দ হৈছে – ক্লিক!
নৃপতি-ধুৰপতিৰ হাঁহিৰ শব্দত অমলপতি বাস্তৱলৈ ঘূৰি আহিল। ৰক্তধৰে কোৱা শেষ বাক্যটো সি আকৌ মনত পেলালে-
:ভুলতেও মানুহক ছান্দা কমিটিত কাম কৰোঁ বুলি নক’বা। ক’বা ডি.ইউত কাম কৰোঁ। ডি.ইউ মানে হ’লে -donation union. ছান্দাতকৈ ‘donation বিচাৰি আহিছোঁ’ বুলি ক’লেহে ৰাইজে সন্মান কৰে, গুৰুত্ব দিয়ে আজিকালি। বুজিছা?’
বিয়াৰ তাৰিখ ‘ফাইনেল’ কৰা হ’ল।
ইফালে বুজা-নুবুজাৰ দোমাজত পদুমীৰ ভায়েক ৰাতুল থৰ লাগিল।
ফূৰ্তি আৰু লাজতে ওচৰতে ঠিয় হৈ থকা কইনা পদুমীয়ে ভৰিৰ নখেৰে চিকুটি-হেচুকি বাটাৰ হাৱাই চেণ্ডেলৰ কিছু বগা অংশ আঁতৰাই নীলা ভাগ দৃশ্যমান কৰি পেলালে। তাই ভাবিলে- ‘ডি.ইউ’ৰ হে’ড ৰক্তধৰৰ লগত বিয়া হ’লে সকলোৱে চাগে তাইক হে’ডনী বুলি মাতিব!
☆ ★ ☆ ★ ☆
5:57 pm
বাহ ৷ বহুত ভাল লাগিল ৷
6:06 pm
তোমাৰ গল্পৰ চৰিত্ৰৰ প্ৰায় কমন নাম নৰহৰি আৰু নৃপতি। প্ৰায়বিলাক লেখাত এই দুটা নাম থাকেই।
বাৰু যি কি নহওক, কোনোবা চিনাকি আছে যদি মোকো ডি ইউত জইন কৰাই দিবা হে দিগন্ত
7:23 pm
হাঃ হাঃ ডি ইউৰ হেডৰ খিতাপ আছে দেই..বৰ ভাল লাগিল দাদা..
7:35 pm
হা:হা:মজা। প্ৰতি বাৰৰ দৰেই এইবাৰো সোৱাদ ভৰা কাহিনী।
10:11 pm
বঢ়িয়া লেখা৷
11:09 pm
হা হা। DU .. বঢ়িয়া।
11:14 pm
আৰু এটা সাংঘাটিক লেখা তোমাৰপৰা পঢ়িবলৈ পালো! সময়োপযোগী৷
7:37 am
সৰল অথচ কি সুন্দৰ ব্যংগাত্মক! সদায়েই মন ভৰাই দিয়ে তোমাৰ লেখাই
9:30 am
ক্ষুৰধাৰ ব্যংগ দাদা। ভাল লাগিল।
11:27 am
ভাল লাগিল দাদা। এনে এজন পতি পাই পদুমীৰ জীৱনটো সাৰ্থক হ’ল।
3:43 pm
ডি ইও মানে সচাকে ডিব্ৰুগড় ইওনিভাৰচিটি বুলি ভাবিছিলো। সুন্দৰ ব্যংগ।
6:25 pm
বাহ্। মজ্জা লাগিল