মোৰ চালাড প্ৰীতি-মৌচুমী গগৈ
আজিকালি মোৰ বজাৰলৈ গলেই চালাডৰ কাৰণে পাচলি অনাটো এৰিব নোৱাৰা অভ্যাসত পৰিণত হৈছে। প্ৰথমে বজাৰত চালাডৰ বস্তুকেইটা কিনি লৈহে আনবোৰ বস্তু কিনিবলৈ মনলৈ আহে। কাঁহীখনৰ কাষত চালাড অকনমান নাথাকিলে যেন ভাতকেইটাইও লাজ পাব, তেনে অনুভৱ হয়৷
কেইদিনমান আগৰ কথা৷ পতিদেৱ অফিচৰ পৰা কেতিয়া আহি পাবহি বুলি দুবাৰ ফোন কৰিবলৈ পালোহে , সেইজনাই সুধিলেই, ‘হেৰা,তোমাৰ চালাড নাইকিয়া হ’ল নেকি হে? আজি ইমান ফোন কৰি আছা যে?’
মই ক’লো, ‘মোক গৰু ,ছাগলী বুলি ভাবিছে নেকি আপুনি যে অকল চালাড খাই জীয়াই থাকিম?’
তেখেতে লাহেকৈ যিটোহে উত্তৰ দিলে নহয়! সেইজনাৰ উত্তৰ, ‘কি কোৱাহে তুমি? আৰু কেইদিনমান আছে ,গৰু-ছাগলীয়েও তোমাৰ আগত লাজ পাব বুজিছা? গেছ কিনাৰ খৰছো নাইকিয়া হব৷’
মইও ৰৈ নাথাকিলোঁ, ক’লো, ‘ভালেই হ’ব আকৌ, ঘৰ ভাড়াও ৰাহি হ’ব আপোনাৰ৷’
‘কেনেকৈ হে?’— পতিদেৱৰ প্ৰশ্ন।
‘কিয়, আমি তেতিয়া ঘৰ এৰি অনাই-বনাই ঘূৰি ফুৰিব পাৰিম ন?’
মোৰ উত্তৰ শুনি তেওঁ ফোনটো কাটি দিলে৷
অৱশ্যে মোৰ লগতে আজিকালি ল’ৰাইও চালাড খাব শিকিছে। আগতে পাচলি দেখিলে মুখ বেঁকা কৰা ল’ৰাটোৱে যেতিয়া চালাডৰ বাতিটো একো নোকোৱাকৈ শেষ কৰে মোৰো মনটো গৰ্বত ফুলি উঠে। এদিন সুবিধা মিলাই ক’লোৱেই, ‘দেখিছে ল’ৰাই কেনেকৈ মোৰ জহতে ভাল বস্তু এটা খাবলৈ শিকিছে?’
কেইদিনমান আগৰ কথা৷ ল’ৰাই নিজৰ চালাডখিনি শেষ কৰি মোক আৰু অলপ খুজিলে৷ মইও চামুচেৰে তাৰ বাতিত আৰু অলপ দি ডাঙৰকৈয়ে সুধিলোঁ, ‘বেটা, আজি বেছি ভাল লাগিছে নেকি?’ সিও খাই থকাৰ পৰাই মাত দিলে, ‘অ’ মা, আজি তুমি কেৰাচিন তেল বেছিকৈ দিছা যে সেইকাৰণেই বেছি টেষ্টি লাগিছে৷’ মইও চৰ্চৰণি খোৱাৰ পৰা কোনোৰকমে নিজকে ৰক্ষা কৰি ল’ৰালৈ চালোঁ।তেনেতে ঘৰখনৰ আনজন ভিলেইনে এন্ট্ৰি মাৰি ক’লে, ‘বেটা, মায়ে কেৰাচিন তেলেৰে চালাড বনাই খুৱাইছে বুলি বেলেগক নকবা দেই৷ মানুহে আমাৰ ঘৰত ভয়তে খাবলৈ বাদেই দিব৷’ এইবাৰ মোৰ ফালেও যে এষাৰ কথা বেঁকাকৈ হ’লেও উৰি আহিব তাকে শুনিবলৈ কাণখন পোনাই ল’লোঁ৷ পতিদেৱে লাহেকৈ ক’লে, ‘ল’ৰাক চালাডৰ লগতে কি তেলেৰে বনাইছা সেইটোও শিকাবা মাজে মাজে৷ নহ’লে এদিন সচাঁকৈ কেৰাচিন তেলেৰে বনাই খুৱাব বাপ্পেক্কে গম পাবা৷’
☆ ★ ☆ ★ ☆
1:03 pm
তামাম জমনি কিন্তু দেই। বৰ ভাল লাগিল পঢ়ি।
4:33 pm
মজ্জা