ফটাঢোল

ভূমিকম্প- ৰঞ্জু  হালৈ মুনি

একো আগজাননী নিদিয়াকৈ কিয় আহে ভূমিকম্প?বৰষুণ অহাৰ আগতে যেনেকৈ গাজনি-ঢেৰেকনিৰে আকাশখন মেঘে ওন্দোলাই থাকে ঠিক তেনেকৈ ভূমিকম্প আহিলেও আগজাননী দিয়াটো খুবেই জৰুৰী।নহ’লে কোন ক’ত উফৰি পৰে ঠিকনা নাই।

এই ধৰক আপুনি কাপোৰ পিন্ধিব ধৰিছে, সেইখিনি সময়তেই আহি গ’ল ভূমিকম্প। কি কৰিব তেতিয়া? যদিহে পেন্টটো পিন্ধো বুলি এখন ভৰি সোমাই আনখন সোমাব লৈছেহে, তেনেতে হঠাৎ জোকাৰণি অনুভৱ কৰিলে।তেতিয়া আপুনি পেন্টৰ সৈতে আনখন ভৰিও ধৰি ধৰি বাহিৰলৈ আহিব লাগিব।

ধৰক লেট্ৰিনত বহি থাকোঁতেই আহি গ’ল ভূমিকম্প। না আপুনি ওলাই আহিব পাৰে, না ভিতৰত সোমাই থাকিব পাৰে? ভগৱানক ভাবি তাতেই সোমাই থাকিব লাগিব।

মাংসৰ আঞ্জাখনেৰে ভাত খাব বহিছেহে মাত্ৰ। আহিল ভূমিকম্প। এৰি যাব পাৰিনে? নগ’লে উপায়ো নাই। ধুমুহা আহিলে বেলেগ কথা, বিছনাৰ তলত সোমাইও ভাত কেইটা খাব পাৰি। ভূমিকম্প আহিলেতো আৰু নোৱাৰি৷

সকলোতকৈ ভয়ানক কথা, যদি আপুনি বিল্ডিঙৰ ওপৰ মহলাত থাকোঁতে ভূমিকম্প আহে তেতিয়া পৰিস্থিতি কেনেকুৱা হ’ব? হুৰমূৰকৈ তললৈ নামি আহিব নে বেলকনিৰে তললৈ জঁপিয়াই দিব? আপোনাৰ মনলৈ এটা কথা আহিব পাৰে যে চিৰিৰে ঠেলা-হেঁ‌চা কৰি যোৱাতকৈ জঁপিয়াই দিলে সোনকালে তল পাব৷ কিন্তু সেইটো ভুল কৰিলে আপোনাৰ নিজৰেই বিপদ। ভূমিকম্প গুচি যাব কিন্তু আপুনি হাস্পতাল পায়নে নাই ঠিক নাই।

এবাৰ কি হৈছিল জানেনে? আমি সন্ধিয়া সময়ত শুই শুই টিভি চাই আছিলোঁ। ঠাণ্ডাৰ দিন। তাতে আগ দিনা বহু দূৰ ভ্ৰমণলৈ গৈ একো খোৱা হোৱা নাছিল। অলপ দুৰ্বলো হৈ আছিলোঁ। চিল্‌মিলিয়া টোপনি আহিছিল। হঠাৎ দেখিলোঁ ঘৰৰ মুধচটো, চিলিং ফেনখন তীব্ৰ জোৰেৰে জোকাৰি আছে। গোটেইবোৰ আহি মোৰ গাত পৰিব বুলি দৌৰ দিলোঁ। ইফালে টোপনিৰ আৱেশ চকুৰ পৰা যোৱাই নাই।বাৰাণ্ডাৰ পৰা জাঁপ মাৰি চোতালত আহি পৰিলোঁ।বাৰাণ্ডাৰ চিৰিকেইটাত ভৰি নপৰিলেই। মূৰ ঘূৰাই গ’ল।সেই যে পৰিলোঁ তাৰ পিছত দুই-তিনি  মিনিটমান পিছতহে জ্ঞান আহিল। যেতিয়া মূৰটো ঘূৰাই আছিল তেতিয়া চাৰিওফালে ঘূৰি থকা দেখিছিলোঁ। সেইখিনি মূহূৰ্তত মোৰ ভাৱ হৈছিল— ‘মই মৰিলে দেখোন বহুত কাম আধৰুৱা হৈ ৰৈ যাব?’

কিয় আহিছিল তেনেকুৱা ভাৱ মই আজিও নুবুজিলোঁ।মাৰ চিঞৰত টোপনিৰ পৰা সাৰ পোৱা যেন লাগিল। ভৰিৰ কেইবাঠাইটো চাল-বাকলি গৈছিল। সেইদিনা মই সম্পূৰ্ণ অজ্ঞান হৈ গৈছিলোঁ।

সেয়েহে ভাবো ভূমিকম্প আহিলে আগজাননী দিয়াটো জৰুৰী। নহ’লে কিমান যে সমস্যা হয়। ক্ষয় -ক্ষতি যি হয় হৈ থাকিব। কিন্তু আগলি বতৰা পালে অলপ সাৱধান হ’ব পাৰি। অন্ততঃ নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰি।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *