ফটাঢোল

কৌতুক-দেবজিত শৰ্মা

মোৰ বন্ধু আদিত্যৰ ঘৰলৈ দহজন আলহী একেলগে আহিল৷ পত্নীয়ে ভিতৰলৈ মাতি নি ক’লে, ‘ঘৰত চেনী নাই৷ কি কৰোঁ?’

বৰঠাকুৰ: তুমি চাহ বনাই আনিবা চেনী নোহোৱাকৈ৷ বাকী মই চম্ভালিম৷

চাহ আহিল৷ বৰঠাকুৰে ক’লে,

“আজি খেল এটা খেলিছোঁ৷ একাপ চাহত চেনী দিয়া নাই৷ যাৰ ভাগত সেই কাপ চাহ পৰে কাইলৈ আমি তেওঁৰ ঘৰত চাহ খাবলৈ যাম৷”

সকলোৱে মনে মনে চাহ খাবলৈ ধৰিলে৷

আলহীৰ মাজৰে এজনে আকৌ মন্তব্যও কৰিলে,

“মোৰ চাহ কাপত ইমান চেনী দিছে, ডায়বেটিচ নহ’লেই হয়৷”

☆ ★ ☆ ★ ☆

One comment

  • ৰূপম ঠাকুৰীয়া।

    খুব হাঁহিলো এওঁ আৰু মই। বেলেগ জমনি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *