ফটাঢোল

পেন-ড্ৰাইভ-দেবজিত শৰ্মা

এটা সময় আছিল যেতিয়া দুই জিবিমানৰ পেন ড্ৰাইভ কিনিবলৈ গ’লে প্ৰায় ১৫০০ ৰপৰা দুই হাজাৰ টকা পৰ্য্যন্ত ধন ভৰিব লগা হৈছিল৷ কম সময়ৰ বাবে হ’লেও অলপ বেছি ‘ষ্ট’ৰেজ কেপাচিটি’ৰ পেন ড্ৰাইভ থকা মানুহৰ বন্ধু মহলৰ মাজত সুকীয়া আসন আছিল৷ তেনে এক সময়ৰে কাহিনী৷ 

মেনেজমেণ্টৰ পাঠ্যক্ৰমৰ শেষৰ ফাললৈ আমাৰ সকলোকে নিজাকৈ এটা পেন ড্ৰাইভৰ প্ৰয়োজন আহি পৰিল৷ প্ৰজেক্ট, প্ৰেজেণ্টেশ্যন ইত্যাদি বহুত বিষয় পেন ড্ৰাইভত সংৰক্ষণ কৰি যাব লগা হৈছিল৷ নিজৰ সাধ্যৰে কোনোবাই কম আৰু কোনোবাই অধিক ‘ষ্ট’ৰেজ’ থকা পেন-ড্ৰাইভ কিনি কামবোৰ পৰিচালিত কৰিছিলোঁ৷ প্ৰত্যেক শ্ৰেণীতেই বা বিভাগ অথবা মহলত এজন ব্যক্তি থাকে যি আনতকৈ অলপ বেছি জনা বা আগবঢ়া বুলি প্ৰতিপন্ন কৰিব খোজে৷ আমাৰ শ্ৰেণীতো সৌৰভ নামৰ এজন আছিল৷ সি নজনা কথা নাই বুলিয়েই আমাৰ আগত জাহিৰ কৰিছিল প্ৰায়েই৷ জ্ঞানতে সীমাবদ্ধ নাথাকি, ব্যৱহাৰিক বস্তু-বাহানীতো যেনে বেগ, জোতা, পিন্ধা-উৰাতো তাৰ প্ৰভাৱ স্পষ্ট আছিল৷ পেন-ড্ৰাইভো সি সেয়ে বজাৰত সেই সময়ত উপলব্ধ সকলোতকৈ দামীটোৱেই কিনিলে, দুই হাজাৰ টকা ভৰি দুই জিবিৰ! দীঘল ফিটা এডালৰ সৈতে সংযুক্ত কৰি পেন-ড্ৰাইভটো সি ডিঙিত এনেদৰে ওলোমাই লৈ ঘূৰি ফুৰিছিল, যেন পেন-ড্ৰাইভ নহয় অলিম্পিকৰ পদক হে আৰ্জন কৰিলে৷ মাজতে প্ৰজেক্ট, পাৱাৰ পইণ্টৰ বাদেও সি পেন-ড্ৰাইভত জুবিন গাৰ্গ আৰু কুমাৰ চানুৰ গীত অলপো ভৰাই সকলোৰে আগত তাৰ বৰ্ণনা দিবলৈ নাপাহৰিলে৷ সকলো ঠিকেই চলি আছিল৷ মাজতে এদিন লাগিল গণ্ডগোল৷ ডিঙিত ওলোমাই লৈ ফুৰা পেন-ড্ৰাইভটো দুৰ্ভাগ্যক্ৰমে পকেটত থাকি গ’ল আৰু কথাটো পাহৰি সি পেণ্টটো ৱাচিং মেচিনত ধুবলৈ সুমুৱাই দিলে৷ মেচিনৰ পানীবোৰ পাক লৈ লৈ ঘূৰি থাকোঁতেহে তাৰ মনলৈ আহিল যে পেন-ড্ৰাইভটো পকেটতে আছিল৷ কিন্তু তেতিয়ালৈ বহুত দেৰি হৈ গৈছিল৷ যথা সময়ত মেচিনৰপৰা উলিয়াই সি মোলৈ ফোন লগালে,

সৌৰভ : আব্বে দোষ্টি বৰ ডাঙৰ ঝেং এটা হৈ গ’ল নহয়!

মই : কি হ’ল?

সৌৰভ : পেণ্টৰ লগতে পেন-ড্ৰাইভটোও ধুই দিলোঁ৷

মই : অহ্! বৰ বেয়া কথা হ’ল৷ এটা কাম কৰ৷ পেন-ড্ৰাইভটো চাউলৰ মাজত ভৰাই থৈ দে আৰু ফিটাডাল খুলি ৰ’দত শুকাবলৈ দে৷

সৌৰভ : ঠিক হৈ যাব নে!

মই : হ’ব লাগে৷

সৌৰভ : ধন্যবাদ বে দোষ্টি৷ মই পাছত ফোন কৰি আছোঁ ৰহ৷

লগে লগে সি ফোনটো কাটি দিলে৷ ময়ো নিজৰ প্ৰজেক্ট লিখাৰ কামত ব্যস্ত হ’লোঁ৷ আধাঘণ্টামান পাছত পুনৰ সৌৰভৰ ফোন! এইবাৰ মাতটো কান্দো কান্দো যেন!

সৌৰভ : আব্বে, মই বৰবাদ বে দোষ্টি৷

মই : কি হ’ল আকৌ?

সৌৰভ : তই কোৱামতেই পেন-ড্ৰাইভটো চাউলৰ মাজত ভৰাই থৈছিলোঁ৷ পাঁচ মিনিটমান আগতে বাহিৰলৈ গৈছিলোঁ৷ আহি ৰূম পাই দেখোঁ, ৰূমমেটে কুকাৰত পেন ড্ৰাইভ সহ ভাত বহাই দিলে৷

মই : কুকাৰে হুইচেল মাৰিলে নে নাই?

সৌৰভ : নাই?

মই : যদি হুইচেলৰ পৰিৱৰ্তে জুবিন গাৰ্গ বা কুমাৰ চানুৰ গান বাজি উঠে গম পাবি তোৰ পেন-ড্ৰাইভ ঠিকে আছে৷

সিফালৰপৰা সৌৰভৰ অভিধানবৰ্জিত গালি দুটামান আৰম্ভ হওঁতেই মই ফোনটো কাটি দিলোঁ৷

☆ ★ ☆ ★ ☆

10 Comments

  • Pranita Goswami

    হাঃ হাঃ, ভাল বুৰ্বক বনাইছিলা দেই। বৰ ৰসাল বৰ্ণনা

    Reply
  • মানসী

    হাঃ হাঃ বৰ ৰস পালোঁ দাদা..ভাল লাগিল লেখাটো।

    Reply
  • নীতাশ্ৰী

    হাঃ হাঃ।

    Reply
  • প্ৰদীপ বৰা

    ভাল লাগিল

    Reply
  • তামাম৷ সাংঘাতিক ৰসাল৷

    Reply
  • জিতু

    ভাল লাগিল

    Reply
  • Rimjhim Borthakur

    হাঃহাঃ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাঃ হাঃ

    Reply
  • দেবজিত শৰ্মা

    ধন্যবাদ সকলোকে

    Reply
  • বন্দিতা জৈন

    ???বঢ়িয়া দেৱজিত

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *